< ইব্ৰী 12 >

1 এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে বেৰি থকা দেখি, আহক, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰোহঁক,
Τοιγαροῦν καὶ ἡμεῖς, τοσοῦτον ἔχοντες περικείμενον ἡμῖν νέφος μαρτύρων, ὄγκον ἀποθέμενοι πάντα καὶ τὴν εὐπερίστατον ἁμαρτίαν διʼ ὑπομονῆς, τρέχωμεν τὸν προκείμενον ἡμῖν ἀγῶνα,
2 আহক আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক; তেওঁ তেওঁৰ আগত থকা আনন্দৰ কাৰণে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।
ἀφορῶντες εἰς τὸν τῆς πίστεως ἀρχηγὸν καὶ τελειωτὴν, ˚Ἰησοῦν, ὃς ἀντὶ τῆς προκειμένης αὐτῷ χαρᾶς, ὑπέμεινεν σταυρὸν, αἰσχύνης καταφρονήσας, “ἐν δεξιᾷ τε τοῦ θρόνου τοῦ ˚Θεοῦ κεκάθικεν”.
3 এতেকে আপোনালোকে যেন নিজ নিজ প্ৰাণৰ ক্লান্তিত ক্লান্ত নহব, এই কাৰণে যি জনে নিজৰ বিৰুদ্ধে কৰা পাপী সকলৰ এনে প্ৰতিবাদ সহন কৰিছিল, তেওঁলৈ মনোযোগ কৰোঁ আহক।
Ἀναλογίσασθε γὰρ τὸν τοιαύτην ὑπομεμενηκότα ὑπὸ τῶν ἁμαρτωλῶν εἰς αὑτούς ἀντιλογίαν, ἵνα μὴ κάμητε, ταῖς ψυχαῖς ὑμῶν ἐκλυόμενοι.
4 আপোনালোকে পাপৰ লগত যুদ্ধ কৰি এতিয়াও তেজ বোৱালৈকে প্ৰতিৰোধ কৰা নাই;
Οὔπω μέχρις αἵματος ἀντικατέστητε, πρὸς τὴν ἁμαρτίαν ἀνταγωνιζόμενοι,
5 আৰু যি আশ্বাসৰ বাণীয়ে, পুত্ৰ বুলি আপোনালোকৰ লগত কথা-বাৰ্ত্তা কৰিছে, বোলে- “হে মোৰ পুত্ৰ প্ৰভুৰ শাসন হেয়জ্ঞান নকৰিবা, আৰু তেওঁৰ পৰা অনুযোগ পালে ক্লান্ত নহবা”;
καὶ ἐκλέλησθε τῆς παρακλήσεως, ἥτις ὑμῖν ὡς υἱοῖς διαλέγεται, “Υἱέ μου, μὴ ὀλιγώρει παιδείας ˚Κυρίου, μηδὲ ἐκλύου ὑπʼ αὐτοῦ ἐλεγχόμενος·
6 কিয়নো প্ৰভুৱে যাক প্ৰেম কৰে, তেওঁক শাস্তি দিয়ে, আৰু তেওঁ গ্ৰহন কৰা প্ৰতিজন পুত্ৰক কোবায়; এই কথা আপোনালোকে পাহৰিলে।
ὃν γὰρ ἀγαπᾷ ˚Κύριος, παιδεύει, μαστιγοῖ δὲ πάντα υἱὸν ὃν παραδέχεται.”
7 আপোনালোকে যি সহন কৰি আছে, সেয়ে আপোনালোকৰ শাসনৰ অৰ্থে, ঈশ্বৰে পুত্ৰ সকলৰ প্ৰতি যেনেকৈ, তেনেকৈ আপোনালোকৰ প্ৰতিও ব্যৱহাৰ কৰি আছে; কিয়নো পিতৃয়ে শাস্তি নিদিয়া এনে কোন পুত্ৰ আছে?
Εἰς παιδείαν ὑπομένετε, ὡς υἱοῖς ὑμῖν προσφέρεται ὁ ˚Θεός· τίς γὰρ υἱὸς ὃν οὐ παιδεύει πατήρ;
8 কিন্তু সকলোৱে যি শাসনৰ সহভাগী হ’ল, আপোনালোকে যদি তাৰ ভাগী নহয়, তেনেহলে আপোনালোক জাৰজহে পুত্ৰ নহয়।
Εἰ δὲ χωρίς ἐστε παιδείας, ἧς μέτοχοι γεγόνασι πάντες, ἄρα νόθοι καὶ οὐχ υἱοί ἐστε.
9 ইয়াৰ বাহিৰেও আমাৰ মাংসিক পিতৃ সকল শাসনকৰ্তা আছিল, আৰু আমি তেওঁলোকক সমাদৰ কৰিছিলোঁ; পাছত তাতকৈ, যি জন আত্মা সমূহৰ পিতৃ, তেওঁৰ বশীভূত হৈ জীৱন-ধাৰণ নকৰিম নে?
Εἶτα τοὺς μὲν τῆς σαρκὸς ἡμῶν πατέρας εἴχομεν παιδευτὰς, καὶ ἐνετρεπόμεθα· οὐ πολὺ μᾶλλον ὑποταγησόμεθα τῷ Πατρὶ τῶν πνευμάτων, καὶ ζήσομεν;
10 ১০ তেওঁলোকে হ’লে, যেনেকৈ উচিত দেখিছিল, তেনেকৈ অলপ দিনৰ কাৰণে শাস্তি দিছিল; কিন্তু তেওঁ হ’লে আমাৰ হিতৰ কাৰণে, অৰ্থাৎ আমি যেন তেওঁৰ পবিত্ৰতাৰ ভাগী হওঁ, তাৰ কাৰণে শাস্তি দিছে।
Οἱ μὲν γὰρ πρὸς ὀλίγας ἡμέρας κατὰ τὸ δοκοῦν αὐτοῖς ἐπαίδευον, ὁ δὲ ἐπὶ τὸ συμφέρον, εἰς τὸ μεταλαβεῖν τῆς ἁγιότητος αὐτοῦ.
11 ১১ সকলো শাস্তি উপস্থিত সময়ত আনন্দৰ বিষয় নহয়, কিন্তু দুখৰ বিষয় যেন দেখা যায়, তথাপি পাছত তাৰ দ্বাৰাই অভ্যাস পোৱা লোক সকলক ধাৰ্মিকতাৰ শান্তিযুক্ত ফল দিয়ে।
Πᾶσα δὲ παιδεία πρὸς μὲν τὸ παρὸν, οὐ δοκεῖ χαρᾶς εἶναι, ἀλλὰ λύπης, ὕστερον δὲ καρπὸν εἰρηνικὸν τοῖς διʼ αὐτῆς γεγυμνασμένοις ἀποδίδωσιν δικαιοσύνης.
12 ১২ এই কাৰণে আপোনালোকে ওলমি পৰা হাত আৰু জঠৰ আঁঠু পোন কৰক;
Διὸ τὰς παρειμένας χεῖρας, καὶ τὰ παραλελυμένα γόνατα, ἀνορθώσατε,
13 ১৩ আৰু খোৰাই যেন বিপথগামী নহয়, বৰং সুস্থ হয়, এই কাৰণে নিজ নিজ ভৰি লৈ, পোন বাট কৰক।
καὶ “τροχιὰς ὀρθὰς ποιεῖτε τοῖς ποσὶν ὑμῶν”, ἵνα μὴ τὸ χωλὸν ἐκτραπῇ, ἰαθῇ δὲ μᾶλλον.
14 ১৪ সকলোৱে সহিত ঐক্য, আৰু যি পবিত্ৰতাৰ অবিহনে কোনেও প্ৰভুৰ দৰ্শন নাপাব, সেই পবিত্ৰতাকো খেদি যাওঁক;
Εἰρήνην διώκετε μετὰ πάντων, καὶ τὸν ἁγιασμόν, οὗ χωρὶς οὐδεὶς ὄψεται τὸν ˚Κύριον.
15 ১৫ পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহবিহীন হয়, বা কোনো তিতাৰ মূল ওলাই আপোনালোকৰ বিঘিনি জন্মোৱাত, তাৰ দ্বাৰাই অধিক ভাগ অশুচি হৈ যায়;
Ἐπισκοποῦντες μή τις ὑστερῶν ἀπὸ τῆς χάριτος τοῦ ˚Θεοῦ, μή τις ῥίζα πικρίας ἄνω φύουσα ἐνοχλῇ, καὶ διʼ αὐτῆς μιανθῶσιν οἱ πολλοί,
16 ১৬ বা এসাঁজ আহাৰৰ কাৰণে নিজ জ্যেষ্ঠাধিকাৰ বেচা যি এচৌ, তেওঁৰ নিচিনা কোনো ধৰ্মনিন্দক, বা কোনো ব্যভিচাৰী হয়, তালৈ সাৱধানে দৃষ্টি ৰাখিবা।
μή τις πόρνος ἢ βέβηλος, ὡς Ἠσαῦ, ὃς ἀντὶ βρώσεως μιᾶς, ἀπέδετο τὰ πρωτοτόκια ἑαυτοῦ.
17 ১৭ কিয়নো আপোনালোকে জানে যে, এচৌৱে পাছত সেই আশীৰ্বাদৰ অধিকাৰী হ’বৰ বাবে ইচ্ছা কৰিলে আৰু চকুলোৰে সযত্নে বিচাৰিলতো, অগ্ৰাহ্য হ’ল, কাৰণ তেওঁ মন-পালটন কৰিবলৈ ঠাই নাপালে।
ἴστε γὰρ ὅτι καὶ μετέπειτα θέλων κληρονομῆσαι τὴν εὐλογίαν, ἀπεδοκιμάσθη, μετανοίας γὰρ τόπον οὐχ εὗρεν, καίπερ μετὰ δακρύων ἐκζητήσας αὐτήν.
18 ১৮ কিয়নো স্পৰ্শনীয় আৰু অগ্নিৰে প্ৰজ্বলিত পৰ্বত ক’লা বৰণীয়া মেঘ, আন্ধাৰ, ধুমুহা, বতাহ, তুৰীৰ ধ্বনি, আৰু বাক্যৰ শব্দ, এইবোৰৰ ওচৰলৈ আপোনালোক অহা নাই;
Οὐ γὰρ προσεληλύθατε, ψηλαφωμένῳ καὶ κεκαυμένῳ πυρὶ, καὶ γνόφῳ, καὶ ζόφῳ, καὶ θυέλλῃ,
19 ১৯ সেই মাত শুনা লোক সকলে এই প্ৰাৰ্থনা কৰিলে যে, তেওঁলোকক যেন পুনৰ কোনো বাক্য কোৱা নহয়;
καὶ σάλπιγγος ἤχῳ, καὶ φωνῇ ῥημάτων, ἧς οἱ ἀκούσαντες, παρῃτήσαντο μὴ προστεθῆναι αὐτοῖς λόγον·
20 ২০ কিয়নো কোনো পশুৱেও যদি সেই পৰ্বত স্পৰ্শ কৰে, তেনেহলে তাক শিল দলিয়াই মৰা হ’ব, এই আজ্ঞা তেওঁলোকে সহিব নোৱাৰিলে,
οὐκ ἔφερον γὰρ τὸ διαστελλόμενον, “Κἂν θηρίον θίγῃ τοῦ ὄρους, λιθοβοληθήσεται”·
21 ২১ আৰু সেই দৰ্শন এনে ভয়ঙ্কৰ যে, মোচিয়ে কৈছিল, মই বৰ ভয় পাই কঁপি আছোঁ;
καί οὕτω φοβερὸν ἦν τὸ φανταζόμενον, Μωϋσῆς εἶπεν, “Ἔκφοβός εἰμι καὶ ἔντρομος.”
22 ২২ কিন্তু চিয়োন পৰ্বত, জীৱনময় ঈশ্বৰৰ নগৰ, স্বৰ্গীয় যিৰূচালেম, আৰু তাত দহ হাজাৰ স্বৰ্গৰ দূতে গুণ-কীৰ্তন কৰে৷
Ἀλλὰ προσεληλύθατε Σιὼν Ὄρει καὶ πόλει ˚Θεοῦ ζῶντος, Ἰερουσαλὴμ ἐπουρανίῳ, καὶ μυριάσιν ἀγγέλων πανηγύρει,
23 ২৩ স্বৰ্গত নাম লিখা প্ৰথমে জন্ম পোৱা সকলৰ মহাসভা আৰু মণ্ডলী, সকলোৰে বিচাৰকৰ্তা ঈশ্বৰ, সিদ্ধ হোৱা ধাৰ্মিক লোক সকলৰ আত্মা সমূহ,
καὶ ἐκκλησίᾳ πρωτοτόκων, ἀπογεγραμμένων ἐν οὐρανοῖς, καὶ κριτῇ ˚Θεῷ πάντων, καὶ πνεύμασι δικαίων τετελειωμένων,
24 ২৪ নতুন নিয়মৰ মধ্যস্থ যীচু, আৰু হেবলতকৈ অতি উত্তম কথা কওঁতা শান্তি কৰা তেজ, এই সকলোৰ ওচৰলৈ অাপোনালোক আহিল।
καὶ διαθήκης νέας μεσίτῃ, ˚Ἰησοῦ, καὶ αἵματι ῥαντισμοῦ, κρεῖττον λαλοῦντι παρὰ τὸν Ἅβελ.
25 ২৫ সাৱধান, বাক্য কওঁতা জনক আপোনালোকে অগ্ৰাহ্য নকৰিব, কিয়নো যি জনে পৃথিৱীত আদেশ দিছিল সেই জনক অগ্ৰাহ্য কৰা সকলেই যদি নাসাৰিল, তেনেহলে যি জনে স্বৰ্গৰ পৰাই আদেশ দিলে, তেওঁৰ কৰা বিমুখ হলে আমি যে নাসাৰিম; এই কথা কিমান অধিক গুণে নিশ্চয়!
Βλέπετε, μὴ παραιτήσησθε τὸν λαλοῦντα. Εἰ γὰρ ἐκεῖνοι οὐκ ἐξέφυγον ἐπὶ γῆς, παραιτησάμενοι τὸν χρηματίζοντα, πολὺ μᾶλλον ἡμεῖς οἱ τὸν ἀπʼ οὐρανῶν ἀποστρεφόμενοι·
26 ২৬ তেতিয়া তেওঁৰ ধ্বনিয়ে পৃথিৱী লৰাইছিল; কিন্তু এতিয়া তেওঁ প্ৰতিজ্ঞা কৰিলে, বোলে, আৰু এবাৰ মই কেৱল পৃথিৱী লৰাম, এনে নহয় আকাশকো লৰাম।
οὗ ἡ φωνὴ τὴν γῆν ἐσάλευσεν τότε, νῦν δὲ ἐπήγγελται λέγων, “Ἔτι ἅπαξ ἐγὼ σείσω, οὐ μόνον τὴν γῆν, ἀλλὰ καὶ τὸν οὐρανόν.”
27 ২৭ ইয়াতে, ‘আৰু এবাৰ’, এই শব্দই, অলৰ বস্তুবোৰ থাকিবৰ কাৰণে, নিৰ্ম্মিত বস্তুৰ দৰে লৰোৱা বস্তুবোৰ দূৰ কৰা বুজাইছে।
Τὸ δὲ, “ἔτι ἅπαξ”, δηλοῖ τὴν τῶν σαλευομένων μετάθεσιν, ὡς πεποιημένων, ἵνα μείνῃ τὰ μὴ σαλευόμενα.
28 ২৮ এই হেতুকে আমি অলৰ ৰাজ্যৰ অধিকাৰী হোৱাত, আহা, যি অনুগ্ৰহৰ দ্বাৰাই আমি ভক্তি আৰু ভয়েৰে সন্তোষজনক ৰূপত ঈশ্বৰৰ আৰাধনা কৰিব পাৰোঁ, সেই অনুগ্ৰহ গ্ৰহন কৰি লওঁহক;
Διὸ βασιλείαν ἀσάλευτον παραλαμβάνοντες, ἔχωμεν χάριν, διʼ ἧς λατρεύωμεν εὐαρέστως τῷ ˚Θεῷ μετὰ εὐλαβείας καὶ δέους.
29 ২৯ কিয়নো আমাৰ ঈশ্বৰ গ্ৰাসকাৰী অগ্নিস্বৰূপ।
Καὶ “γὰρ ὁ ˚Θεὸς ἡμῶν πῦρ καταναλίσκον”.

< ইব্ৰী 12 >