< ইসাইয়া 12 >

1 সেই দিনা তুমি ক’বা, “হে যিহোৱা, মই আপোনাৰ ধন্যবাদ কৰিম; কাৰণ যদিও আপুনি মোৰ ওপৰত ক্ৰোধ আছিল, তথাপিও আপোনাৰ ক্ৰোধ আঁতৰিল, আৰু আপুনি মোক শান্ত্বনা দিলে।
その日なんぢ言ん ヱホバよ我なんぢに感謝すべし 汝さきに我をいかり給ひしかどその怒はやみて我をなぐさめたまへり
2 চোৱা, ঈশ্বৰ মোৰ পৰিত্ৰাণকৰ্ত্তা, মই তেওঁত ভাৰসা কৰিম, আৰু ভয় নকৰিম; কাৰণ যিহোৱা, হয়, যিহোৱাই মোৰ শক্তি আৰু মোৰ গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল।”
視よ神はわが救なり われ依賴ておそるるところなし 主ヱホバはわが力わが歌なり ヱホバは亦わが救となりたまへりと
3 পৰিত্ৰাণৰ নাদৰ পৰা তুমি আনন্দেৰে সৈতে পানী তুলিবা।
此故になんぢら欣喜をもて救の井より水をくむべし
4 সেই দিনা তোমালোকে ক’বা, “যিহোৱাৰ ধন্যবাদ কৰা, আৰু তেওঁৰ নাম লোৱা; লোকসকলৰ মাজত তেওঁৰ কাৰ্যবোৰ প্ৰকাশ কৰা, তেওঁৰ নাম মহিমান্বিত বুলি ঘোষণা কৰা।
その日なんぢらいはん ヱホバに感謝せよ その名をよべ その行爲をもろもろの民の中につたへよ その名のあがむべきことを語りつげよと
5 যিহোৱাৰ উদ্দেশ্যে গান কৰা, কিয়নো তেওঁ মহৎ কাৰ্য কৰিলে; সমগ্র পৃথিৱীত এই সকলো জানিবলৈ দিয়া হওক।
ヱホバを頌うたへ そのみわざは高くすぐれたればなり これを全地につたへよ
6 হে চিয়োন-নিবাসীসকল তোমালোক উচ্চস্বৰেৰে আনন্দ-ধ্বনি কৰা; কিয়নো ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা তোমালোকৰ মাজত মহান।”
シオンに住るものよ聲をあげてよばはれ イスラエルの聖者はなんぢの中にて大なればなり

< ইসাইয়া 12 >