< হোসেয়া 6 >

1 “আহাঁ, আমি যিহোৱাৰ ওচৰলৈ ঘূৰি যাওঁ; তেঁৱেই আমাক চিন্ন-ভিন্ন কৰিলে আৰু তেওঁ আমাক সুস্থও কৰিব; তেঁৱেই আমাক আঘাত কৰিলে আৰু তেওঁ আমাৰ ঘা পটিৰে বান্ধিও দিব।
來吧,我們歸向耶和華! 他撕裂我們,也必醫治; 他打傷我們,也必纏裹。
2 দুদিনৰ পাছত তেঁৱেই পুনৰায় আমাক জীৱন দিব; তৃতীয় দিনা তেওঁ আমাক তুলিব, যাতে আমি তেওঁৰ সন্মুখত জীয়াই থাকিব পাৰোঁ।
過兩天他必使我們甦醒, 第三天他必使我們興起, 我們就在他面前得以存活。
3 আহাঁ, আমি যিহোৱাক জানোহঁক, তেওঁক জানিবলৈ ওচৰ চাপি যাওহঁক; পুৱাৰ সূৰ্যোদয়ৰ দৰে তেওঁ নিশ্চয় প্রকাশিত হ’ব; বৰষুণৰ দৰে তেওঁ আহিব, বসন্তকালৰ ভূমি ভিজাই তোলা বৰষুণৰ দৰেই তেওঁ আহিব।”
我們務要認識耶和華, 竭力追求認識他。 他出現確如晨光; 他必臨到我們像甘雨, 像滋潤田地的春雨。
4 হে ইফ্ৰয়িম, মই তোমাক লৈ কি কৰিম? হে যিহূদা, তোমাক লৈয়ে বা কি কৰিম? কিয়নো তোমালোকৰ বিশ্বস্ততা ৰাতিপুৱাৰ কুঁৱলীৰ নিচিনা; অতি শীঘ্রেই অদৃশ্য হৈ যোৱা ৰাতিপুৱাৰ নিয়ৰৰ নিচিনা।
主說:以法蓮哪,我可向你怎樣行呢? 猶大啊,我可向你怎樣做呢? 因為你們的良善如同早晨的雲霧, 又如速散的甘露。
5 সেই কাৰণেই মই ভাববাদীৰ দ্বাৰাই তেওঁলোকক খণ্ড-খণ্ডকৈ কাটিলোঁ, মোৰ মুখৰ বাক্যৰ দ্বাৰাই তেওঁলোকক বধ কৰিলোঁ; মোৰ বিচাৰৰ ৰায় তোমালোকৰ ওপৰত বিজুলীৰ নিচিনাকৈ চমকি উঠিছে।
因此,我藉先知砍伐他們, 以我口中的話殺戮他們; 我施行的審判如光發出。
6 কিয়নো মই বলিদান নিবিচাৰোঁ, বিশ্বাসপূর্ণ প্রেমহে বিচাৰো; মই বিচাৰো মানুহে যেন হোম-বলিতকৈ ঈশ্বৰ-বিষয়ক জ্ঞান অধিককৈ লাভ কৰে।
我喜愛良善,不喜愛祭祀; 喜愛認識上帝,勝於燔祭。
7 তেওঁলোকে আদমৰ দৰে মই স্থাপন কৰা নিয়ম অমান্য কৰিলে; তেওঁলোকে মোৰ প্রতি বিশ্বাস-ঘাতকতা কৰিলে।
他們卻如亞當背約, 在境內向我行事詭詐。
8 গিলিয়দ হৈছে দুষ্ট লোকসকলৰ নগৰ, য’ত তেজময় পদচিহ্ন ভৰি আছে।
基列是作孽之人的城, 被血沾染。
9 ডকাইতবোৰে যেনেকৈ মানুহৰ অপেক্ষাত খাপ দি থাকে, তেনেকৈ পুৰোহিতসকলেও খাপ দি থাকে; তেওঁলোকে চিখিমলৈ যোৱা বাটত মানুহক বধ কৰে, এনে কি ভয়ঙ্কৰ অপৰাধমূলক কাৰ্য কৰে।
強盜成群,怎樣埋伏殺人, 祭司結黨,也照樣在示劍的路上殺戮, 行了邪惡。
10 ১০ ইস্ৰায়েলীয়া সকলৰ মাজত মই এক ভয়ানক বিষয় দেখিলোঁ; তাত ইফ্ৰয়িমে ব্যভিচাৰ কৰিছে আৰু ইস্ৰায়েল অশুচি হ’ল।
在以色列家,我見了可憎的事; 在以法蓮那裏有淫行, 以色列被玷污。
11 ১১ হে যিহূদা, তোমাৰ কাৰণেও ফচল কাটিবৰ সময় স্থিৰ কৰা হৈছে। সেই সময়ত মই মোৰ লোকসকলক বন্দী অৱস্থাৰ পৰা ঘূৰাই আনি পুনৰায় স্থাপন কৰিম।
猶大啊,我使被擄之民歸回的時候, 必有為你所命定的收場。

< হোসেয়া 6 >