< ইব্ৰী 3 >

1 এই কাৰণে, হে স্বৰ্গীয় আমন্ত্ৰণৰ সহভাগী পবিত্ৰ ভাই সকল, আপোনালোকে যীচুলৈ মনোযোগ কৰক। তেওঁ আমি স্বীকাৰ কৰা ঈশ্বৰৰ পাঁচনি আৰু সেই মহা-পুৰোহিত।
হে স্ৱর্গীযস্যাহ্ৱানস্য সহভাগিনঃ পৱিত্রভ্রাতরঃ, অস্মাকং ধর্ম্মপ্রতিজ্ঞাযা দূতোঽগ্রসরশ্চ যো যীশুস্তম্ আলোচধ্ৱং|
2 ঈশ্বৰৰ পৰিয়ালৰ সমস্ত লোক সকলৰ প্রতি মোচি যেনেকৈ বিশ্বাসী আছিল, তেনেকৈ যীচু নিজেও তেওঁক নিযুক্ত কৰা ঈশ্বৰৰ প্রতি বিশ্বসী আছিল।
মূসা যদ্ৱৎ তস্য সর্ৱ্ৱপরিৱারমধ্যে ৱিশ্ৱাস্য আসীৎ, তদ্ৱৎ অযমপি স্ৱনিযোজকস্য সমীপে ৱিশ্ৱাস্যো ভৱতি|
3 কোনো লোকে যেতিয়া গৃহ নির্মাণ কৰে, তেতিয়া গৃহতকৈ গৃহ নির্মাতাৰ মৰ্যদা যেনেকৈ অধিক হয়, সেইদৰে, ঈশ্বৰে যীচুক মোচিতকৈ অধিক গৌৰৱৰ যোগ্যপাত্রৰূপে গণিত কৰিলে
পরিৱারাচ্চ যদ্ৱৎ তৎস্থাপযিতুরধিকং গৌরৱং ভৱতি তদ্ৱৎ মূসসোঽযং বহুতরগৌরৱস্য যোগ্যো ভৱতি|
4 কাৰণ প্ৰত্যেক গৃহ কোনো জনৰ দ্বাৰাই নির্মাণ কৰা হয়, কিন্তু যি জনে সকলোকে নির্মাণ কৰিলে, তেওঁ ঈশ্বৰ।
একৈকস্য নিৱেশনস্য পরিজনানাং স্থাপযিতা কশ্চিদ্ ৱিদ্যতে যশ্চ সর্ৱ্ৱস্থাপযিতা স ঈশ্ৱর এৱ|
5 মোচি সঁচাকৈয়ে ঈশ্বৰৰ সমস্ত গৃহৰ সেৱকৰূপে বিশ্বাসী আছিল। ভৱিষ্যতত যি যি কোৱা হ’ব, সেই সকলোৰে সম্বন্ধে মোচিয়ে সাক্ষ্য দি আছিল
মূসাশ্চ ৱক্ষ্যমাণানাং সাক্ষী ভৃত্য ইৱ তস্য সর্ৱ্ৱপরিজনমধ্যে ৱিশ্ৱাস্যোঽভৱৎ কিন্তু খ্রীষ্টস্তস্য পরিজনানামধ্যক্ষ ইৱ|
6 কিন্তু পুত্র হিচাপে খ্রীষ্ট হৈছে ঈশ্বৰৰ সেই গৃহৰ কর্তা। যদিহে আমি আমাৰ নিশ্চিত আশাৰ সম্পর্কে সাহস আৰু গর্ব দৃঢ়কৈ ধৰি ৰাখো, তেনেহলে ঈশ্বৰৰ গৃহ আমি বিশ্বাসী সকলেই হওঁ।
ৱযং তু যদি ৱিশ্ৱাসস্যোৎসাহং শ্লাঘনঞ্চ শেষং যাৱদ্ ধারযামস্তর্হি তস্য পরিজনা ভৱামঃ|
7 এই কাৰণে পবিত্ৰ আত্মাই যেনেকৈ কৈছে: “আজি যদি তোমালোকে ঈশ্বৰৰ মাত শুনিবলৈ পোৱা,
অতো হেতোঃ পৱিত্রেণাত্মনা যদ্ৱৎ কথিতং, তদ্ৱৎ, "অদ্য যূযং কথাং তস্য যদি সংশ্রোতুমিচ্ছথ|
8 তেনেহলে তোমালোকৰ হৃদয়বোৰ কঠিন নকৰিবা- যেনেকৈ ইস্ৰায়েলীয়া সকলে বিদ্রোহৰ দিনত কৰিছিল, মৰুপ্রান্তত সেই সময়ত পৰীক্ষা কৰাৰ দৰে নকৰিবা।
তর্হি পুরা পরীক্ষাযা দিনে প্রান্তরমধ্যতঃ| মদাজ্ঞানিগ্রহস্থানে যুষ্মাভিস্তু কৃতং যথা| তথা মা কুরুতেদানীং কঠিনানি মনাংসি ৱঃ|
9 তাত তোমালোকৰ ওপৰ-পুৰুষ সকলে চল্লিশ বছৰ ধৰি মোৰ কার্যবোৰ দেখিছিল, তথাপি তেওঁলোকে মোক পৰীক্ষা কৰাৰ দ্বাৰাই বিদ্রোহ কৰিছিল,
যুষ্মাকং পিতরস্তত্র মৎপরীক্ষাম্ অকুর্ৱ্ৱত| কুর্ৱ্ৱদ্ভি র্মেঽনুসন্ধানং তৈরদৃশ্যন্ত মৎক্রিযাঃ| চৎৱারিংশৎসমা যাৱৎ ক্রুদ্ধ্ৱাহন্তু তদন্ৱযে|
10 ১০ গতিকে, মই এই জাতিত বিৰক্ত হ’লো, মই ক’লো, এওঁলোক সদায় ভ্ৰান্ত হৃদয়ৰ লোক; তেওঁলোকে মোৰ পথ নাজানিলে;
১০অৱাদিষম্ ইমে লোকা ভ্রান্তান্তঃকরণাঃ সদা| মামকীনানি ৱর্ত্মানি পরিজানন্তি নো ইমে|
11 ১১ তাতে মই ক্রুদ্ধ হৈ এই শপত খালোঁ, ‘এওঁলোক মোৰ বিশ্ৰামত সোমাবলৈ নাপাব।”’
১১ইতি হেতোরহং কোপাৎ শপথং কৃতৱান্ ইমং| প্রেৱেক্ষ্যতে জনৈরেতৈ র্ন ৱিশ্রামস্থলং মম|| "
12 ১২ ভাই সকল, আপোনালোকে সতর্কতাৰে চলিব যাতে, কেনেবাকৈ জীৱনময় ঈশ্বৰৰ পৰা খহি পৰিবলৈ আপোনালোকৰ মাজত কোনো এজনৰে অবিশ্বাসী দুষ্ট হৃদয় নহয়।
১২হে ভ্রাতরঃ সাৱধানা ভৱত, অমরেশ্ৱরাৎ নিৱর্ত্তকো যোঽৱিশ্ৱাসস্তদ্যুক্তং দুষ্টান্তঃকরণং যুষ্মাকং কস্যাপি ন ভৱতু|
13 ১৩ যি সময়লৈকে ‘আজি’ বোলা সময় আছে, সেই সময়লৈ অাপোনালোকে প্রতিদিনে এজনে আন জনক উৎসাহ দিয়ক, তাতে আপোনালোকৰ কোনো এজনৰ হৃদয় পাপৰ ছলনাত পৰি কঠিন নহওক।
১৩কিন্তু যাৱদ্ অদ্যনামা সমযো ৱিদ্যতে তাৱদ্ যুষ্মন্মধ্যে কোঽপি পাপস্য ৱঞ্চনযা যৎ কঠোরীকৃতো ন ভৱেৎ তদর্থং প্রতিদিনং পরস্পরম্ উপদিশত|
14 ১৪ আৰম্ভণীতে খ্রীষ্টত আমাৰ যি বিশ্বাস আছিল, যদি শেষলৈকে আমি সেই বিশ্বাসত নিশ্চিত হৈ থাকো, তেনেহলে আমি খ্ৰীষ্টৰ সহভাগী;
১৪যতো ৱযং খ্রীষ্টস্যাংশিনো জাতাঃ কিন্তু প্রথমৱিশ্ৱাসস্য দৃঢৎৱম্ অস্মাভিঃ শেষং যাৱদ্ অমোঘং ধারযিতৱ্যং|
15 ১৫ এই বিষয়ে ইয়াকে কোৱা হৈছে, “আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা, তেনেহলে তোমালোকৰ হৃদয় কঠিন নকৰিবা, যেনেকৈ ইস্ৰায়েলী সকলে সেই বিদ্ৰোহৰ দিনত কৰিছিল।”
১৫অদ্য যূযং কথাং তস্য যদি সংশ্রোতুমিচ্ছথ, তর্হ্যাজ্ঞালঙ্ঘনস্থানে যুষ্মাভিস্তু কৃতং যথা, তথা মা কুরুতেদানীং কঠিনানি মনাংসি ৱ ইতি তেন যদুক্তং,
16 ১৬ কোনে ঈশ্বৰৰ মাত শুনাৰ পাছতো তেওঁৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল? তেওঁলোক সেই সকল লোকেই নহয় নে, যি সকলক মোচিয়ে মিচৰ দেশৰ পৰা বাহিৰ কৰি লৈ আহিছিল?
১৬তদনুসারাদ্ যে শ্রুৎৱা তস্য কথাং ন গৃহীতৱন্তস্তে কে? কিং মূসসা মিসরদেশাদ্ আগতাঃ সর্ৱ্ৱে লোকা নহি?
17 ১৭ ঈশ্বৰে চল্লিশ বছৰ ধৰি কাৰ ওপৰতেই বা ক্রুদ্ধ আছিল, সেই লোক সকলৰ ওপৰতে নহয় নে, যি সকলে পাপ কৰিছিল আৰু যি সকলৰ মৃতদেহ মৰুপ্রান্তত পৰি আছিল?
১৭কেভ্যো ৱা স চৎৱারিংশদ্ৱর্ষাণি যাৱদ্ অক্রুধ্যৎ? পাপং কুর্ৱ্ৱতাং যেষাং কুণপাঃ প্রান্তরে ঽপতন্ কিং তেভ্যো নহি?
18 ১৮ ঈশ্বৰে কাৰ বিৰুদ্ধে বা শপত খাই কৈছিল, “এওঁলোকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব?” যি সকল অবাধ্য, তেওঁলোকৰ বিৰুদ্ধে নহয় নে?
১৮প্রৱেক্ষ্যতে জনৈরেতৈ র্ন ৱিশ্রামস্থলং মমেতি শপথঃ কেষাং ৱিরুদ্ধং তেনাকারি? কিম্ অৱিশ্ৱাসিনাং ৱিরুদ্ধং নহি?
19 ১৯ ইয়াতে আমি দেখো যে, অবিশ্বাসৰ কাৰণেই তেওঁলোক সোমাব নোৱাৰিলে।
১৯অতস্তে তৎ স্থানং প্রৱেষ্টুম্ অৱিশ্ৱাসাৎ নাশক্নুৱন্ ইতি ৱযং ৱীক্ষামহে|

< ইব্ৰী 3 >