< আদিপুস্তক 26 >

1 অব্ৰাহামৰ দিনত হোৱা প্ৰথম আকালৰ দৰে সেই দেশত পুনৰায় আকাল হোৱাত, ইচহাকে গৰাৰালৈ, পলেষ্টীয়াসকলৰ ৰজা অবীমেলকৰ ওচৰলৈ গ’ল।
Orta autem fame super terram post eam sterilitatem, quæ acciderat in diebus Abraham, abiit Isaac ad Abimelech regem Palæstinorum in Gerara.
2 পাছত যিহোৱাই তেওঁক দৰ্শন দি ক’লে, “তুমি মিচৰ দেশলৈ নামি নাযাবা; যি দেশৰ কথা মই তোমাক ক’ম, তাতে থাকিবা।
Apparuitque ei Dominus, et ait: Ne descendas in Ægyptum, sed quiesce in terra, quam dixero tibi.
3 তুমি এই দেশতে প্ৰবাস কৰা; তাতে মই তোমাৰ সঙ্গী হৈ তোমাক আশীৰ্ব্বাদ কৰিম; কিয়নো এই সকলো দেশ তোমাক আৰু তোমাৰ বংশকেই দিম, মই তোমাৰ পিতৃ অব্ৰাহামলৈ কৰা শপত সাম্ফল কৰিম।
Et peregrinare in ea, eroque tecum, et benedicam tibi: tibi enim et semini tuo dabo universas regiones has, complens iuramentum quod spopondi Abraham patri tuo.
4 মই আকাশৰ তৰাবোৰৰ দৰে তোমাৰ বংশ বঢ়াই, তোমাৰ বংশক এই সকলো দেশ দিম; আৰু তোমাৰ বংশতে পৃথিৱীৰ সমুদায় জাতি আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব;
Et multiplicabo semen tuum sicut stellas cæli: daboque posteris tuis universas regiones has: et benedicentur in semine tuo omnes gentes terræ,
5 কিয়নো অব্ৰাহামে মোৰ কথা মানি, মোৰ আজ্ঞা আৰু বিধি-ব্যৱস্থাবোৰ পালন কৰিছিল।”
eo quod obedierit Abraham voci meæ, et custodierit præcepta et mandata mea, et ceremonias legesque servaverit.
6 সেইবাবে ইচহাকে গৰাৰত বসবাস কৰিছিল।
Mansit itaque Isaac in Geraris.
7 সেই ঠাইৰ লোকসকলে ইচহাকৰ ভাৰ্যাৰ কথা সোধাত, “তেওঁ মোৰ ভনী বুলি ক’লে।” ৰিবেকা বৰ সুন্দৰী, ইয়াৰ মানুহবোৰে ৰিবেকাক পাবলৈ কিজানি মোক বধ কৰে এই কাৰণে “মোৰ ভার্য্যা বুলি” পৰিচয় নিদিলে।
Qui cum interrogaretur a viris loci illius super uxore sua, respondit: Soror mea est. Timuerat enim confiteri quod sibi esset sociata coniugio, reputans ne forte interficerent eum propter illius pulchritudinem.
8 পাছত তেওঁ সেই ঠাইত ভালেমান দিন থাকিল, এদিন পলেষ্টীয়াসকলৰ ৰজা অবীমেলকে খিড়িককিদি চাই, ইচহাকক তেওঁৰ ভাৰ্যা ৰিবেকাই সৈতে ক্ৰীড়া কৰিবৰ দেখিলে।
Cumque pertransissent dies plurimi, et ibidem moraretur, prospiciens Abimelech rex Palæstinorum per fenestram, vidit eum iocantem cum Rebecca uxore sua.
9 তাতে অবীমেলকে ইচহাকক মাতি আনি ক’লে তুমি তেওঁৰ লগত কি কৰি আছিলা? “সেই মহিলা গৰাকী নিশ্চয়ে তোমাৰ ভাৰ্যা; তেন্তে তুমি ভনী বুলি কেনেকৈ ক’লা? ইচহাকে ক’লে, তেওঁৰ কাৰণে মই মৰিম বুলি ভাবি সেইদৰে কৈছিলোঁ।”
Et accersito eo, ait: Perspicuum est quod uxor tua sit: cur mentitus es eam sororem tuam esse? Respondit: Timui ne morerer propter eam.
10 ১০ তেতিয়া অবীমেলকে ক’লে, “তুমি আমালৈ এইটো কি কাম কৰিলা? লোকসকলৰ মাজৰ কোনো এজনে তোমাৰ ভাৰ্যাৰে সৈতে অনায়েসে শয়ন কৰিব পাৰিলেহেঁতেন; সেয়ে হোৱা হ’লে তুমি আমাক দোষী সাব্যস্ত কৰিলাহেঁতেন।”
Dixitque Abimelech: Quare imposuisti nobis? potuit coire quispiam de populo cum uxore tua, et induxeras super nos grande peccatum. Præcepitque omni populo, dicens:
11 ১১ পাছত অবীমেলকে সকলো লোকক এই আজ্ঞা দি সাবধান কৰি ক’লে, “যি কোনোৱে এই পুৰুষ বা তেওঁৰ ভাৰ্যাক স্পৰ্শ কৰিব, নিশ্চয়ে তাৰ প্ৰাণদণ্ড হ’ব।”
Qui tetigerit hominis huius uxorem, morte morietur.
12 ১২ সেই কালত ইচহাকে সেই দেশত ধান ৰোপণ কৰি, সেই একে বছৰতেই এশ গুণ পালে; আৰু যিহোৱাই তেওঁক আশীৰ্ব্বাদ কৰিলে আৰু তেওঁ বৰ মানুহ হ’ল;
Sevit autem Isaac in terra illa, et invenit in ipso anno centuplum: benedixitque ei Dominus.
13 ১৩ আৰু ইচহাক বৰ ধনী হৈ হৈ, ক্ৰমেৰে অতিশয় মহান ব্যক্তি হ’ল।
Et locupletatus est homo, et ibat proficiens atque succrescens, donec magnus vehementer effectus est:
14 ১৪ আৰু তেওঁৰ অনেক পশুধন আৰু অনেক দাস-দাসী হ’ল। এইকাৰণে পলেষ্টীয়াসকলে তেওঁক ঈৰ্ষা কৰিলে।
habuit quoque possessiones ovium et armentorum, et familiæ plurimum. Ob hoc invidentes ei Palæstini,
15 ১৫ ইচহাকৰ পিতৃ অব্ৰাহামৰ দিনত, অব্ৰাহামৰ বন্দীবোৰে যি যি নাদ খান্দিছিল, সেই সকলোকে পলেষ্টীয়াসকলে মাটি দি পুতি বন্ধ কৰিলে।
omnes puteos, quos foderant servi patris illius Abraham, illo tempore obstruxerunt, implentes humo:
16 ১৬ পাছত অবীমেলকে ইচহাকক ক’লে, “তুমি আমাৰ ওচৰৰ পৰা গুচি যোৱা কিয়নো তুমি আমাতকৈও অতিশয় ক্ষমতাশালী থ’লো।”
in tantum, ut ipse Abimelech diceret ad Isaac: Recede a nobis, quoniam potentior nobis factus es valde.
17 ১৭ তেতিয়া ইচহাকে তাৰ পৰা গুচি গৈ, গৰাৰৰ উপত্যকাত তম্বু তৰি তাতেই বাস কৰিলে।
Et ille discedens, ut veniret ad torrentem Geraræ, habitaretque ibi:
18 ১৮ আৰু তেওঁৰ পিতৃ অব্ৰাহামৰ দিনত খন্দা যি যি পানীৰ নাদ পলেষ্টীয়াসকলে অব্ৰাহামৰ মৃত্যুৰ পাছত পুতি পেলাইছিল, ইচহাকে পুনৰাই সেইবোৰ নাদ খানি উলিয়ালে; আৰু তেওঁৰ পিতৃয়ে দিয়া নামৰ দৰেই, ইচহাকে সেইবোৰৰ নাম দিলে।
rursum fodit alios puteos, quos foderant servi patris sui Abraham, et quos, illo mortuo, olim obstruxerant Philisthiim: appellavitque eos eisdem nominibus quibus ante pater vocaverat.
19 ১৯ আৰু ইচহাকৰ বন্দীবোৰে সেই উপত্যকা খানি তাত এটা পানীৰ নিজৰাৰ ভূমূক পালে।
Foderuntque in torrente, et repererunt aquam vivam.
20 ২০ তাতে গৰাৰৰ পশু ৰখীয়াবোৰে ইচহাকৰ পশু ৰখীয়াই সৈতে বিবাদ কৰি ক’লে, “এই পানী আমাৰ।” এই হেতুকে ইচহাকে সেই নাদৰ নাম “এচক” ৰাখিলে; কাৰণ সিহঁতে তেওঁৰ লগত বিবাদ কৰিছিল।
Sed et ibi iurgium fuit pastorum Geraræ adversus pastores Isaac, dicentium: Nostra est aqua. Quam ob rem nomen putei ex eo, quod acciderat, vocavit Calumniam.
21 ২১ পাছে আৰু এটা নাদ খান্দিলে, সিহঁতে তাৰ নিমিত্তেও বিবাদ কৰিলে; তাতে ইচহাকে তাৰ নাম “চিত্না” ৰাখিলে।
Foderunt autem et alium: et pro illo quoque rixati sunt, appellavitque eum, Inimicitias.
22 ২২ আকৌ তেওঁ তাৰ পৰা গৈ, আন এটা নাদ খান্দিলে। তাৰ নিমিত্তে হ’লে সিহঁতে বিবাদ নকৰিলে; তাতে তেওঁ তাৰ নাম ৰহোবোৎ ৰাখি ক’লে, “এতিয়াহে যিহোৱাই আমাক বহল ঠাই দিছে; এতেকে আমি দেশত বৃদ্ধি হ’ম।”
Profectus inde fodit alium puteum, pro quo non contenderunt: itaque vocavit nomen eius, Latitudo, dicens: Nunc dilatavit nos Dominus, et fecit crescere super terram.
23 ২৩ তাৰ পাছত ইচহাক তাৰ পৰা বেৰ-চেবালৈ গ’ল।
Ascendit autem ex illo loco in Bersabee,
24 ২৪ সেই ৰাতিয়েই যিহোৱাই তেওঁক দৰ্শন দি ক’লে, “মই তোমাৰ পিতৃ অব্ৰাহামৰ ঈশ্বৰ, ভয় নকৰিবা; কিয়নো মই তোমাৰ সঙ্গী হৈ তোমাক আশীৰ্ব্বাদ কৰিম আৰু মোৰ নিজ দাস অব্ৰাহামলৈ চাই তোমাৰ বংশ বৃদ্ধি কৰিম।”
ubi apparuit ei Dominus in ipsa nocte, dicens: Ego sum Deus Abraham patris tui, noli timere, quia ego tecum sum: benedicam tibi, et multiplicabo semen tuum propter servum meum Abraham.
25 ২৫ পাছত ইচহাকে সেই ঠাইতে এটা যজ্ঞ-বেদি নিৰ্ম্মাণ কৰি যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে আৰু তাতে নিজ তম্বু তৰিলে। পাছে ইচহাকৰ বন্দীহঁতে তাত এটা নাদ খান্দিলে।
Itaque ædificavit ibi altare: et invocato nomine Domini, extendit tabernaculum: præcepitque servis suis ut foderunt puteum.
26 ২৬ তেতিয়া অবীমেলকে অহুজ্জৎ নামেৰে নিজৰ এজন বন্ধুক আৰু তেওঁৰ প্ৰধান সেনাপতি ফীখোলকো লগত লৈ, গৰাৰৰ পৰা ইচহাকৰ ওচৰলৈ গ’ল।
Ad quem locum cum venissent de Geraris Abimelech, et Ochozath amicus illius, et Phicol dux militum,
27 ২৭ তাতে ইচহাকে তেওঁলোকক ক’লে, “তোমালোকে মোক ঘিণ কৰি তোমালোকৰ ওচৰৰ পৰা খেদি পঠালা; এতিয়া নো তোমালোক মোৰ ওচৰলৈ কেলৈ আহিছা?”
locutus est eis Isaac: Quid venistis ad me hominem quem odistis, et expulistis a vobis?
28 ২৮ তাতে তেওঁলোকে ক’লে, “যিহোৱা যে তোমাৰ সঙ্গী, তাক আমি জানিলোঁ তোমাৰ আৰু আমাৰ মাজত এক শপত হ’বলৈ,
Qui responderunt: Vidimus tecum esse Dominum, et idcirco nos diximus: Sit iuramentum inter nos, et ineamus fœdus,
29 ২৯ আমি যেনেকৈ তোমাক স্পৰ্শ কৰা নাই, বৰং শান্তিৰে বিদায় কৰিছিলোঁ, তেনেকৈ তুমিও যাতে আমাক হিংসা নকৰা, এয়ে তোমাৰে সৈতে এটা নিয়ম স্থাপন কৰিলোঁ; তুমি এতিয়া যিহোৱাৰ আশীৰ্ব্বাদ প্ৰাপ্ত থ’লো।”
ut non facias nobis quidquam mali, sicut et nos nihil tuorum attigimus, nec fecimus quod te læderet: sed cum pace dimisimus auctum benedictione Domini.
30 ৩০ তেতিয়া ইচহাকে তেওঁলোকলৈ ভোজ যুগুত কৰিলে আৰু তেওঁলোকে ভোজন-পান কৰিলে।
Fecit ergo eis convivium, et post cibum et potum
31 ৩১ পাছত তেওঁলোক দুজনে নিচেই ৰাতিপুৱাতে উঠি, ইজনে সিজনৰ আগত শপত কৰিলে আৰু ইচহাকে তেওঁলোকক বিদায় কৰিলে, তেওঁলোক শান্তিৰে তেওঁৰ ওচৰৰ পৰা গুচি গ’ল।
surgentes mane, iuraverunt sibi mutuo: dimisitque eos Isaac pacifice in locum suum.
32 ৩২ আৰু সেই দিনাই ইচহাকৰ দাসবোৰে আহি সিহঁতে খন্দা এটা নাদৰ বিষয়ে তেওঁক সম্বাদ দিলেহি বোলে “আমি পানী পালোঁ।”
Ecce autem venerunt in ipso die servi Isaac annunciantes ei de puteo, quem foderant, atque dicentes: Invenimus aquam.
33 ৩৩ তাতে তেওঁ সেই নাদৰ নাম চিবিয়া ৰাখিলে; এই হেতুকে আজিলৈকে সেই নগৰৰ নাম বেৰ-চেবা বুলি প্ৰখ্যাত।
Unde appellavit eum, Abundantiam: et nomen urbi impositum est Bersabee, usque in præsentem diem.
34 ৩৪ পাছত এচৌৱে 40 বছৰ বয়সত, হিত্তীয়া বেৰীৰ জীয়েক যিহূদিৎ আৰু হিত্তীয়া এলোনৰ জীয়েক বাচমতক বিয়া কৰিলে।
Esau vero quadragenarius duxit uxores, Iudith filiam Beeri Hethæi, et Basemath filiam Elon eiusdem loci:
35 ৩৫ কিন্তু ইহঁত দুজনী ইচহাক আৰু ৰিবেকাৰ মনত দুখ দিওঁতা হ’ল।
quæ ambæ offenderant animum Isaac et Rebeccæ.

< আদিপুস্তক 26 >