< ইব্ৰী 3 >

1 এই কাৰণে, হে স্বৰ্গীয় আমন্ত্ৰণৰ সহভাগী পবিত্ৰ ভাই সকল, আপোনালোকে যীচুলৈ মনোযোগ কৰক। তেওঁ আমি স্বীকাৰ কৰা ঈশ্বৰৰ পাঁচনি আৰু সেই মহা-পুৰোহিত।
Ndugu zangu watu wa Mungu ambao mmeitwa na Mungu, fikirini juu ya Yesu ambaye Mungu alimtuma awe Kuhani Mkuu wa imani tunayoiungama.
2 ঈশ্বৰৰ পৰিয়ালৰ সমস্ত লোক সকলৰ প্রতি মোচি যেনেকৈ বিশ্বাসী আছিল, তেনেকৈ যীচু নিজেও তেওঁক নিযুক্ত কৰা ঈশ্বৰৰ প্রতি বিশ্বসী আছিল।
Yeye alikuwa mwaminifu kwa Mungu aliyemteua kufanya kazi yake kama vile Mose alivyokuwa mwaminifu katika nyumba yote ya Mungu.
3 কোনো লোকে যেতিয়া গৃহ নির্মাণ কৰে, তেতিয়া গৃহতকৈ গৃহ নির্মাতাৰ মৰ্যদা যেনেকৈ অধিক হয়, সেইদৰে, ঈশ্বৰে যীচুক মোচিতকৈ অধিক গৌৰৱৰ যোগ্যপাত্রৰূপে গণিত কৰিলে
Mjenzi wa nyumba hupata heshima zaidi kuliko hiyo nyumba yenyewe. Hali kadhalika naye Yesu anastahili heshima kubwa zaidi kuliko Mose.
4 কাৰণ প্ৰত্যেক গৃহ কোনো জনৰ দ্বাৰাই নির্মাণ কৰা হয়, কিন্তু যি জনে সকলোকে নির্মাণ কৰিলে, তেওঁ ঈশ্বৰ।
Kila nyumba hujengwa na mjenzi fulani—na Mungu ndiye mjenzi wa vitu vyote.
5 মোচি সঁচাকৈয়ে ঈশ্বৰৰ সমস্ত গৃহৰ সেৱকৰূপে বিশ্বাসী আছিল। ভৱিষ্যতত যি যি কোৱা হ’ব, সেই সকলোৰে সম্বন্ধে মোচিয়ে সাক্ষ্য দি আছিল
Mose alikuwa mwaminifu katika nyumba yote ya Bwana kama mtumishi, na alinena juu ya mambo ambayo Mungu atayasema hapo baadaye.
6 কিন্তু পুত্র হিচাপে খ্রীষ্ট হৈছে ঈশ্বৰৰ সেই গৃহৰ কর্তা। যদিহে আমি আমাৰ নিশ্চিত আশাৰ সম্পর্কে সাহস আৰু গর্ব দৃঢ়কৈ ধৰি ৰাখো, তেনেহলে ঈশ্বৰৰ গৃহ আমি বিশ্বাসী সকলেই হওঁ।
Lakini Kristo ni mwaminifu kama Mwana mwenye mamlaka juu ya nyumba ya Mungu. Sisi ni nyumba yake kama tukizingatia uhodari wetu na uthabiti wetu katika kile tunachotumainia.
7 এই কাৰণে পবিত্ৰ আত্মাই যেনেকৈ কৈছে: “আজি যদি তোমালোকে ঈশ্বৰৰ মাত শুনিবলৈ পোৱা,
Kwa hiyo, basi, kama asemavyo Roho Mtakatifu: “Kama mkisikia sauti ya Mungu leo,
8 তেনেহলে তোমালোকৰ হৃদয়বোৰ কঠিন নকৰিবা- যেনেকৈ ইস্ৰায়েলীয়া সকলে বিদ্রোহৰ দিনত কৰিছিল, মৰুপ্রান্তত সেই সময়ত পৰীক্ষা কৰাৰ দৰে নকৰিবা।
msiifanye mioyo yenu kuwa migumu kama wazee wenu walivyokuwa wakati walipomwasi Mungu; kama walivyokuwa siku ile kule jangwani,
9 তাত তোমালোকৰ ওপৰ-পুৰুষ সকলে চল্লিশ বছৰ ধৰি মোৰ কার্যবোৰ দেখিছিল, তথাপি তেওঁলোকে মোক পৰীক্ষা কৰাৰ দ্বাৰাই বিদ্রোহ কৰিছিল,
Huko wazee wenu walinijaribu na kunichunguza, asema Bwana, ingawa walikuwa wameyaona matendo yangu kwa miaka arobaini.
10 ১০ গতিকে, মই এই জাতিত বিৰক্ত হ’লো, মই ক’লো, এওঁলোক সদায় ভ্ৰান্ত হৃদয়ৰ লোক; তেওঁলোকে মোৰ পথ নাজানিলে;
Kwa sababu hiyo niliwakasirikia watu hao nikasema, Fikira za watu hawa zimepotoka, hawajapata kamwe kuzijua njia zangu.
11 ১১ তাতে মই ক্রুদ্ধ হৈ এই শপত খালোঁ, ‘এওঁলোক মোৰ বিশ্ৰামত সোমাবলৈ নাপাব।”’
Basi, nilikasirika, nikaapa: Hawataingia huko ambako ningewapa pumziko.”
12 ১২ ভাই সকল, আপোনালোকে সতর্কতাৰে চলিব যাতে, কেনেবাকৈ জীৱনময় ঈশ্বৰৰ পৰা খহি পৰিবলৈ আপোনালোকৰ মাজত কোনো এজনৰে অবিশ্বাসী দুষ্ট হৃদয় নহয়।
Basi ndugu, jihadharini asije akawako yeyote miongoni mwenu aliye na moyo mbaya hivyo na asiyeamini hata kujitenga na Mungu aliye hai.
13 ১৩ যি সময়লৈকে ‘আজি’ বোলা সময় আছে, সেই সময়লৈ অাপোনালোকে প্রতিদিনে এজনে আন জনক উৎসাহ দিয়ক, তাতে আপোনালোকৰ কোনো এজনৰ হৃদয় পাপৰ ছলনাত পৰি কঠিন নহওক।
Maadamu hiyo “Leo” inayosemwa katika Maandiko bado inatuhusu sisi, mnapaswa kusaidiana daima, ili mtu yeyote miongoni mwenu asidanganywe na dhambi na kuwa mkaidi.
14 ১৪ আৰম্ভণীতে খ্রীষ্টত আমাৰ যি বিশ্বাস আছিল, যদি শেষলৈকে আমি সেই বিশ্বাসত নিশ্চিত হৈ থাকো, তেনেহলে আমি খ্ৰীষ্টৰ সহভাগী;
Maana sisi tunashirikiana na Kristo ikiwa tutazingatia kwa uthabiti tumaini tulilokuwa nalo mwanzoni.
15 ১৫ এই বিষয়ে ইয়াকে কোৱা হৈছে, “আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা, তেনেহলে তোমালোকৰ হৃদয় কঠিন নকৰিবা, যেনেকৈ ইস্ৰায়েলী সকলে সেই বিদ্ৰোহৰ দিনত কৰিছিল।”
Maandiko yasema hivi: “Kama mkisikia sauti ya Mungu leo, msiifanye mioyo yenu kuwa migumu kama wazee wenu walivyokuwa wakati walipomwasi Mungu.”
16 ১৬ কোনে ঈশ্বৰৰ মাত শুনাৰ পাছতো তেওঁৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল? তেওঁলোক সেই সকল লোকেই নহয় নে, যি সকলক মোচিয়ে মিচৰ দেশৰ পৰা বাহিৰ কৰি লৈ আহিছিল?
Ni akina nani basi, waliosikia sauti ya Mungu wakamwasi? Ni wale wote walioongozwa na Mose kutoka Misri.
17 ১৭ ঈশ্বৰে চল্লিশ বছৰ ধৰি কাৰ ওপৰতেই বা ক্রুদ্ধ আছিল, সেই লোক সকলৰ ওপৰতে নহয় নে, যি সকলে পাপ কৰিছিল আৰু যি সকলৰ মৃতদেহ মৰুপ্রান্তত পৰি আছিল?
Mungu aliwakasirikia akina nani kwa miaka arobaini? Aliwakasirikia wale waliotenda dhambi, maiti zao zikatapakaa kule jangwani.
18 ১৮ ঈশ্বৰে কাৰ বিৰুদ্ধে বা শপত খাই কৈছিল, “এওঁলোকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব?” যি সকল অবাধ্য, তেওঁলোকৰ বিৰুদ্ধে নহয় নে?
Mungu alipoapa: “Hawataingia huko ambako ningewapa pumziko,” alikuwa anawasema akina nani? Alikuwa anasema juu ya hao walioasi.
19 ১৯ ইয়াতে আমি দেখো যে, অবিশ্বাসৰ কাৰণেই তেওঁলোক সোমাব নোৱাৰিলে।
Basi, twaona kwamba hawakuingia huko kwa sababu hawakuamini.

< ইব্ৰী 3 >