< ইসাইয়া 10 >

1 অন্যায় বিধি স্থাপন কৰা সকল আৰু অসাধু আজ্ঞা লিখা সকলৰ সন্তাপ হ’ব।
Jao onima koji izdaju odredbe nepravedne, koji ispisuju propise tlačiteljske;
2 তেওঁলোকে অভাৱী লোকসকলৰ ন্যায় বিচাৰ বঞ্চিত কৰে, আৰু মোৰ দৰিদ্রলোক সকলৰ স্বত্ব কাঢ়ি লয়, বিধৱা সকলক লুট কৰে, আৰু পিতৃহীন সকলক তেওঁলোকৰ লুট কৰা বস্তু যেন কৰে!
koji uskraćuju pravdu ubogima i otimlju pravo sirotinji mog naroda, da oplijene udovice, da opljačkaju sirote!
3 বিচাৰৰ দিনা দূৰৰ পৰা যেতিয়া বিনাশ আহিব তেতিয়া তোমালোকে কি কৰিবা? তোমালোক কাৰ ওচৰলৈ সহায়ৰ বাবে দৌৰি যাবা, আৰু তোমালোকৰ সম্পতি কোন ঠাইত এৰি যাবা?
Što ćete činiti u dan kazne kad izdaleka propast dođe? Kom ćete se za pomoć uteći, gdje ostaviti blago svoje
4 একোৱেই অৱশিষ্ট নাথাকিব, আৰু তোমালোক বন্দীসকলৰ মাজত কুঁচিমুচি হৈ বহি থাকিবা বা মৃতলোকৰ মাজত থাকিবা। এই সকলোৰ বাবে যিহোৱাৰ ক্ৰোধ শান্ত নহ’ব; কিন্তু তেওঁৰ হাত তেতিয়াও উদ্যত হৈ আছে।
da se ne morate među roblje pognuti, pasti među poklanima? Na sve to gnjev se njegov neće smiriti, ruka će mu ostat' ispružena.
5 অচূৰৰ লোকসকলৰ সন্তাপ হওক, মোৰ ক্ৰোধৰ দণ্ডডাল, যি দণ্ডডালেৰে মোৰ ক্রোধক মই পৰিচালনা কৰোঁ!
Jao Asiru, šibi gnjeva mojega, prutu kojim srdžba moja zamahuje!
6 মই তেওঁক এখন অহংকাৰী দেশৰ বিৰুদ্ধে, আৰু মোৰ প্রচুৰ ক্ৰোধ সহ্য কৰা লোকসকলৰ বিৰুদ্ধে পঠালোঁ। মই তেওঁক লুটদ্রব্য ল’বৰ বাবে লুট কৰিবলৈ, আৰু বাটৰ বোকাৰ দৰে গচকিবলৈ আদেশ দিলোঁ।
Na puk ga poslah nevjeran, na narod što me razjari, da ga oplijeni i opljačka, da ga izgazi k'o blato na ulici.
7 কিন্তু তেওঁ মনস্থ কৰা অথবা তেওঁ ভবাৰ দৰে এইটো নহয়। কিন্তু তেওঁ বহুতো দেশ বিনষ্ট কৰি ত্যাগ কৰিবলৈ চিন্তা কৰে।
Ali on nije tako mislio i u srcu nije tako sudio, već u srcu zasnova zator, istrebljenje mnogih naroda.
8 কাৰণ তেওঁ কৈছে, “মোৰ সকলো অধিপতি ৰজা নহয় নে?
Govoraše: “Nisu li svi knezovi moji kraljevi?
9 কলনো জানো কৰ্কমীচৰ দৰে নহয় নে? হমাৎ অৰ্পদৰ দৰে নহয় নে? চমৰিয়া জানো দম্মেচকৰ দৰে নহয় নে?
Nije li Kalno kao Karkemiš? Nije li Hamat kao Arpad, Samarija kao Damask?
10 ১০ যি ৰাজ্যবোৰৰ কটা-প্ৰতিমাবোৰ যিৰূচালেম আৰু চমৰিয়াৰ মূৰ্ত্তিবোৰতকৈ উত্তম আছিল, সেই মূৰ্ত্তিপূজক সকলৰ ৰাজ্যবোৰ মোৰ হাতেৰে পৰাজিত কৰিলোঁ।
Kao što mi ruka dosegnu kraljevstva kumira, bogatija kipovima od Jeruzalema i Samarije,
11 ১১ যিদৰে মই চমৰিয়া আৰু তেওঁৰ মূল্যহীন মূৰ্ত্তিবোৰক কৰিছিলোঁ, সেই একেদৰে যিৰূচালেম আৰু তেওঁৰ প্ৰতিমাবোৰকো মই নকৰিম নে?”
kao što učinih sa Samarijom i kumirima njenim, neću li učiniti s Jeruzalemom i s likovima njegovim?”
12 ১২ যিহোৱাই যেতিয়া চিয়োন পৰ্ব্বত আৰু যিৰূচালেমত তেওঁৰ কাৰ্য সমাপ্ত কৰিব, তেতিয়া তেওঁ ক’ব: “মই ৰজা অচুৰৰ গৰ্ব্বী অন্তৰৰ কথা আৰু অহংকাৰী দৃষ্টিক দণ্ড দিম।”
I kad dovrši Gospod sve djelo svoje na gori Sionu i u Jeruzalemu, kaznit će plod ohola srca kralja asirskog i drskost njegovih ponositih očiju.
13 ১৩ কাৰণ তেওঁ কৈছে, “মোৰ শক্তি আৰু জ্ঞানেৰে মই কাৰ্য কৰিলোঁ, মোৰ সহানুভূতি আছে; আৰু মই লোকসকলৰ সীমা গুচালোঁ। মই তেওঁলোকৰ সঞ্চিত সম্পদ হৰণ কৰিলোঁ, আৰু সিংহাসনত বহাসকলক মই বীৰ পুৰুষৰ দৰে তললৈ নমালোঁ।
Jer reče: “Učinih snagom svoje ruke i mudrošću svojom, jer sam uman; uklonih međe narodima i blaga njihova opljačkah, kao junak oborih one što sjede na prijestoljima.
14 ১৪ মোৰ হাতে পক্ষীৰ বাহ জব্দ কৰা দৰে দেশবাসীৰ ধন-সম্পত্তি জব্দ কৰিম, এজনে পৰিত্যক্ত কণী গোটোৱাৰ দৰে, মই সমগ্র পৃথিৱী একত্রিত কৰিম। ডেউকা জোকাৰিবলৈ, বা মুখ মেলিবলৈ, নাইবা চিঁচিঁয়াবলৈকো কোনো নাথাকিব।”
Ruka moja kao gnijezda zgrabi bogatstva naroda. Kao što se kÓupe ostavljena jaja, zemlju svu sam pokupio i nikog ne bi krilima da zalepeće, kljun otvori, zapijuče.”
15 ১৫ কুঠাৰখন ব্যৱহাৰ কৰা জনৰ বিৰুদ্ধে জানো নিজৰ বিষয়ে গৰ্ব্ব কৰিব? কৰতখনে জানো কাটোতা জনতকৈ নিজৰ প্রশংসা কৰিব? দণ্ডডাল ওপৰলৈ ডাঙি ধৰা সকলৰ দৰে জানো কাঠৰ দণ্ডডালে কোনো ব্যক্তিক ডাঙি ধৰিব পাৰিব।
Zar se hvali sjekira povrh onog koji njome siječe? Hoće li se oholit' pila povrh onog koji njome pili? K'o da šiba maše onim koji je podiže, il' štap diže onog koji drvo nije;
16 ১৬ এই হেতুকে বাহিনীসকলৰ যিহোৱাই সর্বোত্তম যুদ্ধাৰুৰ মাজলৈ দুৰ্বলতা পঠিয়াব; আৰু তেওঁৰ মহিমা জ্বলি থকা জুইৰ দৰে প্রজ্বলিত হ’ব।
Jahve nad Vojskama poslat će stoga gojaznima njegovim skončanje, slavu će mu ognjem potpaliti, kao što se vatra potpiruje.
17 ১৭ যিহোৱাৰ জ্যোতি ইস্ৰায়েলৰ অগ্নিস্বৰূপ হ’ব, আৰু তেওঁৰ পবিত্ৰ জনা অগ্নিশিখা হ’ব; সেই দিনতে তেওঁৰ কাঁইটীয়া বন আৰু কাঁইটীয়া বননি জ্বলাই গ্রাস কৰিব।
Svjetlost Izraelova bit će poput ognja, Svetac njegov kao plamen koji će zapalit' i proždrijeti drač njegov i trnje njegovo u jednome danu.
18 ১৮ যিহোৱাই তেওঁৰ অৰণ্যৰ মহিমা আৰু ফলপ্রসু ভুমি, আত্মা আৰু শৰীৰ দুয়োকে গ্রাস কৰিব; ৰোগী মানুহৰ জীৱন অপব্যয় হোৱৰ দৰে ই পতিত হ’ব।
I krasotu njegovih šuma i voćnjaka uništit će od srčike do kore, ona će biti k'o bolesnik što se trne;
19 ১৯ তেওঁৰ অৰণ্যৰ অৱশিষ্ট গছ ইমান তাকৰ হ’ব যে, সৰু লৰা-ছোৱালীয়েও তাক গণনা কৰিব পাৰিব।
ostatak stabala šumskih bit će lako izbrojiti - dijete će ih lako popisati.
20 ২০ সেই দিনা ইস্ৰায়েলৰ অৱশিষ্ট লোক, যাকোবৰ বংশৰ ৰক্ষা পোৱা লোকসকলে, তেওঁলোকক পৰাজিত কৰা সকলৰ ওপৰত আৰু নিৰ্ভৰ নকৰিব; কিন্তু বাস্তৱিকতে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাত, নিৰ্ভৰ কৰিব।
U onaj dan: Ostatak Izraelov i preživjeli iz kuće Jakovljeve neće se više oslanjati na onoga koji ih bije, već će se iskreno oslanjati na Jahvu, Sveca Izraelova.
21 ২১ যাকোবৰ অৱশিষ্ট লোকসকল পৰাক্ৰমী ঈশ্বৰলৈ ঘুৰি আহিব।
Ostatak će se vratiti, ostatak Jakovljev Bogu jakome.
22 ২২ কাৰণ তোমাৰ ইস্রায়েলী লোকসকল সমুদ্ৰতীৰৰ বালিৰ দৰে হ’লেও, তেওঁলোকৰ কেৱল অৱশিষ্ট সকলহে ঘুৰি আহিব। প্রচুৰ ধাৰ্মিকতা দাবী কৰাৰ দ্বাৰাই বিধানত ধ্বংস স্থিৰ কৰা হৈছে।
Zaista, o Izraele, sve da naroda tvojega ima kao pijeska u moru, samo će se Ostatak njegov vratiti. Određeno je uništenje, pravda se prelila,
23 ২৩ কাৰণ বাহিনীসকলৰ প্ৰভু যিহোৱাই সমগ্র পৃথিৱীত ধ্বংস আনিবলৈ সিদ্ধান্ত লৈছে।
Jahve, Gospod nad Vojskama, poharat će, kako odredi, svu zemlju.
24 ২৪ এই হেতুকে বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে, হে মোৰ চিয়োন-নিবাসী লোকসকল, যদিও অচুৰে তোমালোকক দণ্ডৰে প্ৰহাৰ কৰিব, আৰু মিচৰনিবাসী সকলে কৰাৰ দৰে তোমালোকৰ বিৰুদ্ধে লাখুটি দাঙিব, তথাপি অচুৰলৈ ভয় নকৰিবা।
Zato ovako govori Jahve nad Vojskama: “O narode moj što prebivaš na Sionu, ne boj se Asira kad te šibom tuče, kad štap diže na tebe.
25 ২৫ তেওঁলোকক ভয় নকৰিবা, কাৰণ ক্ষন্তেক সময়ৰ পাছতেই তোমালোকৰ বিৰুদ্ধে থকা মোৰ ক্রোধৰ অন্ত পৰিব, আৰু মোৰ ক্ৰোধ তেওঁৰ বিনাশলৈ গতি কৰিব।
Jer, još malo, vrlo malo, i gnjev moj će prestati, moja će ih jarost uništiti.”
26 ২৬ ওৰেবৰ শিলত যেতিয়া মিদিয়নক পৰাজিত কৰিব, তেতিয়া বাহিনী সকলৰ যিহোৱাই তেওঁলোকৰ বিৰুদ্ধে চাবুক ব্যৱহাৰ কৰিব। তেওঁ সাগৰৰ ওপৰত তেওঁৰ লাখুটি দাঙিব, আৰু তেওঁ মিচৰত দঙাৰ দৰে তাক দাঙিব।
Na nj će Jahve nad Vojskama bičem zamahnuti, kao kad udari Midjan na stijeni Orebu, i štap će dići nad more k'o na putu egipatskom.
27 ২৭ সেই দিনা তোমালোকৰ কান্ধৰ পৰা তেওঁৰ বোজা আৰু তোমাৰ ডিঙিৰ পৰা তেওঁৰ যুৱলি তোলা হ’ব, আৰু তোমালোকৰ ডিঙি অধিক শকত হোৱাৰ কাৰণে যুৱলি ধ্বংস হ’ব।
U onaj dan: s leđa će ti breme pasti i jaram njegov s vrata će ti nestat'.
28 ২৮ শত্রুবোৰ অয়ৎলৈ আহিল, আৰু মিগ্ৰোণৰ মাজেদি আহিল; তেওঁ মিকমচত তেওঁ বিধান সংৰক্ষিত কৰিলে।
Ide on od Rimona, dolazi na Ajat, prelazi Migron, u Mikmasu breme odlaže.
29 ২৯ তেওঁলোকে ঠেক পথ অতিক্রম কৰিলে, আৰু গেবাত অস্থায়ীভাৱে থাকিলে। ৰামা কঁপিছে, চৌলৰ গিবিয়া পলাইছে।
Prelaze klance, u Gebi im je noćište; Rama dršće, Gibea Šaulova bježi.
30 ৩০ হেগল্লীম জীয়াৰী, তুমি জোৰকৈ চিঞৰা! হে লয়িচা, মনোযোগ দিয়া! হে দুর্ভগীয়া অনাথোত!
Viči iza glasa, Bat Galime! Slušaj ga, Lajšo! Odgovori mu, Anatote!
31 ৩১ মদমেনা পলৰীয়া; গেবিম নিবাসীসকল নিৰাপত্তাৰ কাৰণে দৌৰা।
Madmena pobježe, utekoše stanovnici gebimski.
32 ৩২ এই বিশেষ দিনত তেওঁ নোবত ৰ’ব; চিয়োন জীয়াৰীৰ পৰ্ব্বতত, যিৰূচালেমৰ পাহাৰত হাতৰ মুঠি জোকাৰিব।
Još danas zaustavit će se u Nobu, rukom prijeti gori Kćeri sionske, Brijegu jeruzalemskom.
33 ৩৩ চোৱা বাহিনী সকলৰ যিহোৱা প্ৰভুৱে ভয়ানক মৰ মৰ শব্দেৰে ডাল কাটি পেলাব; ওখ গছবোৰ কাটি পেলোৱা হ’ব, আৰু সূউচ্চবোৰক তল কৰা হ’ব।
Gle, Jahve, Gospod nad Vojskama, kreše grane silom strahovitom: najviši su vršci posječeni, ponajviši sniženi.
34 ৩৪ যিহোৱাই কুঠাৰেৰে ঘন অৰণ্য কাটি পেলাব, আৰু তেওঁৰ মহত্বত লিবানোন পতিত হ’ব।
Pod sjekirom pada šumska guštara, sa slavom svojom pada Libanon.

< ইসাইয়া 10 >