< ইব্ৰী 6 >

1 এতেকে, খ্ৰীষ্টৰ বিষয়ে আমি যি প্রাথমিক শিক্ষা পালোঁ, তাক পাছ পেলাই, আহক আমি পৰিপূর্ণতাৰ ফালে আগবাঢ়ি যাওঁ। পুনৰায় যেন আমি মৃত কৰ্মৰ পৰা মন-পৰিৱর্তন আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস,
Basi, tusonge mbele kwa yale yaliyokomaa na kuyaacha nyuma yale mafundisho ya mwanzo ya Kikristo. Hatuhitaji kuweka msingi tena kwa kurudia yale mafundisho ya mwanzo kama vile kuachana na matendo ya kifo, kumwamini Mungu;
2 নানা বাপ্তিস্ম আৰু হাত দিয়াৰ বিষয়ে শিক্ষা, মৃত লোকৰ পুনৰুত্থান আৰু স্থায়ী অনন্ত দণ্ডৰ বিষয়ে নতুনকৈ ভিত্তিমূল স্থাপন নকৰোঁ। (aiōnios g166)
mafundisho juu ya ubatizo na kuwekewa mikono; ufufuo wa wafu na hukumu ya milele. (aiōnios g166)
3 অৱশ্যে, ঈশ্বৰে অনুমতি দিলে আমি তাকেই কৰিম।
tusonge mbele! Hayo tutayafanya, Mungu akitujalia.
4 কিয়নো যি সকলে এবাৰ পোহৰ প্রাপ্ত হৈছে, তেওঁলোকেই স্বৰ্গীয় দানৰ আস্বাদ পালে আৰু পবিত্ৰ আত্মাৰ সহভাগী হ’ল৷
Maana watu wanaoiasi imani yao inawezekanaje kuwarudisha watubu tena? Watu hao walikwisha kuwa katika mwanga wa Mungu, walikwisha onja zawadi ya mbinguni na kushirikishwa Roho Mtakatifu;
5 কিন্তু যি সকলে ঈশ্বৰৰ মঙ্গলবাক্যৰ আস্বাদ পালে, ভাবী যুগৰ নানা পৰাক্ৰমৰ বিষয়ে জানিলে (aiōn g165)
walikwisha onja wema wa neno la Mungu na nguvu za ulimwengu ujao, (aiōn g165)
6 আৰু তাৰ পাছত ধৰ্ম ভ্ৰষ্ট হ’ল, তেওঁলোকক নতুনকৈ মন-পৰিৱর্তনৰ অর্থে পুণৰায় গঢ় দিয়া অসাধ্য; কাৰণ তেওঁলোকে নিজৰ অর্থে ঈশ্বৰৰ পুত্ৰক পুণৰ ক্ৰুচত দিলে আৰু প্ৰকাশ্যৰূপে মানুহৰ আগত তেওঁক নিন্দাৰ পাত্ৰ কৰিলে।
kisha wakaiasi imani yao! Haiwezekani kuwarudisha watubu tena, kwa sababu wanamsulubisha tena Mwana wa Mungu na kumwaibisha hadharani.
7 যি মাটিয়ে তাৰ ওপৰত ঘনে ঘনে পৰা বৰষুণ শুহি লয় আৰু সেই মাটি চহাই কাম কৰা সকলৰ কাৰণে সেই মাটিয়ে প্রয়োজনীয় শাক-পাচলি আদি উৎপন্ন কৰে, সেই মাটিয়ে ঈশ্বৰৰ আশীৰ্বাদ পায়।
Mungu huibariki ardhi ambayo huipokea mvua inayoinyeshea mara kwa mara, na kuotesha mimea ya faida kwa mkulima.
8 কিন্তু সেই মাটিয়ে যদি কাঁইট গছ আৰু পুলি কাঁইট উৎপন্ন কৰে, তেনেহলে ই অকামিলা হৈ যায় আৰু সেই মাটি অভিশপ্ত হোৱাৰ ভয় থাকে। তাৰ শেষগতি জ্বলন।
Lakini kama ardhi hiyo ikiota miti ya miiba na magugu, haina faida; karibu italaaniwa na Mungu na mwisho wake ni kuchomwa moto.
9 প্ৰিয় বন্ধু সকল, যদিও আমি এইবোৰ কথা কৈছোঁ, তথাপি অাপোনালোকৰ বিষয়ে হ’লে আমাৰ এনে দৃঢ় বিশ্বাস আছে যে, আপোনালোকৰ অৱস্থা ইয়াতকৈয়ো ভাল আৰু আপোনালোকে যি কৰি আছে, সেয়া পৰিত্রাণ লাভৰে পদক্ষেপ।
Lakini, ingawa twasema namna hii, wapenzi wetu, tunalo tumaini kubwa juu ya hali yenu. Tunajua kwamba mmepokea baraka zile bora za wokovu wenu.
10 ১০ কিয়নো ঈশ্বৰ এনে অন্যায় বিচাৰক নহয় যে, আপোনালোকৰ পৰিশ্রম আৰু তেওঁৰ নামৰ বাবে পবিত্ৰ লোক সকলৰ প্রতি আপোনালোকে যি সেৱা যত্ন কৰিলে আৰু এতিয়াও একে সেৱা যত্ন কৰি প্রেম দেখুৱাই আছে; ঈশ্বৰে এইবোৰ কেতিয়াও নাপাহৰে।
Mungu hakosi haki; yeye hataisahau kazi mliyoifanya au upendo mlioonyesha kwa ajili ya jina lake katika huduma mliyowapa na mnayowapa sasa watu wake.
11 ১১ আমি বিচাৰো, আপোনালোক প্রত্যেক জনে যেন শেষ পর্যন্ত একেই ধৰণৰ আগ্রহ দেখুওৱা লোক হয়। তাতে আপোনালোকে সম্পূর্ণকৈ নিশ্চিত হব যে, আপোনালোকৰ আশা পূর্ণ হব।
Hamu yetu ni kwamba kila mmoja wenu aonyeshe bidii hiyohiyo mpaka mwisho, ili yale mnayotumainia yapate kutimia.
12 ১২ আপোনালোক এলেহুৱা হোৱাটো আমি নিবিচাৰোঁ। আমি বিচাৰো, যি সকলে বিশ্বাস আৰু ধৈর্যৰ দ্বাৰাই ঈশ্বৰৰ বিধান সমূহ লাভ কৰে, আপোনালোক তেওঁলোকৰ অনুকাৰী হওক।
Msiwe wavivu, bali muwe kama wale wanaoamini na wenye uvumilivu na hivyo wanapokea yake aliyoahidi Mungu.
13 ১৩ ঈশ্বৰে যেতিয়া অব্ৰাহামলৈ এটি প্ৰতিজ্ঞা কৰিছিল, তেতিয়া ঈশ্বৰতকৈ মহান কোনো নথকাত তেওঁ নিজৰ নামেৰেই শপত খাইছিল।
Mungu alipompa Abrahamu ahadi, aliapa kwa jina lake mwenyewe, maana hakuna aliye mkuu kuliko Mungu ambaye kwa huyo angeweza kuapa.
14 ১৪ তেওঁ কৈছিল, “মই অৱশ্যেই তোমাক আশীৰ্বাদ কৰিম আৰু অতিশয়ৰূপে তোমাৰ বংশও বৃদ্ধি কৰিম।”
Mungu alisema: “Hakika nitakubariki na nitakupa wazawa wengi.”
15 ১৫ তাতে অব্রাহামে ধৈর্যেৰে অপেক্ষা কৰিলে আৰু পাছত তেওঁ সেই প্ৰতিজ্ঞাৰ ফল পালে।
Abrahamu alisubiri kwa uvumilivu na hivyo alipokea kile alichoahidiwa na Mungu.
16 ১৬ মানুহে নিজতকৈ মহান কোনো ব্যক্তিৰ নামেৰেহে শপত খায়। শপতৰ দ্বাৰা নিজৰ প্রতিজ্ঞা ৰক্ষাৰ নিশ্চয়তা দান কৰিলে তেওঁলোকৰ সকলো বিবাদৰ অৱসান হয়।
Watu wanapoapa, huapa kwa mmoja aliye mkuu zaidi kuliko wao, na kiapo hicho husuluhisha ubishi wote.
17 ১৭ সেইদৰে ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞাৰ উত্তৰাধিকাৰী সকলক শপতৰ মাধ্যমেদি নিশ্চয়তা দি অধিক স্পষ্টৰূপে দেখুৱাব বিচাৰিলে যে তেওঁৰ সেই উদ্দেশ্য অপৰিবর্তনীয়।
Naye Mungu aliimarisha ahadi yake kwa kiapo; na kwa namna hiyo akawaonyesha wazi wale aliowaahidia kwamba hatabadili nia yake.
18 ১৮ ঈশ্বৰে এই কার্য দুটা অপৰিবর্তনীয় বিষয়ৰ দ্বাৰাই কৰিছিল, যি বিষয়ত ঈশ্বৰে মিছা-কোৱা অসাধ্য। আমি যি সকলে ঈশ্বৰৰ ওচৰত আশ্রয় বিচাৰি পলাই গলো, আমি আমাৰ আগত থকা আশাক যেন দৃঢ়তাৰে ধৰিবলৈ প্রচুৰ উৎসাহ পাওঁ, তাৰ কাৰণে কৰিলে।
Basi, kuna vitu hivi viwili: ahadi na kiapo, ambavyo haviwezi kubadilika na wala juu ya hivyo Mungu hawezi kusema uongo. Kwa hiyo sisi tuliokimbilia usalama kwake, tunapewa moyo wa kushikilia imara tumaini lililowekwa mbele yetu.
19 ১৯ আমাৰ যি আশা আছে, সেই আশা আমাৰ আত্মাৰ লঙ্গৰ স্বৰূপ; সেয়ে নিশ্চিত আৰু দৃঢ়। সেই আশাই আঁৰ-কাপোৰৰ ভিতৰ ফালে মন্দিৰৰ মহা পবিত্র স্থানত আমাক প্রৱেশ কৰায়।
Tunalo tumaini hilo kama nanga ya maisha yetu. Tumaini hilo ni imara na thabiti, nalo lapenya lile pazia la hekalu la mbinguni mpaka patakatifu ndani.
20 ২০ যীচু, যি জন মল্কিচেদকৰ ৰীতি অনুযায়ী চিৰকালৰ বাবে মহা-পুৰোহিত হ’ল, তেওঁ আমাৰ কাৰণে অগ্রগামী হৈ সেই ঠাইত প্রৱেশ কৰিলে। (aiōn g165)
Yesu ametangulia kuingia humo kwa niaba yetu, na amekuwa kuhani mkuu milele, kufuatana na utaratibu wa ukuhani wa Melkisedeki. (aiōn g165)

< ইব্ৰী 6 >