< ইসাইয়া 20 >

1 সেই বছৰত অচূৰৰ ৰজা চৰ্গোনে যেতিয়া তৰ্ত্তনক পঠালে, তেতিয়া তৰ্ত্তন অচ্‌দোদ নগৰলৈ আহিল; আৰু অচদোদৰ বিৰুদ্ধে যুদ্ধ কৰি তাক জব্দ কৰিলে।
ଅଶୂରର ରାଜା ସର୍ଗୋନର ପ୍ରେରିତ ତର୍ତ୍ତାନ ସେନାଧ୍ୟକ୍ଷ ଯେଉଁ ବର୍ଷ ଅସ୍ଦୋଦକୁ ଆସି ତାହା ପ୍ରତିକୂଳରେ ଯୁଦ୍ଧ କରି ହସ୍ତଗତ କଲା;
2 সেই সময়ত যিহোৱাই আমোচৰ পুত্ৰ যিচয়াৰ দ্বাৰাই কথা ক’লে, “যোৱা তোমাৰ কঁকালৰ পৰা চট কাপোৰ গুচুউৱা, আৰু তোমাৰ ভৰিৰ জোতা সোলোকোৱা।” তাতে তেওঁ সেইদৰেই কৰি উদং গাৰে আৰু শুদা ভৰিৰে খোজ কাঢ়িলে।
ସେହି ସମୟରେ ଆମୋସର ପୁତ୍ର ଯିଶାଇୟ ଦ୍ୱାରା ସଦାପ୍ରଭୁ ଏହି କଥା କହିଲେ, “ଯାଅ, ତୁମ୍ଭ କଟିଦେଶରୁ ଚଟବସ୍ତ୍ର ଫିଟାଅ ଓ ତୁମ୍ଭ ପାଦରୁ ପାଦୁକା କାଢ଼,” ତହିଁରେ ସେ ତାହା କରି ବିବସ୍ତ୍ର ଓ ଶୂନ୍ୟପଦ ହୋଇ ଭ୍ରମଣ କଲା।
3 যিহোৱাই ক’লে, “মোৰ দাসৰ দৰে যিচয়াই মিচৰ আৰু কুচৰ বিষয়ে এক চিন আৰু অদ্ভুত লক্ষণস্বৰূপে উদং গাৰে আৰু শুদা ভৰিৰে তিনিবছৰলৈকে খোজ কাঢ়িলে,
ତେବେ ସଦାପ୍ରଭୁ କହିଲେ, “ଆମ୍ଭର ଦାସ ଯିଶାଇୟ ମିସର ଓ କୂଶ ଦେଶ ପ୍ରତି ଏକ ଚିହ୍ନ ଓ ଅଦ୍ଭୁତ ଲକ୍ଷଣ ସ୍ୱରୂପ ହେବା ପାଇଁ ଯେପରି ତିନି ବର୍ଷ ବିବସ୍ତ୍ର ଓ ଶୂନ୍ୟପଦ ହୋଇ ଭ୍ରମଣ କରିଅଛି;
4 এই দৰে অচূৰৰ ৰজাই বন্দি কৰা মিচৰীয়া লোকসকলক লৈ যাব, আৰু কুচ দেশৰ বহিষ্কৃত লোকসকল যুবক আৰু বুঢ়া, উদং আৰু খালী ভৰি, আৰু অনাবৃত টিকাৰে, মিচৰৰ লাজৰ বাবে লৈ যাব।
ସେହିପରି ଅଶୂରର ରାଜା ମିସରୀୟମାନଙ୍କ ଲଜ୍ଜାର ନିମନ୍ତେ ଆବାଳବୃଦ୍ଧ ମିସରୀୟ ବନ୍ଦୀ ଓ କୂଶୀୟ ନିର୍ବାସିତ ଲୋକମାନଙ୍କୁ ବିବସ୍ତ୍ର, ଶୂନ୍ୟପଦ ଓ ଅନାବୃତ କଟି କରି ଘେନିଯିବ।
5 কুচদেশ তেওঁলোকৰ আশা আৰু মিচৰ দেশ তেওঁলোকৰ গৌৰৱ সেই কাৰণে তেওঁলোক আতঙ্কিত আৰু লজ্জিত হ’ব।
ତହିଁରେ ଲୋକମାନେ ଆପଣାମାନଙ୍କର ବିଶ୍ୱାସଭୂମି କୂଶ ଓ ଆପଣାମାନଙ୍କର ଦର୍ପ ସ୍ୱରୂପ ମିସର ସକାଶୁ ନିରାଶ ଓ ଲଜ୍ଜିତ ହେବେ।
6 সেই দিনা সাগৰৰ তীৰৰ দেশ নিবাসীসকলে ক’ব, “বাস্তৱিকতে, অচূৰীয়া ৰজাৰ পৰা উদ্ধাৰ পাবৰ কাৰণে সহায়ৰ বাবে য’লৈ আমি পলাই গৈছিলোঁ, আমাৰ সেই আশাৰ এনে দশা; তেনেহ’লে আমি কেনেকৈ ৰক্ষা পাম?”
ପୁଣି, ସେହି ଦିନ ଏହି ସମୁଦ୍ର ଅଞ୍ଚଳସ୍ଥ ନିବାସୀମାନେ କହିବେ, ‘ଦେଖ, ଅଶୂରର ରାଜାଠାରୁ ଉଦ୍ଧାର ପାଇବା ପାଇଁ ସାହାଯ୍ୟ ନିମନ୍ତେ ଯେଉଁଠାକୁ ପଳାଇଲୁ, ଆମ୍ଭମାନଙ୍କର ସେହି ବିଶ୍ୱାସଭୂମି ଏହି ପ୍ରକାର; ତେବେ ଆମ୍ଭେମାନେ ଅବା କିପରି ବଞ୍ଚିବା?’”

< ইসাইয়া 20 >