< ইসাইয়া 19 >

1 মিচৰৰ বিষয়ে কৰা ঘোষণা। চোৱা, যিহোৱাই দ্ৰুতগামী মেঘত উঠি মিচৰ দেশলৈ আহিছে; তেওঁৰ সন্মুখত মিচৰৰ মূৰ্ত্তিবোৰ কম্পমান কৰিছে, আৰু মিচৰীয়াসকলৰ হৃদয় তেওঁলোকৰ ভিতৰত দ্রৱ হৈছে।
Spriedums par Ēģipti. Redzi, Tas Kungs brauc uz viegla padebeša un nāk uz Ēģiptes zemi; un Ēģiptes elkadievi dreb Viņa priekšā, un ēģiptiešu sirds iekš tiem izkūst.
2 “মই মিচৰীয়াসকলৰ বিৰুদ্ধেই মিচৰীয়াসকলক উচটাম; মানুহে নিজৰ ভাইৰ বিৰুদ্ধে, আৰু নিজৰ চুবুৰীয়াৰ বিৰুদ্ধে যুদ্ধ কৰিব; নগৰৰ বিৰুদ্ধে নগৰ, আৰু ৰাজ্যৰ বিৰুদ্ধে ৰাজ্যই যুদ্ধ কৰিব।
Jo Es sarīdinu Ēģipti pret Ēģipti, ka tie karos ikkatrs pret savu brāli, un ikkatrs pret savu tuvāko, pilsēta pret pilsētu, valsts pret valsti.
3 মিচৰীয়াসকলৰ আত্মা নিজৰ ভিতৰত দুৰ্ব্বল হ’ব, মই তেওঁলোকৰ মন্ত্র ধ্বংস কৰিম; তাতে তেওঁলোকে মূৰ্ত্তিবোৰৰ, ভূত পোহা, আৰু আত্মজ্ঞানীসকলৰ মন্ত্র চিঞৰীব।
Un ēģiptiešu prāts panīks viņu sirdī, un viņu padomu Es iznīcināšu; tad tie vaicās savus dievekļus un tos vārdotājus un zīlniekus un zīmju cienītājus.
4 বাহিনীসকলৰ প্রভু যিহোৱাই কৈছে, “মই মিচৰীয়াসকলক এজন নিষ্ঠুৰ মালিকৰ হাতত সমৰ্পণ কৰিম, আৰু এজন পৰাক্রমী ৰজাই তেওঁলোকক শাসন কৰিব।”
Un Es Ēģipti nodošu bargu kungu rokā, un briesmīgam ķēniņam būs pār tiem valdīt, saka Tas Kungs Dievs Cebaot.
5 সমুদ্রৰ পানী শুকাই যাব, আৰু নদী শুকাই খালী যাব।
Un ūdens izžūs jūrā, un tā upe izsīks un izžūs.
6 নদীবোৰ দুৰ্গন্ধযুক্ত হ’ব, আৰু মিচৰৰ নদীৰ পানী কমি শুকাই যাব; নল আৰু খাগড়ি নিৰ্জীব হ’ব।
Un strauti smirdēs, Ēģiptes grāvji paliks sekli un sausi, niedres un ašķi(meldri) savītīs.
7 নীল নদীৰ ঘাট, আৰু নীল নদীৰ দাঁতিৰ ঘাঁহনিবোৰ শুকাই ধূলিলৈ পৰিণত হ’ব, আৰু বতাহে উৰুৱাই লৈ যাব।
Upes līči, upes malas un viss sējums pie upes savītīs, izputēs un izzudīs.
8 মাছমৰীয়াসকল ক্রন্দন কৰিব, আৰু নদীত বৰশী টুপুৱাসকলে বিলাপ কৰিব, তেওঁলোকৰ দৰে পানীত জাল পেলোৱাসকলেও দুঃখ কৰিব।
Un zvejnieki žēlosies un visi bēdāsies un vaidēs, kas makšķeri met upē, un kas tīklu met ūdenī.
9 শণ সূতা ফনিওৱা কাম কৰাসকল আৰু বগা বস্ত্ৰ বোৱাসকল বিবৰ্ণ হ’ব।
Un kaunā paliks, kas smalkas dzijas vērpj un kas baltas drānas auž.
10 ১০ মিচৰীয়াৰ কাপোৰৰ কাম কৰা লোকসকলক ভগ্ন কৰা হ’ব; আৰু হাজিৰাত কাম কৰাসকলে মনত কষ্ট পাব।
Un zemes pīlāri būs satriekti, un visi algādži apbēdināti.
11 ১১ চোৱনৰ ৰাজকুমাৰ সকল সম্পূৰ্ণ মূৰ্খ, আৰু ফৰৌণৰ সকলোতকৈ জ্ঞানী পৰামৰ্শদাতা সকলৰ মন্ত্রণা জ্ঞানশূন্য হ’ব। “মই জ্ঞানীলোকৰ পুত্ৰ, প্ৰাচীন ৰজাসকলৰ সন্তান,” এই বুলি ফৰৌণৰ আগত তোমালোক প্ৰতিজনে কেনেকৈ ক’ব পাৰা?
Tīri ģeķi ir Coana virsnieki, Faraona gudrie padoma devēji; padoms ir palicis par ģeķību. Kā jūs varat sacīt uz Faraonu: es esmu gudru ļaužu dēls, vecu ķēniņu dēls.
12 ১২ তেনেহ’লে তোমালোকৰ জ্ঞানীলোক ক’ত? তেওঁলোকে তোমালোকক কওক, আৰু মিচৰৰ বিষয়ে বাহিনীসকলৰ যিহোৱাই কি পৰিকল্পনা কৰিছে, সেই বিষয়ে তেওঁলোকে জানক।
Kur nu ir tavi gudrie? Lai tie tev dara zināmu, ka tu atzīsti, ko Tas Kungs Cebaot nodomājis par Ēģipti.
13 ১৩ চোৱনৰ ৰাজকুমাৰসকল মূৰ্খ হ’ল, নোফ নগৰৰ ৰাজকুমাৰ সকল প্ৰতাৰিত হ’ল; তেওঁলোকে মিচৰৰ জাতিবোৰৰ চুকৰ শিল স্বৰূপ, তেওঁলোকে মিচৰীয়াসকলক বিপথগামী কৰিলে।
Coana virsnieki ir palikuši par ģeķiem, Nofas virsnieki pievīlās un Ēģipti paved uz maldīšanos viņas cilšu galvas.
14 ১৪ যিহোৱাই তেওঁৰ ভিতৰত বিকৃত আত্মা বাকি দিলে, মতলীয়ালোকে বমি কৰি ঢলংপলং কৰাৰ দৰে, তেওঁলোকে মিচৰক তেওঁৰ সকলো কাৰ্যত বিপথগামী কৰিলে,
Tas Kungs pār viņiem izlējis maldu garu, ka tie apmāna ēģiptiešus visā viņu darīšanā, un šie kā piedzērušies vārtās savos vēmekļos.
15 ১৫ মূৰ বা নেগুৰ, খাজুৰ পাত বা খাগৰি তাত কোনো এজনে মিচৰৰ বাবে একো কৰিব নোৱাৰে।
Un tad ēģiptiešiem nekāds darbs neizdosies, ne galvai, ne astei, ne celmam, ne zaram.
16 ১৬ সেই দিনা, মিচৰীয়াসকল মহিলাৰ দৰে হ’ব; বাহিনীসকলৰ যিহোৱাই তেওঁলোকৰ ওপৰত হাত উঠোৱাৰ বাবে, তেওঁলোকে কঁপিব আৰু ভয় কৰিব।
Tai dienā ēģiptieši būs kā sievas un bēdāsies un baiļosies no Tā Kunga Cebaot paceltās rokas, ko Viņš pret tiem paceļ.
17 ১৭ যিহূদা দেশ মিচৰীয়াসকলৰ আগত ত্ৰাসৰ কাৰণ হ’ব। মিচৰৰ বিৰুদ্ধে বাহিনীসকলৰ যিহোৱাই কৰা পৰিকল্পনাৰ কাৰণে যেতিয়াই কোনো এজনে তেওঁলোকক সোঁৱৰণ কৰিব, তেতিয়া তেওঁলোকে ভয় কৰিব।
Un Jūda zeme būs Ēģiptei par briesmām; kas viņu pieminēs, tas baiļosies no Tā Kunga Cebaot padoma, ko Viņš pret tiem nodomājis.
18 ১৮ সেই দিনা কনানীয়া ভাষা কোৱা আৰু বাহিনীসকলৰ যিহোৱালৈ শপত খোৱা পাঁচখন নগৰ হ’ব। এই পাচঁখনৰ এখন সূৰ্যৰ নগৰ নামেৰে প্রখ্যাত হ’ব।
Tai dienā piecas pilsētas Ēģiptes zemē runās Kanaāna valodu un zvērēs Tam Kungam Cebaot; vienu sauks Irhāeres (saules pilsēta, vai posta pilsēta).
19 ১৯ সেই দিনা মিচৰ দেশৰ মাজত যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী, আৰু সীমাত যিহোৱাৰ উদ্দেশ্যে এটা শিলৰ স্তম্ভ হ’ব।
Tai dienā Tam Kungam būs altāris Ēģiptes vidū un piemiņas stabs pie viņas robežām priekš Tā Kunga.
20 ২০ সেয়ে মিচৰ দেশত বাহিনীসকলৰ যিহোৱাৰ অৰ্থে এটা চিন আৰু সাক্ষীস্বৰূপ হ’ব। যেতিয়া তেওঁলোকে উপদ্ৰৱকাৰী সকলৰ বাবে যিহোৱাৰ আগত কাতৰোক্তি কৰিব; তেতিয়া তেওঁলোকৰ ওচৰলৈ তেওঁ এজন ত্রানকৰ্ত্তা আৰু উদ্ধাৰকৰ্ত্তা পঠাব, আৰু তেওঁ তেওঁলোকক মুক্ত কৰিব।
Un tas būs Tam Kungam Cebaot par zīmi un par liecību Ēģiptes zemē; kad tie brēks uz To Kungu apspiedēju dēļ, tad Viņš tiem sūtīs pestītāju un aizstāvētāju, kas tos atpestīs.
21 ২১ যিহোৱা মিচৰত জনাজাত হ’ব, আৰু সেই দিনা মিচৰীয়াসকলে যিহোৱাক জানিব। তেওঁলোকে বলিদান আৰু উৎসৰ্গৰ সৈতে তেওঁৰ আৰাধনা কৰিব, আৰু যিহোৱাৰ উদ্দেশ্যে সঙ্কল্প কৰিব, আৰু সিদ্ধও কৰিব।
Un Tas Kungs Sevi darīs zināmu Ēģiptei, un Ēģipte tai dienā To Kungu atzīs un Viņam kalpos ar kaujamiem un ēdamiem upuriem un Tam Kungam solīs solījumus un tos nomaksās.
22 ২২ যিহোৱাই মিচৰক প্রহাৰ কৰিব, আৰু প্রহাৰ কৰি সুস্থ কৰিব; তেওঁলোকে যিহোৱালৈ ঘূৰি আহিব, তাতে তেওঁ তেওঁলোকৰ নিবেদন শুনিব আৰু তেওঁলোকক সুস্থ কৰিব।
Un Tas Kungs sitīs Ēģipti, Viņš to sitīs un dziedinās, un tie atgriezīsies pie Tā Kunga, un Viņš no tiem ļausies pielūgties un tos dziedinās.
23 ২৩ সেই দিনা সেই ঠাইত মিচৰ দেশৰ পৰা অচূৰলৈকে এটা ৰাজপথ হ’ব, তাতে অচূৰীয়া লোকে মিচৰলৈ, আৰু মিচৰীয়া লোকে অচোৰলৈ অহা যোৱা কৰিব; আৰু মিচৰীয়াসকলে অচূৰীয়াসকলৰ সৈতে আৰাধনা কৰিব।
Tai dienā būs liels ceļš no Ēģiptes uz Asīriju, un Asīrija ies uz Ēģipti un Ēģipte uz Asīriju, un Ēģipte līdz ar Asīriju kalpos (Tam Kungam.)
24 ২৪ সেই দিনা মিচৰ আৰু অচূৰৰ সৈতে ইস্রায়েল তৃতীয় হৈ পৃথিৱীৰ মাজত আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব।
Tai dienā Israēls būs tas trešais ar Ēģipti un Asīriju, par svētību virs zemes.
25 ২৫ বাহিনীসকলৰ যিহোৱাই তেওঁলোকক আশীৰ্ব্বাদ কৰিব আৰু ক’ব, “মোৰ মিচৰীয়া লোকসকল, মোৰ হাতে কৰা কাৰ্য অচূৰ, আৰু মোৰ আধিপত্য ইস্ৰায়েল আশীৰ্ব্বাদপ্ৰাপ্ত হওক।”
Jo Tas Kungs Cebaot tos svētīs sacīdams: svētīti lai ir Mani ļaudis, Ēģipte un Asurs, Manu roku darbs, un Israēls, Mana mantība.

< ইসাইয়া 19 >