< গালাতীয়া 5 >

1 খ্ৰীষ্টে আমাক স্বাধীন কৰিছে যাতে আমি স্বাধীন ভাবে থাকিব পাৰোঁ; এতেকে সুস্থিৰ হওক, পুনৰ দাসত্বৰ ফান্দত নপৰিব।
Til Friheden har Kristus frigjort os. Saa staar nu fast, og lader eder ikke atter holde under Trældoms Aag!
2 চাওক, মই পৌলে আপোনালোকক কৈ আছোঁ, যদি আপোনালোকে চুন্নৎ কৰা যোগেদি পুনৰ বিধিবোৰলৈ ঘুৰি যায়, তেনেহলে খ্ৰীষ্টত আপোনালোকৰ একো লাভ নহ’ব।
Se, jeg, Paulus, siger eder, at dersom I lade eder omskære, vil Kristus intet gavne eder.
3 পুনৰ মই সকলো মানুহক সাক্ষ্য দি কওঁ যে, আপোনালোকে যদি চুন্নৎ হবলৈ বিচাৰি আছে, তেতিয়াহলে প্ৰতিজনে বিধান পালন কৰিব লাগিব।
Men jeg vidner atter for hvert Menneske, som lader sig omskære, at han er skyldig at opfylde hele Loven.
4 পূৰ্বতে অাপোনালোক খ্ৰীষ্টৰ পৰা বিচ্ছিন্ন হৈ আছিল, আপোনালোক সকলোৱে বিধানৰ দ্বাৰাই বিচাৰত গ্ৰহণীয় হোৱাটো বিচাৰিছিল; এইদৰে আপোনালোক অনুগ্ৰহৰ পৰা খহি পৰিছিল৷
I ere tabte for Kristus, I, som retfærdiggøres ved Loven; I ere faldne ud af Naaden.
5 কিয়নো আমি আত্মাৰ যোগেদি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিকতাৰ আশা লৈ বাট চাই আছোঁ।
Vi vente jo ved Aanden af Tro Retfærdigheds Haab.
6 কিয়নো খ্ৰীষ্ট যীচুত চুন্নৎ আৰু অচুন্নতৰ একো সাৰ্থকতা নাই, কিন্তু ইয়াৰ পৰিৱৰ্তে প্ৰেমৰ যোগেদি একমাত্ৰ বিশ্বাসে কাৰ্য সাধন কৰে।
Thi i Kristus Jesus gælder hverken Omskærelse eller Forhud noget, men Tro, som er virksom ved Kærlighed.
7 আপোনালোকে ভালদৰে দৌৰিছিল; পাছত কোনে আপোনালোকক সত্যক নামানিবলৈ বাধা জন্মালে?
I vare godt paa Vej; hvem har hindret eder i at adlyde Sandhed?
8 যি জনে আপোনালোকক প্ৰৰোচনা কৰিছে, সেই জন আপোনালোকক আহ্বান কৰা জনৰ পৰা অহা নহয়।
Den Overtalelse kom ikke fra ham, som kaldte eder.
9 অলপ খমিৰে সনা পিঠাগুড়িৰ আটাইখিনিকে ফুলায়।
En liden Surdej g syrer hele Dejgen.
10 ১০ আপোনালোকে যে আন কোনো বিষয় নাভাবে, এই বিষয়ে প্ৰভুত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে; কিন্তু যি জনে আপোনালোকক অস্থিৰ কৰে, সেই জনে নিজ দণ্ড ভোগ কৰিব, তেওঁ যি কোনোৱে নহওক।
Jeg har den Tillid til eder i Herren, at I ikke ville mene noget andet; men den, som forvirrer eder, skal bære sin Dom, hvem han end er.
11 ১১ হে ভাই সকল, মই যদি চুন্নৎ হোৱা বিধান ৰাজহুৱা ভাবে প্রচাৰ কৰোঁ, তেনেহলে মই কিয় এতিয়াও নির্যাতন ভোগ কৰি আছোঁ? কিন্তু চুন্নতৰ প্ৰয়োজন সমন্ধে যদি এতিয়াও কওঁ তেতিয়া হ’লে, ক্ৰুচৰ বিঘিনি লুপ্ত হ’লহেঁতেন।
Men jeg, Brødre! dersom jeg endnu prædiker Omskærelse, hvorfor forfølges jeg da endnu? Saa er jo Korsets Forargelse gjort til intet.
12 ১২ যি সকলে আপোনালোকক ভুল ধাৰণা দি আছে, তেওঁলোকে নিজে আগুৱাই যাওঁক আৰু নিজে নিজৰ অণ্ডকোষো ছেদন কৰক।
Gid de endog maatte lemlæste sig selv, de, som forstyrre eder!
13 ১৩ হে ভাই সকল, আপোনালোক স্বাধীনতাৰ বাবেহে আমন্ত্ৰিত হ’ল৷ আপোনালোকৰ এই স্বাধীনতা কেৱল মাংসৰ অভিলাষ পুৰ কৰিবৰ কাৰণে নহওক; কিন্তু প্ৰেমৰ যোগেদি এজনে আন জনৰ সেৱাকৰ্ম কৰক।
I bleve jo kaldede til Frihed, Brødre! kun at I ikke bruge Friheden til en Anledning for Kødet, men værer ved Kærligheden hverandres Tjenere!
14 ১৪ কিয়নো সকলো বিধান সিদ্ধ হৈ এটা আজ্ঞাতে স্থিৰ আছে, সেইটো হ’ল, ‘তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা৷’
Thi hele Loven er opfyldt i eet Ord, i det: „Du skal elske din Næste som dig selv.‟
15 ১৫ কিন্তু আপোনালোকে যদি পৰস্পৰৰ মাজত খোৱা-কামোৰা কৰি থাকে, তেনেহলে সাৱধান হ’ব, যাতে আপোনালোকে এইদৰে ইজনে সিজনৰ অনিষ্ট সাধন নকৰে৷
Men naar I bide og æde hverandre, da ser til, at I ikke fortæres af hverandre!
16 ১৬ কিন্তু মই কওঁ, আপোনালোকে আত্মাৰে চলক; তাতে কোনোমতে আপোনালোকে মাংসৰ অভিলাষ পুৰ নকৰিব।
Men jeg siger: Vandrer efter Aanden, saa fuldbyrde I ingenlunde Kødets Begæring.
17 ১৭ কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে; কাৰণ আপোনালোকে যি কৰিবলৈ ইচ্ছা কৰে, তাক যেন আপোনালোকে নকৰে, তাৰ কাৰণে এই দুয়ো পৰস্পৰ বিৰুদ্ধা-বিৰুদ্ধী।
Thi Kødet begærer imod Aanden, og Aanden imod Kødet; disse staa nemlig hinanden imod, for at I ikke skulle gøre, hvad I have Lyst til.
18 ১৮ কিন্তু আপোনালোকে যদি আত্মাৰ দ্বাৰাই চালিত হয়, তেনেহলে আপোনালোক বিধানৰ অধীন নহয়।
Men naar I drives af Aanden, ere I ikke under Loven.
19 ১৯ এতিয়া মাংসৰ কাৰ্যবোৰ দৃশ্যমান৷ সেয়ে ব্যভিচাৰ, অশুচি কাৰ্য, লম্পট আচৰণ,
Men Kødets Gerninger ere aabenbare, saasom: Utugt, Urenhed, Uterlighed,
20 ২০ মূৰ্তিপূজা, মায়াকৰ্ম্ম, নানা বিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ বিভেদ, নানামত অসূয়া, মত্ততা,
Afgudsdyrkelse, Trolddom, Fjendskaber, Kiv, Nid, Hidsighed, Rænker, Tvedragt, Partier,
21 ২১ হিংসুক, মতলীয়া, মতলীয়া হৈ হাই-কাজিয়া কৰা, আৰু এইবোৰৰ নিচিনা আন আন অপৰাধ কৰ্ম; এই সকলো বিষয়ৰ ওপৰত মই যেনেকৈ পূৰ্বতে আপোনালোকক সাৱধান কৰি কৈছিলোঁ, তেনেকৈ এতিয়াও কৈছোঁ, যি সকলে এনে আচৰণ কৰে, তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব।
Avind, Drukkenskab, Svir og deslige; hvorom jeg forud siger eder, ligesom jeg ogsaa før har sagt, at de, som øve saadanne Ting, skulle ikke arve Guds Rige.
22 ২২ কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস,
Men Aandens Frugt er Kærlighed, Glæde, Fred, Langmodighed, Mildhed, Godhed, Trofasthed,
23 ২৩ মৃদুভাব, ইন্দ্ৰিয়-দমন৷ এইবোৰৰ বিৰুদ্ধে কোনো বিধান নাই।
Sagtmodighed, Afholdenhed. Imod saadanne er Loven ikke,
24 ২৪ আৰু যি সকল খ্ৰীষ্ট যীচুৰ, তেওঁলোকে মাংসিক অভিলাষেৰে সৈতে কু-ভাৱনা আৰু আসক্তিক ক্রুচত দিলে৷
men de, som høre Kristus Jesus til, have korsfæstet Kødet med dets Lidenskaber og Begæringer.
25 ২৫ আমি যদি আত্মাৰে জীয়াই থাকো, তেনেহলে আত্মাৰে চলোহঁক।
Naar vi leve ved Aanden, da lader os ogsaa vandre efter Aanden!
26 ২৬ সেয়েহে আমি ইজনে সিজনৰ খং তুলি আৰু ইজনে সিজনক হিংসা কৰি, অনৰ্থক অহংকাৰ নকৰোঁহক।
Lader os ikke have Lyst til tom Ære, saa at vi udæske hverandre og bære Avind imod hverandre.

< গালাতীয়া 5 >