< ইসাইয়া 23 >

1 তূৰৰ বিষয়ে কৰা ঘোষণা: হে তৰ্চীচৰ জাহাজবিলাক, হাহাকাৰ কৰা; কিয়নো ঘৰ কি সোমোৱা বাট একোৱেই নাই; কিত্তীম দেশৰ পৰা তেওঁলোকলৈ ইয়াক প্ৰকাশ কৰা হ’ল।
Nkɔmhyɛ a ɛfa Tiro ho: Tarsis ahyɛn, muntwa adwo! Efisɛ wɔasɛe Tiro na wɔannyaw no ofi anaa hyɛngyinabea. Wufi Kipro asase so abɛka asɛm akyerɛ wɔn.
2 হে দ্বীপ-নিবাসীসকল, তোমালোক নিমাত হৈ থাকা; চীদোনীয়া বণিকসকল সমুদ্ৰ পাৰ হৈ আহি তোমাক যোগান ধৰিছিল।
Monyɛ komm, mo nnipa a mowɔ supɔw no so ne mo Sidon aguadifo a po so adwumayɛfo ama mo ayɛ adefo.
3 চীহোৰৰ উৎপন্ন দ্ৰব্য মহাজলত আছিল, নীল নদীৰ শস্য তাৰ আয় হৈছিল; আৰু সেয়ে দেশবাসীসকলৰ বজাৰ কৰা ঠাই আছিল।
Nsu akɛse no so na aduan fi Sihor nam bae; Nil ho nnɔbae na ɛyɛɛ Tiro foto, na ɔbɛyɛɛ amanaman aguadibea.
4 হে চীদোন, তুমি লজ্জিত হোৱা; কিয়নো সাগৰে কৈছে, সমুদ্ৰৰ দৃঢ় কোঁঠে কৈছে, “মই প্ৰসৱ কৰা নাই, মই সন্তান জন্ম দিয়া নাই, মই ডেকাসকলক প্ৰতিপালন কৰা নাই, নাইবা যুৱতীসকলক ডাঙৰ দীঘল কৰা নাই।”
Animguase nka wo, Sidon, ne wo, po so abandennen, efisɛ po akasa se, “Menkyemee da, na menwoo da; mentetew mmabarima anaa mmabea da.”
5 যেতিয়া বাৰ্ত্তা মিচৰ দেশলৈ আহিব, তেতিয়া তেওঁলোক তূৰৰ বিষয়ে অতিশয় দুখিত হ’ব।
Sɛ asɛm no du Misraim a, wobedi yaw wɔ nkra a efi Tiro no ho.
6 তোমালোকে তৰ্চীচলৈ পাৰ হৈ যোৱা, হে দ্বীপ নিবাসীসকল, হাহাকাৰ কৰা।
Muntwa nkɔ Tarsis; muntwa adwo, mo a mowɔ supɔw no so.
7 হে উল্লাস কৰা নগৰ তোমাৰ সৈতে এইদৰে হ’ল নে? যাৰ উৎপত্তি প্ৰাচীন কালৰ পৰা আছে।
Eyi ne mo ahosɛpɛw kuropɔn no, teteete kuropɔn no, nea wɔatu akɔtena akyirikyiri nsase so no ana?
8 যাৰ বনিকসকল ৰাজপুত্র, যাৰ বেপাৰীসকল পৃথিৱীৰ মান্যৱন্ত লোক, সেই ৰাজমুকুট দিয়া তূৰ নগৰৰ বিৰুদ্ধে কোনে এই কল্পনা কৰিলে?
Hena na ɔbɔɔ atirimpɔw yi de tiaa Tiro, nea ɔkyekyɛ ahenkyɛw, nea nʼaguadifo yɛ ahenemma, na nʼadetɔnfo agye din wɔ asase so?
9 বাহিনীসকলৰ যিহোৱাই তেওঁৰ অহংকাৰ অমৰ্যাদা কৰিবলৈ, আৰু তেওঁৰ সকলো গৌৰৱ, আৰু পৃথিৱীৰ মান্যৱন্ত লোকক অপমানিত কৰিবলৈ পৰিকল্পনা কৰিছে।
Asafo Awurade na ɔbɔɔ ne tirimpɔw se, ɔbɛbrɛ anuonyam mu ahomaso ase na wabrɛ wɔn a wɔagye din wɔ asase yi so nyinaa ase.
10 ১০ হে তৰ্চীচ জীয়াৰী নীল নদীৰ দৰে তোমালোক দেশত হাল বোৱা; তোমাৰত বহু দিনলৈকে বজাৰৰ ঠাই নাই।
Yɛ wʼasase so adwuma te sɛnea wɔyɛ wɔ Nil ho no Tarsis Babea, efisɛ wunni hyɛngyinabea bio.
11 ১১ যিহোৱাই সমুদ্ৰৰ ওপৰত নিজৰ হাত মেলিলে, তেওঁ ৰাজ্যবোৰ জোকাৰিলে, যিহোৱাই কনানৰ বিষয়ে তাৰ দুৰ্গবোৰ বিনষ্ট কৰিবলৈ আজ্ঞা দিলে।
Awurade ama ne nsa so wɔ po no so ama ahenni ahorow a ɛwɔ hɔ no repopo. Wahyɛ Kanaan ho mmara se, wɔnsɛe nʼaban.
12 ১২ তেওঁ ক’লে, “চীদোনৰ নিৰ্যাতিতা কুমাৰী জীয়াৰী, তুমি আৰু উল্লাস নকৰিবা, উঠা, কিত্তীমলৈ পাৰ হৈ যোৱা; কিন্তু তাতো তুমি জিৰণি নাপাবা।
Ɔkae se, “Wʼahurisidi no nso ha ara, Sidon Babea Ɔbabun a wɔadwerɛw wo! “Sɔre, twa kɔ Kipro; hɔ mpo worennya ahotɔ.”
13 ১৩ কলদীয়াসকলৰ দেশ চোৱা; সেই লোকসকল আৰু নাই; অচূৰীয়া লোকে বনৰীয়া জন্তুৰ বাবে ইয়াক আৰণ্য নিৰূপণ কৰিলে; সিহঁতে আক্ৰমণ কৰিবৰ অৰ্থে ওখ দ’ম স্থাপন কৰিলে; সিহঁতে তাৰ অট্টালিকাবোৰ ধ্বংস কৰিলে; সিহঁতে তাক ভগ্নৰাশি কৰিলে।
Monhwɛ Babiloniafo asase no saa nnipa a mprempren wɔnka hwee no! Asiriafo ayɛ no baabi a nweatam so mmoa te; wosisii wɔn anotua aban bebree, wodwiriw nʼaban gui ma ɛdan nnwiriwii.
14 ১৪ হে তৰ্চীচৰ জাহাজবিলাক, হাহাকাৰ কৰা; কিয়নো তোমালোকৰ আশ্ৰয় উচ্ছন্ন হ’ল।
Muntwa adwo, Tarsis ahyɛn; wɔasɛe wʼaban!
15 ১৫ সেই সময়ত, ৰজাৰ ৰাজত্বকাল দৰে তূৰ নগৰক সত্তৰ বছৰ পহৰা যাব; সত্তৰ বছৰৰ পাছত তূৰ নগৰৰ দশা বেশ্যাৰ গীতৰ দৰে হ’ব।
Saa bere no wɔrenkae Tiro mfe aduɔson a ɛyɛ ɔhene nkwanna. Nanso mfe aduɔson akyi no, nea ɛbɛto Tiro no bɛyɛ sɛnea ɛwɔ oguamanfo no dwom mu no:
16 ১৬ “হে বিস্মৃতা বেশ্যা, বীণা লৈ নগৰ খন ফূৰা; তোমাৰ স্মৰণ ৰাখিবৰ বাবে মনোহৰ বাদ্য বজোৱা, অনেক গীত গোৱা।”
“Ma sankuten no so, pase fa kuropɔn no mu, oguamanfo a wɔnnkae wo; bɔ sankuten no yiye, to nnwom bebree, sɛnea wɔbɛkae wo.”
17 ১৭ সত্তৰ বছৰৰ পাছত যিহোৱাই তূৰক সহায় কৰিব; আৰু তেওঁ নিজৰ লাভ জনক ব্যৱসায় পুনৰায় কৰিব, আৰু ৰাজ্যৰ সকলোতে আৰু পৃথিৱীৰ সকলো ৰাজ্যে সৈতে বেশ্যা কৰ্ম কৰিব।
Mfe aduɔson akyi, Awurade ne Tiro bedi. Ɔbɛsan akodi ne paa sɛ oguamanfo na ɔne ahenni a ɛwɔ asase so nyinaa adi gua.
18 ১৮ তেওঁৰ উপাৰ্জন আৰু আয় যিহোৱাৰ উদ্দেশ্যে ৰখা হ’ব; সেয়ে ভঁৰালত গোটাই থোৱা বা সাঁচি ৰখা নহ’ব; কিয়নো তেওঁৰ উপাৰ্জন যিহোৱাৰ সন্মুখত বাস কৰাসকলৰ অৰ্থে যথেষ্ঠ পৰিমাণে খাবৰ বাবে আৰু সুন্দৰ বস্ত্ৰৰ বাবে ব্যৱহাৰ হ’ব।
Nanso nea obenya ne ne mfaso nyinaa wɔde bɛto hɔ ama Awurade; wɔremmoaboa ano na wɔremfa nsie. Ne mfaso no bɛkɔ wɔn a wɔsom wɔ Awurade anim no nkyɛn, na wɔanya aduan bebree ne ntade pa.

< ইসাইয়া 23 >