< ইসাইয়া 29 >

1 হে অৰিয়েল, হে অৰিয়েল, দায়ুদে ছাউনি পতা নগৰ! বছৰত বছৰ যোগ দিয়া; উৎসৱৰ পাছত উৎসৱ আহক।
Тешко Арилу, Арилу, граду где је стајао Давид. Додајте годину на годину, нека кољу жртве празничне.
2 কিন্তু মই অৰিয়েলক অৱৰোধ কৰিম; আৰু তেওঁ শোক আৰু বিলাপ কৰিব, আৰু তেওঁ মোৰ পক্ষে অৰীয়েলৰ দৰে হ’ব।
Али ћу притеснити Арила, и биће жалост и туга, јер ће ми бити као Арил.
3 মই তোমাৰ বিৰুদ্ধে চাৰিওফালে চাউনি পাতিম, আৰু লোহাৰ বেৰেৰে তোমাক বেৰি ধৰিম, আৰু তোমাৰ বিৰুদ্ধে কাম কৰা গড় তুলিম।
Јер ћу те опколити војском, и стегнућу те опкопима и подигнућу супрот теби куле.
4 তুমি নত হ’বা, ভুমিৰ পৰা কথা কবা; তোমাৰ বাক্য সৰু হৈ ধুলিৰ পৰা ওলাব। তোমাৰ মাত ভূতৰ দৰে ভুমিৰ পৰা ওলাব, আৰু তোমাৰ বাক্যৰ অতি দুৰ্বল হৈ ধুলিৰ পৰা ওলাব।
Те ћеш оборен говорити са земље и из праха ћеш муцати, и глас ће ти бити са земље као у бајача и из праха ћеш шапћући говорити.
5 কিন্তু তোমাৰ আক্রমণকাৰীৰ দলসমূহ মিহি ধুলিৰ দৰে হ’ব, আৰু ভয়ানক লোক সমূহ উৰি যোৱা তুঁহৰ দৰে হ’ব; এই সকলো অকস্মাতে, চকুৰ প্ৰচাৰতে ঘটিব।
А мноштво непријатеља твојих биће као ситан прах и мноштво насилника као плева кад се размеће; и то ће бити зачас, изненада.
6 মেঘ-গৰ্জ্জন, ভূমিকম্প, মহাশব্দ, বা’মৰলী বতাহ, ধুমুহা আৰু সংহাৰক অগ্নিশিখাৰে সৈতে বাহিনীসকলৰ যিহোৱাৰ দ্বাৰাই দণ্ড দিয়া যাব।
Господ над војскама походиће га громом и трусом и хуком великом, вихором и буром и пламеном огњеним који прождире.
7 অৰিয়েলৰ বিৰুদ্ধে যি সকলো জাতি সমূহে যুদ্ধ কৰিব, আৰু তেওঁৰ দৃঢ় কোঁঠৰ বিৰুদ্ধে যুদ্ধ কৰিব, আৰু তেওঁক ক্লেশ দিব, এই সকলো এটা সপোন, আৰু ৰাতিৰ এটা দৰ্শনৰ দৰে হ’ব।
И мноштво свих народа који војују на Арил и сви који ударају на њ и на зидове његове и који га притешњују, биће као утвара ноћна у сну.
8 যেনেকৈ ক্ষুধাতুৰ মানুহে সপোনত ভোজন কৰে, কিন্তু সাৰ পালে পেট খালী হৈ থাকে, বা যেনেকৈ তৃষ্ণাতুৰ মানুহে সপোনত পান কৰে, কিন্তু সাৰ পালে পিয়াহত দুৰ্ব্বল হয়, আৰু অন্তৰত পিয়াহ লাগে, হয়, তেনেকৈয়ে চিয়োন পৰ্ব্বতৰ বিৰুদ্ধে যুদ্ধ কৰা সকলো দেশ সমূহ হ’ব।
Биће као кад гладан сни да једе, па кад се пробуди а душа му празна; или кад сни жедан да пије, па кад се пробуди, а он изнемогао и душа му жедна; тако ће бити мноштво свих народа што војују на гору сионску.
9 নিজকে বিস্মিত কৰা, আৰু বিস্মিত হোৱা! নিজকে অন্ধ কৰা, আৰু অন্ধ হোৱা; মতলীয়া হোৱা, কিন্তু দ্ৰাক্ষাৰসেৰে নহয়; ঢলং পলং হোৱা, কিন্তু যবসুৰাৰে নহয়;
Станите и чудите се; вапијте и вичите: Пијани су, али не од вина; посрћу, али не од силовитог пића.
10 ১০ কিয়নো যিহোৱাই তোমালোকৰ ওপৰত ঘোৰ নিদ্ৰাজনক আত্মা ঢালি দিলে, তেওঁ তোমালোকৰ ভাববাদীৰূপ চকুবোৰ মুদালে, আৰু তোমালোকৰ দৰ্শকৰ মূৰ ঢাকিলে।
Јер је Господ излио на вас дух тврдог сна и затворио вам очи, ослепио пророке и видеоце, главаре ваше.
11 ১১ সকলো দৰ্শন তোমালোকলৈ চাব মাৰি বন্ধ কৰা এখনি পুথিৰ বাক্যস্বৰূপ; “ইয়াক পাঠ কৰা।” এই বুলি কৈ জ্ঞানী এজনক সেই পুথি খন দিলে তেওঁ কয়, “মই নোৱাৰোঁ, কাৰণ এয়ে চাব মাৰি বন্ধ কৰা।”
И свака утвара биће вам као речи у запечаћеној књизи, коју дају човеку који зна читати говорећи: Читај то; а он рече: Не могу, јер је запечаћено.
12 ১২ যদি “ইয়াক পাঠ কৰা,” এই বুলি কৈ অজ্ঞান এজনক পুথিখন দিয়ে, তেওঁ কয়, “মই পঢ়িব নাজানো।”
Или да дају књигу оном који не зна читати говорећи: Читај то; а он рече: Не знам читати.
13 ১৩ যিহোৱাই ক’লে, “এই লোকসকলে মোৰ ওচৰলৈ চাপি নিজৰ নিজৰ মুখেৰে আৰু ওঁঠেৰেহে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ অন্তৰ হ’লে মোৰ পৰা দূৰত আছে। তেওঁলোকৰ মোৰ প্রতি থকা সন্মানো মানুহৰ দ্বাৰাই শিকোৱা।
Зато рече Господ: Што се овај народ приближује устима својим и уснама својим поштује ме, а срце им далеко стоји од мене, и страх којим ме се боје заповест је људска којој су научени,
14 ১৪ এই হেতুকে, চোৱা, মই এই লোকসকলৰ মাজত অদ্ভুত ৰূপে, আৰু এটাৰ পাছত এটা আচৰিত কাৰ্য কৰি থাকিম, তেওঁলোকৰ জ্ঞানী লোকসকলৰ জ্ঞান নষ্ট হ’ব, আৰু তেওঁলোকৰ বুদ্ধিমন্ত লোকসকলৰ সুবুদ্ধি লুপ্ত থাকিব।
Зато ћу ево још радити чудесно с тим народом, чудесно и дивно, и мудрост мудрих његових погинуће и разум разумних нестаће.
15 ১৫ যিহোৱাৰ পৰা নিজৰ কল্পনা গভীৰ ভাৱে লুকুৱাব খোজা জনৰ সন্তাপ হ’ব, আৰু আন্ধাৰত কাৰ্য কৰা জন, তেওঁলোকে কয়, “আমাক কোনে দেখে? আমাক কোনে জানে?” তেওঁলোকৰ সন্তাপ হ’ব।
Тешко онима који дубоко сакривају од Господа намеру, који раде у мраку и говоре: Ко нас види? И ко нас зна?
16 ১৬ তোমালোকৰ বিষয়সমূহ বিপৰীত দিশে ঘূৰোৱা! কুমাৰ কুমাৰৰ মাটিৰ সমান বিবেচিত হয় নে? “তেওঁ মোক নিৰ্ম্মাণ কৰা নাই,” এই বুলি নিৰ্ম্মিত বস্তুৱে নিৰ্ম্মণকৰ্ত্তাৰ বিষয়ে ক’ব পাৰে নে? “তেওঁ বুজা নাই,” গঠিত বস্তুৱে তাৰ গঠনকাৰীৰ বিষয়ে ক’ব পাৰে নে?
Наопаке мисли ваше нису ли као као лончарски? Говори ли дело за оног који га је начинио: Није ме начинио? И лонац говори ли за оног који га је начинио: Не разуме?
17 ১৭ অতি অলপ সময়, লিবানোন এটা পথাৰত পৰিণত হ’ব, আৰু সেই পথাৰ জংঘললৈ পৰিণত হ’ব।
Неће ли се доскора и Ливан претворити у поље, и поље се узимати за шуму?
18 ১৮ সেই দিনা কলাসকলে পুস্তকখনৰ বাক্য শুনিব, আৰু অন্ধসকলৰ চকুৱে অন্ধকাৰৰ মাজৰ পৰা দেখিবলৈ পাব।
И у тај ће дан глуви чути речи у књизи, и из таме и мрака видеће очи слепих.
19 ১৯ নিপীড়িত লোকসকলে পুনৰ যিহোৱাত আনন্দ কৰিব, আৰু দৰিদ্ৰ লোকসকলৰ মাজত ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাত উল্লাস কৰিব।
И кротки ће се веома радовати у Господу, и ништи између људи веселиће се са Свеца Израиљевог.
20 ২০ কিয়নো নিষ্ঠুৰ লোক লোপ হ’ব, আৰু নিন্দক শেষ হৈছে, আৰু পাপ কাৰ্য কৰিবলৈ ভাল পোৱা সকলো লোক নিষ্কাশন হ’ব,
Јер насилника неће бити, и нестаће подсмевача, и истребиће се сви који гледају да чине безакоње,
21 ২১ যিবোৰে গোচৰত মানুহক অপৰাধী পাতে, নগৰৰ দুৱাৰত প্ৰতিবাদী জনলৈ ফান্দ পাতে, আৰু মিছা কথাৰে ধাৰ্মিকৰ ন্যায় দূৰ কৰে, সেই সকলোকে উচ্ছন্ন কৰা হৈছে।
Који окривљују човека за реч, и мећу замку оном који кара на вратима, и обарају праведног лажју.
22 ২২ এই হেতুকে অব্ৰাহামৰ মুক্তি দাতা যিহোৱাই যাকোবৰ বংশৰ বিষয়ে এই কথা কৈছে, এতিয়াৰ পৰা যাকোব লজ্জিত নহ’ব, আৰু নাইবা তেওঁৰ মুখ বিবৰ্ণ নহ’ব।
Зато Господ, који је откупио Аврама, овако говори за дом Јаковљев: Неће се више Јаков постидети, нити ће му лице побледети.
23 ২৩ কিন্তু যেতিয়া তেওঁ মোৰ হাতৰ কাৰ্য নিজৰ সন্তান সকলক দেখিব, তেতিয়া তেওঁলোকে মোৰ নাম পবিত্ৰ কৰিব; এনে কি, তেওঁলোকে যাকোবৰ পবিত্ৰ জনাক পবিত্ৰ বুলি মানিব, আৰু ইস্ৰায়েলৰ ঈশ্বৰক ভয় কৰিব।
Јер кад види усред себе децу своју, дело руку мојих, тада ће они светити име моје, светиће Свеца Јаковљевог и бојаће се Бога Израиљевог.
24 ২৪ ভ্ৰান্ত মনৰ লোকসকলেও বিবেচনা শক্তি পাব, অভিযোগ কৰা সকলে জ্ঞান শিকিব।”
И који лутају духом оразумиће се, и викачи ће примити науку.

< ইসাইয়া 29 >