< ইসাইয়া 22 >

1 উপত্যকাৰ বিষয়ে দেখা দৰ্শনৰ ঘোষণা। তোমালোক সকলোৱে ঘৰৰ চালত কিহৰ বাবে উঠিলা?
Spriedums par parādīšanas ieleju. Kas tev ir, ka jūs visi kāpiet uz jumtiem?
2 কোলাহলপূৰ্ণ নগৰ, হে উল্লাসপ্ৰিয় নগৰ, তোমালোকৰ মৃতবোৰ তৰোৱালেৰে হ’ত হোৱা নাই, আৰু তেওঁলোক যুদ্ধতো মৰা নাই।
Tu biji trokšņa pilna, ļaužu pilna pilsēta, līksma pils. Tavi nokautie nav ar zobenu nokauti nedz karā krituši.
3 তোমালোকৰ শাসনকৰ্ত্তাসকল একেলগে পলাই গ’ল, কিন্তু তেওঁলোকক বিনা ধনুৰে ধৰা হ’ল; তেওঁলোকক সকলোকে বন্দী কৰা হ’ল, তেওঁলোকে দূৰলৈ পলাইছিল।
Visi tavi virsnieki kopā bēguši, bez stopiem tie ir gūstīti, visi, kas pie tevis top atrasti, ir sasieti, tie tālu bēguši.
4 সেই বাবে মই ক’লো, “মোলৈ দৃষ্টি নকৰিবা, মই সন্তাপেৰে ক্ৰন্দন কৰিম; মোৰ লোকসকল জীয়াৰীৰ সৰ্বনাশৰ বাবে মোক শান্তনা দিবলৈ চেষ্টা নকৰিবা।
Tādēļ es saku: Atstājaties nost no manis, lai es gauži raudu, nepūlējaties, mani iepriecināt par manas tautas nopostīšanu.
5 কিয়নো বাহিনীসকলৰ প্ৰভু যিহোৱাৰ বাবে ইয়াত এটা বিক্ষোভ, পদদলিত কৰা দিন উপস্থিত হৈছে, দৰ্শনৰ উপত্যকাত, দেৱালবোৰ ভঙা হৈছে, আৰু আটাহ পৰাৰ শব্দ পৰ্ব্বতলৈকে গৈছে।
Jo tā ir trokšņa un posta un jukas diena no Tā Kunga Dieva Cebaot parādīšanas ielejā, kur mūri grūst, un brēkšana atskan kalnos.
6 এলমে ৰথ আৰু অশ্বাৰোহীৰ সৈতে তূণ লৈ গৈছে, আৰু কীৰ ঢাল খুলিছে।
Jo Elams nes bultu maku, tur ir vīri uz ratiem, tur ir jātnieki, un Ķire nāk ar spožām priekšturamām bruņām.
7 তোমালোকৰ মনোৰম্য উপত্যকা অহাৰ বিষয়ে ৰথবোৰেৰে পৰিপূৰ্ণ হ’ব, আৰু অশ্বাৰোহীসকলে ৰাজদুৱাৰত নিজৰ স্থান ল’ব।”
Un tavas jaukās ielejas būs pilnas ratu, un jātnieki apmetīsies pret vārtiem.
8 তেওঁ যিহূদাৰ সুৰক্ষা আতৰালে; আৰু সেই দিনা তোমালোক জংঘলৰ ৰাজপ্রাসাদত থকা অস্ত্ৰশস্ত্র দেখিছিলা;
Viņš atsegs apsegu no Jūda, un tai dienā tu lūkosi pēc tām bruņām ciedru koku namā.
9 তোমালোক দায়ূদৰ নগৰৰ বিচ্ছেদ দেখিলা সেইবোৰ অনেক আছিল; আৰু তোমালোক পুখুৰীৰ তলৰ পানীবোৰ গোটালা।
Un jūs redzat Dāvida pilsētas plaisas esam daudz, un jūs krājat lejas dīķa ūdeni.
10 ১০ তোমালোকে যিৰূচালেমৰ ঘৰবোৰ গণনা কৰিলা, আৰু নগৰৰ গড় সুদৃঢ় কৰিবৰ বাবে তাৰ ঘৰবোৰ ভাঙি পেলালা;
Un jūs skaitiet Jeruzālemes namus un nolaužat namus, mūri stiprināt.
11 ১১ তোমালোকে পুৰণি পুখুৰীৰ পানীৰ বাবে দেৱাল দুটাৰ মাজত এটা জলাধাৰ তৈয়াৰ কৰিলা। কিন্তু যি জনে বহু দিন আগতে এই পৰিকল্পনা কৰিছিল সেই জনলৈ তোমালোকে দৃষ্টি নকৰিলা,
Jūs rokat arīdzan grāvi starp abējiem mūriem priekš vecā dīķa ūdens. Bet jūs neskatāties uz to, kas to dara, un nelūkojiet uz to, kas to sen nolicis.
12 ১২ সেইদিনা বাহিনীসকলৰ প্ৰভু যিহোৱাই, কান্দিবলৈ, বিলাপ কৰিবলৈ, মূৰ টকলা কৰিবলৈ, আৰু চট কাপোৰ কঁকালত বান্ধিবলৈ মাতিছিল;
Un tai dienā Tas Kungs Dievs Cebaot aicinās raudāt un žēloties, un apcirpties un maisus apvilkt.
13 ১৩ কিন্তু চোৱা, তাৰ পৰিৱৰ্তে উৎসৱ উদযাপন, উল্লাস, পহু বধ, মেৰ-ছাগ বলি, মাংস-ভোজন, আৰু দ্ৰাক্ষাৰস পান কৰা চলি আছিল; “আহাঁ, আমি ভোজন পান কৰোঁহক, কিয়নো কাইলৈ আমি মৰিম।”
Bet redzi, prieks un līksmība, vēršu kaušana un avju kaušana, gaļas ēšana un vīna dzeršana: ēdīsim un dzersim, jo rītu mums jāmirst
14 ১৪ মই শুনা বাহিনীসকলৰ যিহোৱাৰ দ্বাৰাই কোৱা কথা এই, “তোমালোকৰ এই অপৰাধ ক্ষমা কৰা নহ’ব, এনে কি, তোমালোকে মৰিলেও নহ’ব” এইয়ে বাহিনীসকলৰ যিহোৱা প্ৰভুৰ কোৱা কথা।
Bet Tas Kungs Cebaot darījis zināmu manās ausīs: tiešām, šis noziegums jums netaps piedots, kamēr jūs mirsiet, saka Tas Kungs Dievs Cebaot.
15 ১৫ বাহিনীসকলৰ যিহোৱা প্ৰভুৱে এইদৰে কৈছে, “চেবনাৰ বংশৰ ওপৰত থকা তত্বাৱধায়কৰ ওচৰলৈ যোৱা আৰু কোৱা,
Tā saka Tas Kungs Dievs Cebaot: celies, ej pie šī mantas sarga, pie Šebnas, kas celts pār to namu, (un saki)
16 ১৬ ‘ইয়াত তোমাৰ কি আছে, আৰু তুমি কোন, যে তুমি ইয়াত নিজৰ বাবে এটা মৈদাম খানিলা? সিও নিজৰ বাবে এটা মৈদাম খানিলে, নিজৰ বাবে শিলত এটা বিশ্রামস্থান ক্ষোদিত কৰিলে’।”
Ko tu še dari, un kam tu še to dari, ka tu še kapu sev izcērt, ka kalnā roc savu kapu, klintī sev izcērt mājokli?
17 ১৭ চোৱা, যিহোৱাই তোমাক দলিয়াই পেলাব, পৰাক্রমী জন তললৈ দলিয়াই পেলাব, তেওঁ তোমাক দুৰ্লভভাবে হাতেৰে মুচৰিব।
Redzi, Tas Kungs ar varenu sviedienu tevi nosviedīs, cieti tevi sagrābis.
18 ১৮ তেওঁ নিশ্চয়কৈ তোমাক গুল গুলকৈ নুৰিয়াই বলৰ দৰে গোল কৰি বহল দেশত পেলাই দিব; তোমাৰ প্ৰভুৰ বংশক লাজ দিয়া জন যি তুমি, তুমি সেই ঠাইত মৰিবা, আৰু তোমাৰ তেজস্বী ৰথবোৰ তাত থাকিব।
Velšus Viņš tevi aizvels ar tādu velšanu kā lodi uz zemi, lielu un plašu; tur tu nomirsi, tur paliks tavas godības rati, tu negods sava kunga namam.
19 ১৯ “মই তোমাক তোমাৰ কাৰ্যালয়ৰ পৰা আৰু তোমাৰ স্থানৰ পৰা খেদিম। তোমাক তলত পেলাই দিয়া হ’ব।
Un Es tevi nogāzīšu no tavas vietas, un no tava amata Es tevi nocelšu.
20 ২০ সেই দিনা অহাৰ সময়ত, মই মোৰ দাস হিল্কিয়াৰ পুত্ৰ ইলিয়াকীমক মাতিম;
Un notiks tai dienā, tad Es aicināšu Savu kalpu Elijaķimu, Hilķijas dēlu,
21 ২১ মই তোমাৰ ৰাজবস্ত্ৰ, আৰু তোমাৰ টঙালি তেওঁক পিন্ধাম, আৰু মই তোমাৰ ক্ষমতাৰ ভাৰ তেওঁৰ হাতত অৰ্পণ কৰিম। তেওঁ যিৰূচালেম নিবাসীসকলৰ আৰু যিহূদা বংশৰ পিতৃস্বৰূপ হ’ব।
Un Es viņu apģērbšu ar taviem svārkiem un viņu apjozīšu ar tavu jostu, un tavu valdīšanu Es nodošu viņa rokā, un viņš būs par tēvu Jeruzālemes iedzīvotājiem un Jūda namam.
22 ২২ মই দায়ূদৰ বংশৰ চাবি তেওঁৰ কান্ধত দিম; তাতে তেওঁ খুলিব, আৰু কোনেও বন্ধ নকৰিব, তেওঁ বন্ধ কৰিব, আৰু কোনেও নোখুলিব।
Un Es Dāvida nama atslēgu likšu uz viņa pleciem, un kur viņš atvērs, tur neviens neaizslēgs, un kur viņš aizslēgs, tur neviens neatvērs.
23 ২৩ মই সুৰক্ষিত স্থানত তেওঁক গজাল স্বৰূপে মাৰিম; আৰু তেওঁ নিজৰ পিতৃৰ বংশলৈ গৌৰৱৰ আসন স্বৰূপ হ’ব।
Un Es viņu iesitīšu kā naglu stiprā vietā, un viņš būs par goda krēslu sava tēva namā.
24 ২৪ তেওঁৰ পিতৃ-বংশৰ সকলো গৌৰৱ, সন্তান সকল আৰু বংশধৰ, প্রতিটো সৰু পাত্র, আৰু পিয়লাৰ পৰা সকলো কলহলৈকে তেওঁলোকে নিজৰ ওপৰত আৰি থ’ব।
Un pie viņa pieķersies visa viņa tēva nama godība, bērni un bērnu bērni, visi mazie trauki, bļodas un krūzes.
25 ২৫ সেই দিনা বাহিনীসকলৰ যিহোৱাই কৰা ঘোষণা এই, “দৃঢ় স্থানত মৰা খুটিটো খহি পৰিব, বিছিন্ন হ’ব, পতিত হ’ব, আৰু তাৰ ওপৰত আৰি থোৱা ভাৰ বিচ্ছিন্ন হ’ব” কিয়নো যিহোৱাই এই কথা ক’লে।
Tai dienā, saka Tas Kungs Cebaot, tā nagla lieksies, kas stiprā vietā bija iesista, tā lūzīs un kritīs, un tā nasta pie tās ies bojā; jo Tas Kungs to ir runājis.

< ইসাইয়া 22 >