< আদিপুস্তক 20 >

1 অব্ৰাহামে পূর্বৰ ঠাই এৰি নেগেভ দেশৰ ফালে গ’ল। তাত তেওঁ কাদেচ আৰু চূৰৰ মাজৰ এঠাইত থাকিবলৈ ল’লে; সেই গৰাৰ নগৰত তেওঁ প্ৰবাসী আছিল।
А Аврам отиде оданде на југ, и стани се између Кадиса и Сура; и живеше као дошљак у Герару.
2 তাত অব্ৰাহামে নিজৰ ভাৰ্যা চাৰাৰ বিষয়ে ক’লে, “এওঁ মোৰ ভনী।” সেয়ে সেই ঠাইৰ ৰজা অবীমেলকে মানুহ পঠাই চাৰাক লৈ গ’ল।
И говораше за жену своју Сару: Сестра ми је. А цар герарски Авимелех посла те узе Сару.
3 কিন্তু ৰাতি ঈশ্বৰে সপোনত অবীমেলকৰ ওচৰলৈ আহি ক’লে, “চোৱা, যি মহিলাগৰাকীক তুমি লৈ আনিছা, তেওঁৰ কাৰণে তোমাৰ মৃত্যু অনিবার্য। কিয়নো তেওঁ এজন পুৰুষৰ ভাৰ্যা।”
Али дође Бог Авимелеху ноћу у сну, и рече му: Гле, погинућеш са жене коју си узео, јер има мужа.
4 অবীমেলকে কিন্তু তেতিয়াও চাৰাৰ ওচৰলৈ যোৱা নাছিল; সেয়ে তেওঁ ক’লে, “হে প্ৰভু, অপৰাধ নকৰিলেও আপুনি এটা সৎ জাতিক সংহাৰ কৰিব নে?
А Авимелех не беше се ње дотакао, и зато рече: Господе, еда ли ћеш и праведан народ погубити?
5 সেই লোকজনে জানো নিজেই মোক কোৱা নাছিল ‘তাই মোৰ ভনী’ বুলি? এনেকি সেই মহিলাগৰাকীয়েও কৈছিল, ‘তেওঁ মোৰ ককাই’ বুলি। মই মোৰ সৰল মনেৰে আৰু নির্দোষী হাতেৰেহে এই কাম কৰিলোঁ।”
Није ли ми сам казао: Сестра ми је? А и она сама каза: Брат ми је. Учинио сам у чистоти срца свог и у правди руку својих.
6 তেতিয়া ঈশ্বৰে সপোনত তেওঁক ক’লে, “হয়, মই জানো যে তুমি সৰল মনেৰেই এই কাম কৰিলা আৰু সেই কাৰণেই মোৰ অহিতে পাপ নকৰাকৈ তোমাক ৰাখিলোঁ; তেওঁক স্পৰ্শ কৰিবলৈ তোমাক নিদিলোঁ।
Тада му рече Бог у сну: Знам да си учинио у чистоти срца свог, зато те сачувах да ми не сагрешиш, и не дадох да је се дотакнеш.
7 গতিকে সেই পুৰুষৰ ভাৰ্যাক এতিয়া ওভটাই দিয়া; কিয়নো সেই লোকজন এজন ভাববাদী। তেওঁ তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিব আৰু তুমি জীবা। কিন্তু যদি তেওঁক উভটাই নিদিয়া, তেন্তে ইয়াকে জানিবা যে তুমি আৰু তোমাৰ লোকসকলৰ সকলোৰে অৱশ্যেই মৃত্যু হ’ব।”
А сада врати човеку жену његову, јер је пророк, и молиће се за те, те ћеш остати жив. Ако ли не вратиш, знај да ћеш умрети ти и сви твоји.
8 পাছদিনা অবীমেলকে অতি ৰাতিপুৱাতে উঠি নিজৰ দাসবোৰক ওচৰলৈ মাতি এই সকলো কথা ক’লে। এই কথা শুনি লোকসকলৰ অতিশয় ভয় লাগিল।
И ујутру рано уста Авимелех, и сазва све слуге своје, и каза им све ово да чују. И уплашише се људи веома.
9 তেতিয়া অবীমেলকে অব্ৰাহামক মাতি আনি ক’লে, “আপুনি আমাৰ লগত এইটো কি কাম কৰিলে? মইনো আপোনাৰ বিৰুদ্ধে কি দোষ কৰিলোঁ যে আপুনি মোক আৰু মোৰ ৰাজ্যক ইমান ডাঙৰ এক মহাপাপত পেলালে। মোলৈ এই ধৰণৰ ব্যৱহাৰ কৰা আপোনাৰ মুঠেই উচিত হোৱা নাই।”
Тада Авимелех дозва Аврама и рече му: Шта си нам учинио? Шта ли сам ти згрешио, те навуче на ме и на царство моје толико зло? Учинио си ми шта не ваља чинити.
10 ১০ অবীমেলকে অব্ৰাহামক পুনৰ ক’লে, “আপুনি কি ভাৱি এনে কাৰ্য কৰিলে?”
И још рече Авимелех Авраму: Шта ти је било, те си то учинио?
11 ১১ তেতিয়া অব্ৰাহামে ক’লে, “মই ভাৱিছিলো, এই ঠাইৰ লোকসকলৰ ঈশ্বৰৰ প্রতি নিশ্চয়ে ভয়-ভীতি নাই; সেয়ে মোৰ ভার্য্যাক পাবলৈ তেওঁলোকে মোকেই বধ কৰিব’।
А Аврам одговори: Говорих: јамачно нема страха Божјег у овом месту, па ће ме убити ради жене моје.
12 ১২ তাৰ বাহিৰেও বাস্তৱিকত তেওঁ মোৰ ভনীও হয়; আমাৰ মাতৃ বেলেগ হ’লেও তেওঁৰ আৰু মোৰ পিতৃ একে। এতেকে তেওঁ মোৰ ভার্য্যা হ’ল।
А управо и јесте ми сестра, кћи оца мог; али није кћи моје матере, па пође за ме.
13 ১৩ ঈশ্বৰে যেতিয়া মোক মোৰ পিতৃৰ ঘৰ ত্যাগ কৰিবলৈ দিলে আৰু মোক এঠাইৰ পৰা আন ঠাইলৈ ভ্রমণ কৰাই লৈ ফুৰালে, তেতিয়া মই মোৰ ভার্য্যাক কৈছিলোঁ, ‘মোৰ ভার্য্যা হিচাবে তুমি মোলৈ এই বিশ্বস্ততা প্রকাশ কৰিবা: আমি যি ঠাইলৈকে যাম, তুমি মোক তোমাৰ ককাই বুলি পৰিচয় দিবা’।”
А кад ме Бог изведе из дома оца мог, ја јој рекох: Учини добро, и кажи за ме где год дођемо: Брат ми је.
14 ১৪ তাৰ পাছত অবীমেলকে কিছুমান মেৰ-ছাগ, গৰু আৰু দাস-দাসীক আনি অব্ৰাহামক দিলে আৰু তাৰ লগতে তেওঁৰ ভাৰ্যা চাৰাকো ওভটাই দিলে।
Тада Авимелех узе оваца и говеда и слуга и слушкиња, те даде Авраму, и врати му Сару жену његову.
15 ১৫ অবীমেলকে ক’লে, “চোৱা, মোৰ দেশখনেই আপোনাৰ আগত আছে; আপোনাৰ যি ঠাইতে ভাল লাগে, তাতে নিগাজীকৈ থাকক।”
И рече Авимелех Авраму: Ево, земља ти је моја отворена, живи слободно где ти је воља.
16 ১৬ তেওঁ চাৰাকো ক’লে, “চোৱা, তোমাৰ ককায়েৰাক মই এক হাজাৰ ৰূপ দিছোঁ; ইয়েই তোমাৰ লগতে সকলো লোকৰ সন্মুখত তোমাৰ বিৰুদ্ধে হোৱা অপৰাধ ঢাকিবলৈ কৰা হৈছে। তোমাৰ কোনো দোষ নাই।”
А Сари рече: Ево дао сам твом брату хиљаду сребрника; гле, он ти је очима покривало пред свима који буду с тобом; и то све да ти је за науку.
17 ১৭ তাৰ পাছত অব্ৰাহামে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে। তেতিয়া অবীমেলক, তেওঁৰ ভাৰ্যা, আৰু তেওঁৰ আন আন দাসীসকলে যাতে সন্তান লাভ কৰিবলৈ সক্ষম হ’ব পাৰে, ঈশ্বৰে তেওঁলোকক সুস্থ কৰিলে।
И Аврам се помоли Богу, и исцели Бог Авимелеха и жену његову и слушкиње његове, те рађаху.
18 ১৮ কিয়নো যিহোৱাই অব্ৰাহামৰ ভাৰ্যা চাৰাৰ কাৰণে অবীমেলকৰ ঘৰত থকা সকলো মহিলাৰ সন্তান ধাৰণৰ ক্ষমতা সম্পূর্ণভাৱে বন্ধ কৰিছিল।
Јер Господ беше сасвим затворио сваку материцу у дому Авимелеховом ради Саре жене Аврамове.

< আদিপুস্তক 20 >