< ইব্ৰী 9 >
1 ১ সেই প্ৰথম ব্যৱস্থাত এই জগতত সেৱা উপাসনা কৰিবলৈ নানা বিধান দিয়া হৈছিল আৰু উপাসনাৰ বাবে এটি বিশেষ মহা-পবিত্ৰ স্থান আছিল৷
১স প্রথমো নিযম আরাধনাযা ৱিৱিধরীতিভিরৈহিকপৱিত্রস্থানেন চ ৱিশিষ্ট আসীৎ|
2 ২ সেই অনুসাৰে এটা তম্বু নির্ম্মাণ কৰা হৈছিল আৰু তাৰ ভিতৰত এটা কোঠালি যুগুত কৰিছিল৷ সেই তম্বুৰ প্ৰথম অংশক ‘অতি পবিত্ৰ স্থান’ বোলা হয়, তাতে দীপাধাৰ, মেজ আৰু ঈশ্বৰলৈ উৎসৰ্গ কৰা বিশেষ পিঠা থাকে।
২যতো দূষ্যমেকং নিরমীযত তস্য প্রথমকোষ্ঠস্য নাম পৱিত্রস্থানমিত্যাসীৎ তত্র দীপৱৃক্ষো ভোজনাসনং দর্শনীযপূপানাং শ্রেণী চাসীৎ|
3 ৩ আৰু দ্বিতীয় আঁৰ-কাপোৰৰ পাছফালে আন এটা অংশ আছিল, সেই অংশক ‘মহা-পবিত্ৰ স্থান’ বোলা হৈছিল৷
৩তৎপশ্চাদ্ দ্ৱিতীযাযাস্তিরষ্করিণ্যা অভ্যন্তরে ঽতিপৱিত্রস্থানমিতিনামকং কোষ্ঠমাসীৎ,
4 ৪ এই অংশত ধুপ জ্বলোৱাৰ কাৰণে সোণৰ বেদি অাৰু ব্যৱস্থাৰ নিয়ম-চন্দুক আছিল; ইয়াৰ চাৰিওফালে সোণৰ পতা মৰা আছিল আৰু তাৰ ভিতৰত আছিল মান্না থকা সোণৰ ঘট, হাৰোণৰ লাখুটি আৰু বিধান থকা দুখন শিলৰ ফলি।
৪তত্র চ সুৱর্ণমযো ধূপাধারঃ পরিতঃ সুৱর্ণমণ্ডিতা নিযমমঞ্জূষা চাসীৎ তন্মধ্যে মান্নাযাঃ সুৱর্ণঘটো হারোণস্য মঞ্জরিতদণ্ডস্তক্ষিতৌ নিযমপ্রস্তরৌ,
5 ৫ সেই চন্দুকৰ ওপৰত প্ৰতাপৰ দুটা সোণৰ কৰূব আছিল, সিহঁতৰ পাখিবোৰে সেই চন্দুকৰ ঢাকনিৰ ওপৰত ছাঁ দি ৰাখিছিল৷ এই সকলোৰ বিষয়ে আমি এতিয়া ভাঙি পাতি ক’বলৈ নোৱাৰিম।
৫তদুপরি চ করুণাসনে ছাযাকারিণৌ তেজোমযৌ কিরূবাৱাস্তাম্, এতেষাং ৱিশেষৱৃত্তান্তকথনায নাযং সমযঃ|
6 ৬ এইদৰে সেইবোৰ নিৰ্ম্মিত হোৱাত পুৰোহিত সকলে উপাসনাৰ কাৰ্য সিদ্ধ কৰিবলৈ প্ৰথম কোঁঠালিত সদায় সোমায়;
৬এতেষ্ৱীদৃক্ নির্ম্মিতেষু যাজকা ঈশ্ৱরসেৱাম্ অনুতিষ্ঠনতো দূষ্যস্য প্রথমকোষ্ঠং নিত্যং প্রৱিশন্তি|
7 ৭ কিন্তু দ্বিতীয়টোত হ’লে, কেৱল মহা-পুৰোহিতে অকলে বছেৰেকত এবাৰ সোমায়; তেওঁ নিজৰ পাপৰ কাৰণে আৰু মানুহবোৰে নাজানি কৰা পাপৰ কাৰণে উৎসৰ্গ কৰা পশুৰ তেজ নোলোৱাকৈ নোসোমায়।
৭কিন্তু দ্ৱিতীযং কোষ্ঠং প্রতিৱর্ষম্ এককৃৎৱ একাকিনা মহাযাজকেন প্রৱিশ্যতে কিন্ত্ৱাত্মনিমিত্তং লোকানাম্ অজ্ঞানকৃতপাপানাঞ্চ নিমিত্তম্ উৎসর্জ্জনীযং রুধিরম্ অনাদায তেন ন প্রৱিশ্যতে|
8 ৮ ইয়াতে পবিত্ৰ আত্মাই জনাইছে যে যিমান দিন এই প্ৰথম উপাসনাৰ তম্বু থাকিব সিমান দিনলৈ সেই মহা-পবিত্ৰ স্থানত সোমোৱা প্ৰৱেশৰ পথ খোলা নহব।
৮ইত্যনেন পৱিত্র আত্মা যৎ জ্ঞাপযতি তদিদং তৎ প্রথমং দূষ্যং যাৱৎ তিষ্ঠতি তাৱৎ মহাপৱিত্রস্থানগামী পন্থা অপ্রকাশিতস্তিষ্ঠতি|
9 ৯ ই আজিৰ কাৰণে এটা দৃষ্টান্ত স্বৰূপ; উৎসৰ্গিত বলি আৰু উপহাৰে উপাসনাকাৰীৰ বিবেকক সর্ম্পূণ ৰূপে নিখুঁত কৰিব পৰা নাই৷
৯তচ্চ দূষ্যং ৱর্ত্তমানসমযস্য দৃষ্টান্তঃ, যতো হেতোঃ সাম্প্রতং সংশোধনকালং যাৱদ্ যন্নিরূপিতং তদনুসারাৎ সেৱাকারিণো মানসিকসিদ্ধিকরণেঽসমর্থাভিঃ
10 ১০ এইবোৰ কেৱল আহাৰ, পানীয় আৰু নানা বিধ বাহ্যিক শুচিতাৰ স্নান; এই সকলো নতুন আদেশ নহালৈকে মাংসিক ধর্ম-বিধি মাত্ৰ৷
১০কেৱলং খাদ্যপেযেষু ৱিৱিধমজ্জনেষু চ শারীরিকরীতিভি র্যুক্তানি নৈৱেদ্যানি বলিদানানি চ ভৱন্তি|
11 ১১ ভৱিষ্যত মঙ্গলৰ মহা-পুৰোহিত স্বৰূপে খ্ৰীষ্ট আহিল, তেওঁ অধিক মহত্ত্ব আৰু অধিক সিদ্ধতাৰ পবিত্ৰ তম্বুৱেদি আহিল, এই তম্বু মানুহৰ হাতেৰে বনোৱা নহয়, এই জগতৰ কোনো বস্তুৱেদিও নহয়৷
১১অপরং ভাৱিমঙ্গলানাং মহাযাজকঃ খ্রীষ্ট উপস্থাযাহস্তনির্ম্মিতেনার্থত এতৎসৃষ্টে র্বহির্ভূতেন শ্রেষ্ঠেন সিদ্ধেন চ দূষ্যেণ গৎৱা
12 ১২ ছাগলীৰ আৰু দামুৰিৰ তেজৰ গুণে নহয়, কিন্তু তেওঁ নিজৰ তেজৰ গুণে খ্ৰীষ্ট একেবাৰতে সকলোৰে কাৰণে অতি পবিত্ৰ স্থানত সোমাই আমাৰ বাবে অনন্তকাল স্থায়ী মুক্তি উপাৰ্জ্জন কৰিলে। (aiōnios )
১২ছাগানাং গোৱৎসানাং ৱা রুধিরম্ অনাদায স্ৱীযরুধিরম্ আদাযৈককৃৎৱ এৱ মহাপৱিত্রস্থানং প্রৱিশ্যানন্তকালিকাং মুক্তিং প্রাপ্তৱান্| (aiōnios )
13 ১৩ ছাগ বা ভতৰাৰ তেজ আৰু চেঁউৰীৰ ভস্ম, এই সকলো অশুচি মানুহৰ ওপৰত চতিয়াই তেওঁলোকৰ শৰীৰৰ শুচিতাৰ কাৰণে পবিত্ৰ কৰে৷
১৩ৱৃষছাগানাং রুধিরেণ গৱীভস্মনঃ প্রক্ষেপেণ চ যদ্যশুচিলোকাঃ শারীরিশুচিৎৱায পূযন্তে,
14 ১৪ তেনেহলে যি জনে অনন্ত আত্মাৰে ঈশ্বৰৰ উদ্দেশ্যে নিৰ্দোষী বলি স্বৰূপে নিজকে উৎসৰ্গ কৰিলে, সেই খ্ৰীষ্টৰ তেজে আমাৰ বিবেকক মৃত কর্মৰ পৰা কিমান অধিক গুণে শুচি কৰিব! যাতে আমি জীৱনময় ঈশ্বৰৰ সেৱা কৰিব পাৰোঁ৷ (aiōnios )
১৪তর্হি কিং মন্যধ্ৱে যঃ সদাতনেনাত্মনা নিষ্কলঙ্কবলিমিৱ স্ৱমেৱেশ্ৱরায দত্তৱান্, তস্য খ্রীষ্টস্য রুধিরেণ যুষ্মাকং মনাংস্যমরেশ্ৱরস্য সেৱাযৈ কিং মৃত্যুজনকেভ্যঃ কর্ম্মভ্যো ন পৱিত্রীকারিষ্যন্তে? (aiōnios )
15 ১৫ ঈশ্বৰে যি সকলক আমন্ত্ৰণ কৰি অনন্ত কালৰ অধিকাৰ দিয়াৰ প্ৰতিজ্ঞা কৰিছিল, তেওঁলোকে যেন তাক পায়, সেই কাৰণে খ্ৰীষ্টে নতুন নিয়মৰ মধ্যস্থ হ’ল৷ তেওঁলোক সেইবোৰৰ অধিকাৰী হ’ব, কাৰণ প্ৰথম বিধান চলি থকাৰ সময়ত তেওঁলোকে যি পাপ কৰিলে, সেই পাপৰ পৰা তেওঁলোকক মুক্তি দিবলৈ খ্ৰীষ্টই আপোন প্ৰাণ দিলে৷ (aiōnios )
১৫স নূতননিযমস্য মধ্যস্থোঽভৱৎ তস্যাভিপ্রাযোঽযং যৎ প্রথমনিযমলঙ্ঘনরূপপাপেভ্যো মৃত্যুনা মুক্তৌ জাতাযাম্ আহূতলোকা অনন্তকালীযসম্পদঃ প্রতিজ্ঞাফলং লভেরন্| (aiōnios )
16 ১৬ কোনোবাই নিয়ম-পত্ৰ কৰি গ’লে, যি জনে নিয়ম কৰিছে তেওঁৰ মৃত্যুৰ প্ৰমাণ পোৱা আৱশ্যক।
১৬যত্র নিযমো ভৱতি তত্র নিযমসাধকস্য বলে র্মৃত্যুনা ভৱিতৱ্যং|
17 ১৭ মৃত্যু ঘটিলেহে নিয়ম-পত্ৰ কাৰ্যকৰী হয়; কাৰণ নিয়ম কৰা জন জীয়াই থাকে মানে সেই নিয়ম-পত্ৰ কাৰ্যকৰী নহয়৷
১৭যতো হতেন বলিনা নিযমঃ স্থিরীভৱতি কিন্তু নিযমসাধকো বলি র্যাৱৎ জীৱতি তাৱৎ নিযমো নিরর্থকস্তিষ্ঠতি|
18 ১৮ ঠিক সেইদৰে সেই প্ৰথম বিধান তেজৰ বিনে স্থাপন নহ’ল।
১৮তস্মাৎ স পূর্ৱ্ৱনিযমোঽপি রুধিরপাতং ৱিনা ন সাধিতঃ|
19 ১৯ সকলো লোকৰ ওচৰত বিধানৰ প্ৰতিটো আদেশ ঘোষণা কৰাৰ পাছত মোচিয়ে দামুৰি আৰু ছাগৰ তেজ লৈ তাৰ লগত পানী মিহলাই উজ্বল ৰঙা বৰণীয়া মেষৰ নোম আৰু এচোব বনেৰে সৈতে বিধান পুস্তক আৰু সকলো মানুহৰ ওপৰত চতিয়াই দিছিল৷
১৯ফলতঃ সর্ৱ্ৱলোকান্ প্রতি ৱ্যৱস্থানুসারেণ সর্ৱ্ৱা আজ্ঞাঃ কথযিৎৱা মূসা জলেন সিন্দূরৱর্ণলোম্না এষোৱতৃণেন চ সার্দ্ধং গোৱৎসানাং ছাগানাঞ্চ রুধিরং গৃহীৎৱা গ্রন্থে সর্ৱ্ৱলোকেষু চ প্রক্ষিপ্য বভাষে,
20 ২০ তেতিয়া তেওঁ কৈছিল “ঈশ্বৰে তোমালোকৰ উদ্দেশ্যে দিয়া যি বিধানৰ আজ্ঞা, এয়ে সেই নিয়মৰ তেজ।”
২০যুষ্মান্ অধীশ্ৱরো যং নিযমং নিরূপিতৱান্ তস্য রুধিরমেতৎ|
21 ২১ উপাসনা তম্বু আৰু উপাসনাৰ কামত ব্যৱহৃত সকলো পাত্ৰৰ ওপৰত মোচিয়ে সেইদৰে তেজ ছটিয়াই দিছিল৷
২১তদ্ৱৎ স দূষ্যেঽপি সেৱার্থকেষু সর্ৱ্ৱপাত্রেষু চ রুধিরং প্রক্ষিপ্তৱান্|
22 ২২ বিধানৰ মতে প্ৰায় সকলোকেই তেজেৰে শুচি কৰা হয়; তেজ উলিওৱা নহ’লে পাপ-মোচন নহয়।
২২অপরং ৱ্যৱস্থানুসারেণ প্রাযশঃ সর্ৱ্ৱাণি রুধিরেণ পরিষ্ক্রিযন্তে রুধিরপাতং ৱিনা পাপমোচনং ন ভৱতি চ|
23 ২৩ এতেকে যি স্বৰ্গীয় বিষয়ৰ নকল মাত্ৰ, সেইবোৰ এই উপায়েৰে শুচি কৰা হোৱা আৱশ্যক; কিন্তু আচল যি স্বৰ্গীয় বিষয়, সেয়ে ইয়াতকৈ শ্ৰেষ্ঠ বলিদানৰ দ্বাৰাই শুচি কৰা হোৱা আৱশ্যক।
২৩অপরং যানি স্ৱর্গীযৱস্তূনাং দৃষ্টান্তাস্তেষাম্ এতৈঃ পাৱনম্ আৱশ্যকম্ আসীৎ কিন্তু সাক্ষাৎ স্ৱর্গীযৱস্তূনাম্ এতেভ্যঃ শ্রেষ্ঠে র্বলিদানৈঃ পাৱনমাৱশ্যকং|
24 ২৪ কিয়নো প্ৰকৃতিৰ প্ৰতিৰূপ মাত্ৰ যি হাতে কৰা পবিত্ৰ স্থান, সেয়া সত্যৰ নকলহে মাত্র। খ্ৰীষ্ট সেই ঠাইত নোসোমাল; কিন্তু সম্প্ৰতি আমাৰ কাৰণে তেওঁ ঈশ্বৰৰ সাক্ষাতে উপস্থিত হ’বলৈ স্বৰ্গতহে সোমাল।
২৪যতঃ খ্রীষ্টঃ সত্যপৱিত্রস্থানস্য দৃষ্টান্তরূপং হস্তকৃতং পৱিত্রস্থানং ন প্রৱিষ্টৱান্ কিন্ত্ৱস্মন্নিমিত্তম্ ইদানীম্ ঈশ্ৱরস্য সাক্ষাদ্ উপস্থাতুং স্ৱর্গমেৱ প্রৱিষ্টঃ|
25 ২৫ কিন্তু মহা-পুৰোহিতে যেনেকৈ পৰৰ তেজ লৈ বছৰে বছেৰে পবিত্ৰ স্থানত সোমায়, তেনেকৈ তেওঁ বাৰে বাৰে নিজকে উৎসৰ্গ কৰিবলৈ যে সোমাল, এনে নহয়;
২৫যথা চ মহাযাজকঃ প্রতিৱর্ষং পরশোণিতমাদায মহাপৱিত্রস্থানং প্রৱিশতি তথা খ্রীষ্টেন পুনঃ পুনরাত্মোৎসর্গো ন কর্ত্তৱ্যঃ,
26 ২৬ সেয়ে হোৱা হলে জগত স্থাপনৰে পৰা তেওঁ অনেকবাৰ দুখভোগ কৰিব লাগিলহেঁতেন; কিন্তু এতিয়া তেওঁ আত্ম-বলিদানৰ দ্বাৰাই পাপ নাশৰ অৰ্থে যুগবোৰৰ শেষত এবাৰ মাথোন প্ৰকাশিত হ’ল। (aiōn )
২৬কর্ত্তৱ্যে সতি জগতঃ সৃষ্টিকালমারভ্য বহুৱারং তস্য মৃত্যুভোগ আৱশ্যকোঽভৱৎ; কিন্ত্ৱিদানীং স আত্মোৎসর্গেণ পাপনাশার্থম্ এককৃৎৱো জগতঃ শেষকালে প্রচকাশে| (aiōn )
27 ২৭ আৰু যেনেকৈ এবাৰ মাথোন মৰিবলৈ আৰু তাৰ পাছত সোধ-বিচাৰ মানুহৰ কাৰণে নিৰূপিত আছে,
২৭অপরং যথা মানুষস্যৈককৃৎৱো মরণং তৎ পশ্চাদ্ ৱিচারো নিরূপিতোঽস্তি,
28 ২৮ তেনেকৈ খ্ৰীষ্টও অনেকৰ পাপৰ ভাৰ ববৰ কাৰণে এবাৰ উৎসৃ্ষ্ট হ’লত; দ্বিতীয় বাৰ বিনাপাপে তেওঁলৈ অপেক্ষা কৰি থকা সকলক তেওঁ পৰিত্রাণৰ অৰ্থে দৰ্শন দিব।
২৮তদ্ৱৎ খ্রীষ্টোঽপি বহূনাং পাপৱহনার্থং বলিরূপেণৈককৃৎৱ উৎসসৃজে, অপরং দ্ৱিতীযৱারং পাপাদ্ ভিন্নঃ সন্ যে তং প্রতীক্ষন্তে তেষাং পরিত্রাণার্থং দর্শনং দাস্যতি|