< হোসেয়া 13 >

1 ইফ্ৰয়িমে কথা ক’লে, লোকসকল কঁপে; ইস্ৰায়েলৰ ফৈদ সমূহৰ মাজত তেওঁ মহান হৈছিল। কিন্তু বাল দেৱতাৰ সেৱা উপসনা কৰাৰ দোষত দোষী হৈ তেওঁ মৰিল।
Když mluvíval Efraim, býval strach; vznešený byl v Izraeli, ale prohřešiv při Bálovi, tožť umřel.
2 এতিয়া তেওঁলোকে অধিককৈ পাপ কৰি আছে; তেওঁলোকে তেওঁলোকৰ ৰূপেৰে নিজৰ কাৰণে সাঁচত ঢলা মূর্তি, অর্থাৎ নিজৰ কলা-কৌশলেৰে প্ৰতিমা সাজিলে; এই সকলোবোৰ শিল্পকাৰৰ কাৰ্য; এই মূর্তিবোৰৰ সম্বন্ধে তেওঁলোকে কয়, “যি সকলে উৎসর্গ কৰে, তেওঁলোকে দামুৰিৰ মূর্তিবোৰক চুমা খাওঁক”।
A i nyní ještě předce hřeší. Nebo dělají sobě a slévají z stříbra svého podlé rozumu svého strašidla, ješto všecko to není než dílo řemeslníků, o čemž říkají: Lidé, kteříž obětují, telata ať líbají.
3 সেই বাবে তেওঁলোক প্ৰভাতৰ কুঁৱলীৰ নিচিনা হ’ব, সোনকালে অদৃশ্য হৈ যোৱা নিয়ৰৰ নিচিনা, মৰণা মৰা মজিয়াৰ পৰা বা’মৰলী বতাহে উৰুৱাই নিয়া তুঁহৰ নিচিনা, খিড়িকিয়েদি বাহিৰলৈ ওলোৱা ধুঁৱাৰ নিচিনা হ’ব।
Protož budou jako oblak ranní a jako rosa jitřní, kteráž odchází, jako plevy vichřicí zachvácené z humna, a jako dým z komínu,
4 তথাপি মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা দিনৰে পৰা ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা; মোৰ বাহিৰে তোমালোকৰ আন কোনো ঈশ্বৰ নাই; মোৰ বাহিৰে তোমালোকৰ আন কোনো উদ্ধাৰকৰ্ত্তা নাই।
Ješto já jsem Hospodin Bůh tvůj od vyjití z země Egyptské, a Boha kromě mne nepoznal jsi, aniž jest jiný vysvoboditel kromě mne.
5 মৰুভূমিত, শুকান দেশত ময়েই তোমালোকক দেখা-শুনা কৰিছিলোঁ।
Jáť jsem tě poznal na poušti v zemi velmi vyprahlé.
6 যেতিয়া তোমালোকে চৰণী পালা, তেতিয়া তোমালোক তৃ্প্ত হলা, তোমালোক তৃ্প্ত হোৱাত, তোমালোকৰ মনত গৰ্ব হল, এই নিমিত্তে তমালোকে মোক পাহৰিলা।
Dobré pastvy měvše, nasyceni jsou, ale když se nasytili, pozdvihlo se srdce jejich, protož zapomenuli na mne.
7 সেই কাৰণে মই তেওঁলোকৰ ওপৰত সিংহৰ দৰেই হ’ম; নাহৰফুটুকী বাঘৰ নিচিনাকৈ বাটত খাপ দি থাকিম।
Pročež budu jim jako lítý lev, jako pardus vedlé cesty číhati budu.
8 পোৱালি কাঢ়ি চুৰ কৰি নিয়া ভালুকীৰ দৰে মই তেওঁলোকৰ ওপৰত আক্রমণ কৰি তেওঁলোকৰ হিয়া চিৰা-ছিৰ কৰিম; সিংহিনীৰ নিচিনাকৈ মই তেওঁলোকক সেই ঠাইতে গ্ৰাস কৰিম; বনৰীয়া জন্তুৰ দৰে তেওঁলোকক ছিন্ন ভিন্ন কৰিম।
Potkám se s nimi jako nedvěd osiřelý, a roztrhám všecko srdce jejich, a sežeru je tam jako lev, jako zvěř divoká roztrhující je.
9 হে ইস্ৰায়েল, তুমি মোৰ বিপক্ষে অর্থাৎ তোমালোকৰ সহায়কাৰীৰ বিপক্ষে থকাৰ কাৰণে মই তোমাক বিনাশ কৰিম,
Z tebeť jest zhouba tvá, ó Izraeli, ješto ve mně všecka pomoc tvá.
10 ১০ এতিয়া তোমাৰ ৰজা ক’ত আছে, যি জনে সকলো নগৰতে তোমাক ৰক্ষা কৰিব পাৰিব? এতিয়া তোমাৰ শাসনকর্তাসকল ক’ত আছে, যি সকলৰ বিষয়ে তুমি মোক কৈছিলা, “মোক এজন ৰজা আৰু শাসনকর্তাসকলক দিয়া?”
Kdež jest král tvůj? Kdež jest? Nechť tě zachová ve všech městech tvých. Aneb soudcové tvoji, o nichž jsi řekl: Dej mi krále a knížata?
11 ১১ সেয়ে মই খং উঠি তোমাক এজন ৰজা দিছিলোঁ আৰু মোৰ ক্রোধে তেওঁক আঁতৰাই নিলে।
Dal jsem tobě krále v hněvě svém, a odjal jsem v prchlivosti své.
12 ১২ ইফ্ৰয়িমৰ অপৰাধ বান্ধি থোৱা হ’ল; তেওঁৰ পাপবোৰ সাঁচি থোৱা হ’ল।
Svázánať jest nepravost Efraimova, schován jest hřích jeho.
13 ১৩ নাৰীৰ প্ৰসৱবেদনাৰ দৰে তেওঁৰ ওপৰলৈ কষ্ট আহিব। কিন্তু তেওঁতো এজন অজ্ঞান পুত্ৰ; জন্মৰ সঠিক সময়ত তেওঁ গর্ভৰ প্ৰসৱ-দুৱাৰৰ মুখলৈ নাহা।
Bolesti rodičky přijdou na něj; jest syn nemoudrý, sic jinak nezůstával by tak dlouho v životě matky.
14 ১৪ চিয়োলৰ শক্তিৰ পৰা মই তেওঁক উদ্ধাৰ কৰিম নে? মৃত্যুৰ পৰা মই তেওঁক মুক্ত কৰিম নে? হে মৃত্যু, তোমাৰ মহামাৰীবোৰ ক’ত? হে চিয়োল, তোমাৰ সংহাৰ ক’ত? মোৰ চকুৰ পৰা মমতা লুকাই আছে। (Sheol h7585)
Z ruky hrobu vyplatím je, od smrti vykoupím je; budu zhoubcím tvým, ó smrti, budu zkažením tvým, ó hrobe, želení skryto bude od očí mých. (Sheol h7585)
15 ১৫ ইফ্ৰয়িমে তেওঁৰ ভাইসকলৰ মাজত সফলতা লাভ কৰিলেও, যিহোৱাৰ পৰা এক প্রৱল পূবৰ বতাহ আহিব, মৰুভূমিৰ পৰা বৈ আহিব; ইফ্রয়িমৰ জুৰিবোৰ শুকাই যাব আৰু কুৱাঁত পানী নোহোৱা হ’ব; শত্ৰুৱে তেওঁৰ ভঁৰালৰ সকলো মূল্যৱান বস্তু লুট কৰি নিব।
Nebo on mezi bratřími ovoce ponese, ač prv přijde vítr východní, vítr Hospodinův od pouště vstupující, a vysuší studnice jeho, osuší i vrchoviště jeho; onenno rozchvátá poklad všech nejdražších klénotů.
16 ১৬ চমৰিয়া দোষী হ’ব; কাৰণ তেওঁ ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে; তেওঁলোক তৰোৱালৰ দ্বাৰাই মৰিব, তেওঁলোকৰ শিশুসকলক আচাৰি ছিন্ন-ভিন্ন কৰা হ’ব, তেওঁলোকৰ গৰ্ভৱতী নাৰীসকলৰ উদৰ ফালি পেলোৱা হ’ব।
Zpuštěna bude Samaří, proto že se protivila Bohu svému; od meče padnou, dítky jejich zrozrážíny budou, a těhotné ženy jejich zroztínány.

< হোসেয়া 13 >