< আদিপুস্তক 12 >

1 যিহোৱাই অব্ৰামক ক’লে, “তুমি তোমাৰ নিজৰ দেশ, তোমাৰ আত্মীয়-স্বজন আৰু তোমাৰ পিতৃৰ ঘৰ ত্যাগ কৰি মই যি দেশ তোমাক দেখুৱাম সেই দেশলৈ যোৱা।
Chúa Hằng Hữu phán cùng Áp-ram: “Hãy lìa quê cha đất tổ, bỏ họ hàng thân thuộc, rời gia đình mình và đi đến xứ Ta sẽ chỉ định.
2 মই তোমাৰ পৰা এক মহাজাতি সৃষ্টি কৰিম আৰু তোমাক আশীৰ্ব্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম; তাতে তুমি আশীৰ্ব্বাদৰ আকৰ হ’বা।
Ta sẽ cho con trở thành tổ phụ một dân tộc lớn. Ta sẽ ban phước lành, làm rạng danh con, và con sẽ thành một nguồn phước cho nhiều người.
3 যিসকলে তোমাক আশীৰ্ব্বাদ কৰে, মই তেওঁলোকক আশীৰ্ব্বাদ কৰিম আৰু যিসকলে তোমাক শাও দিয়ে, মই তেওঁলোকক শাও দিম। তোমাৰ দ্বাৰায়েই পৃথিৱীৰ সমুদায় গোষ্ঠীয়ে আশীৰ্ব্বাদ পাব।”
Ta sẽ ban phước lành cho ai cầu phước cho con, nguyền rủa người nào nguyền rủa con. Tất cả các dân tộc trên mặt đất sẽ do con mà được hạnh phước.”
4 পাছত অব্ৰামে যিহোৱাৰ কথা মতে যাত্ৰা কৰিলে আৰু লোট তেওঁৰ লগত গ’ল। হাৰণ নগৰৰ পৰা ওলাই যোৱাৰ সময়ত অব্ৰামৰ বয়স আছিল পঁয়সত্তৰ বছৰ।
Vậy, Áp-ram ra đi, như lời Chúa Hằng Hữu đã dạy. Lót cùng đi với ông. Khi rời khỏi Ha-ran, Áp-ram được bảy mươi lăm tuổi.
5 অব্ৰামে তেওঁৰ ভার্য্যা চাৰী আৰু ভতিজা পুতেক লোটক লগত লৈ ওলাই গ’ল। তেওঁৰ সকলো উপাৰ্জিত ধন, সম্পত্তি আৰু তেওঁ হাৰণত পোৱা সকলো দাসবোৰক লৈ কনান দেশ অভিমুখে যাত্রা কৰিলে। পাছত তেওঁলোকে কনান দেশ গৈ পালে।
Áp-ram đem Sa-rai, vợ mình và Lót, cháu mình, cùng tất cả cơ nghiệp—đầy tớ và súc vật đã gây dựng tại Ha-ran—đi đến xứ Ca-na-an. Họ đều đến Ca-na-an.
6 কনান দেশৰ মাজেদি অব্ৰাম চিখিম নগৰলৈ গ’ল আৰু তাৰ পাছত মোৰিৰ ওক গছজোপা পর্যন্ত গ’ল। সেইসময়ত কনানীয়াসকলে সেই দেশত বাস কৰিছিল।
Áp-ram vào sâu trong xứ Ca-na-an, đến gần Si-chem, và dựng trại bên cây sồi tại Mô-rê.
7 পাছত যিহোৱাই অব্ৰামক দৰ্শন দি ক’লে, “এই দেশখনকে মই তোমাৰ বংশক দিম।” তাতে অব্রামে তেওঁক দৰ্শন দিয়া যিহোৱাৰ উদ্দেশ্যে সেই ঠাইত এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।
Chúa Hằng Hữu hiện ra và phán cùng Áp-ram: “Ta sẽ cho dòng dõi con xứ này.” Áp-ram lập bàn thờ cho Chúa Hằng Hữu.
8 তাৰ পাছত চিখিমৰ পৰা অব্রামে বৈৎএলৰ পূবফালে পাহাৰীয়া এলেকালৈ আগুৱাই গ’ল আৰু তাত তেওঁ বৈৎএলক পশ্চিম আৰু অয়ক পূব কৰি তম্বু তৰিলে; সেই ঠাইতো তেওঁ যিহোৱালৈ এটা যজ্ঞ-বেদী নিৰ্ম্মাণ কৰিলে আৰু যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে।
Sau đó, Áp-ram xuống vùng đồi núi giữa Bê-tên và A-hi (Bê-tên ở phía đông, A-hi ở phía tây). Tại đó, ông dựng trại, lập bàn thờ cho Chúa Hằng Hữu, và cầu nguyện với Ngài.
9 তাৰ পাছত অব্ৰামে পুনৰ যাত্রা আৰম্ভ কৰিলে আৰু তেওঁ নেগেভৰ ফালে অগ্রসৰ হ’ল।
Ông tiếp tục đi dần về hướng nam cho đến Nê-ghép.
10 ১০ পাছত কনান দেশত আকাল হ’ল; আকাল অতিশয়ৰূপে বৃদ্ধি হোৱাত অব্ৰামে মিচৰ দেশত প্ৰবাস কৰিবলৈ নামি গ’ল।
Lúc ấy, vì có nạn đói lớn xảy đến trong xứ, nên Áp-ram lánh sang Ai Cập.
11 ১১ তেওঁ মিচৰ দেশত প্রৱেশ কৰাৰ ঠিক আগমুহূর্তত তেওঁৰ ভাৰ্যা চাৰীক ক’লে, “শুনা, মই জানো তুমি এগৰাকী সুন্দৰী মহিলা।
Khi sắp vào lãnh thổ Ai Cập, Áp-ram bảo Sa-rai: “Tôi biết bà rất đẹp.
12 ১২ তোমাক যেতিয়া মিচৰীয়াসকলে দেখিব, তেতিয়া তেওঁলোকে ক’ব, ‘এই মহিলাগৰাকী সেই লোকজনৰ ভাৰ্যা।’ পাছত তেওঁলোকে মোক বধ কৰি তোমাক জীয়াই ৰাখিব।
Nếu người Ai Cập nhìn thấy bà, lại biết bà là vợ tôi, họ sẽ giết tôi để cướp bà.
13 ১৩ সেয়ে তুমি ক’বা যে, তুমি মোৰ ভনী হয়। তাতে তোমাৰ কাৰণে মোলৈ ভাল হ’ব পাৰে আৰু মোৰ প্ৰাণো ৰক্ষা পৰিব পাৰে।”
Hãy nói bà là em gái tôi. Nhờ bà, họ sẽ hậu đãi và tha mạng cho tôi.”
14 ১৪ অব্ৰাম যেতিয়া মিচৰ দেশত সোমাল, তেতিয়া মিচৰীয়াসকলে চাৰীক অতি সুন্দৰী দেখিলে।
Quả nhiên, khi đến Ai Cập, mọi người đều trầm trồ về nhan sắc Sa-rai.
15 ১৫ ফৰৌণৰ ৰাজপুত্রসকলেও চাৰীক দেখা পাই ফৰৌণ ৰজাৰ আগত তেওঁৰ প্রশংসা কৰিলে। ফলত চাৰীক ফৰৌণৰ ৰাজপ্রাসাদলৈ লৈ গ’ল।
Triều thần Ai Cập thấy bà liền ca tụng với Pha-ra-ôn, vua mình, và bà bị đưa vào hậu cung.
16 ১৬ চাৰীৰ কাৰণে ফৰৌণে অব্ৰামলৈ ভাল ব্যৱহাৰ কৰিবলৈ ধৰিলে; তেওঁ অব্রামক অনেক মেৰ-ছাগ, গৰু, গাধ, গাধী, দাস-দাসী আৰু উট দিলে।
Nhờ bà, vua hậu đãi Áp-ram, cho ông nhiều chiên, bò, lừa, lạc đà, và đầy tớ nam nữ.
17 ১৭ কিন্তু অব্ৰামৰ ভাৰ্যা চাৰীৰ কাৰণে যিহোৱাই ফৰৌণ আৰু তেওঁৰ পৰিয়ালৰ সকলো লোকৰ মাজত ভয়ঙ্কৰ মহামাৰী ঘটালে।
Tuy nhiên, cũng vì Sa-rai, Chúa Hằng Hữu giáng tai họa khủng khiếp trên vua Pha-ra-ôn và cả hoàng cung Ai Cập.
18 ১৮ ফৰৌণে অব্ৰামক মাতি ক’লে, “আপুনি মোৰ লগত এইটো কি কাম কৰিলে? এওঁ যে আপোনাৰ ভাৰ্যা, তাক মোক কিয় কোৱা নাছিল?
Vua Pha-ra-ôn cho gọi Áp-ram vào trách: “Sao ngươi nỡ hại ta như thế? Sao không nói người là vợ ngươi?
19 ১৯ আপুনি কিয় ‘তাই মোৰ ভনী’ বুলি কৈছিল? সেই কাৰণেহে মই তেওঁক বিয়া কৰিবলৈ আনিছিলোঁ। এতিয়া, এয়া আপোনাৰ ভাৰ্যা; তেওঁক লৈ আপুনি গুছি যাওঁক।”
Sao lại nói người là em gái, nên ta đã lấy làm vợ? Bây giờ, vợ ngươi đây, hãy nhận lại và đi đi!”
20 ২০ তাৰ পাছতে অব্রামৰ বিষয়ে ফৰৌণে তেওঁৰ লোকসকলক আজ্ঞা দিলে আৰু তেওঁলোকে অব্রামক তেওঁৰ ভার্য্যা আৰু তেওঁৰ সকলো সম্পদেৰে সৈতে দূৰলৈ পঠিয়াই দিলে।
Vua Pha-ra-ôn ra lệnh cho quân sĩ hộ tống Áp-ram, vợ, đầy tớ, và tài sản của ông ra khỏi Ai Cập.

< আদিপুস্তক 12 >