< আদিপুস্তক 46 >

1 ইস্ৰায়েলে নিজৰ সকলোকে লগত লৈ যাত্ৰা আৰম্ভ কৰিলে আৰু গৈ বেৰ-চেবা পালে। তাতে তেওঁ নিজ পিতৃ ইচহাকৰ ঈশ্বৰৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিলে।
And Israel took his journey with all that he had, and came to Beersheba, and offered sacrifices unto the God of his father Isaac.
2 ঈশ্বৰে ৰাতি দৰ্শনত ইস্ৰায়েলৰ লগত কথা ক’লে; তেওঁ ক’লে, “যাকোব, হে যাকোব।” যাকোবে ক’লে, “এয়া মই আছোঁ।”
And God spoke unto Israel in the visions of the night, and said, Jacob, Jacob. And he said, Here am I.
3 ঈশ্বৰে ক’লে, “মই ঈশ্বৰ, তোমাৰ পিতৃৰ ঈশ্বৰ। মিচৰ দেশলৈ নামি যাবলৈ ভয় নকৰিবা; কিয়নো মই সেই ঠাইতে তোমাৰ পৰা এক মহাজাতিৰ সৃষ্টি কৰিম।
And he said, I am God, the God of your father: fear not to go down into Egypt; for I will there make of you a great nation:
4 মই তোমাৰ সংগে সংগে মিচৰলৈ নামি যাম আৰু পুনৰ ময়েই তোমাক নিশ্চয় উভটাই আনিম। মৃত্যুকালত যোচেফে নিজ হাতেৰে তোমাৰ চকু বন্ধ কৰি দিব।”
I will go down with you into Egypt; and I will also surely bring you up again: and Joseph shall put his hand upon your eyes.
5 তাৰ পাছত যাকোব বেৰ-চেবাৰ পৰা ৰাওনা হ’ল; ইস্ৰায়েলৰ পুত্রসকলে তেওঁলোকৰ পিতৃ যাকোবক আৰু তেওঁলোকৰ ভার্য্যাৰে সৈতে লৰা-ছোৱালীকবোৰক লৈ ফৰৌণে যাকোবক নিবৰ কাৰণে পঠোৱা বাহনবোৰত উঠি যাত্রা কৰিলে।
And Jacob rose up from Beersheba: and the sons of Israel carried Jacob their father, and their little ones, and their wives, in the wagons which Pharaoh had sent to carry him.
6 যি সকলো পশুধন আৰু ধন-সম্পত্তি তেওঁলোকে কনান দেশত লাভ কৰিছিল, সেই সকলোবোৰ লগত লৈ যাকোব আৰু তেওঁৰ সকলো বংশধৰেই মিচৰ দেশ অভিমুখে যাত্ৰা কৰিলে।
And they took their cattle, and their goods, which they had got in the land of Canaan, and came into Egypt, Jacob, and all his seed with him:
7 এইদৰে যাকোবে তেওঁৰ পুতেক-জীয়েক, নাতি-নাতিনী আৰু তেওঁৰ বংশধৰ সকলোকে নিজৰ লগত লৈ মিচৰ দেশলৈ গ’ল।
His sons, and his sons' sons with him, his daughters, and his sons' daughters, and all his seed brought he with him into Egypt.
8 ইস্ৰায়েলীয়াসকল অর্থাৎ যাকোব আৰু তেওঁৰ বংশৰ যি সন্তান সকল মিচৰ দেশলৈ আহিছিল, তেওঁলোকৰ নামৰ তালিকা এই: যাকোবৰ জেষ্ঠ পুত্ৰ ৰূবেণ।
And these are the names of the children of Israel, which came into Egypt, Jacob and his sons: Reuben, Jacob's firstborn.
9 ৰূবেণৰ পুত্র হনোক, পল্লু, হিষ্রোণ, আৰু কৰ্ম্মী।
And the sons of Reuben; Hanoch, and Phallu, and Hezron, and Carmi.
10 ১০ চিমিয়োনৰ পুত্র যিমূৱেল, যামীন, ওহদ, যাখীন, চোহৰ আৰু চৌল। চৌল এগৰাকী কনানীয়া মহিলাৰ পুত্র।
And the sons of Simeon; Jemuel, and Jamin, and Ohad, and Jachin, and Zohar, and Shaul the son of a Canaanitish woman.
11 ১১ লেবীৰ পুত্র গেৰ্চোন, কহাৎ, আৰু মৰাৰী।
And the sons of Levi; Gershon, Kohath, and Merari.
12 ১২ যিহূদাৰ পুত্র এৰ, ওনন, চেলা, পেৰচ, আৰু জেৰহ; এৰ আৰু ওনন কনান দেশতে মৰিল। পেৰচৰ পুত্র হিষ্ৰোণ আৰু হামূল।
And the sons of Judah; Er, and Onan, and Shelah, and Pharez, and Zarah: but Er and Onan died in the land of Canaan. And the sons of Pharez were Hezron and Hamul.
13 ১৩ ইচাখৰৰ পুত্র তোলা, পুব্বা, যোব আৰু চিম্ৰোণ।
And the sons of Issachar; Tola, and Phuvah, and Job, and Shimron.
14 ১৪ জবূলূনৰ পুত্র চেৰদ, এলোন আৰু যহলেল।
And the sons of Zebulun; Sered, and Elon, and Jahleel.
15 ১৫ জীয়েক দীনাৰে সৈতে এওঁলোক লেয়াৰ দ্বাৰা যাকোবৰ বংশ। এওঁলোক পদ্দন-অৰামত জন্মিছিল। পুত্র আৰু জীয়ৰীৰে সৈতে এওঁলোক সৰ্ব্বমুঠ তেত্ৰিশ জন আছিল।
These be the sons of Leah, which she bare unto Jacob in Padanaram, with his daughter Dinah: all the souls of his sons and his daughters were thirty and three.
16 ১৬ গাদৰ পুত্র চিপুন, হগ্গী, চূনী, ইচবোন, এৰী, আৰোদী আৰু অৰেলী।
And the sons of Gad; Ziphion, and Haggi, Shuni, and Ezbon, Eri, and Arodi, and Areli.
17 ১৭ আচেৰৰ পুত্র যিম্না, যিচবা, যিচবি, বৰীয়া, আৰু তেওঁলোকৰ ভনীয়েক চেৰহ; বৰীয়াৰ পুত্র হেবৰ আৰু মল্কীয়েল।
And the sons of Asher; Jimnah, and Ishuah, and Isui, and Beriah, and Serah their sister: and the sons of Beriah; Heber, and Malchiel.
18 ১৮ এওঁলোক হ’ল, লাবনে নিজৰ জীয়েক লেয়াৰ লগত দিয়া জিল্পাৰ যোগেদি; এওঁলোক আছিল সৰ্ব্বমুঠ ষোল্লজন।
These are the sons of Zilpah, whom Laban gave to Leah his daughter, and these she bare unto Jacob, even sixteen souls.
19 ১৯ যাকোবৰ ভাৰ্যা ৰাহেলৰ পুত্ৰ যোচেফ আৰু বিন্যামীন।
The sons of Rachel Jacob's wife; Joseph, and Benjamin.
20 ২০ ওন নগৰৰ পুৰোহিত পোটী-ফেৰাৰ জীয়েক আচনতে প্ৰসব কৰা মনচি আৰু ইফ্ৰয়িম, যোচেফৰ এই দুই পুত্ৰ মিচৰ দেশত জন্মিছিল।
And unto Joseph in the land of Egypt were born Manasseh and Ephraim, which Asenath the daughter of Potipherah priest of On bare unto him.
21 ২১ বিন্যামীনৰ পুত্র বেলা, বেখৰ, অচবেল, গেৰা, নামন, এহী, ৰোচ, মূপপীম, হুপপীম আৰু অৰ্দ।
And the sons of Benjamin were Belah, and Becher, and Ashbel, Gera, and Naaman, Ehi, and Rosh, Muppim, and Huppim, and Ard.
22 ২২ এওঁলোক ৰাহেলে জন্ম দিয়া যাকোবৰ সন্তান; এওঁলোক আছিল সৰ্ব্বমুঠ চৌদ্ধ জন।
These are the sons of Rachel, which were born to Jacob: all the souls were fourteen.
23 ২৩ দানৰ পুত্র হূচীম।
And the sons of Dan; Hushim.
24 ২৪ নপ্তালীৰ পুত্র যহচিয়েল, গূনী, যেচৰ, আৰু চিল্লেম।
And the sons of Naphtali; Jahzeel, and Guni, and Jezer, and Shillem.
25 ২৫ এওঁলোক হ’ল, লাবনে নিজৰ জীয়েক ৰাহেলৰ লগত দিয়া বিলহাৰ যোগেদি জন্ম হোৱা যাকোবৰ সন্তান। এওঁলোক সৰ্ব্বমুঠ সাতজন আছিল।
These are the sons of Bilhah, which Laban gave unto Rachel his daughter, and she bare these unto Jacob: all the souls were seven.
26 ২৬ পুত্র-বোৱাৰীৰ উপৰিও যাকোবৰ লগত মিচৰ দেশলৈ যিসকল লোক আহিছিল, তেওঁৰ নিজৰ বংশধৰৰ এই লোকসকল আছিল সৰ্ব্বমুঠ ছয়ষষ্ঠী জন।
All the souls that came with Jacob into Egypt, which came out of his loins, besides Jacob's sons' wives, all the souls were threescore and six;
27 ২৭ মিচৰ দেশত যোচেফৰ যি দুজন পুত্ৰ জন্মিছিল আৰু যাকোবৰ পৰিয়ালৰ যিসকল লোক মিচৰলৈ গৈছিল, তেওঁলোক সৰ্ব্বমুঠ সত্তৰ জন আছিল।
And the sons of Joseph, which were born him in Egypt, were two souls: all the souls of the house of Jacob, which came into Egypt, were threescore and ten.
28 ২৮ যাকোবে নিজে যোৱাৰ আগেয়ে যিহূদাক যোচেফৰ ওচৰলৈ পঠাই দিলে, যাতে যোচেফে তেওঁক গোচনলৈ যোৱাৰ পথ দেখুৱাই দিয়ে; আৰু তাৰ পাছত তেওঁলোক গৈ গোচন পালে।
And he sent Judah before him unto Joseph, to direct his face unto Goshen; and they came into the land of Goshen.
29 ২৯ যোচেফে নিজৰ ৰথ সজালে আৰু তেওঁৰ পিতৃ ইস্ৰায়েলৰ সৈতে সাক্ষাত কৰিবলৈ গোচনলৈ গ’ল। পিতৃক দেখা পায়েই যোচেফে তেওঁৰ ডিঙিত সাবটি ধৰি বহু সময় কান্দিলে।
And Joseph made ready his chariot, and went up to meet Israel his father, to Goshen, and presented himself unto him; and he fell on his neck, and wept on his neck a good while.
30 ৩০ ইস্ৰায়েলে যোচেফক ক’লে, “তুমি যে এতিয়াও জীয়াই আছা, আৰু মই যে তোমাৰ শ্রীমুখ নিজ চকুৰে দেখিলোঁ; এতিয়া মই মৰিবলৈ প্রস্তুত আছোঁ।”
And Israel said unto Joseph, Now let me die, since I have seen your face, because you are yet alive.
31 ৩১ তাৰ পাছত যোচেফে ভায়েক-ককায়েক আৰু তেওঁৰ পিতৃৰ ঘৰৰ সকলোকে ক’লে, “মই ফৰৌণৰ ওচৰলৈ গৈ তেওঁক জনাওঁগৈ যে, ‘কনান দেশত থকা মোৰ ভাই-ককাইসকল আৰু মোৰ পিতৃৰ ঘৰৰ সকলো লোক মোৰ ওচৰলৈ আহিছে।
And Joseph said unto his brethren, and unto his father's house, I will go up, and show Pharaoh, and say unto him, My brethren, and my father's house, which were in the land of Canaan, are come unto me;
32 ৩২ এই লোকসকল মেৰ-ছাগৰ ৰখীয়া; পশুধন ৰখাই হৈছে এওঁলোকৰ জীৱিকা। এওঁলোকে মেৰ-ছাগ আৰু ছাগলী, গৰুৰ জাক আদি যি যি আছিল, সেই সকলোকে লৈ আনিছে’।
And the men are shepherds, for their trade has been to feed cattle; and they have brought their flocks, and their herds, and all that they have.
33 ৩৩ তাতে ফৰৌণে যেতিয়া তোমালোকক মাতি সুধিব, ‘আপোনালোকে কি কাম কৰে?’
And it shall come to pass, when Pharaoh shall call you, and shall say, What is your occupation?
34 ৩৪ তেতিয়া তোমালোকে ক’বা, ‘আপোনাৰ এই দাসবোৰ আৰু আমাৰ পূর্বপুৰুষসকলে সৰু কালৰে পৰা এই পর্যন্ত পশু পালন কৰি আহিছোঁ।’ তোমালোকে গোচনত বাস কৰিবৰ বাবে এইদৰে কৰা; কাৰণ পশুপালকসকল মিচৰীয়াসকলৰ মানত ঘৃণাৰ পাত্ৰ।”
That all of you shall say, Your servants' trade has been about cattle from our youth even until now, both we, and also our fathers: that all of you may dwell in the land of Goshen; for every shepherd is an abomination unto the Egyptians.

< আদিপুস্তক 46 >