< ইসাইয়া 2 >

1 আমোচৰ পুত্ৰ যিচয়াই যিহূদা আৰু যিৰূচালেমৰ বিষয়ে পোৱা দৰ্শন।
Révélation que reçut Isaïe, fils d’Amoç, sur Juda et Jérusalem:
2 ভবিষ্যতৰ দিনবোৰত, যিহোৱাৰ পৰ্ব্বতত গৃহ স্থাপন কৰা হ’ব পৰ্ব্বতবোৰৰ দৰে ওখ আৰু পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব; আৰু সকলো জাতি তালৈ সোঁত বোৱাৰ দৰে বৈ যাব।
Il arrivera, à la fin des temps, que la montagne de la maison du Seigneur sera affermie sur la cime des montagnes et se dressera au-dessus des collines, et toutes les nations y afflueront.
3 অনেক লোক আহিব আৰু ক’ব, “আহাঁ, আমি যিহোৱাৰ পৰ্ব্বতলৈ, আৰু যাকোবৰ ঈশ্বৰৰ গৃহলৈ উঠি যাওহঁক; সেয়ে তেওঁ আমাক তেওঁৰ কিছুমান পথৰ বিষয়ে শিক্ষা দিব; তাতে আমি তেওঁৰ পথত গমন কৰিব পাৰিম।” কিয়নো চিয়োনৰ পৰা বিধান আৰু যিৰূচালেমৰ পৰা যিহোৱাৰ বাক্য ওলাই যাব।
Et nombre de peuples iront en disant: "Or çà, gravissons la montagne de l’Eternel pour gagner la maison du Dieu de Jacob, afin qu’il nous enseigne ses voies et que nous puissions suivre ses sentiers, car c’est de Sion que sort la doctrine et de Jérusalem la parole du Seigneur."
4 তেওঁ দেশবোৰৰ মাজত বিচাৰ কৰিব, আৰু অনেক লোকৰ বাবে সিদ্ধান্ত ল’ব; তেওঁলোকে নিজৰ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব, আৰু যাঠি ভাঙি কলম দিয়া কটাৰী গঢ়াব; এখন দেশে আনখন দেশৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, নাইবা তেওঁলোকে যুদ্ধ-বিদ্যা আৰু নিশিকিব।
Il sera un arbitre entre les nations et le précepteur de peuples nombreux; ceux-ci alors de leurs glaives forgeront des socs de charrue et de leurs lances des serpettes; un peuple ne tirera plus l’épée contre un autre peuple, et on n’apprendra plus l’art des combats.
5 হে যাকোবৰ বংশ আহাঁ, যিহোৱাৰ পোহৰত চলি যাওঁহঁক।
Maison de Jacob, allons, marchons à la lumière de l’Eternel.
6 কিয়নো তুমি তোমাৰ যাকোবৰ বংশৰ লোকসকলক ত্যাগ কৰিলা; কাৰণ তেওঁলোক পূবদেশৰ ৰীতি নীতিৰে পৰিপূৰ্ণ, আৰু পলেষ্টীয়াসকলৰ দৰে ভৱিষ্যত পঢ়ালোক সকলে, বিদেশীৰ সন্তানসকলৰ লগত মিত্রতা কৰে।
Certes, tu avais délaissé ton peuple, la maison de Jacob, car ils étaient envahis de superstitions venues de l’Orient, de pratiques de sorcellerie comme les Philistins, ils se complaisaient aux produits des étrangers.
7 তেওঁলোকৰ দেশ ৰূপেৰে আৰু সোণেৰে পৰিপূৰ্ণ, আৰু তেওঁলোকৰ ধনসম্পত্তি সীমাহীন; তেওঁলোকৰ দেশ ঘোঁৰাৰে পৰিপূৰ্ণ, আৰু তেওঁলোকৰ ৰথৰ সীমাহীন।
Leur pays est gorgé d’argent et d’or, point de limites à leurs trésors; il abonde en chevaux, et ses chars ne se comptent point.
8 মূৰ্ত্তিৰে তেওঁলোকৰ দেশ পৰিপূৰ্ণ, তেওঁলোকে নিজৰ হাতেৰে গঢ়া, আৰু নিজৰ আঙুলিৰে সজা মূর্তিক সেৱা কৰে।
Leur pays est rempli aussi d’idoles, ils se prosternent devant l’œuvre de leurs mains, devant les créations de leurs doigts.
9 লোকসকলে আঠুকাঢ়ি প্রণিপাত কৰিব, আৰু ব্যক্তিগতভাৱে তলত পৰিব, সেই কাৰণে তেওঁলোকক ক্ষমা কৰা নহ’ব।
Toute personne s’est abaissée, tout homme s’est dégradé: tu ne peux leur pardonner.
10 ১০ যিহোৱাৰ ভয়ৰ পৰা, আৰু তেওঁ ঐশ্বৰ্যৰ প্ৰতাপৰ পৰা তোমালোক শিলাময় ঠাইলৈ যোৱা আৰু মাটিত লুকুৱা।
Qu’on se retire dans les rochers, qu’on cherche un abri dans la poussière, devant la terreur qu’inspire Dieu et l’éclat de sa majesté!
11 ১১ মানুহৰ উৰ্দ্ধদৃষ্টি অৱনত হ’ব; আৰু লোকসকলৰ গৰ্ব্ব নাশ কৰা হ’ব; আৰু ভবিষ্যতৰ সেই সোধবিচাৰ দিনা কেৱল যিহোৱাই উন্নত হ’ব।
Les yeux hautains seront abaissés, l’orgueil humain sera humilié: Dieu seul sera grand en ce jour.
12 ১২ কিয়নো গৰ্ব্বী, অহংকাৰী, আৰু উন্নত হোৱা সকলোৰে বিৰুদ্ধে বাহিনীসকলৰ যিহোৱা এদিন আহিব, আৰু সকলোকে নত কৰিব;
Oui, l’Eternel-Cebaot fixera un jour contre l’orgueilleux et le superbe, contre quiconque s’élève: ils seront abaissés;
13 ১৩ আৰু লিবানোনৰ সকলো ওখ আৰু উন্নত এৰচ গছ, আৰু বাচানৰ সকলো ওক গছৰ বিৰুদ্ধে
contre tous les cèdres élancés et majestueux du Liban et les chênes du Basan;
14 ১৪ সকলো ওখ পৰ্ব্বত, সকলো ওখ পাহাৰ,
contre toutes les hautes montagnes et les collines altières;
15 ১৫ সকলো ওখ স্তম্ভ, সকলো দৃঢ় দেৱাল,
contre les tours élevées et les remparts puissants;
16 ১৬ তৰ্চীচৰ সকলো জাহাজ, আৰু সকলো ধুনীয়া নাওৰ বিৰুদ্ধে,
et contre les navires de Tarsis et les édifices somptueux.
17 ১৭ মানুহৰ অহংকাৰ নত কৰা হ’ব, আৰু লোকসকলৰ গৰ্ব্ব নাশ কৰা হ’ব; সেইদিনা কেৱল যিহোৱাই উন্নত হ’ব।
L’Orgueil des hommes sera humilié, leur arrogance sera abattue; seul l’Eternel sera grand en ce jour.
18 ১৮ মূৰ্ত্তিবোৰ সম্পূৰ্ণকৈ আঁতৰোৱা হ’ব।
Quant aux idoles, elles s’évanouiront toutes.
19 ১৯ যিহোৱাৰ ভয়, আৰু তেওঁৰ ঐশ্বৰ্যৰ প্ৰতাপৰ পৰা বাচিবলৈ, লোকসকল শিলৰ গুহাত আৰু মাটিৰ গাতত সোমাব।
On se réfugiera alors dans les cavités des rochers et dans les grottes souterraines devant la terreur répandue par l’Eternel et l’éclat de sa majesté, quand il se lèvera pour épouvanter la terre.
20 ২০ সেইদিনা লোকসকলে ৰূপ আৰু সোণৰ মূৰ্ত্তিবোৰ পেলাব, আৰাধনা কৰিবলৈ নিজৰ বাবে তেওঁলোকে সাজি লোৱা মুৰ্ত্তিবোৰ তেওঁলোকে এন্দুৰ আৰু বাদুলীৰ আগত পেলাই দিব।
En ce jour, ils jetteront aux taupes et aux chauves-souris leurs idoles d’argent et d’or, qu’ils avaient fabriquées pour leur rendre hommage,
21 ২১ যিহোৱাই যেতিয়া পৃথিৱী কঁপাব তেতিয়া তেওঁৰ ভয়ৰ পৰা আৰু তেওঁৰ ঐশ্বৰ্যৰ প্রতাপৰ পৰা, বাচিবলৈ লোকসকল শিলৰ গুহা, আৰু অসমান শিলৰ গাতৰ ভিতৰত সোমাব।
et ils iront dans le creux des rochers, dans les crevasses des côtes pierreuses, terrifiés par la crainte de l’Eternel et l’éclat de sa majesté, quand il se lèvera pour épouvanter la terre.
22 ২২ নাকেৰে নিশ্বাস লোৱা মানুহক বিশ্বাস কৰিবলৈ এৰা; কিহৰ বাবে তেওঁ গণ্য হ’ব পাৰে?
Cessez de vous appuyer sur l’homme, dont la vie n’est qu’un souffle. Quelle peut être sa valeur?

< ইসাইয়া 2 >