< হোসেয়া 5 >

1 হে পুৰোহিতসকল, এই কথা শুনা! হে ইস্ৰায়েলীয়া-বংশ, মনোযোগ দিয়া! হে ৰাজবংশৰ লোকসকল, শুনা! কিয়নো তোমালোক সকলোৰে বিৰুদ্ধে বিচাৰ কৰা হৈছে। কাৰণ তোমালোক মিস্পাত পতা ফান্দস্বৰূপ, আৰু তাবোৰত মেলি দিয়া এক জালস্বৰূপ হৈছা।
שמעו זאת הכהנים והקשיבו בית ישראל ובית המלך האזינו כי לכם המשפט כי פח הייתם למצפה ורשת פרושה על תבור׃
2 বিদ্ৰোহীসকলে অনেক লোকক বধ কৰি গভীৰলৈকে খন্দা ৰক্তৰ গাতলৈকে গ’ল, মই তেওঁলোকৰ সকলোকে শাস্তি দিম।
ושחטה שטים העמיקו ואני מוסר לכלם׃
3 মই ইফ্ৰয়িমক জানো; ইস্ৰায়েল মোৰ পৰা লুকাই থকা নাই; হে ইফ্ৰয়িম, তুমি এতিয়া পতিতাৰ কৰ্ম কৰিছা; ইস্ৰায়েল অশুচি হ’ল।
אני ידעתי אפרים וישראל לא נכחד ממני כי עתה הזנית אפרים נטמא ישראל׃
4 তেওঁলোকৰ কাৰ্যবোৰে তেওঁলোকক ঈশ্বৰলৈ উলটি যাব নিদিয়ে, কিয়নো তেওঁলোকৰ অন্তৰত ব্যভিচাৰী আত্মা আছে, আৰু তেওঁলোকে যিহোৱাক নাজানে।
לא יתנו מעלליהם לשוב אל אלהיהם כי רוח זנונים בקרבם ואת יהוה לא ידעו׃
5 ইস্ৰায়েলৰ অহঙ্কাৰেই তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য দিয়ে; ইফ্ৰয়িমে নিজৰ অপৰাধতে উজুটি খাইছে; তেওঁলোকৰ লগতে যিহূদায়েও উজুটি খাইছে।
וענה גאון ישראל בפניו וישראל ואפרים יכשלו בעונם כשל גם יהודה עמם׃
6 নিজৰ মেৰ-ছাগ আৰু গৰুৰ জাকবোৰক লৈ তেওঁলোকে যিহোৱাক বিচাৰি যাব, কিন্তু তেওঁলোকে তেওঁক নাপাব; কাৰণ তেওঁলোকৰ ওচৰৰ পৰা যিহোৱাই নিজক আঁতৰাই নিলে।
בצאנם ובבקרם ילכו לבקש את יהוה ולא ימצאו חלץ מהם׃
7 তেওঁলোকে যিহোৱাৰ সৈতে বিশ্বাসঘাতকতা কৰিলে, তেওঁলোকে জাৰজ সন্তানবোৰক জন্ম দিলে। এতিয়া তেওঁলোকৰ পথাৰবোৰৰ লগতে ন-জোনৰ উৎসৱে তেওঁলোকক গ্ৰাস কৰিব।
ביהוה בגדו כי בנים זרים ילדו עתה יאכלם חדש את חלקיהם׃
8 তোমালোকে গিবিয়াত শিঙা বজোৱা, ৰামাত তুৰী বজোৱা। বৈৎ-আবনত যুদ্ধৰ উচ্চধ্বনি কৰি কোৱা, হে বিন্যামীন, “তোমাৰ পাছ ফালৰ শত্রুলৈ চোৱা!’
תקעו שופר בגבעה חצצרה ברמה הריעו בית און אחריך בנימין׃
9 শাস্তি দিয়াৰ দিনা ইফ্ৰয়িম জনশূন্য হৈ পৰিব। যি ঘটনাবোৰ নিশ্চয়ে ঘটিব, সেই বিষয়ে মই ইস্ৰায়েলৰ ফৈদবোৰৰ মাজত সতর্ক কৰি ঘোষণা কৰিলোঁ।
אפרים לשמה תהיה ביום תוכחה בשבטי ישראל הודעתי נאמנה׃
10 ১০ যি সকলে চাৰিসীমাৰ শিল আঁতৰায়, যিহূদাৰ নেতাসকল তেওঁলোকৰ নিচিনাই হ’ল। মই তেওঁলোকৰ ওপৰত পানীৰ ধলৰ নিচিনাকৈ মোৰ ক্রোধ ঢালি দিম।
היו שרי יהודה כמסיגי גבול עליהם אשפוך כמים עברתי׃
11 ১১ ইফ্ৰয়িমক নির্যাতিত কৰা হ’ল; বিচাৰত তেওঁক চূর্ণ কৰা হ’ল; কাৰণ ইফ্রয়িমে অসাৰ মূর্তিবোৰৰ পাছত চলিবলৈ মনস্থ কৰিলে।
עשוק אפרים רצוץ משפט כי הואיל הלך אחרי צו׃
12 ১২ সেয়ে মই ইফ্ৰয়িমলৈ নষ্টকাৰক পোকৰ নিচিনা হ’লো, আৰু যিহূদা-বংশলৈ ধ্বংস কৰা ক্ষয়কাৰকৰ দৰে হ’লো।
ואני כעש לאפרים וכרקב לבית יהודה׃
13 ১৩ ইফ্ৰয়িমে নিজৰ অসুস্থতা দেখা পালে, আৰু যিহূদাই নিজৰ আঘাত দেখা পালে; সেয়ে ইফ্ৰয়িমে অচুৰীয়াৰ ওচৰলৈ সহায়ৰ বাবে গ’ল; মহাৰাজৰ ওচৰলৈ লোক পঠাই বার্তা প্রেৰণ কৰিলে; কিন্তু মহাৰাজে তোমাক আৰোগ্য কৰিব নোৱাৰিব; তেওঁ তোমাৰ আঘাত নিৰাময় কৰিব নোৱাৰিব।
וירא אפרים את חליו ויהודה את מזרו וילך אפרים אל אשור וישלח אל מלך ירב והוא לא יוכל לרפא לכם ולא יגהה מכם מזור׃
14 ১৪ মই ইফ্ৰয়িমলৈ সিংহৰ নিচিনা হ’ম, যিহূদা-বংশলৈ এটা যুবা সিংহৰ নিচিনা হ’ম; মই নিজেই তেওঁলোকক ছিন্ন-ভিন্ন কৰিম আৰু আঁতৰ হৈ যাম; মই তেওঁলোকক দূৰলৈ লৈ যাম, তেওঁলোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব।
כי אנכי כשחל לאפרים וככפיר לבית יהודה אני אני אטרף ואלך אשא ואין מציל׃
15 ১৫ মই মোৰ নিজৰ ঠাইলৈ ঘূৰি যাম। তেওঁলোকে নিজৰ দোষ স্বীকাৰ নকৰা পর্যন্ত আৰু মোক বিচাৰি নহালৈকে মই সেই ঠাইত থাকিম। তেওঁলোকৰ সঙ্কটৰ সময়ত তেওঁলোকে মোক বিচাৰিবলৈ আপ্রাণ চেষ্টা কৰিব।”
אלך אשובה אל מקומי עד אשר יאשמו ובקשו פני בצר להם ישחרנני׃

< হোসেয়া 5 >