< আদিপুস্তক 28 >

1 ইচহাকে যাকোবক মাতি আশীৰ্ব্বাদ কৰিলে আৰু এই আজ্ঞা দিলে, “তুমি কনান দেশৰ কোনো ছোৱালী বিয়া নকৰিবা।
vocavit itaque Isaac Iacob et benedixit praecepitque ei dicens noli accipere coniugem de genere Chanaan
2 তুমি উঠি পদ্দন-অৰাম দেশত তোমাৰ মাতৃৰ পিতৃগৃহ বথোৱেলৰ ঘৰলৈ যোৱা। তাৰ পৰা তোমাৰ মোমায়েৰা লাবনৰ জীয়েকহঁতৰ মাজৰ কোনো এজনীক বিয়া কৰি আনাগৈ।
sed vade et proficiscere in Mesopotamiam Syriae ad domum Bathuel patrem matris tuae et accipe tibi inde uxorem de filiabus Laban avunculi tui
3 সৰ্ব্বশক্তিমান ঈশ্বৰে তোমাক আশীৰ্ব্বাদ কৰক আৰু বহুবংশ কৰি বৃদ্ধি কৰক। তোমাক অনেক জাতি সমূহৰ পিতৃ হোৱাৰ ক্ষমতা দিয়ক।
Deus autem omnipotens benedicat tibi et crescere te faciat atque multiplicet ut sis in turbas populorum
4 যি আশীৰ্ব্বাদ ঈশ্বৰে অব্ৰাহামক দিছিল, সেই আশীর্বাদ তেওঁ তোমাক আৰু তোমাৰ পাছত তোমাৰ বংশৰ লোকসকলক দান কৰক। যি দেশ ঈশ্বৰে অব্রাহামক দিছিল আৰু য’ত তুমি বাস কৰি আছা, সেই দেশ তোমাৰ অধিকাৰলৈ আহক।”
et det tibi benedictiones Abraham et semini tuo post te ut possideas terram peregrinationis tuae quam pollicitus est avo tuo
5 এইদৰে ইচহাকে যাকোবক পঠাই দিলে আৰু যাকোবেও পদ্দন-অৰামৰ অৰামীয়া বথোৱেলৰ পুত্ৰ লাবনৰ ওচৰলৈ গ’ল। লাবন যাকোব আৰু এচৌৰ মাক ৰিবেকাৰ ককায়েক আছিল।
cumque dimisisset eum Isaac profectus venit in Mesopotamiam Syriae ad Laban filium Bathuel Syri fratrem Rebeccae matris suae
6 পাছত এচৌৱে জানিলে যে ইচহাকে যাকোবক আশীৰ্ব্বাদ কৰি পদ্দন-অৰামৰ পৰা কোনো ছোৱালীক বিয়া কৰি আনিবলৈ পঠাইছে; তেওঁ আৰু শুনিলে যে ইচহাকে যাকোবক আশীৰ্ব্বাদ দিয়াৰ সময়ত এই আজ্ঞা দিছিল “তুমি কোনো কনানীয়া ছোৱালীক বিয়া নকৰিবা।”
videns autem Esau quod benedixisset pater suus Iacob et misisset eum in Mesopotamiam Syriae ut inde uxorem duceret et quod post benedictionem praecepisset ei dicens non accipies coniugem de filiabus Chanaan
7 এচৌৱে দেখিলে, যাকোবে তেওঁৰ পিতৃ-মাতৃৰ আদেশ মানি পদ্দন-অৰামলৈ গুছি গ’ল।
quodque oboediens Iacob parentibus isset in Syriam
8 তাতে এচৌৱে বুজি পালে যে এই কনানীয়া মহিলাসকলৰ প্রতি তেওঁৰ পিতৃ ইচহাক সন্তুষ্ট নহয়।
probans quoque quod non libenter aspiceret filias Chanaan pater suus
9 সেয়ে দুগৰাকী ভার্য্যা থকাতো তেওঁ অব্ৰাহামৰ পুতেক ইশ্মায়েলৰ ঘৰলৈ গৈ তেওঁৰ জীয়েক মহলতক বিয়া কৰিলে। মহলত নবায়োতৰ ভনীয়েক আছিল।
ivit ad Ismahelem et duxit uxorem absque his quas prius habebat Maeleth filiam Ismahel filii Abraham sororem Nabaioth
10 ১০ আনফালে যাকোবে বেৰ-চেবাৰ পৰা ওলাই হাৰণৰ ফালে যাত্ৰা কৰিলে।
igitur egressus Iacob de Bersabee pergebat Haran
11 ১১ এখন ঠাইত বেলি মাৰ যোৱাত তেওঁ সেই ঠাইতে ৰাতিটো কটালে। সেই ঠাইৰে এটা শিল মূৰৰ তলত লৈ তেওঁ শুই থাকিল।
cumque venisset ad quendam locum et vellet in eo requiescere post solis occubitum tulit de lapidibus qui iacebant et subponens capiti suo dormivit in eodem loco
12 ১২ তেওঁ শুই থাকোতে সপোনত দেখিলে যে পৃথিৱীৰ ওপৰত এডাল জখলা থিয় হৈ আছে আৰু তাৰ মূৰটো গৈ স্বর্গত লাগি আছে। তেওঁ দেখিলে যে তাৰ ওপৰেদি ঈশ্বৰৰ দূতবোৰে উঠা-নমা কৰি আছিল আৰু
viditque in somnis scalam stantem super terram et cacumen illius tangens caelum angelos quoque Dei ascendentes et descendentes per eam
13 ১৩ যিহোৱাই খটখটিৰ ওপৰত থিয় হৈ কৈছিল, “মই যিহোৱা। মই তোমাৰ ওপৰ পিতৃ অব্ৰাহামৰ ঈশ্বৰ আৰু ইচহাকৰো ঈশ্বৰ; তুমি যি ঠাইত শয়ন কৰিছা, সেই দেশ মই তোমাক আৰু তোমাৰ বংশক দিম।
et Dominum innixum scalae dicentem sibi ego sum Dominus Deus Abraham patris tui et Deus Isaac terram in qua dormis tibi dabo et semini tuo
14 ১৪ তোমাৰ বংশ পৃথিৱীৰ ধুলিৰ নিচিনা অসংখ্য হ’ব; তুমি পূৱ, পশ্চিম, উত্তৰ আৰু দক্ষিণলৈ বিস্তাৰিত হৈ যাবা; পৃথিৱীৰ সমুদায় জাতি, তোমাৰ আৰু তোমাৰ বংশতে আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।
eritque germen tuum quasi pulvis terrae dilataberis ad occidentem et orientem septentrionem et meridiem et benedicentur in te et in semine tuo cunctae tribus terrae
15 ১৫ চোৱা, মই তোমাৰ লগত আছোঁ; তুমি যি যি ঠাইলৈ যাবা, মই তোমাক ৰক্ষা কৰিম আৰু পুনৰায় মই তোমাক এই দেশলৈ ওলোটাই আনিম; কিয়নো মই তোমাক কোৱা সকলো কথাকে সিদ্ধ নকৰোঁমানে, মই তোমাক ত্যাগ নকৰিম।”
et ero custos tuus quocumque perrexeris et reducam te in terram hanc nec dimittam nisi conplevero universa quae dixi
16 ১৬ যাকোবে টোপনিৰ পৰা সাৰ পাই ক’লে, “তেন্তে যিহোৱা নিশ্চয়কৈ এই ঠাইত আছে, অথচ মই তাক জনা নাছিলোঁ।”
cumque evigilasset Iacob de somno ait vere Dominus est in loco isto et ego nesciebam
17 ১৭ তেওঁ ভয়তে ক’লে, “কি ভয়ানক এই ঠাই! ই ঈশ্বৰৰ গৃহৰ বাহিৰে আন একো নহয়; ইয়েই স্বৰ্গৰ দুৱাৰ।”
pavensque quam terribilis inquit est locus iste non est hic aliud nisi domus Dei et porta caeli
18 ১৮ পাছত যাকোবে অতি ৰাতিপুৱাতে উঠিল আৰু তেওঁ যি শিল মুৰৰ তলত লৈছিল তাক স্তম্ভৰূপে স্থাপন কৰি ওপৰত তেল বাকি দিলে।
surgens ergo mane tulit lapidem quem subposuerat capiti suo et erexit in titulum fundens oleum desuper
19 ১৯ তেওঁ সেই ঠাইৰ নাম বৈৎএল ৰাখিলে; কিন্তু পূৰ্বতে সেই নগৰৰ নাম লুজ আছিল।
appellavitque nomen urbis Bethel quae prius Luza vocabatur
20 ২০ যাকোবে সঙ্কল্প কৰি এই প্ৰতিজ্ঞা কৰিলে, “যদি ঈশ্বৰ মোৰ সঙ্গী হয়, মোৰ এই যাত্রাপথত তেওঁ মোক ৰক্ষা কৰে, যদি তেওঁ মোক অন্ন-বস্ত্রও যোগাই দিয়ে,
vovit etiam votum dicens si fuerit Deus mecum et custodierit me in via per quam ambulo et dederit mihi panem ad vescendum et vestem ad induendum
21 ২১ যদি মই পিতৃৰ ঘৰলৈ পুনৰায় নিৰাপদে ঘূৰি আহিব পাৰোঁ, তেন্তে এই যিহোৱায়েই মোৰ ঈশ্বৰ হ’ব।
reversusque fuero prospere ad domum patris mei erit mihi Dominus in Deum
22 ২২ তেতিয়া এই যি শিল মই স্তম্ভ স্বৰূপে স্থাপন কৰিলোঁ, ই এক পবিত্র শিল হ’ব; আপুনি মোক যি যি দিব, মই তাৰ দহ ভাগৰ এভাগ আপোনাক ঘূৰাই দিম।”
et lapis iste quem erexi in titulum vocabitur Domus Dei cunctorumque quae dederis mihi decimas offeram tibi

< আদিপুস্তক 28 >