< ইব্ৰী 7 >

1 এই মল্কিচেদক চালেমৰ ৰজা আৰু সৰ্ব্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল। অব্রাহামে যেতিয়া ৰজা সকলক পৰাস্ত কৰি উলটি আহিছিল, তেতিয়া তেওঁৰ লগত অব্ৰাহামৰ সাক্ষাৎ হ’ল আৰু মল্কিচেদকে অব্রাহামক আশীর্বাদ কৰিলে।
For this Melchisedek, king of Salem, priest of God Most High, who did meet Abraham turning back from the smiting of the kings, and did bless him,
2 অব্ৰাহামে যি সকলো অধিকাৰ কৰিছিল, তাৰ পৰা দহ ভাগৰ এভাগ তেওঁক দিছিল; “মল্কিচেদকৰ” নামৰ অর্থ হৈছে “ধাৰ্মিকতাৰ ৰজা” আৰু তেওঁ “চালেমৰ ৰজা” অৰ্থাৎ “শান্তিৰাজ”।
to whom also a tenth of all did Abraham divide, (first, indeed, being interpreted, 'King of righteousness,' and then also, King of Salem, which is, King of Peace, )
3 মল্কিচেদকৰ পিতৃ, মাতৃ বা তেওঁৰ পূর্বপুৰুষৰ কোনো বংশতালিকা নাছিল। তেওঁৰ আৰম্ভণ আৰু শেষ জীৱনৰ কোনো নথি-পত্র নাই। ঈশ্বৰৰ পুত্রৰ দৰে তেওঁ হৈছে চিৰকালৰ পুৰোহিত।
without father, without mother, without genealogy, having neither beginning of days nor end of life, and being made like to the Son of God, doth remain a priest continually.
4 এতিয়া বিবেচনা কৰি চাওক, এই মল্কিচেদক কিমান মহান পুৰুষ আছিল, যি জনক আমাৰ আদিপিতৃ অব্ৰাহামে যুদ্ধত লুট কৰা উত্তম বস্তুৰ দহ ভাগৰ এভাগ দিছিল।
And see how great this one [is], to whom also a tenth Abraham the patriarch did give out of the best of the spoils,
5 লেবীৰ সন্তান সকলৰ মাজৰ যি সকলে পুৰোহিত বাব পালে, তেওঁলোকে নিজৰ ভাই ইস্ৰায়েলী সন্তান সকলৰ পৰা বিধান অনুসাৰে দশমাংশ গ্রহণ কৰাৰ আদেশ পালে, যদিও তেওঁলোক উভয়েই অব্রাহামৰ বংশধৰ।
and those, indeed, out of the sons of Levi receiving the priesthood, a command have to take tithes from the people according to the law, that is, their brethren, even though they came forth out of the loins of Abraham;
6 কিন্তু মল্কিচেদক, যি জন লেবীৰ বংশধৰ নোহোৱাতো তেওঁ অব্ৰাহামৰ পৰা দশম ভাগ লৈছিল আৰু যি জনৰ ওচৰত ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল, সেই অব্রাহামক তেওঁ আশীৰ্বাদো কৰিছিল।
and he who was not reckoned by genealogy of them, received tithes from Abraham, and him having the promises he hath blessed,
7 এই বিষয়ত কোনো সন্দেহ নাই যে সৰু লোকেই সকলো সময়ত ডাঙৰৰ পৰা আশীৰ্বাদ লাভ কৰে।
and apart from all controversy, the less by the better is blessed —
8 এফালে দেখা যায়, যি সকলে দশম ভাগ পায়, তেওঁলোক মৃত্যুৰ অধীন মানুহ; কিন্তু আনফালে, যি জনে অব্রাহামৰ পৰা দহ ভাগৰ এভাগ পালে তেওঁ জীয়াই আছে বুলি সাক্ষ্য পোৱা হৈছে।
and here, indeed, men who die do receive tithes, and there [he], who is testified to that he was living,
9 পুণৰ ইয়াক এনেকৈয়ো ক’ব পাৰি যে, লেবীয়ে দহ ভাগৰ এভাগ পাইছিল আৰু তেওঁ নিজেও অব্ৰাহামৰ যোগেদি দহ ভাগৰ এভাগ দিলে;
and so to speak, through Abraham even Levi who is receiving tithes, hath paid tithes,
10 ১০ কিয়নো মল্কিচেদকৰ সৈতে যেতিয়া অব্রাহামৰ সাক্ষাৎ হৈছিল তেতিয়া লেবী তেওঁৰ পূর্বপুৰুষ আব্রাহামৰ শৰীৰৰ ভিতৰত আছিল।
for he was yet in the loins of the father when Melchisedek met him.
11 ১১ লেবীয়া পৌৰহিত্যৰ অধীনত লোক সকলে বিধান পালে; এতেকে সেই লেবীয়া পুৰোহিতৰ কার্যৰ দ্বাৰাই যদি পূৰ্ণতা লাভ কৰিব পাৰি, তেনেহলে আন এজন পুৰোহিতৰ প্রয়োজন নহ’লহেঁতেন, যি জন প্রথম লেবীয়া পুৰোহিত হাৰোণৰ ৰীতিৰ নিচিনা নহয়, কিন্তু মল্কিচেদকৰ ৰীতিৰ নিচিনা আছিল।
If indeed, then, perfection were through the Levitical priesthood — for the people under it had received law — what further need, according to the order of Melchisedek, for another priest to arise, and not to be called according to the order of Aaron?
12 ১২ যেতিয়া পুৰোহিতৰ সলনি হয়, তেতিয়া বিধানো সলনি হোৱা আৱশ্যক।
for the priesthood being changed, of necessity also, of the law a change doth come,
13 ১৩ যি জনৰ বিষয়ে এই সকলো কথা কোৱা হৈছে, তেওঁতো অন্য এক ফৈদৰ; সেই ফৈদৰ পৰা কোনেও কেতিয়াও বেদিৰ কৰ্ম কৰা নাই।
for he of whom these things are said in another tribe hath had part, of whom no one gave attendance at the altar,
14 ১৪ কাৰণ ই সুস্পষ্ট যে আমাৰ প্ৰভু যিহূদা ফৈদৰ পৰা আহিছে আৰু এই বংশৰ বিষয়ে পুৰোহিত হোৱাৰ বিষয়ে মোচিয়ে কেতিয়াও একো কোৱা নাই।
for [it is] evident that out of Judah hath arisen our Lord, in regard to which tribe Moses spake nothing concerning priesthood.
15 ১৫ এইবোৰ বিষয় অধিক পৰিস্কাৰ হৈ যায় যেতিয়া মল্কিচেদকৰদৰে আন এজন পুৰোহিতৰ উৎপন্ন হ’ল।
And it is yet more abundantly most evident, if according to the similitude of Melchisedek there doth arise another priest,
16 ১৬ এই নতুন পুৰোহিত জন মানৱীয় ৰীতি-নীতি আৰু বিধান অনুযায়ী পুৰোহিত হোৱা নাই, কিন্তু তেওঁ এক ধ্বংসহীন শক্তিৰ অধিকাৰী হৈ তেনে হ’ল।
who came not according to the law of a fleshly command, but according to the power of an endless life,
17 ১৭ কিয়নো শাস্ত্রই তেওঁৰ বিষয়ে এই সাক্ষ্য দিছে, তুমি চিৰকালৰ বাবে মল্কিচেদকৰ ৰীতি অনুসাৰে পুৰোহিত হৈছা। (aiōn g165)
for He doth testify — 'Thou [art] a priest — to the age, according to the order of Melchisedek;' (aiōn g165)
18 ১৮ পুৰণি বিধান দূৰ কৰা হ’ল, কাৰণ ই দুর্বল আৰু নিষ্ফল হৈ পৰিছিল।
for a disannulling indeed doth come of the command going before because of its weakness, and unprofitableness,
19 ১৯ কিয়নো মোচিৰ বিধানে একোকে সিদ্ধ কৰিব নোৱাৰিলে। এতিয়া আমাৰ ওচৰত এক উত্তমতাৰ আশা আছে আৰু সেই আশাৰ মাজেদি আমি ঈশ্বৰৰ ওচৰ চাপি যাওঁ।
(for nothing did the law perfect) and the bringing in of a better hope, through which we draw nigh to God.
20 ২০ এই উত্তমতাৰ আশা ঈশ্বৰে এক শপত নোলোৱাকৈ হোৱা নাছিল; কিন্তু আন সকল পুৰোহিত হোৱাৰ সময়ত হ’লে ঈশ্বৰে কোনো শপত লোৱা নাছিল।
And inasmuch as [it is] not apart from oath, (for those indeed apart from oath are become priests,
21 ২১ ঈশ্বৰে যীচুক মহা-পুৰোহিত কৰাৰ সময়ত এক শপত খালে - “প্রভুৱে শপত খালে আৰু তেওঁ এই বিষয়ত নিজৰ মন পৰিৱর্তন নকৰিব: ‘তুমি চিৰকালৰ এজন পুৰোহিত’।” (aiōn g165)
and he with an oath through Him who is saying unto him, 'The Lord sware, and will not repent, Thou [art] a priest — to the age, according to the order of Melchisedek;') (aiōn g165)
22 ২২ এই শপতৰ দ্বাৰাই যীচু উত্তমতাৰ এক বিধানৰ জামিনদাৰী হ’ল।
by so much of a better covenant hath Jesus become surety,
23 ২৩ লেবী সকলৰ অনেকেই এজনৰ পাছত আন জন পুৰোহিত হ’ল আৰু মৃত্যু হোৱাৰ কাৰণে কোনো এজনে অনন্তকাল পৰিচর্যা কৰি যাব নোৱাৰিলে।
and those indeed are many who have become priests, because by death they are hindered from remaining;
24 ২৪ কিন্তু যীচু চিৰকাল জীৱিত আছে বাবে তেওঁৰ পুৰোহিত পদো চিৰস্থায়ী। (aiōn g165)
and he, because of his remaining — to the age, hath the priesthood not transient, (aiōn g165)
25 ২৫ সেয়েহে যি সকলে যীচুৰ মাধ্যমেদি ঈশ্বৰৰ কাষ চাপে, তেওঁলোকক যীচুৱে সম্পূর্ণকৈ উদ্ধাৰ কৰিব পাৰে; কাৰণ তেওঁলোকৰ বাবে ঈশ্বৰৰ ওচৰত নিবেদন কৰিবলৈ যীচু সদায় জীয়াই আছে।
whence also he is able to save to the very end, those coming through him unto God — ever living to make intercession for them.
26 ২৬ এনেকুৱা নিষ্পাপ, শুদ্ধ, পবিত্ৰ, পাপী সকলৰ পৰা পৃথক হোৱা এজন মহা-পুৰোহিত আমাৰ বাবে প্রয়োজন আছিল। আকাশ-মণ্ডলৰ উর্দ্ধতো তেওঁক তুলি নিয়া হৈছিল।
For such a chief priest did become us — kind, harmless, undefiled, separate from the sinners, and become higher than the heavens,
27 ২৭ আন মহা-পুৰোহিত সকলৰ নিচিনাকৈ প্রতিদিনে প্রথমে নিজৰ আৰু তাৰ পাছত লোক সকলৰ পাপৰ কাৰণে বলি উৎসর্গ কৰাৰ তেওঁৰ কোনো প্রয়োজন নাই, কাৰণ তেওঁ নিজকে বলিৰূপে উৎসর্গ কৰাৰ দ্বাৰাই এই কাম সকলোৰে কাৰণে এবাৰেই সাধন কৰিলে।
who hath no necessity daily, as the chief priests, first for his own sins to offer up sacrifice, then for those of the people; for this he did once, having offered up himself;
28 ২৮ কিয়নো বিধান অনুসাৰে যি মহা-পুৰোহিত সকলক নিযুক্ত কৰা হয়, তেওঁলোক দূৰ্বল মানুহ; কিন্তু বিধানৰ পাছত ঈশ্বৰৰ শপত বাক্যৰ দ্বাৰা যি জনক মহা-পুৰোহিতৰূপে নিযুক্তি দিয়া হ’ল, তেওঁ চিৰকালৰ অৰ্থে সিদ্ধ, ঈশ্বৰৰ পুত্ৰ। (aiōn g165)
for the law doth appoint men chief priests, having infirmity, but the word of the oath that [is] after the law [appointeth] the Son — to the age having been perfected. (aiōn g165)

< ইব্ৰী 7 >