< হোসেয়া 14 >

1 হে ইস্ৰায়েল, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ উলটি আহাঁ, তোমালোকৰ অপৰাধৰ কাৰণে তোমালোক পতিত থ’লো।
שובה ישראל עד יהוה אלהיך כי כשלת בעונך׃
2 মন পালটনৰ বাক্য লগত লোৱা আৰু যিহোৱালৈ ঘূৰি তেওঁক কোৱা, “আমাৰ সকলো পাপ-অপৰাধ দূৰ কৰক আৰু আমাৰ যি উত্তম, তাক গ্ৰহণ কৰক; যাতে আমি আমাৰ ওঁঠেৰে আপোনাৰ প্রশংসা কৰিব পাৰোঁ।
קחו עמכם דברים ושובו אל יהוה אמרו אליו כל תשא עון וקח טוב ונשלמה פרים שפתינו׃
3 অচূৰীয়াই আমাক উদ্ধাৰ কৰিব নোৱাৰিব; ঘোঁৰাৰ ওপৰত ভাৰসা কৰি আমি যুদ্ধ নকৰিম। আমাৰ হাতেৰে নির্মাণ কৰা মূর্তিক আমি পুনৰ ‘তুমি আমাৰ ঈশ্বৰ’ বুলি কেতিয়াও নকম; কিয়নো আপোনাৰ ওচৰতে অনাথজনে দয়া বিচাৰি পায়।”
אשור לא יושיענו על סוס לא נרכב ולא נאמר עוד אלהינו למעשה ידינו אשר בך ירחם יתום׃
4 যিহোৱাই কৈছে, “তেওঁলোকক বিপথে যোৱাৰ পৰা মই ঘূৰাই আনি সুস্থ কৰিম, মই বিনা চর্তেই তেওঁলোকক প্ৰেম কৰিম; কিয়নো মোৰ ক্ৰোধ তেওঁলোকৰ ওপৰৰ পৰা আঁতৰি গ’ল।
ארפא משובתם אהבם נדבה כי שב אפי ממנו׃
5 মই ইস্ৰায়েললৈ নিয়ৰৰ নিচিনা হম; তেওঁ লিলি ফুলৰ নিচিনাকৈ ফুলিব, লিবানোনৰ এৰচ গছৰ নিচিনাকৈ তেওঁৰ শিপা নামি যাব।
אהיה כטל לישראל יפרח כשושנה ויך שרשיו כלבנון׃
6 তেওঁৰ ডালবোৰ বিস্তাৰিত হৈ বাঢ়ি যাব; জিত গছৰ নিচিনা তেওঁৰ সৌন্দর্য হ’ব; তেওঁৰ সুগন্ধ লিবানোনৰ এৰচ গছৰ নিচিনা হ’ব।
ילכו ינקותיו ויהי כזית הודו וריח לו כלבנון׃
7 তেওঁলোকে পুনৰায় মোৰ ছাঁত বাস কৰিবলৈ আহিব; তেওঁলোক প্রচুৰ শস্যৰে পুনৰ্জীৱিত হ’ব, আৰু দ্ৰাক্ষালতাৰ নিচিনাকৈ ফুলিব; লিবানোনৰ দ্ৰাক্ষাৰসৰ নিচিনাকৈ তেওঁলোকৰ সুখ্যাতি হ’ব।
ישבו ישבי בצלו יחיו דגן ויפרחו כגפן זכרו כיין לבנון׃
8 ইফ্ৰয়িমে ক’ব, ‘মূর্তিবোৰৰ লগত মোৰ পুনৰ কি সম্পৰ্ক?’ মইয়ে তোমাক উত্তৰ দিম আৰু তেওঁৰ যত্ন ল’ম। মই এক কেঁচাপতীয়া দেৱদাৰু গছৰ নিচিনা; তোমাৰ বিশ্বস্ততাৰ ফল মোৰ কাষৰ পৰাই আহে।”
אפרים מה לי עוד לעצבים אני עניתי ואשורנו אני כברוש רענן ממני פריך נמצא׃
9 জ্ঞানৱানজনে এইবোৰ কথা বুজে; বিবেচকজনে এইবোৰ কথা জানে; কিয়নো যিহোৱাৰ পথবোৰ সততাৰ পথ আৰু ধাৰ্মিকজনে সেই পথত গমন কৰে, কিন্তু অধাৰ্মিকজনে হ’লে সেইবোৰত উজুটি খায়।
מי חכם ויבן אלה נבון וידעם כי ישרים דרכי יהוה וצדקים ילכו בם ופשעים יכשלו בם׃

< হোসেয়া 14 >