< ইসাইয়া 3 >

1 কিয়নো চোৱা, বাহিনীসকলৰ প্রভু যিহোৱাই, যিৰূচালেম আৰু যিহূদাৰ পৰা লাখুটি আৰু সাহায্য, আহাৰৰ সকলো যোগান, আৰু পানীৰ সকলো যোগান গুচাব।
Јер гле, Господ, Господ над војскама узеће Јерусалиму и Јуди потпору и помоћ, сваку потпору у хлебу и сваку потпору у води,
2 পৰাক্রমী লোক, যুদ্ধাৰু, বিচাৰকৰ্ত্তা, ভাববাদী, মঙ্গল চোৱা লোক আৰু প্রধানলোক,
Јунака и војника, судију и пророка и мудраца и старца,
3 পঞ্চাশপতি সন্মানীয় নাগৰিক, পৰামর্শদাতা, দক্ষ শিল্পকাৰ, আৰু নিপুণ মায়াবী, এই সকলো দূৰ কৰিব।
Педесетника и угледног човека, и саветника и вештог уметника и човека речитог.
4 “মই কেৱল যুৱকসকলক তেওঁলোকৰ অধিপতি নিযুক্ত কৰিম, আৰু যুৱকসকলে তেওঁলোকৰ ওপৰত শাসন কৰিব।
И даћу им кнезове младиће, и деца ће им бити господари.
5 প্ৰতিজন লোকে ইজনে সিজনৰ পৰা, আৰু নিজৰ চুবুৰীয়াৰ পৰা উপদ্ৰৱ পাব; সন্তানে অহংকাৰেৰে ডাঙৰক অমান্য কৰিব, আৰু নীহ লোকে সন্মানীয় লোকক প্রত্যাহ্বান দিব।
И чиниће силу у народу један другом и сваки ближњем свом; дете ће устајати на старца и непоштен човек на поштеног.
6 এনে কি, এজন মানুহে নিজৰ ভায়েকক নিজৰ পিতৃৰ ঘৰত ধৰি ক’ব, “তোমাৰ এটা বস্ত্ৰ আছে, আমাৰ শাসনকৰ্ত্তা হোৱা, আৰু এই ধ্বংস তোমাৰ অধীনত হওঁক।”
И човек ће ухватити брата свог из куће оца свог говорећи: Имаш хаљину, буди нам кнез, овај расап нека је под твојом руком.
7 সেই দিনা তেওঁ চিঞৰী ক’ব, “মই সুস্থকাৰী হ’ব নোৱাৰো; মোৰ আহাৰ অথবা বস্ত্ৰ নাই; তোমালোকে মোক লোকসকলৰ শাসনকৰ্ত্তা নিযুক্ত কৰিব নোৱাৰা।”
А он ће се заклети у онај дан говорећи: Нећу бити лекар, нити имам код куће хлеба ни хаљину, не постављајте ме кнезом народу.
8 কাৰণ যিৰূচালেম ধ্বংস হৈছে, আৰু যিহূদা পতিত হৈছে; কিয়নো তেওঁলোকৰ কথা আৰু কাৰ্যবোৰ যিহোৱাৰ বিৰুদ্ধে, এনে কি, তেওঁৰ ৰাজকীয় ক্ষমতাও অমান্য কৰা হৈছে।
Јер се обори Јерусалим и Јуда паде, јер се језик њихов и дела њихова противе Господу да драже очи славе Његове.
9 তেওঁলোকৰ মুখ-চোৱা কাৰ্যই তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য দিয়ে, আৰু তেওঁলোকৰ নিজৰ পাপ গোপন নকৰি চদোমৰ দৰে প্ৰকাশ কৰে। তেওঁলোকৰ সন্তাপ হ’ব! কাৰণ তেওঁলোকে নিজৰ ওপৰত আকস্মিক দুৰ্ঘটনা আনে।
Шта се види на лицу њиховом сведочи на њих, разглашују грех свој као Содом, не таје; тешко души њиховој! Јер сами себи чине зло.
10 ১০ তোমালোকে ধাৰ্মিক লোকৰ বিষয়ে কোৱা যে, তেওঁলোকৰ মঙ্গল হ’ব, কাৰণ তেওঁলোকে নিজৰ কাৰ্যৰ ফল ভোগ কৰিব।
Реците праведнику да ће му добро бити, јер ће јести плод од дела својих.
11 ১১ দুষ্ট লোকৰ সন্তাপ হ’ব; তেওঁৰ অমঙ্গল হ’ব; কাৰণ তেওঁৰ হাতৰ কাৰ্যৰ ফল তেওঁ পাব।
Тешко безбожнику! Зло ће му бити, јер ће му се наплатити руке његове.
12 ১২ মোৰ লোকসকল! সন্তান সকল তেওঁলোকৰ উপদ্ৰৱকাৰী, আৰু মহিলাসকলে তেওঁলোকৰ ওপৰত শাসন কৰিব। মোৰ লোকসকল, তোমালোকৰ পৰিচালকসকলে তোমালোকক বিপথে নিব, আৰু তোমালোকৰ পথৰ লক্ষ্য বিভ্রান্ত কৰিব।
Народу мом чине силу деца, и жене су им господари. Народе мој! Који те воде, заводе те, и кваре пут хода твог.
13 ১৩ যিহোৱাই ন্যায়ালয়ত থিয় হৈছে; তেওঁ তেওঁৰ লোকসকলৰ বিচাৰ কৰিবলৈ থিয় হৈছে।
Устаје Господ на парбу, стоји да суди народима.
14 ১৪ যিহোৱাই পৰিচাৰকসকল আৰু লোকসকলৰ অধ্যক্ষসকলৰ বিচাৰত কৈছে, “তোমালোকে দ্ৰাক্ষাবাৰীখন খাই পেলাইছিলা, আৰু দৰিদ্ৰসকলৰ পৰা কাঢ়া বস্তু তোমালোকৰ ঘৰতেই আছে।
Господ ће доћи на суд са старешинама народа свог и с кнезовима његовим, јер ви потрсте виноград, грабеж од сиромаха у вашим је кућама.
15 ১৫ বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে, তোমালোকে কিয় মোৰ লোকসকলক চূৰ্ণ কৰিলা, আৰু দৰিদ্রসকলৰ মুখ পিহিলা?
Зашто газите народ мој и лице сиромасима сатирете? Говори Господ, Господ над војскама.
16 ১৬ যিহোৱাই কৈছে যে, চিয়োনৰ জীয়াৰীসকল অহংকাৰী, আৰু নিজৰ মুৰ দাঙি অহঙ্কাৰেৰে খোজ কাঢ়ে, আৰু তেওঁলোকে চকুৰে প্রেমৰ অভিনয় কৰে, তেওঁলোকে কৃত্রিম ভংগীত খোজ দিয়ে, আৰু ভৰিৰে মৃদু শব্দ কৰে।
Још говори Господ: Што се понеше кћери сионске и иду опруженог врата и намигујући очима, ситно корачају и звекећу ногама,
17 ১৭ সেই কাৰণে যিহোৱাই চিয়োনৰ জীয়াৰীসকলৰ মুৰত খজুৱতি ৰোগ দিব, আৰু যিহোৱাই তেওঁলোকক টকলা কৰাব।
Зато ће Господ учинити да оћелави теме кћерима сионским, и откриће Господ голотињу њихову.
18 ১৮ সেই দিনা প্ৰভুৱে তেওঁলোকৰ ধুনীয়া নেপুৰ, মুৰৰ ফিটা, অৰ্ধচন্দ্রকাৰ অলঙ্কাৰ,
Тада ће Господ скинути накит с обуће и везове и месечиће,
19 ১৯ কাণফুলি, খাৰু, ওৰণি,
Низове и ланчиће и трепетљике,
20 ২০ কপালি, ভৰিৰ শিকলি, টঙালি, সুগন্ধি দ্ৰব্যৰ টেমা, অমঙ্গল নিবাৰণ কৰা তাবীজ।
Укоснике и подвезе и појасе и стакалца мирисна и обоце,
21 ২১ তেওঁ আঙঠি, আৰু নথ সকলো সোলোকাব;
Прстене и почеонике,
22 ২২ উৎসৱৰ সাজ, আৱৰণ, ওৰণি, আৰু হাতত লোৱা বেগ,
Свечане хаљине и огртаче и привесе и тобоце,
23 ২৩ হাতত লোৱা দাপোণ, মিহি শন সূতাৰ বস্ত্ৰ, পাগুৰি, আৰু গা ঢকা কাপোৰ, এই সকলো শোভাৰ বস্ত্ৰ কাঢ়ি ল’ব।
И огледала и кошуљице и оглавља и покривала.
24 ২৪ সুগন্ধি দ্রব্যৰ সলনি দুৰ্গন্ধ, আৰু টঙালিৰ সলনি ৰচি, পৰিপাটিকৈ ৰখা চুলিৰ সলনি টকলা মূৰ, আৰু দীঘল পৰিধান বস্ত্ৰৰ সলনি চট কাপোৰ, আৰু সৌন্দৰ্যৰ সলনি পোৰা দাগ দিব।
И место мириса биће смрад, и место појаса распојасина, место плетеница ћела, место широких скута припасана врећа, и место лепоте огорелина.
25 ২৫ তোমালোকৰ পুৰুষসকল তৰোৱালৰ দ্বাৰাই পৰাজিত হ’ব, আৰু তোমালোকৰ পৰাক্রমী লোকসকল ৰণত পৰাজয় হ’ব।
Твоји ће људи пасти од мача и јунаци твоји у рату.
26 ২৬ যিৰূচালেমৰ ৰাজ-দুৱাৰবোৰে ক্ৰন্দন আৰু বিলাপ কৰিব, আৰু তেওঁ অকলশৰে মাটিত বহিব।
И тужиће и плакаће врата његова, а он ће пуст лежати на земљи.

< ইসাইয়া 3 >