< ইব্ৰী 11 >

1 বিশ্বাস হৈছে, আশা কৰা বিষয়ৰ নিশ্চিত জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি।
Men Tro er en Fortrøstning til det, som haabes, en Overbevisning om Ting, som ikke ses.
2 কিয়নো তাতেই বিশ্বাসৰ দ্বাৰাই আমাৰ বৃদ্ধ পুৰুষ সকলে সাক্ষ্য পালে।
Ved den fik jo de gamle godt Vidnesbyrd.
3 বিশ্বাসৰ দ্বাৰাই আমি বুজিলো যে, সৃষ্টি খন ঈশ্বৰৰ বাক্যৰ যোগেদি স্থাপন কৰা হ’ল; তাতে দৃশ্যবস্তুবোৰ যে প্ৰকাশিত বস্তুবোৰৰ পৰা উৎপন্ন কৰা হ’ল, এনে নহয়। (aiōn g165)
Ved Tro fatte vi, at Verden er bleven skabt ved Guds Ord, saa det ikke er af synlige Ting, at det, som ses, er blevet til. (aiōn g165)
4 বিশ্বাসৰ গুণে হেবলে ঈশ্বৰৰ উদ্দেশ্যে কয়িনতকৈয়ো উত্তম বলিদান উৎসৰ্গ কৰিলে; আৰু তাৰ দ্বাৰায়েই, তেওঁ যে ধাৰ্মিক, ইয়াৰে সাক্ষ্য পালে৷ ঈশ্বৰে তেওঁৰ উপহাৰৰ বিষয়ে সাক্ষ্য দিছিল; আৰু তাৰ দ্বাৰাই তেওঁ মৃত হৈয়ো এতিয়ালৈকে কথা কৈ আছে।
Ved Tro ofrede Abel Gud et bedre Offer end Kain, og ved den fik han det Vidnesbyrd, at han var retfærdig, idet Gud bevidnede sit Velbehag i hans Gaver; og ved den taler han endnu efter sin Død.
5 বিশ্বাসৰ গুণে, হনোকে মৃত্যু নেদেখিবৰ কাৰণে, তেওঁক লোকান্তৰলৈ নিয়া হ’ল; তাতে তেওঁক পোৱা নগ’ল; কিয়নো ঈশ্বৰে তেওঁক লোকান্তৰলৈ নিলে; কাৰণ লোকান্তৰলৈ নিয়াৰ পূৰ্বেই, তেওঁ যে ঈশ্বৰক সন্তুষ্ট কৰিলে, ইয়াৰ সাক্ষ্য পালে।
Ved Tro blev Enok borttagen, for at han ikke skulde se Døden, og han blev ikke funden, efterdi Gud havde taget ham bort; thi før Borttagelsen har han faaet det Vidnesbyrd, at han har behaget Gud.
6 কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য; কিয়নো, ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে।
Men uden Tro er det umuligt at behage ham; thi den, som kommer frem for Gad, bør tro, at han er til, og at han bliver deres Belønner, som søge ham.
7 বিশ্বাসৰ গুণে নোহে, ভাবি বিষয়ত আদেশ পাই ভয়তে নিজৰ পৰিয়ালৰ পৰিত্রাণৰ অৰ্থে এখন জাহাজ নিৰ্ম্মাণ কৰিলে, আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি, নিজে বিশ্বাসমূলক ধাৰ্মিকতাৰ অধিকাৰী হ’ল।
Ved Tro var det, at Noa, advaret af Gud om det, som endnu ikke saas, i Gudsfrygt indrettede en Ark til Frelse for sit Hus; ved den domfældte han Verden og blev Arving til Retfærdigheden ifølge Tro.
8 ঈশ্বৰত বিশ্বাস আছিল কাৰণে ঈশ্বৰে যেতিয়া অব্ৰাহামক আহ্বান কৰিলে, তেতিয়া তেওঁ বাধ্য হ’ল, আৰু তেওঁক যি দেশ দিম বুলি ঈশ্বৰে কৈছিল, সেই দেশ অধিকাৰ কৰিবৰ বাবে তেওঁ গৈছিল; আৰু ক’লৈ যাব লাগে, সেই বিষয়ে নাজানিও ওলাই গৈছিল।
Ved Tro adlød Abraham, da han blev kaldet, saa han gik ud til et Sted, som han skulde tage til Arv; og han gik ud, skønt han ikke vidste, hvor han kom hen.
9 এইদৰে বিশ্বাসৰ দ্বাৰাই তেওঁ বিদেশীৰ দৰে প্ৰতিজ্ঞাৰ দেশত প্ৰবাসী হৈ থাকিল৷ সেই একে প্ৰতিজ্ঞাৰ সহধিকাৰী ইচহাক আৰু যাকোবৰ সহিত তম্বুত বাস কৰিছিল;
Ved Tro blev han Udlænding i Forjættelsens Land som i et fremmed og boede i Telte med Isak og Jakob, som vare Medarvinger til samme Forjættelse;
10 ১০ কিয়নো যি নগৰৰ প্ৰতিস্থাপক আৰু নিৰ্ম্মাণকৰ্ত্তা ঈশ্বৰ, সেই ভিত্তিমূল থকা নগৰ বাবে তেওঁ অপেক্ষা কৰি আছিল।
thi han forventede den Stad, som har fast Grundvold, hvis Bygmester og Grundlægger er Gud.
11 ১১ বিশ্বাসৰ যোগেদি অব্ৰাহাম আৰু চাৰায়ো অতিৰিক্ত বয়সত বংশ উৎপাদনৰ শক্তি পালে; কিয়নো তেওঁ প্ৰতিজ্ঞা কৰা জনক বিশ্বাসী বুলি জ্ঞান কৰিছিল।
Ved Tro fik endog Sara selv Kraft til at undfange endog ud over sin Alders Tid; thi hun holdt ham for trofast, som havde forjættet det.
12 ১২ এই হেতুকে এজনৰ পৰা, সেই মৃত্যু তুল্য জনৰ পৰাই, লেখত আকাশৰ তৰাবোৰৰ সমান, আৰু সাগৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্য লোক উৎপন্ন হ’ল।
Derfor avledes der ogsaa af en, og det en udlevet, som Himmelens Stjerner i Mangfoldighed og som Sandet ved Havets Bred, det, som ikke kan tælles.
13 ১৩ সেই সকলো বিশ্বাসত মৰিল; তেওঁলোকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে; কিন্তু দূৰৈতে সেইবোৰক দেখি নমস্কাৰ কৰিছিল; আৰু নিজে যে পৃথিৱীত বিদেশী আৰু প্ৰবাসী, তাক স্বীকাৰ কৰিছিল।
I Tro døde alle disse uden at have opnaaet Forjættelserne; men de saa dem langt borte og hilsede dem og bekendte, at de vare fremmede og Udlændinge paa Jorden.
14 ১৪ কিয়নো যি সকলে এনেকুৱা কথা কয়, তেওঁলোকে যে নিজ দেশ বিচাৰিছে, ইয়াকে প্ৰকাশ কৰে।
De, som sige saadant, give jo klarlig til Kende, at de søge et Fædreland.
15 ১৫ তেওঁলোকে যি দেশৰ পৰা ওলাই আহিছিল, তালৈ মন কৰা হ’লে, অৱশ্যে উলটি যাবলৈ সু-সময় পালেহেঁতেন।
Og dersom de havde haft det, hvorfra de vare udgaaede, i Tanker, havde de vel haft Tid til at vende tilbage;
16 ১৬ কিন্তু এতিয়া তেওঁলোকে তাতকৈ এটি উত্তম স্বৰ্গীয় দেশলৈ আকাংক্ষা কৰে; এই হেতুকে ঈশ্বৰে, তেওঁলোকৰ ঈশ্বৰ বুলি প্ৰখ্যাত হ’বলৈ লাজ নাপায়; কিয়নো তেওঁলোকৰ কাৰণে তেওঁ এখন নগৰ যুগুত কৰিলে।
men nu hige de efter et bedre, det er et himmelsk; derfor skammer Gud sig ikke ved dem, ved at kaldes deres Gud; thi han har beredt dem en Stad.
17 ১৭ অব্ৰাহাম পৰীক্ষিত হোৱাত, বিশ্বাসৰ দ্বাৰাই ইচহাকক উ‌‌ৎসৰ্গ কৰিলে৷ হয়, তেওঁ আনন্দেৰে সেই প্ৰতিজ্ঞা গ্ৰহন কৰি নিজৰ একমাত্ৰ পুত্ৰক উৎসৰ্গ কৰিলে,
Ved Tro har Abraham ofret Isak, da han blev prøvet, ja, den enbaarne ofrede han, som havde modtaget Forjættelserne,
18 ১৮ যি জনৰ বিষয়ে কৈছিল, “ইচহাকৰ জৰিয়তে তোমাৰ বংশধৰ সকলক দেখা পাবা৷”
til hvem der var sagt: „I Isak skal en Sæd faa Navn efter dig; ‟
19 ১৯ কাৰণ ঈশ্বৰে যে মৃত লোকৰ মাজৰ পৰাও তুলিব পাৰে, ইয়াকে অব্ৰাহামে দৃঢ় বিশ্বাস কৰিছিল, আৰু তাৰ পৰা দৃষ্টান্ত স্বৰূপে তেওঁক পুনৰায় পালেও।
thi han betænkte, at Gud var mægtig endog til at oprejse fra de døde, hvorfra han jo ogsaa lignelsesvis fik ham tilbage.
20 ২০ বিশ্বাসৰ দ্বাৰাই ইচহাকে ভবিষ্যত বিষয়ৰ কথাত যাকোব আৰু এচৌক আশীৰ্বাদ কৰিলে।
Ved Tro udtalte Isak Velsignelse over Jakob og Esau angaaende kommende Ting.
21 ২১ বিশ্বাসৰ দ্বাৰাই যাকোবে, মৰণ-কালত যোচেফৰ পুত্ৰ দুজনৰ প্ৰতিজনক আশীৰ্বাদ কৰিলে; আৰু নিজৰ লাখুটিৰ মূৰত ভৰ দি, ভজনাও কৰিলে।
Ved Tro velsignede Jakob døende hver af Josefs Sønner og tilbad, lænende sig over sin Stav.
22 ২২ বিশ্বাসৰ দ্বাৰাই যোচেফে অন্তিম কালত মিচৰ দেশৰ পৰা ইস্ৰায়েলৰ সন্তান সকলক ওলাই যোৱাৰ বিষয়ে উল্লেখ কৰিলে, আৰু নিজৰ অস্থিৰ বিষয়ে আদেশ দিলে।
Ved Tro talte Josef paa sit yderste om Israels Børns Udgang og gav Befaling om sine Ben.
23 ২৩ মোচিৰ জন্ম হোৱাত মাক-বাপেকে তিনি মাহলৈকে তেওঁক লুকুৱাই থোৱা হৈছিল; বিশ্বাস আছিল কাৰণে তেওঁলোকে তেনেকৈ ৰাখিছিল৷ কিয়নো তেওঁলোকে দেখিলে যে, লৰা জন অতি সুন্দৰ; আৰু ৰজাৰ আজ্ঞালৈ তেওঁলোকে ভয় নকৰিলে।
Ved Tro blev Moses, da han var født, skjult i tre Maaneder af sine Forældre, fordi de saa, at Barnet var dejligt, og de frygtede ikke for Kongens Befaling.
24 ২৪ বিশ্বাসৰ দ্বাৰাই মোচি বয়সত বৃদ্ধি পায় বাঢ়িবলৈ ধৰিলে, আৰু ফৌৰণৰ জীয়েকৰ পুত্ৰ বুলি প্ৰখ্যাত হ’বলৈ অস্বীকাৰ কৰিলে;
Ved Tro nægtede Moses, da han var bleven stor, at kaldes Søn af Faraos Datter
25 ২৫ কিয়নো তেওঁ পাপৰ অলপদিনীয়া সুখভোগ কৰাতকৈ, ঈশ্বৰৰ লোকৰ লগত দুখভোগ কৰাকে মনোনীত কৰিলে,
og valgte hellere at lide ondt med Guds Folk end at have en kortvarig Nydelse af Synd,
26 ২৬ আৰু মিচৰৰ সকলো সম্পত্তিতকৈ খ্ৰীষ্টৰ নিন্দা মহা ধন জ্ঞান কৰিলে; কিয়নো তেওঁ পুৰস্কাৰ-দানলৈ দৃষ্টি কৰিছিল।
idet han agtede Kristi Forsmædelse for større Rigdom end Ægyptens Skatte; thi han saa hen til Belønningen.
27 ২৭ বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি, মিচৰ দেশ ত্যাগ কৰিলে; কিয়নো অদৃশ্য জনক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল।
Ved Tro forlod han Ægypten uden at frygte for Kongens Vrede; thi som om han saa den usynlige, holdt han ud.
28 ২৮ আৰু প্ৰথমে জন্ম পোৱা সকলৰ সংহাৰকৰ্ত্তাই তেওঁলোকক স্পৰ্শ নকৰিবৰ কাৰণে, তেওঁ বিশ্বাসৰ গুণে নিস্তাৰ-পৰ্ব পালন আৰু তেজ লগোৱা কাৰ্য কৰিলে।
Ved Tro har han indstiftet Paasken og Paastrygelsen af Blodet, for at den, som ødelagde de førstefødte, ikke skulde røre dem.
29 ২৯ বিশ্বাসৰ দ্বাৰাই তেওঁলোকে, শুকান মাটিয়েদি যোৱাৰ দৰে, লোহিত সাগৰৰ মাজেদি যাত্ৰা কৰিলে; কিন্তু মিচৰ দেশৰ লোক সকলে আহিবলৈ চেষ্টা কৰোঁতে তেওঁলোকক গ্ৰাস কৰা হ’ল।
Ved Tro gik de igennem det røde Hav som over tørt Land, medens Ægypterne druknede under Forsøget derpaa.
30 ৩০ বিশ্বাসৰ দ্বাৰাই সাত দিন যিৰীহোৰ গড় প্ৰদক্ষিণ কৰোঁতে সেই গড় খহি পৰিল।
Ved Tro faldt Jerikos Mure, efter at de vare omgaaede i syv Dage.
31 ৩১ বিশ্বাসৰ দ্বাৰাই ৰাহাব বেশ্যাই চোৰাংচোৱা সকলক শান্তিৰে আলহীৰূপে গ্ৰহন কৰোঁতে, অবাধ্য সকলৰ লগত তেওঁ বিনষ্ট নহ’ল।
Ved Tro undgik Skøgen Rahab at omkomme med de genstridige; thi hun modtog Spejderne med Fred.
32 ৩২ আৰু অধিক কি ক’ম, গিদিয়োন, বাৰাক, চিমচোন, যিপ্তহ, দায়ুদ, চমূৱেল, আৰু ভাৱবাদী সকল, এই সকলোৰে বৃত্তান্ত ক’বলৈ গলে সময় নোজোৰে;
Dog, hvorfor skal jeg tale mere? Tiden vil jo fattes mig, hvis jeg skal fortælle om Gideon, Barak, Samson, Jefta, David og Samuel og Profeterne,
33 ৩৩ তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নানা ৰাজ্য পৰাজয় কৰিলে, ধাৰ্মিকতাৰ কৰ্ম কৰিলে, প্ৰতিজ্ঞাৰ ফল পালে, সিংহবোৰৰ মুখ বন্ধ কৰিলে, অগ্নিৰ তাপ নুমুৱালে,
som ved Tro overvandt Riger, øvede Retfærdighed, opnaaede Forjættelser, stoppede Løvers Mund,
34 ৩৪ তৰোৱালৰ মুখৰ পৰা হাত সাৰিলে, দূৰ্বলতাৰ পৰাও বলৱন্ত হ’ল, যুদ্ধত পৰাক্ৰমী হ’ল, অন্য জাতিৰ সৈন্যবোৰক হৰুৱালে।
slukkede Ilds Kraft, undslap Sværds Od, bleve stærke efter Svaghed, bleve vældige i Krig, bragte fremmedes Hære til at vige.
35 ৩৫ তিৰোতা সকলে নিজ নিজ মৃত লোকক পুনৰুত্থানৰ দ্বাৰাই পুনৰায় পালে; আৰু আন লোক সকলে শ্ৰেষ্ঠ পুনৰুত্থানৰ ভাগী হ’বৰ কাৰণে, মুক্তি অগ্ৰাহ্য কৰি, যন্ত্ৰণা-যন্ত্ৰত প্ৰহাৰৰ দ্বাৰাই হত হ’ল।
Kvinder fik deres døde igen ved Opstandelse. Andre bleve lagte paa Pinebænk og toge ikke imod Befrielse, for at de maatte opnaa en bedre Opstandelse.
36 ৩৬ আন আন মানুহে বিদ্ৰূপ আৰু চাবুকৰ কোব, বন্ধন আৰু বন্দীশালৰ পৰীক্ষা পালে;
Andre maatte friste Forhaanelser og Hudstrygelser, tilmed Lænker og Fængsel;
37 ৩৭ তেওঁলোকক শিল দলিয়াই মৰা হ’ল, কৰতেৰে ফলা হ’ল, তেওঁলোক নানা ধৰণৰ পৰীক্ষাৰে পৰীক্ষিত হ’ল; তেওঁলোকক তৰোৱালেৰে বধ কৰা হ’ল; তেওঁলোকে দীনহীন, আৰু ক্লেশ আৰু অত্যাচাৰ প্ৰাপ্তহৈ, মেষ আৰু ছাগলীৰ ছাল পিন্ধি ফুৰিছিল;
de bleve stenede, gennemsavede, fristede, dræbte med Sværd, gik omkring i Faare- og Gedeskind, lidende Mangel, betrængte, mishandlede
38 ৩৮ (এই জগত তেওঁলোকৰ যোগ্য নাছিল; ) তেওঁলোক নিৰ্জন ঠাইত, পৰ্বতত, গুহাত, আৰু পৃথিৱীৰ গহ্বৰত ফুৰিছিল;
(dem var Verden ikke værd), omvankende i Ørkener og paa Bjerge og i Huler og Jordens Kløfter.
39 ৩৯ এই সকলোৱে, বিশ্বাসৰ দ্বাৰাই সাক্ষ্য পালেও, প্ৰতিজ্ঞাৰ ফল নাপালে;
Og alle disse, skønt de havde Vidnesbyrd for deres Tro, opnaaede ikke Forjættelsen,
40 ৪০ কিয়নো ঈশ্বৰে আমাৰ কাৰণে কোনো শ্ৰেষ্ঠ বিষয় যুগুত কৰি ৰখা বাবে আমাৰ অবিহনে তেওঁলোকক সিদ্ধ হ’বলৈ নিদিলে।
efterdi Gud forud havde udset noget bedre for os, for at de ikke skulde fuldkommes uden os.

< ইব্ৰী 11 >