< গালাতীয়া 4 >

1 কিন্তু মই কওঁ, উত্তৰাধিকাৰী শিশুহৈ থকালৈকে, সৰ্ব্বস্বৰ গৰাকী হ’লেও তাতে তেওঁ আৰু দাসৰ মাজত একো প্ৰভেদ নাথাকে;
Basi, nasema hivi: mrithi, akiwa bado mtoto, hawi tofauti na mtumwa ingawaje mali yote ni yake.
2 কিন্তু পিতৃৰ নিৰূপিত সময়লৈকে তেওঁ ন্যায় ৰক্ষক আৰু তত্ৱাৱধায়ক সকলৰ অধীনত থাকে।
Wakati huo wote yuko chini ya walezi na wadhamini mpaka wakati ule uliowekwa na baba yake.
3 এনেকৈ আমি যেতিয়া শিশু অৱস্থাত আছিলোঁ, আমিও তেনেকৈ জগতৰ মৌলিক বিধিৰ অধীনত দাস আছিলোঁ;
Hali kadhalika na sisi tulipokuwa bado watoto, tulikuwa watumwa wa pepo watawala wa ulimwengu.
4 কিন্তু যেতিয়া কাল সম্পূৰ্ণ হ’ল, তেতিয়া ঈশ্বৰে তেওঁৰ নিজ পুত্ৰক পঠাই দিলে, যি জন মহিলাৰ পৰা জন্ম পোৱা আৰু ব্যৱস্থা বিধানৰ অধীনত উৎপন্ন হোৱা,
Lakini wakati ule maalumu ulipotimia, Mungu alimtuma Mwanawe aliyezaliwa na mwanamke, akaishi chini ya Sheria
5 তেওঁ যাতে বিধানৰ অধীনত থকা সকলোকে মুক্ত কৰিব পাৰে, তাতে আমি সকলোৱে যেন তেওঁৰ সন্তান ৰূপে স্বীকৃতি হওঁ৷
apate kuwakomboa wale waliokuwa chini ya Sheria ili sisi tufanywe wana wa Mungu.
6 কাৰণ অাপোনালোক আটায়ে ঈশ্বৰৰ পুত্ৰ, ঈশ্বৰে তেওঁৰ পুত্ৰৰ আত্মা নিজৰ ওচৰৰ পৰা আমাৰ হৃদয়লৈ পঠায় দিলে; সেই আত্মাই, “আব্বা, পিতৃ”, এই বুলি মাতে।
Kwa vile sasa ninyi ni wana, Mungu amemtuma Roho wa Mwanae mioyoni mwenu, Roho ambaye hulia “Aba,” yaani “Baba.”
7 এই কাৰণে আপুনি পুনৰ আগৰ দৰে দাস নহয় কিন্তু পুত্ৰ হৈছে; যিহেতু পুত্ৰ হৈছে, সেয়েহে ঈশ্বৰৰ দ্বাৰাই উত্তৰাধিকাৰীও হৈছে৷
Basi, wewe si mtumwa tena, bali mwana. Na ikiwa ni mwana, basi, wewe utapokea yote Mungu aliyowawekea watoto wake.
8 পূৰ্বতে আপোনালোকে যেতিয়া ঈশ্বৰক জনা নাছিল, তেতিয়া যিবোৰ স্বাভাৱিকৰূপে ঈশ্বৰ নহয়, সেইবোৰৰ সেৱাকৰ্ম কৰিছিল।
Zamani hamkumjua Mungu na hivyo mkatumikia miungu isiyo miungu kweli.
9 কিন্তু এতিয়া আপোনালোকে ঈশ্বৰৰ পৰিচয় পালে, ইয়াৰ উপৰি ঈশ্বৰৰ দ্বাৰাই পৰিচিত হ’ল; এনে স্থলত কেনেকৈ পুনৰ সেই দূৰ্বল আৰু দীনহীন প্ৰাথমিক বিধিলৈ উলটি যাব? কেনেকৈ পুনৰ সেই বিধিবোৰৰ সেৱাকৰ্ম কৰিব পাৰিব?
Lakini sasa, kwa vile mnamjua Mungu, au tuseme mnajulikana na Mungu, mnawezaje tena kurudi kwa wale pepo maskini na dhaifu hata kutaka kuwatumikia tena?
10 ১০ আপোনালোকে বিশেষ বিশেষ দিন, মাহ, ঋতু আৰু বছৰ এইবোৰ পালন কৰি আছে।
Bado mnaadhimisha siku, miezi na miaka!
11 ১১ আপোনালোকৰ কাৰণে মোৰ এই ভয় হয়; জানোচা মই যি পৰিশ্ৰম কৰিলোঁ, সেয়ে কিজানিবা কেনেবাকৈ ব্যর্থ হয়।
Nahofu kwamba labda kazi niliyoifanya kwa ajili yenu imepotea bure!
12 ১২ হে ভাই সকল, বিনয় কৰি কৈছোঁ, অাপোনালোক মোৰ নিচিনা হওক; কিয়নো ময়ো আপোনালোকৰ নিচিনা হৈছোঁ। আপোনালোকে মোৰ একো অন্যায় কৰা নাছিল।
Ndugu, nawasihi muwe kama mimi, kwa vile hata mimi nimekuwa kama ninyi. Hamkunitendea ubaya wowote.
13 ১৩ মোৰ শৰীৰৰ দূৰ্ব্বলতাৰ কাৰণে, মই যে প্ৰথম বাৰ আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিলোঁ, সেই বিষয়ে আপোনালোকে জানে।
Mnajua kwamba ugonjwa wangu ndio ulionipatia fursa ya kuwahubirieni Habari Njema kwa mara ya kwanza.
14 ১৪ মোৰ মাংসত আপোনালোকৰ যি পৰীক্ষা হৈছিল, সেই বিষয়ত আপোনালোকে হেয়জ্ঞান আৰু ঘৃণাবোধ কৰা নাছিল; বৰং ঈশ্বৰৰ এজন দূত, এনে কি খ্ৰীষ্ট যীচুৰ নিচিনাকৈ মোক গ্ৰহন কৰিছিল।
Hata hivyo, wakati ule hamkunidharau wala kunikataa kwa sababu ya udhaifu wangu ingawa mlishawishiwa kufanya hivyo; lakini mlinipokea kama malaika wa Mungu, kama vile ningekuwa Kristo Yesu mwenyewe.
15 ১৫ এতিয়া আপোনালোকৰ সেই আনন্দ ক’ত? কিয়নো আপোনালোকৰ পক্ষে মই সাক্ষ্য দিছিলোঁ যে, সাধ্য হোৱা হ’লে আপোনালোকে নিজ নিজ চকুকো কাঢ়ি মোক দিলেহেঁতেন।
Mlikuwa wenye furaha; sasa kumetokea nini? Naapa kwamba wakati ule mngaliweza hata kuyang'oa macho yenu na kunipa mimi.
16 ১৬ এতিয়া আপোনালোকক সত্য কথা কোৱাত মই আপোনালোকৰ ওচৰত শত্ৰু হ’লোঁ নে?
Je, sasa nimekuwa adui yenu kwa sababu ya kuwaambieni ukweli?
17 ১৭ সেই লোক সকল আপোনালোকৰ প্ৰতি আগ্ৰহী কিন্তু কোনো ভাল উদ্দেশ্যৰ বাবে আগ্ৰহী নহয়৷ তেওঁলোকে আপোনালোকক মোৰ কাষৰ পৰা অাতৰাই অানিবলৈ বিচাৰে, যাতে আপোনালোকে তেওঁলোকৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে৷
Hao watu wengine wanawahangaikia ninyi, lakini nia zao si njema. Wanataka kuwatenganisha nami ili ninyi muwahangaikie wao.
18 ১৮ অৱশ্যে আগ্ৰহ দেখুওৱা ভাল, যদিহে সৎ উদ্দেশ্যেৰে তাক কৰা হয়৷ অকল মই আপোনালোকৰ তাত উপস্থিত থাকোতে যে ভাল, এনে নহয়, কিন্তু সকলো সময়তে থকা ভাল।
Kwa kweli ni jambo jema daima kuwahangaikia wengine katika mambo mema, na si tu wakati mimi nipo pamoja nanyi.
19 ১৯ হে মোৰ প্ৰিয় সন্তান সকল, আপোনালোকৰ কাৰণে পুনৰ এবাৰ প্ৰসৱ যন্ত্ৰণা ভোগ কৰিছোঁ; যেতিয়ালৈকে আপোনালোকত খ্ৰীষ্টৰ আকাৰ উৎপন্ন নহয়, তেতিয়ালৈকে ভোগ কৰি আছোঁ৷
Watoto wangu, kama vile mama mja mzito anavyotaabika wakati wa kujifungua, mimi nataabika tena kwa ajili yenu mpaka hapo hali yake Kristo itakapoundwa ndani yenu.
20 ২০ এতিয়া আপোনালোকৰ ওচৰত যাবৰ বাবে মোৰ মন গৈ আছে আৰু তাত বেলেগ ভাবে এই সকলো কথা আপোনালোকৰ লগত আলোচনা কৰিব পাৰিলোঁ হয়৷ আপোনালোকৰ বাবে মই বিবুদ্ধিত পৰি আছোঁ।
Laiti ningekuwa pamoja nanyi sasa, maana ningalipata msimamo ufaao juu yenu! Nina wasiwasi sana nanyi!
21 ২১ হে বিধান-শাস্ত্ৰৰ অধীন হ’ব খোজা সকল, মোক কওকচোন, আপোনালোকৰ মাজৰ কোনে বিধানৰ কথা শুনিবলৈ নিবিচাৰে?
Niambieni, enyi mnaopenda kutawaliwa na sheria: Je, mnasikia isemavyo Sheria?
22 ২২ কিয়নো লিখা আছে যে, অব্ৰাহামৰ দুজন পুত্ৰ আছিল; বেটীৰ গৰ্ভত ওপজা এজন, স্বাধীন জনীৰ গৰ্ভত ওপজা এজন।
Imeandikwa katika Maandiko Matakatifu kwamba Abrahamu alikuwa na watoto wawili: mmoja kwa mwanamke mtumwa, na wa pili kwa mwanamke huru.
23 ২৩ কিন্তু বেটীৰ যি জন, সি মাংস অনুসাৰে জন্মিছিল; কিন্তু স্বাধীন জনীৰ যি জন, সেই জন প্ৰতিজ্ঞাৰ গুণেহে জন্মিছিল।
Yule wa mwanamke mtumwa alizaliwa kama kawaida, lakini yule wa mwanamke huru alizaliwa kutokana na ahadi ya Mungu.
24 ২৪ এইবোৰ কথাৰ এটা আন প্ৰকাৰ ভাবাৰ্থ আছে; কিয়নো এই দুজনীয়েই দুই বিধান হৈছে; এক নিয়ম চীনয় পৰ্বতৰ পৰা দাসত্বৰূপ অৱস্থাত প্ৰসৱ কৰোঁতা; সেয়ে হৈছে হাগাৰ৷
Mambo hayo yamekuwa mfano; mama hao wawili ni mfano wa maagano mawili; la kwanza ni lile lililofanyika mlimani Sinai, mwakilishi wake ni Hagari, na watoto wake wanazaliwa utumwani.
25 ২৫ কিয়নো আৰব দেশত হাগাৰ শব্দৰ অৰ্থ, চীনয় পৰ্বত; আৰু বৰ্তমানে থকা যিৰূচালেমকো বুজায়; কিয়নো তাই নিজ সন্তানে সৈতে বন্দী অৱস্থাত আছিল।
Hagari anawakilisha mlima Sinai ulioko Arabia, na ni mfano wa Yerusalemu ya sasa, ulio mtumwa pamoja na watoto wake.
26 ২৬ কিন্তু উৰ্দ্ধলোকত থকা যিৰূচালেম স্বাধীন; তেওঁ হৈছে, আমাৰ মাতৃ।
Lakini Yerusalemu ya juu mbinguni ni mji ulio huru, nao ni mama yetu.
27 ২৭ কিয়নো লিখা আছে, “হে প্ৰসৱ নকৰা বন্ধ্যা আনন্দ কৰা, তোমালোকৰ মাজৰ যি গৰাকীয়ে সন্তান প্ৰসৱ কৰা নাই; বৰ মাতেৰে উল্লাস আৰু হৰ্ষনাদ কৰা; কিয়নো গিৰিয়েক থকা জনীতকৈ অনাথিনী জনীৰ সন্তান অধিক হব।”
Maana imeandikwa: “Furahi, ewe uliye tasa usiyezaa; paaza sauti wewe usiyepata kujifungua mtoto; maana watoto wa yule aliyeachwa ni wengi zaidi kuliko wa yule aliye na mume.”
28 ২৮ এতিয়া হে ভাই সকল, ইচহাকৰ দৰে আমিও প্ৰতিজ্ঞাৰ সন্তান হৈছোঁ৷
Sasa, basi, ndugu zangu, ninyi ni watoto wa Mungu kutokana na ahadi yake kama alivyokuwa Isaka.
29 ২৯ কিন্তু তেতিয়া যেনেকৈ মাংস অনুসাৰে জন্ম পোৱা জনে আত্মা অনুসাৰে জন্ম পোৱা জনক তাড়না কৰিছিল, তেনেকৈ এতিয়াও হৈছে।
Lakini kama vile siku zile yule mtoto aliyezaliwa kwa njia ya kawaida alimdhulumu yule aliyezaliwa kwa uwezo wa Roho wa Mungu, vivyo hivyo na siku hizi.
30 ৩০ কিন্তু শাস্ত্ৰই কি কয়? ‘বেটী আৰু তাইৰ পুতেকক খেদি দিয়া; কিয়নো স্বাধীন জনীৰ পুতেকৰ সৈতে, বেটীৰ পুতেকে উত্তৰাধিকাৰী নাপাব’।
Lakini Maandiko Matakatifu yasemaje? Yasema: “Mfukuze mama mtumwa pamoja na mwanawe; maana mtoto wa mtumwa hatarithi pamoja na mtoto wa mama huru.”
31 ৩১ এতেকে হে ভাই সকল, আমি বেটীৰ সন্তান নহওঁ; সেই স্বাধীন গৰাকীৰহে সন্তান হওঁ।
Kwa hiyo, basi, ndugu, sisi si watoto wa mtumwa bali wa mama huru.

< গালাতীয়া 4 >