< ইব্ৰী 8 >

1 এতিয়া আমি যি বিষয়ে কবলৈ লৈছোঁ, তাৰ সাৰ কথা হৈছে, আমাৰ এজন মহা-পুৰোহিত আছে যি জন স্বৰ্গত মহিমাময় সিংহাসনৰ সোঁফালে বহিল ৷
Ale suma tego, co się mówi, ta jest: Iż takiego mamy najwyższego kapłana, który usiadł na prawicy stolicy wielmożności na niebiesiech;
2 তেওঁ মহা-পবিত্ৰ স্থানত প্ৰকৃত উপাসনা তম্বুৰ পৰিচর্যাকাৰী হৈছে৷ সেই তম্বু কোনো মৰ্ত্ত্যৰ দ্বাৰা স্থাপন কৰা নহয়, কিন্তু প্ৰভুৰ দ্বাৰা স্থাপিত হৈছে৷
Sługą będąc świątnicy, a prawdziwego onego przybytku, który Pan zbudował, a nie człowiek.
3 প্ৰত্যেক মহা-পুৰোহিতক বলি আৰু উপহাৰ উৎসৰ্গ কৰিবলৈ নিযুক্ত কৰা হয়৷ এতেকে এই মহা-পুৰোহিত সকলেও কিবা বস্তু উৎসৰ্গ কৰিব লাগে।
Albowiem każdy najwyższy kapłan ku ofiarowaniu darów i ofiar bywa postanowiony, skąd potrzeba było, aby i ten miał, co by ofiarował.
4 কিন্তু খ্ৰীষ্ট যদি পৃথিৱীত থাকিলহেঁতেন তেওঁ এজন পুৰোহিত হব নোৱাৰিলেহেঁতেন; কিয়নো আগৰ বিধান অনুসাৰে উপহাৰ আদি উৎসৰ্গ কৰিবলৈ মানুহ আছে;
Bo gdyby był na ziemi, nie byłby kapłanem, póki by zostawali oni kapłani, którzy według zakonu dary ofiarują,
5 পুৰোহিত সকলৰ এই কাম স্বৰ্গীয় কামৰ এক নমুনা আৰু ছাঁয়া মাথোন৷ কিয়নো মোচিয়ে যেতিয়া সেই উপাসনা তম্বুটো নিৰ্ম্মাণ কৰিবলৈ লৈছিল, তেতিয়া তেওঁক ঈশ্বৰে এই বুলি সতৰ্ক কৰি দিছিল, “চাবা, পাহাৰৰ ওপৰত তোমাক যি নমুনা দেখুওৱা হ’ল, ঠিক সেইদৰে নিৰ্ম্মাণ কৰিবা।”
Którzy służą kształtowi i cieniowi rzeczy niebieskich, jako Mojżeszowi od Boga powiedziane było, gdy miał dokończyć przybytku: Patrzajże, ( mówi), abyś uczynił wszystko według kształtu, który ci jest okazany na tej górze.
6 কিন্তু এতিয়া, খ্ৰীষ্টক যি কার্যত নিয়োগ কৰা হৈছে, সেয়া সেই মহা-পুৰোহিত সকলতকৈয়ো অধিক গুণে উত্তম৷ কাৰণ তেওঁ এক উত্তম বিধানৰ মধ্যস্থ হৈছে, যি বিধান আগতকৈ অধিক গুণে শ্ৰেষ্ঠ৷ এই বিধান, শ্ৰেষ্ঠ বিষয়ৰ প্ৰতিজ্ঞাবোৰৰ ওপৰত স্থাপিত হৈছে৷
Ale teraz nasz kapłan tem zacniejszego urzędu dostąpił, im jest pośrednikiem lepszego przymierza, które lepszemi obietnicami jest utwierdzone.
7 কিয়নো, সেই প্ৰথম বিধান নিৰ্দোষী হোৱা হ’লে, দ্বিতীয়টোৰ কোনো প্ৰয়োজন নহ’লহেঁতেন।
Bo gdyby ono pierwsze było bez przygany, tedyćby wtóremu nie szukano miejsca.
8 কিন্তু ঈশ্বৰে লোক সকলৰ মাজত দোষ-ক্ৰুটি দেখাত কলে, “‘প্ৰভুৱে কৈছে, চোৱা! সময় আহিছে, মই ইস্ৰায়েলৰ আৰু যিহূদাৰ লোক সকলৰ সৈতে এটা নতুন নিয়ম সম্পন্ন কৰিম,
Albowiem ganiąc Żydów, mówi: Oto dni idą, mówi Pan, gdy uczynię z domem Izraelskim i z domem Judzkim przymierze nowe.
9 যি সময়ত মই মিচৰ দেশৰ পৰা তেওঁলোকৰ ওপৰ-পুৰুষ সকলক হাতত ধৰি উলিয়াই আনিছিলো, সেই সময়ত তেওঁলোকৰ কাৰণে যি বিধান দিছিলোঁ, এই নতুন বিধান, সেই বিধান অনুসাৰে নহব৷ তেওঁলোকে মোৰ সেই বিধানত নচলিল বাবে মই আৰু তেওঁলোকলৈ মনোযোগ নিদিলোঁ৷’ প্ৰভুৱে এই কথা কৈছে৷
Nie według przymierza, którem uczynił z ojcami ich w dzień, któregom ich ujął za rękę ich, abym ich wywiódł z ziemi Egipskiej; albowiem oni nie zostali w tem przymierzu mojem, a Jam ich zaniedbał, mówi Pan.
10 ১০ প্ৰভুৱে পুনৰ কৈছে, ‘সেই সময়ৰ পাছত, ইস্ৰায়েল-বংশৰ কাৰণে মই এই নিয়ম স্থাপন কৰিম;’ ‘তেওঁলোকৰ চিত্তত মোৰ বিধান দিম, আৰু তেওঁলোকৰ হৃদয়ত তাক লিখিম; মই তেওঁলোকৰ ঈশ্বৰ হম আৰু তেওঁলোক মোৰ লোক হ’ব।’
Przetoż toć jest przymierze, które postanowię z domem Izraelskim po tych dniach, mówi Pan: Dam prawa moje w myśl ich i na sercach ich napiszę je, i będę Bogiem ich, a oni będą ludem moim.
11 ১১ “প্ৰভুক জানা” এই বুলি নিজৰ প্ৰতিবেশীক আৰু নিজ নিজ ভায়েকক কোনো লোকে পুনৰ শিক্ষা নিদিব৷ কাৰণ সৰুৰ পৰা বৰলৈকে সকলোৱে মোক জানিব৷
I nie będzie uczył żaden bliźniego swego, i żaden brata swego, mówiąc: Poznaj Pana; albowiem wszyscy mię poznają, od najmniejszego z nich aż do największego z nich.
12 ১২ মই তেওঁলোকৰ প্ৰতি দয়া দেখুৱাই, অধাৰ্মিকতাৰ কাৰ্যবোৰ ক্ষমা কৰিম; তেওঁলোকৰ সকলো পাপ মই পুনৰ সোঁৱৰণ নকৰিম৷”
Bo miłościw będę nieprawościom ich, a grzechów ich i nieprawości ich nie wspomnę więcej.
13 ১৩ ঈশ্বৰে এই নিয়মক “নতুন” বুলি কৈ প্ৰথমটোক পুৰণি কৰিলে। কিন্তু যিটো পুৰণি, সেয়া জীৰ্ণপ্ৰায় বুলি ঘোষণা কৰিলে আৰু ই শীঘ্ৰেই অদৃশ্য হৈ যাব৷
A gdy mówi: Nowe, pierwsze czyni wiotchem; a to, co wiotszeje i zestarzeje się, bliskie jest zniszczenia.

< ইব্ৰী 8 >