< হোসেয়া 3 >

1 পাছত যিহোৱাই মোক ক’লে, “যেনেদৰে ইস্ৰায়েলীয়াসকল যদিও আন দেৱতাবোৰৰ ফালে ঘূৰিল আৰু অর্ঘ্যত দিয়া কিচমিচৰ পিঠা খাবলৈ তেওঁলোকে ভাল পায়, তথাপিও যিহোৱাই তেওঁলোকক প্ৰেম কৰে; সেইদৰে তোমাৰ ভার্যাৰ আন এজন প্রেমিক থকাত যদিও তাই ব্যভিচাৰ কৰিলে, তথাপিও তুমি পুনৰ উঠি যোৱা আৰু তাইক প্রেম কৰা।”
Потом рече ми Господ: Иди опет, љуби жену коју љуби љубавник а она чини прељубу, као што Господ љуби синове Израиљеве а они гледају за туђим боговима и љубе жбанове винске
2 সেয়ে মই পোন্ধৰ চেকল ৰূপ আৰু ডেৰ হোম যৱেৰে তাইক নিজৰ বাবে কিনি ললোঁ।
И купих је за петнаест сикала сребра и гомор и по јечма.
3 তাৰ পাছত মই তাইক কলোঁ, “তুমি অনেক দিন পর্যন্ত মোৰ বাবে অপেক্ষা কৰিব লাগিব; তুমি ব্যভিচাৰ নকৰিবা বা কোনো পুৰুষৰে সৈতে ভালপোৱাৰ সম্পর্ক নাৰাখিবা; মইও তোমাৰ প্রতি তেনে ব্যৱহাৰ কৰিম।”
И рекох јој: Седи код мене дуго времена, и не курвај се, и не буди другог; тако ћу и ја бити твој.
4 কিয়নো ইস্ৰায়েলীয়াসকল অনেক দিনলৈকে ৰজা, অধ্যক্ষ, যজ্ঞ, স্তম্ভ, এফোদ আৰু দেৱমূর্তিবোৰ নোহোৱাকৈ থাকিব।
Јер ће дуго времена синови Израиљеви седети без цара и без кнеза и без жртве и без ступа и без оплећка и ликова.
5 তাৰ পাছত ইস্ৰায়েলীয়াসকলে ঘূৰি আহি তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু তেওঁলোকৰ ৰজা দায়ুদক বিচাৰিব। শেষকালত তেওঁলোকে ভয়েৰে যিহোৱা আৰু তেওঁৰ উত্তমতালৈ আহিব।
После ће се обратити и тражиће Господа Бога свог и Давида цара свог, и у страху ће приступити ка Господу и благости Његовој у последња времена.

< হোসেয়া 3 >