< ইসাইয়া 2 >

1 আমোচৰ পুত্ৰ যিচয়াই যিহূদা আৰু যিৰূচালেমৰ বিষয়ে পোৱা দৰ্শন। 2 ভবিষ্যতৰ দিনবোৰত, যিহোৱাৰ পৰ্ব্বতত গৃহ স্থাপন কৰা হ’ব পৰ্ব্বতবোৰৰ দৰে ওখ আৰু পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব; আৰু সকলো জাতি তালৈ সোঁত বোৱাৰ দৰে বৈ যাব। 3 অনেক লোক আহিব আৰু ক’ব, “আহাঁ, আমি যিহোৱাৰ পৰ্ব্বতলৈ, আৰু যাকোবৰ ঈশ্বৰৰ গৃহলৈ উঠি যাওহঁক; সেয়ে তেওঁ আমাক তেওঁৰ কিছুমান পথৰ বিষয়ে শিক্ষা দিব; তাতে আমি তেওঁৰ পথত গমন কৰিব পাৰিম।” কিয়নো চিয়োনৰ পৰা বিধান আৰু যিৰূচালেমৰ পৰা যিহোৱাৰ বাক্য ওলাই যাব। 4 তেওঁ দেশবোৰৰ মাজত বিচাৰ কৰিব, আৰু অনেক লোকৰ বাবে সিদ্ধান্ত ল’ব; তেওঁলোকে নিজৰ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব, আৰু যাঠি ভাঙি কলম দিয়া কটাৰী গঢ়াব; এখন দেশে আনখন দেশৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, নাইবা তেওঁলোকে যুদ্ধ-বিদ্যা আৰু নিশিকিব। 5 হে যাকোবৰ বংশ আহাঁ, যিহোৱাৰ পোহৰত চলি যাওঁহঁক। 6 কিয়নো তুমি তোমাৰ যাকোবৰ বংশৰ লোকসকলক ত্যাগ কৰিলা; কাৰণ তেওঁলোক পূবদেশৰ ৰীতি নীতিৰে পৰিপূৰ্ণ, আৰু পলেষ্টীয়াসকলৰ দৰে ভৱিষ্যত পঢ়ালোক সকলে, বিদেশীৰ সন্তানসকলৰ লগত মিত্রতা কৰে। 7 তেওঁলোকৰ দেশ ৰূপেৰে আৰু সোণেৰে পৰিপূৰ্ণ, আৰু তেওঁলোকৰ ধনসম্পত্তি সীমাহীন; তেওঁলোকৰ দেশ ঘোঁৰাৰে পৰিপূৰ্ণ, আৰু তেওঁলোকৰ ৰথৰ সীমাহীন। 8 মূৰ্ত্তিৰে তেওঁলোকৰ দেশ পৰিপূৰ্ণ, তেওঁলোকে নিজৰ হাতেৰে গঢ়া, আৰু নিজৰ আঙুলিৰে সজা মূর্তিক সেৱা কৰে। 9 লোকসকলে আঠুকাঢ়ি প্রণিপাত কৰিব, আৰু ব্যক্তিগতভাৱে তলত পৰিব, সেই কাৰণে তেওঁলোকক ক্ষমা কৰা নহ’ব। 10 ১০ যিহোৱাৰ ভয়ৰ পৰা, আৰু তেওঁ ঐশ্বৰ্যৰ প্ৰতাপৰ পৰা তোমালোক শিলাময় ঠাইলৈ যোৱা আৰু মাটিত লুকুৱা। 11 ১১ মানুহৰ উৰ্দ্ধদৃষ্টি অৱনত হ’ব; আৰু লোকসকলৰ গৰ্ব্ব নাশ কৰা হ’ব; আৰু ভবিষ্যতৰ সেই সোধবিচাৰ দিনা কেৱল যিহোৱাই উন্নত হ’ব। 12 ১২ কিয়নো গৰ্ব্বী, অহংকাৰী, আৰু উন্নত হোৱা সকলোৰে বিৰুদ্ধে বাহিনীসকলৰ যিহোৱা এদিন আহিব, আৰু সকলোকে নত কৰিব; 13 ১৩ আৰু লিবানোনৰ সকলো ওখ আৰু উন্নত এৰচ গছ, আৰু বাচানৰ সকলো ওক গছৰ বিৰুদ্ধে 14 ১৪ সকলো ওখ পৰ্ব্বত, সকলো ওখ পাহাৰ, 15 ১৫ সকলো ওখ স্তম্ভ, সকলো দৃঢ় দেৱাল, 16 ১৬ তৰ্চীচৰ সকলো জাহাজ, আৰু সকলো ধুনীয়া নাওৰ বিৰুদ্ধে, 17 ১৭ মানুহৰ অহংকাৰ নত কৰা হ’ব, আৰু লোকসকলৰ গৰ্ব্ব নাশ কৰা হ’ব; সেইদিনা কেৱল যিহোৱাই উন্নত হ’ব। 18 ১৮ মূৰ্ত্তিবোৰ সম্পূৰ্ণকৈ আঁতৰোৱা হ’ব। 19 ১৯ যিহোৱাৰ ভয়, আৰু তেওঁৰ ঐশ্বৰ্যৰ প্ৰতাপৰ পৰা বাচিবলৈ, লোকসকল শিলৰ গুহাত আৰু মাটিৰ গাতত সোমাব। 20 ২০ সেইদিনা লোকসকলে ৰূপ আৰু সোণৰ মূৰ্ত্তিবোৰ পেলাব, আৰাধনা কৰিবলৈ নিজৰ বাবে তেওঁলোকে সাজি লোৱা মুৰ্ত্তিবোৰ তেওঁলোকে এন্দুৰ আৰু বাদুলীৰ আগত পেলাই দিব। 21 ২১ যিহোৱাই যেতিয়া পৃথিৱী কঁপাব তেতিয়া তেওঁৰ ভয়ৰ পৰা আৰু তেওঁৰ ঐশ্বৰ্যৰ প্রতাপৰ পৰা, বাচিবলৈ লোকসকল শিলৰ গুহা, আৰু অসমান শিলৰ গাতৰ ভিতৰত সোমাব। 22 ২২ নাকেৰে নিশ্বাস লোৱা মানুহক বিশ্বাস কৰিবলৈ এৰা; কিহৰ বাবে তেওঁ গণ্য হ’ব পাৰে?

< ইসাইয়া 2 >