< আদিপুস্তক 10 >

1 নোহৰ পুত্ৰ চেম, হাম আৰু যেফতৰ বংশৰ বিৱৰণ এই: জলপ্লাৱনৰ পাছত তেওঁলোকৰ বহুতো সন্তান জন্ম হ’ল।
Now these are the generations of the sons of Noah and of Shem, Ham, and Japheth. Sons were born to them after the flood.
2 যেফতৰ সন্তানসকলৰ নাম গোমৰ, মাগোগ, মাদয়, যাবন, তুবল, মেচেক আৰু তীৰচ।
The sons of Japheth: Gomer, Magog, Madai, Javan, Tubal, Meshech, and Tiras.
3 গোমৰৰ সন্তান সকল হ’ল অস্কিনজ, ৰীফৎ, আৰু তোগৰ্মা।
The sons of Gomer: Ashkenaz, Riphath, and Togarmah.
4 যাবনৰ সন্তান সকল হ’ল ইলীচা, তৰ্চীচ, কিত্তীম আৰু দোদানীম।
The sons of Javan: Elishah, Tarshish, Kittim, and Rodanim.
5 যাবনৰ বংশৰ লোকসকলে সাগৰৰ কাষৰীয় অঞ্চল আৰু দ্বীপবোৰত বসবাস কৰিলে। তেওঁলোকৰ বংশধৰসকল বিভক্ত হৈ বিভিন্ন জাতি হ’ল আৰু প্রত্যেক জাতিৰ নিজস্ব ভাষা, গোষ্ঠী আৰু অঞ্চল হ’ল।
From these, the coastlands of the nations separated into their territories, every one according to its language, according to their families, in their nations.
6 হামৰ সন্তান সকলৰ নাম কুচ, মিচৰ, পূট, আৰু কনান।
The sons of Ham: Cush, Mizraim, Put, and Canaan.
7 কুচৰ সন্তান সকল হ’ল চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা; ৰয়মাৰ সন্তান সকল হ’ল চিবা আৰু দদান।
The sons of Cush: Seba, Havilah, Sabtah, Raamah, and Sabteca. The sons of Raamah: Sheba and Dedan.
8 কুচৰ পুত্ৰৰ নাম নিম্ৰোদ; এই নিম্রোদ পৃথিবীত এজন মহা-পৰাক্ৰমী পুৰুষ হৈ উঠিছিল।
Cush became the father of Nimrod. He began to be a mighty one on the earth.
9 যিহোৱাৰ সন্মুখত তেওঁ আছিল এজন পৰাক্ৰমী চিকাৰী। সেইবাবে তেওঁৰ তুলনা দি এই লোক-প্রবাদ আছে, “নিম্রোদৰ নিচিনা, যিহোৱাৰ সন্মুখতো এজন পৰাক্রমী চিকাৰী।”
He was a mighty hunter before God. Therefore it is said, "Like Nimrod, a mighty hunter before God."
10 ১০ নিম্রোদৰ ৰাজত্বৰ প্রথম ঠাইবোৰ আছিল চিনাৰ দেশৰ বাবিল, এৰক, অক্কদ, আৰু কলনি।
And the beginning of his kingdom was Babel, and Erech, and Akkad, and Calneh, in the land of Shinar.
11 ১১ তেওঁ সেই ঠাইৰ পৰা অচুৰ দেশলৈকে গ’ল; তেওঁ নীনবি, ৰহোবোৎ-ঈৰ, কেলহ,
Out of that land he went forth into Assyria, and built Nineveh, and Rehoboth Ir, and Calah,
12 ১২ আৰু ৰেচন, এইবোৰ নগৰ নির্ম্মাণ কৰিলে। নীনবি আৰু কেলহৰ মাজত অৱস্থিত ৰেচন এখন মহানগৰ আছিল।
and Resen, between Nineveh and the great city of Calah.
13 ১৩ লুদীয়া, অনামীয়া, লহাবীয়া, নপ্তুহীয়া,
And Mizraim became the father of Ludim, and Anamim, and Lehabim, and Naphtuhim,
14 ১৪ পথ্ৰোচীয়া, কচলুহীয়া আৰু কপ্তোৰীয়াসকল মিচৰৰ বংশৰ লোক আছিল। পলেষ্টীয়াসকল এই কচলুহীয়াসকলৰ পৰা আহিছিল।
And Pathrusim, and Casluhim, which the Philistines descended from, and Caphtorim.
15 ১৫ কনান, চীদোন আৰু হেতৰ পিতৃ আছিল। চীদোন আছিল কনানৰ প্রথম সন্তান।
And Canaan became the father of Sidon, his firstborn, and Heth,
16 ১৬ যিবুচীয়া ইমোৰীয়া, গিৰ্গাচীয়া,
and the Jebusites, and the Amorites, and the Girgashites,
17 ১৭ হিব্বীয়া, অৰ্কীয়া, চীনীয়া,
and the Hivites, and the Arkites, and the Sinites,
18 ১৮ অৰ্বদীয়া, চমৰীয়া, আৰু হমাতীয়াসকলো কনানৰ বংশৰ লোক আছিল। পাছত কনানীয়া গোষ্ঠীবোৰ বিস্তাৰিত হৈ পৰিল।
and the Arvadites, and the Zemarites, and the Hamathites. Afterward the families of the Canaanites were spread abroad.
19 ১৯ কনানীয়াসকলৰ সীমা চীদোনপৰা গৰাৰৰ ফালে গাজা পর্যন্ত আৰু চদোম, ঘমোৰা, অদ্মা, আৰু চবোয়ীমলৈ যোৱাৰ ফালে লেচা পর্যন্ত আছিল।
And the border of the Canaanites was from Sidon, as you go toward Gerar, to Gaza; as you go toward Sodom, and Gomorrah, and Admah, and Zeboiim, to Lasha.
20 ২০ নিজৰ নিজৰ ফৈদ, ভাষা, দেশ আৰু জাতি হিচাবে এইসকল লোকেই আছিল হামৰ বংশৰ লোক।
These are the sons of Ham, after their families, after their languages, in their lands, in their nations.
21 ২১ যেফতৰ ডাঙৰ ককায়েক চেমৰো সন্তান-সন্ততি হ’ল। চেম এবৰৰ বংশধৰসকলৰ আদি পুৰুষ আছিল।
To Shem, the father of all the children of Eber, the elder brother of Japheth, to him also were children born.
22 ২২ চেমৰ পুত্রসকল থ’ল এলম, অচুৰ, অৰ্ফকচদৰ, লুদ আৰু অৰাম।
The sons of Shem: Elam, and Asshur, and Arpachshad, and Lud, and Aram.
23 ২৩ অৰামৰ পুত্রসকল উচ, হুল, গেথৰ, আৰু মচ।
The sons of Aram: Uz, and Hul, and Gether, and Mash.
24 ২৪ অৰ্ফকচদৰ সন্তানৰ নাম চেলহ আৰু চেলহৰ সন্তানৰ নাম এবৰ।
And Arpachshad became the father of Kenan. And Kenan became the father of Shelah. And Shelah became the father of Eber.
25 ২৫ এবৰৰ দুজন পুত্ৰ আছিল। তেওঁলোকৰ এজনৰ নাম পেলগ, কিয়নো তেওঁৰ দিনতে পৃথিৱী বিভক্ত হৈছিল। পেলগৰ ভায়েকৰ নাম আছিল যক্তন।
To Eber were born two sons. The name of the one was Peleg, for in his days the earth was divided. His brother's name was Joktan.
26 ২৬ যক্তনৰ পুত্ৰসকলৰ নাম অলমোদদ, চেলফ, হচমাবৎ, যেৰহ,
And Joktan became the father of Almodad, and Sheleph, and Hazarmaveth, and Jerah,
27 ২৭ হদোৰাম, উজল, দিক্লা,
and Hadoram, and Uzal, and Diklah,
28 ২৮ ওবল, অবীমায়েল, চিবা,
and Obal, and Abimael, and Sheba,
29 ২৯ ওফীৰ, হবীলা আৰু যোবব; এইলোক সকলোৱেই যক্তনৰ সন্তান।
and Ophir, and Havilah, and Jobab. All these were the sons of Joktan.
30 ৩০ মেচাৰ পৰা পূব দিশৰ ছফাৰ পৰ্ব্বতলৈকে যোৱা অঞ্চলত তেওঁলোকে বসবাস কৰিছিল।
Their dwelling was from Mesha, as you go toward Sephar, the mountain of the east.
31 ৩১ নিজৰ নিজৰ ফৈদ, ভাষা, দেশ আৰু জাতি হিচাবে এইসকল লোকেই আছিল চেমৰ বংশৰ লোক।
These are the sons of Shem, after their families, after their languages, in their lands, after their nations.
32 ৩২ এয়াই হ’ল বংশানুক্রমে আৰু জাতি অনুসাৰে নোহৰ পুত্রসকলৰ গোষ্ঠী। জলপ্লাৱনৰ পাছত এওঁলোকৰ বংশৰ লোকসকলেই পৃথক পৃথক জাতি হ’ল আৰু গোটেই পৃথিৱীতে সিচঁৰিত হ’ল।
These are the families of the sons of Noah, after their generations, in their nations, and from these the nations branched out on the earth after the flood.

< আদিপুস্তক 10 >