< আদিপুস্তক 9 >

1 ঈশ্বৰে নোহ আৰু তেওঁৰ পুত্ৰসকলক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হৈ বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা।
And God blessed Noah and his sons. And he said to them: “Increase, and multiply, and fill the earth.
2 পৃথিৱীৰ সকলো জীৱ-জন্তু, আকাশৰ চৰাই, মাটিত বগাই ফুৰা সকলোবোৰ প্রাণী আৰু সমুদ্ৰৰ সকলো মাছে তোমালোকক ভয় কৰিব; সেইবোৰ তোমালোকৰ হাতত শোধাই দিয়া হৈছে।
And let the fear and trembling of you be upon all the animals of the earth, and upon all the birds of the air, along with all that moves across the earth. All the fish of the sea have been delivered into your hand.
3 সকলো চলা-ফুৰা কৰা প্রাণীয়েই তোমালোকৰ আহাৰ হ’ব; যি দৰে তোমালোকক সকলো সেউজীয়া শস্য আদি আহাৰ হিচাবে দিলোঁ, তেনেদৰে এতিয়া মই এই সকলোবোৰ তোমালোকক দিছোঁ।
And everything that moves and lives will be food for you. Just as with the edible plants, I have delivered them all to you,
4 কিন্তু প্রাণে সৈতে অৰ্থাৎ তেজেৰে সৈতে তোমালোকে মঙহ নাখাবা।
except that flesh with blood you shall not eat.
5 কিন্তু তোমালোকক যদি কোনোবাই বধ কৰে, তোমালোকৰ সেই তেজৰ কাৰণে, যি তেজত তোমালোকৰ প্রাণ আছে তাৰ প্ৰতিকাৰ মই অৱশ্যেই সাধিম; সেয়ে পশুৱেই হওঁক বা মানুহেই হওঁক, প্ৰত্যেকৰে পৰা তাক সাধিম। এনেকি নিজ ভায়েকক হত্যা কৰা প্ৰত্যেক মানুহৰ পৰাও প্ৰাণৰ প্ৰতিকাৰ মই সাধিম।
For I will examine the blood of your lives at the hand of every beast. So also, at the hand of mankind, at the hand of each man and his brother, I will examine the life of mankind.
6 ঈশ্বৰে মানুহক নিজ প্ৰতিমূৰ্ত্তিৰ দৰেই নিৰ্ম্মাণ কৰিলে। সেয়ে, কোনো মানুহে যদি কাৰোবাৰ ৰক্তপাত কৰে, তেন্তে মানুহৰ দ্বাৰাই তেওঁৰো ৰক্তপাত কৰা হ’ব;
Whoever will shed human blood, his blood will be poured out. For man was indeed made to the image of God.
7 তোমালোক বহুবংশ হৈ বৃদ্ধি হোৱা; পৃথিবীৰ চৌদিশে বিয়পি পৰা আৰু প্ৰচুৰ পৰিমাণে সংখ্যাত বৃদ্ধি পাই যোৱা।”
But as for you: increase and multiply, and go forth upon the earth and fulfill it.”
8 তাৰ পাছত ঈশ্বৰে নোহক আৰু তেওঁৰ লগত থকা তেওঁৰ পুত্ৰসকলক ক’লে,
To Noah and to his sons with him, God also said this:
9 “চোৱা! মই তোমালোকৰ আৰু তোমালোকৰ বংশধৰসকলৰ সৈতে আৰু
“Behold, I will establish my covenant with you, and with your offspring after you,
10 ১০ যি সকলো প্রাণী তোমালোকৰ লগত আছে অর্থাৎ চৰাই, ঘৰচীয়া আৰু বনৰীয়া পশু আদি কৰি তোমালোকৰ লগত থকা যিমান জীৱ-জন্তু জাহাজৰ পৰা ওলাল, পৃথিৱীত থকা সেই সকলোবোৰৰ কাৰণে মই মোৰ নিয়ম স্থাপন কৰোঁ।
and with every living soul that is with you: as much with the birds as with the cattle and all the animals of the earth that have gone forth from the ark, and with all the wild beasts of the earth.
11 ১১ মই তোমালোকৰ সৈতে মোৰ এই নিয়মটি স্থাপন কৰিলোঁ যে, জল-প্লাৱনৰ দ্বাৰাই কেতিয়াও কোনো প্ৰাণীকে আৰু বিনষ্ট কৰা নহব; পৃথিৱী ধ্বংস কৰাৰ দৰে জল-প্লাৱনো আৰু কেতিয়াও নহ’ব।”
I will establish my covenant with you, and no longer will all that is flesh be put to death by the waters of a great flood, and, henceforth, there will not be a great flood to utterly destroy the earth.”
12 ১২ ঈশ্বৰে আৰু ক’লে, “মোৰ আৰু তোমালোকৰ মাজত আৰু তোমালোকৰ লগত যি সকলো জীৱিত প্রাণী আছে, সেই সকলোৰে সৈতে ভৱিষ্যতৰ সকলো বংশৰ কাৰণে যি নিয়ম স্থাপন কৰিলোঁ, তাৰ চিন এই:
And God said: “This is the sign of the pact that I grant between me and you, and to every living soul that is with you, for perpetual generations.
13 ১৩ মেঘত মই মোৰ ধনু থৈছো; এই মেঘধনুয়েই হ’ব মোৰ আৰু পৃথিৱীৰ মাজত হোৱা প্রতিজ্ঞাৰ চিন।
I will place my arc in the clouds, and it will be the sign of the pact between myself and the earth.
14 ১৪ যেতিয়া মই পৃথিৱীৰ ওপৰলৈ মেঘ আনিম, তেতিয়া তোমালোকে সেই মেঘৰ মাজত মেঘধনু দেখা পাবা;
And when I obscure the sky with clouds, my arc will appear in the clouds.
15 ১৫ তেতিয়া মোৰ আৰু তোমালোকৰ মাজত আৰু তোমালোকৰ লগত যি সকলো জীৱিত প্রাণী আছে, সেই সকলোৰে বাবে কৰা মোৰ নিয়মৰ কথা মই সুঁৱৰিম; তাতে পানীয়ে সকলো প্ৰাণী ধ্বংস কৰাকৈ কেতিয়াও আৰু জলপ্লাৱন নহ’ব।
And I will remember my covenant with you, and with every living soul that enlivens flesh. And there will no longer be waters from a great flood to wipe away all that is flesh.
16 ১৬ মেঘত যেতিয়া মেঘধনু ওলাব, তেতিয়া মই তাক দেখি পৃথিৱীৰ সকলো প্ৰাণীৰ কাৰণে মোৰ এই চিৰস্থায়ী নিয়মৰ কথা মই সোঁৱৰণ কৰিম।”
And the arc will be in the clouds, and I will see it, and I will remember the everlasting covenant that was enacted between God and every living soul of all that is flesh upon the earth.”
17 ১৭ ঈশ্বৰে নোহক ক’লে, “মোৰ আৰু পৃথিবীত থকা সকলো প্ৰাণীৰে মাজত মই যি নিয়ম স্থাপন কৰিছোঁ, ইয়েই হৈছে তাৰ চিন।
And God said to Noah, “This will be the sign of the covenant that I have established between myself and all that is flesh upon the earth.”
18 ১৮ জাহাজৰ পৰা নোহৰ পুত্ৰ চেম, হাম আৰু যেফৎ বাহিৰলৈ ওলাই আহিল। পাছত কনান নামেৰে হামৰ এটি পুত্র জন্মিল।
And so the sons of Noah, who came out of the ark, were Shem, Ham, and Japheth. Now Ham himself is the father of Canaan.
19 ১৯ গোটেই পৃথিৱীতে নোহৰ এই তিনি জন পুত্ৰৰ বংশধৰসকল বিয়পি পৰিল।
These three are the sons of Noah. And from these all the family of mankind was spread over the whole earth.
20 ২০ নোহ এজন কৃষক হ’ল আৰু তেওঁ এখন দ্ৰাক্ষাবাৰী পাতিলে।
And Noah, a good farmer, began to cultivate the land, and he planted a vineyard.
21 ২১ তেওঁ এদিন দ্রাক্ষাৰস খাই মতলীয়া হ’ল আৰু নিজৰ তম্বুৰ ভিতৰত বিবস্ত্ৰ হৈ পৰি আছিল।
And by drinking its wine, he became inebriated and was naked in his tent.
22 ২২ তেতিয়া কনানৰ পিতৃ হামে নিজৰ দেউতাকক বিবস্ত্ৰ অৱস্থাত দেখিলে আৰু বাহিৰলৈ আহি সেই কথা তেওঁৰ দুজন ভাই-ককাইক ক’লে।
Because of this, when Ham, the father of Canaan, had indeed seen the privates of his father to be naked, he reported it to his two brothers outside.
23 ২৩ তাতে চেম আৰু যেফতে এখন কাপোৰ তেওঁলোকৰ কান্ধত তুলি ল’লে আৰু পাছ হুঁহকি হুঁহকি গৈ বাপেকৰ বিবস্ত্ৰতা ঢাকিলে। তেওঁলোকৰ মুখ বিপৰীত দিশত আছিল বাবে বাপেকৰ নগ্নতা তেওঁলোকে দেখা নাপালে।
And truly, Shem and Japheth put a cloak upon their arms, and, advancing backwards, covered the privates of their father. And their faces were turned away, so that they did not see their father’s manhood.
24 ২৪ পাছত নোহৰ চেতনা অহাত তেওঁৰ সৰু পুতেকে তেওঁলৈ যি কৰিলে, তাক জানিবলৈ পালে।
Then Noah, awaking from the wine, when he had learned what his younger son had done to him,
25 ২৫ তেতিয়া তেওঁ ক’লে, “কনানৰ ওপৰত অভিশাপ আহঁক; সি তাৰ ভাতৃসকলৰ দাসবোৰৰো দাস হওক।”
he said, “Cursed be Canaan, a servant of servants will he be to his brothers.”
26 ২৬ তেওঁ পুনৰ ক’লে, “চেমৰ ঈশ্বৰ যিহোৱা ধন্য; কনান চেমৰ দাস হওক।
And he said: “Blessed be the Lord God of Shem, let Canaan be his servant.
27 ২৭ ঈশ্বৰে যেফতক যেন বিস্তাৰিত কৰে, সি চেমৰ তম্বুত বসতি কৰক, আৰু কনান তাৰ দাস হওঁক।”
May God enlarge Japheth, and may he live in the tents of Shem, and let Canaan be his servant.”
28 ২৮ জল-প্লাৱনৰ পাছত নোহ পুনৰ তিনিশ পঞ্চাশ বছৰ জীয়াই থাকিল।
And after the great flood, Noah lived for three hundred and fifty years.
29 ২৯ পাছত নোহৰ সৰ্ব্বমুঠ ন শ পঞ্চাশ বছৰ বয়সত তেওঁৰ মৃত্যু হ’ল।
And all his days were completed in nine hundred and fifty years, and then he died.

< আদিপুস্তক 9 >