< আদিপুস্তক 4 >

1 মানুহে তেওঁৰ ভাৰ্যা হৱাৰ সৈতে একেলগ হোৱাত তেওঁ গৰ্ভৱতী হৈ কয়িনক প্ৰসৱ কৰিলে। তেতিয়া হৱাই ক’লে, “যিহোৱাৰ সহায়ত মই এটি পুত্র সন্তান পালোঁ।”
והאדם ידע את חוה אשתו ותהר ותלד את קין ותאמר קניתי איש את יהוה׃
2 পাছত তেওঁ পুনৰায় কয়িনৰ ভায়েক হেবলক প্ৰসৱ কৰিলে। হেবল এজন মেৰ-ছাগৰ পালক আৰু কয়িন কৃষক হ’ল।
ותסף ללדת את אחיו את הבל ויהי הבל רעה צאן וקין היה עבד אדמה׃
3 পাছত এটা সময়ত কয়িনে যিহোৱাৰ উদ্দেশ্যে তেওঁৰ ভূমিত উৎপন্ন হোৱা কিছু ফল উৎসৰ্গ কৰিলে;
ויהי מקץ ימים ויבא קין מפרי האדמה מנחה ליהוה׃
4 হেবলেও নিজৰ জাকৰ পৰা প্ৰথমে জগা কেইটামান পশু আৰু সেইবোৰৰ চর্বি উৎসৰ্গ কৰিলে। যিহোৱাই হেবলক আৰু তেওঁৰ উৎসর্গ গ্ৰহণ কৰিলে;
והבל הביא גם הוא מבכרות צאנו ומחלבהן וישע יהוה אל הבל ואל מנחתו׃
5 কিন্তু কয়িনক আৰু তেওঁৰ উৎসৰ্গক হলে গ্ৰহণ নকৰিলে। সেয়ে কয়িনৰ অতিশয় খং উঠিল আৰু তেওঁৰ মুখো ক’লা পৰি গ’ল।
ואל קין ואל מנחתו לא שעה ויחר לקין מאד ויפלו פניו׃
6 তেতিয়া যিহোৱাই কয়িনক ক’লে, “কিয় খং কৰিছা আৰু কেলেই বা মুখ ক’লা কৰি আছা?
ויאמר יהוה אל קין למה חרה לך ולמה נפלו פניך׃
7 তুমি যদি ভাল কাম কৰা, তেন্তে জানো তোমাক গ্ৰহণ কৰা নহ’ব? কিন্তু যদি ভাল কাম নকৰা, তেন্তে পাপে তোমাক তাৰ বশ কৰিবলৈ দুৱাৰ মুখত খাপ পাতি থাকে; সেয়ে তুমি তাক দমন কৰিব লাগে।”
הלוא אם תיטיב שאת ואם לא תיטיב לפתח חטאת רבץ ואליך תשוקתו ואתה תמשל בו׃
8 তাৰ পাছত এদিন খেতি-পথাৰত থকাৰ সময়ত কয়িনে ভায়েক হেবলৰ লগত কথা কৈ আছিল আৰু তেতিয়া কয়িনে নিজ ভায়েক হেবলৰ বিৰুদ্ধে উঠি তেওঁক বধ কৰিলে।
ויאמר קין אל הבל אחיו ויהי בהיותם בשדה ויקם קין אל הבל אחיו ויהרגהו׃
9 তেতিয়া যিহোৱাই কয়িনক সুধিলে, “তোমাৰ ভাই হেবল ক’ত আছে?” কয়িনে ক’লে, “মই নেজানো, মই মোৰ ভাইৰ ৰখীয়া নেকি?”
ויאמר יהוה אל קין אי הבל אחיך ויאמר לא ידעתי השמר אחי אנכי׃
10 ১০ তেতিয়া যিহোৱাই ক’লে, “তুমি কি কৰিলা? তোমাৰ ভাইৰ তেজে ভূমিৰ পৰা মোলৈ চিঞৰি মাতিছে।
ויאמר מה עשית קול דמי אחיך צעקים אלי מן האדמה׃
11 ১১ সেয়ে যি ভূমিয়ে তোমাৰ হাতৰ পৰা তোমাৰ ভাইৰ তেজ গ্ৰহণ কৰিবৰ কাৰণে মুখ মেলিলে, সেই ভূমিৰ পৰাই তুমি অভিশপ্ত হ’লা।
ועתה ארור אתה מן האדמה אשר פצתה את פיה לקחת את דמי אחיך מידך׃
12 ১২ এতিয়াৰে পৰা তুমি ভূমিত খেতি কৰিলেও ভুমিৰ পৰা উৎপাদিত বহু শস্য তুমি নাপাবা। তুমি পৃথিবীত পলৰীয়া আৰু থানথিত নোহোৱা হ’বা।”
כי תעבד את האדמה לא תסף תת כחה לך נע ונד תהיה בארץ׃
13 ১৩ তেতিয়া কয়িনে যিহোৱাক ক’লে, “এই শাস্তি মোৰ বাবে অসহনীয়।
ויאמר קין אל יהוה גדול עוני מנשא׃
14 ১৪ আজি আপুনি মোক ভূমিৰ পৰা খেদি পঠালে; মই আপোনাৰ সন্মুখৰ পৰা লুকাই থকিব লগা হ’ব; এই পৃথিবীত পলৰীয়া হৈ মই যেতিয়া ঘূৰি ফুৰিব লগা হ’ব, তেতিয়া যেয়ে মোক পাব তেৱেঁ মোক বধ কৰিব।”
הן גרשת אתי היום מעל פני האדמה ומפניך אסתר והייתי נע ונד בארץ והיה כל מצאי יהרגני׃
15 ১৫ তেতিয়া যিহোৱাই তেওঁক ক’লে, “তেনেহলে যি কোনোৱে তোমাক বধ কৰিব, তেওঁৰ ওপৰত সাতগুণ প্ৰতিশোধ লোৱা হ’ব।” তাৰ পাছত যিহোৱাই কয়িনৰ বাবে এনে এটা চিন দিলে যেন কোনেও তেওঁক পাই বধ নকৰে।
ויאמר לו יהוה לכן כל הרג קין שבעתים יקם וישם יהוה לקין אות לבלתי הכות אתו כל מצאו׃
16 ১৬ তাৰ পাছত কয়িনে যিহোৱাৰ সন্মুখৰ পৰা ওলাই গৈ, এদনৰ পূব দিশে থকা নোদ দেশত বাস কৰিলে।
ויצא קין מלפני יהוה וישב בארץ נוד קדמת עדן׃
17 ১৭ কয়িনে তেওঁৰ ভার্য্যাৰ সৈতে একেলগ হোৱাত, তেওঁ গৰ্ভৱতী হৈ হনোকক প্ৰসৱ কৰিলে; কয়িনে এখন নগৰ নিৰ্ম্মাণ কৰিলে আৰু পুত্রৰ নাম অনুসাৰে সেই নগৰখনৰ নাম হনোক ৰাখিলে।
וידע קין את אשתו ותהר ותלד את חנוך ויהי בנה עיר ויקרא שם העיר כשם בנו חנוך׃
18 ১৮ হনোকৰ পুতেকৰ নাম ঈৰদ, ঈৰদৰ পুতেকৰ নাম মহুৱায়েল, মহুৱায়েলৰ পুতেকৰ নাম মথুচায়েল, মথুচায়েলৰ পুতেকৰ নাম লেমক।
ויולד לחנוך את עירד ועירד ילד את מחויאל ומחייאל ילד את מתושאל ומתושאל ילד את למך׃
19 ১৯ লেমকৰ দুগৰাকী ভার্য্যা আছিল। এগৰাকীৰ নাম আদা আৰু আনগৰাকীৰ নাম চিল্লা।
ויקח לו למך שתי נשים שם האחת עדה ושם השנית צלה׃
20 ২০ আদাৰ গর্ভত যাবলৰ জন্ম হ’ল; তম্বুত বাস কৰি পশুপালন কৰা লোকসকলৰ তেওঁ পূৰ্বপুৰুষ আছিল।
ותלד עדה את יבל הוא היה אבי ישב אהל ומקנה׃
21 ২১ তেওঁৰ ভায়েকৰ নাম আছিল যুবল; তেওঁ বীণা আৰু বাঁহী বজোৱাসকলৰ আদি পুৰুষ আছিল।
ושם אחיו יובל הוא היה אבי כל תפש כנור ועוגב׃
22 ২২ চিল্লাৰ গর্ভত তুবল-কয়িনৰ জন্ম হ’ল; তেওঁ পিতল আৰু লোহাৰ নানাবিধ অস্ত্ৰ গঢ়োতা আছিল; সেই তুবল-কয়িনৰ নয়মা নামেৰে এজনী ভনীয়েক আছিল।
וצלה גם הוא ילדה את תובל קין לטש כל חרש נחשת וברזל ואחות תובל קין נעמה׃
23 ২৩ লেমকে তেওঁৰ দুই ভার্য্যাক ক’লে, “হে আদা আৰু চিল্লা, তোমালোকে মোৰ কথা শুনা; হে লেমকৰ ভার্য্যাসকল, মোৰ কথালৈ কাণ দিয়া; কিয়নো আঘাত কৰাৰ বাবে এজন লোকক, আঘাত কৰাৰ বাবে এজন যুবকক মই বধ কৰিলোঁ।
ויאמר למך לנשיו עדה וצלה שמען קולי נשי למך האזנה אמרתי כי איש הרגתי לפצעי וילד לחברתי׃
24 ২৪ কয়িনে হত্যা কৰাৰ প্রতিশোধ যদি সাতগুণ হয়, তেন্তে অৱশ্যেই লেমকৰ প্রতিশোধ হ’ব সাতসত্তৰ গুণ।”
כי שבעתים יקם קין ולמך שבעים ושבעה׃
25 ২৫ পাছত আদমে পুনৰায় তেওঁৰ ভাৰ্যাৰ সৈতে একেলগ হোৱাত, তেওঁৰ পুনৰ এটি পুত্ৰ সন্তান জন্ম হ’ল। হৱাই সেই সন্তানৰ নাম চেথ ৰাখিলে আৰু ক’লে, “কয়িনে হেবলক বধ কৰাৰ কাৰণে ঈশ্বৰে মোক হেবলৰ সলনি পুনৰ এটি সন্তান দিলে।”
וידע אדם עוד את אשתו ותלד בן ותקרא את שמו שת כי שת לי אלהים זרע אחר תחת הבל כי הרגו קין׃
26 ২৬ পাছত চেথৰো এটি পুত্ৰ জন্মিল। তেওঁ তেওঁৰ নাম ইনোচ ৰাখিলে। সেই সময়ৰ পৰা লোকসকলে যিহোৱাৰ নামেৰে প্ৰাৰ্থনা আদি কৰিবলৈ আৰম্ভ কৰিলে।
ולשת גם הוא ילד בן ויקרא את שמו אנוש אז הוחל לקרא בשם יהוה׃

< আদিপুস্তক 4 >