< গালাতীয়া 6 >

1 হে ভাই সকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহলে আত্মিক যি আপোনালোক, আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰক; কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ’ব৷
Ndugu, kama mkimwona mtu fulani amekosea, basi, ninyi mnaoongozwa na Roho mwonyeni mtu huyo ajirekebishe; lakini fanyeni hivyo kwa upole, mkiwa na tahadhari msije nanyi wenyewe mkajaribiwa.
2 আপোনালোকে ইজনে সিজনৰ ভাৰ কঢ়িয়াওক আৰু খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰক।
Saidianeni kubeba mizigo yenu na hivyo mtatimiza sheria ya Kristo.
3 কিয়নো কোনোৱে একো নহৈয়ো যদি নিজকে বৰ মানে, তেনেহলে তেওঁ নিজকে প্ৰতাৰণা কৰে।
Mtu akijiona kuwa ni kitu, na kumbe si kitu, huyo anajidanganya mwenyewe.
4 প্ৰতিজনে নিজ কৰ্ম বিবেচনা কৰক; আৰু তেতিয়া তেওঁ অন্যৰ তুলনাত নহয় কিন্তু নিজৰ বিষয়তহে গৌৰৱ কৰাৰ কাৰণ পাব।
Lakini kila mmoja na aupime vizuri mwenendo wake mwenyewe. Ukiwa mwema, basi, anaweza kuona fahari juu ya alichofanya bila kuwa na sababu ya kujilinganisha na mtu mwingine.
5 কিয়নো প্ৰতিজনে নিজে নিজৰ ভাৰ ব’ব।
Maana kila mmoja anao mzigo wake mwenyewe wa kubeba.
6 যি জনে বাক্যৰ শিক্ষা পায়, তেওঁ শিক্ষকৰ সৈতে সকলো ভাল বস্তুৰ ভাগ দিয়ক।
Mwenye kufundishwa neno la Mungu na amshirikishe mwalimu wake riziki zake.
7 আপোনালোক ভ্ৰান্ত নহ’ব, ঈশ্বৰক প্ৰতাৰণা নকৰিব৷ কিয়নো মানুহে যিহকে ৰুৱে তাকেহে দাব।
Msidanganyike; Mungu hafanyiwi dhihaka. Alichopanda mtu ndicho atakachovuna.
8 কাৰণ যি জনে নিজৰ মাংসৰ উদ্দেশ্যে ৰুৱে, তেওঁ মাংসৰ পৰা অৱক্ষয়ৰূপ শস্য দাব; কিন্তু যি জনে আত্মাৰ উদ্দেশ্যে ৰুৱে, তেওঁ আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব। (aiōnios g166)
Apandaye katika tamaa za kidunia, atavuna humo uharibifu; lakini akipanda katika Roho, atavuna kutoka kwa Roho uzima wa milele. (aiōnios g166)
9 আমি ভাল কৰ্ম কৰি কৰি যেন ক্লান্ত নহওঁ; কিয়নো আমি ক্লান্ত নহ’লে উচিত সময়ত দাবলৈ পাম।
Basi, tusichoke kutenda mema; maana tusipolegea tutavuna mavuno kwa wakati wake.
10 ১০ এই হেতুকে আহক, সুযোগ পালে সকলোৰে বাবে, বিশেষকৈ পৰিয়াল স্বৰূপ বিশ্বাস কৰা লোক সকলৰ বাবে উত্তম কৰ্ম কৰোঁ আহক।
Kwa hiyo, tukiwa bado na wakati, tuwatendee watu wote mema, na hasa ndugu wa imani yetu.
11 ১১ চাওক, মই নিজ হাতেৰে কিমান দিঘলীয়া চিঠি আপোনালোকলৈ লিখিলোঁ।
Tazameni jinsi nilivyoandika kwa herufi kubwa, kwa mkono wangu mwenyewe.
12 ১২ যি সকল লোকে মাংসিক ৰূপে ভাল প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে, সেই সকলেহে আপোনালোকক চুন্নৎ হবলৈ বাধ্য কৰাই, কিন্তু তেওঁলোকে খ্ৰীষ্টৰ ক্ৰুচৰ অৰ্থে তাড়না নাপাবৰ কাৰণেহে ইয়াকে কৰে।
Wale wanaotaka kuonekana wazuri kwa mambo ya mwili ndio wanaotaka kuwalazimisha ninyi mtahiriwe. Wanafanya hivyo kwa sababu moja tu: kusudi wao wenyewe wasije wakadhulumiwa kwa sababu ya msalaba wa Kristo.
13 ১৩ কিয়নো চুন্নৎ হোৱা সকলে নিজেও বিধান পালন নকৰে; আপোনালোকৰ মাংসত তেওঁলোকে যেন গৌৰৱ কৰিব পাৰে, এই কাৰণে আপোনালোক চুন্নৎ হোৱাতো তেওঁলোকে ইচ্ছা কৰে।
Maana, hao wenyewe waliotahiriwa hawaishiki Sheria; huwataka ninyi mtahiriwe wapate kujivunia alama hiyo mwilini mwenu.
14 ১৪ কিন্তু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ক্ৰুচৰ বাহিৰে আন কোনো কথাত গৌৰৱ কৰা মোৰ পৰা নহওক; তেওঁৰ দ্বাৰাই জগত খন মোৰ বাবে আৰু মই জগত খনৰ বাবে ক্রুচত হত হলোঁ।
Lakini mimi sitajivunia kamwe chochote isipokuwa msalaba wa Bwana wetu Yesu Kristo; maana kwa njia ya msalaba huo ulimwengu umesulubiwa kwangu, nami nimesulubiwa kwa ulimwengu.
15 ১৫ কিয়নো চুন্নতো একো নহয়, অচুন্নতো একো নহয়; কিন্তু নতুন সৃষ্টিহে গুৰুত্বপূৰ্ণ।
Kutahiriwa au kutotahiriwa si kitu; cha maana ni kuwa kiumbe kipya.
16 ১৬ যিমান মানুহ এই সূত্ৰ অনুসাৰে চলিব, তেওঁলোকৰ ওপৰত শান্তি আৰু দয়া থাকক; আৰু ইস্ৰায়েলৰ ঈশ্বৰৰ ওপৰতো থাকক৷
Wanaoufuata mwongozo huo nawatakia amani na huruma; amani na huruma kwa Israeli—Wateule wa Mungu.
17 ১৭ এতিয়াৰ পৰা কোনেও মোক অসুবিধা নিদিয়ক; কিয়নো মই নিজ শৰীৰত যীচুৰ নানা চিন লৈ ফুৰি আছোঁ।
Basi, sasa mtu yeyote asinisumbue tena, maana alama nilizo nazo mwilini mwangu ni zile za Yesu.
18 ১৮ ভাই সকল, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ আত্মাৰ লগত থাকক। আমেন।
Ndugu, nawatakieni ninyi nyote neema ya Bwana wetu Kristo. Amina.

< গালাতীয়া 6 >