< গালাতীয়া 3 >

1 হে অবুজ গালাতীয়া লোক, কাৰ চকুৱে আপোনালোকক মুগ্ধ কৰি পেলাইছে? আপোনালোকৰ চকুৰ আগতেই যীচু খ্ৰীষ্ট ক্রুচত হত হোৱা বুলি জানো মই স্পষ্টভাৱে বর্ণনা কৰা নাছিলো?
O thoughtless Galatians, who did bewitch you, not to obey the truth — before whose eyes Jesus Christ was described before among you crucified?
2 মই কেৱল এই বিষয়ে আপোনালোকৰ পৰা জানিব বিচাৰো যে, আপোনালোকে কি বিধানৰ কার্যৰ দ্বাৰাই আত্মা পালে নেকি? নে বার্তা শুনি বিশ্বাস কৰাৰ দ্বাৰাই পালে?
this only do I wish to learn from you — by works of law the Spirit did ye receive, or by the hearing of faith?
3 আপোনালোক ইমানেই অবুজ নে? আত্মাৰে আৰম্ভ কৰি, এতিয়া মাংসিক আচৰণত কিয় সমাপ্ত কৰিবলৈ গৈ আছে?
so thoughtless are ye! having begun in the Spirit, now in the flesh do ye end?
4 আপোনালোকে বৃথাই ইমান দুখভোগ কৰিলে, যদি বাস্তৱিকতে সেই দুখভোগ অনর্থক হৈ থাকে?
so many things did ye suffer in vain! if, indeed, even in vain.
5 গতিকে কওকচোন, যি জনে আপোনালোকক আত্মা দান কৰে আৰু আপোনালোকৰ মাজত পৰাক্ৰম কাৰ্য সাধন কৰে, তেওঁ বিধানৰ কৰ্মৰ দ্বাৰাই কৰে নে বার্তা শুনি বিশ্বাসৰ দ্বাৰাই কৰে?
He, therefore, who is supplying to you the Spirit, and working mighty acts among you — by works of law or by the hearing of faith [is it]?
6 যেনেকৈ অব্ৰাহামে “ঈশ্বৰক বিশ্বাস কৰিছিল আৰু সেই বিশ্বাসেই তেওঁৰ পক্ষে ধাৰ্মিকতাৰ স্বীকৃতি দিলে।”
according as Abraham did believe God, and it was reckoned to him — to righteousness;
7 তেনেদৰে আপোনালোকেও এই কথা জানক যে, যি সকলে বিশ্বাস কৰে, তেওঁলোকেই অব্ৰাহামৰ সন্তান।
know ye, then, that those of faith — these are sons of Abraham,
8 ধৰ্মশাস্ত্ৰত এই বিষয়ে পূর্বেই লিখা আছিল যে, ঈশ্বৰে অনা-ইহুদী সকলক বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত কৰে। অব্রাহামৰ ওচৰত এই শুভবার্তা আগেয়ে ঘোষণা কৰা হৈছিল, “সকলো জাতিয়ে তোমাৰ মাধ্যমত আশীৰ্বাদ প্রাপ্ত হ’ব।”
and the Writing having foreseen that by faith God doth declare righteous the nations did proclaim before the good news to Abraham —
9 সেয়েহে, অব্রাহাম বিশ্বাসী হোৱাত যেনেকৈ আশীর্বাদ পাইছিল, তেনেকৈ বিশ্বাসী সকলো অব্ৰাহামে সৈতে আশীৰ্বাদ প্ৰাপ্ত হয়।
'Blessed in thee shall be all the nations;' so that those of faith are blessed with the faithful Abraham,
10 ১০ কিয়নো যিমান মানুহে বিধান-শাস্ত্ৰৰ কৰ্মৰ ওপৰত নির্ভৰ কৰে, সেই সকলোৱেই শাপগ্ৰস্ত; কিয়নো শাস্ত্রত লিখা আছে, “বিধানত যি সকলো লিখা আছে, তাৰ সকলো কথা যি জনে পালন নকৰে, তেওঁ শাপগ্রস্ত।”
for as many as are of works of law are under a curse, for it hath been written, 'Cursed [is] every one who is not remaining in all things that have been written in the Book of the Law — to do them,'
11 ১১ এতিয়া এইটো সুস্পষ্ট যে বিধানৰ দ্বাৰাই ঈশ্বৰৰ দৃষ্টিত কোনো ধাৰ্মিক বুলি গণিত নহয়, কাৰণ “ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব।”
and that in law no one is declared righteous with God, is evident, because 'The righteous by faith shall live;'
12 ১২ বিধানৰ লগত বিশ্বাসৰ সম্বন্ধ নাই। কিন্তু “যি জনে বিধানৰ সকলো কথা পালন কৰে, তেওঁ বিধানৰ মাজতে জীৱিত থাকিব।”
and the law is not by faith, but — 'The man who did them shall live in them.'
13 ১৩ খ্ৰীষ্টই মূল্য দি বিধানৰ শাপৰ পৰা আমাক মুক্ত কৰিলে। কাৰণ, তেওঁ আমাৰ কাৰণে শাপস্বৰূপ হ’ল; কিয়নো লিখা আছে, “যি জনক কাঠত অৰাঁ হয় তেওঁ শাপগ্ৰস্ত।”
Christ did redeem us from the curse of the law, having become for us a curse, for it hath been written, 'Cursed is every one who is hanging on a tree,'
14 ১৪ খ্রীষ্টই নিজৰ ওপৰত এই অভিশাপ লোৱাৰ এয়ে উদ্দেশ্য আছিল যে, যি আশীর্বাদ অব্ৰাহামে লাভ কৰিছিল, সেই আশীর্বাদ খ্রীষ্ট যীচুৰ দ্বাৰাই অনা-ইহুদী সকলেও যেন লাভ কৰিব পাৰে আৰু বিশ্বাসৰ দ্বাৰাই যেন আমি প্ৰতিজ্ঞাযুক্ত আত্মা পাব পাৰোঁ।
that to the nations the blessing of Abraham may come in Christ Jesus, that the promise of the Spirit we may receive through the faith.
15 ১৫ ভাই সকল, মই এজন মানুহৰ দৰে কৈছোঁ। মানুহৰ মাজত এবাৰ যেতিয়া এখন নিয়ম-পত্র থিৰ কৰা হয়, সেই নিয়ম-পত্ৰ কোনেও বাতিল কৰিব নোৱাৰে আৰু তাত একো যোগ দিবও নোৱাৰে।
Brethren, as a man I say [it], even of man a confirmed covenant no one doth make void or doth add to,
16 ১৬ ঈশ্বৰে অব্ৰাহাম আৰু তেওঁৰ বংশলৈ প্ৰতিজ্ঞাবোৰ কৰিছিল। ইয়াত বহু বচনত “বংশবোৰলৈ” বুলি অনেকৰ বিষয়ে কোৱা নাই, কিন্তু কেৱল এজনকহে “তোমাৰ বংশলৈ” বুলি ক’লে; সেই বংশ খ্রীষ্ট।
and to Abraham were the promises spoken, and to his seed; He doth not say, 'And to seeds,' as of many, but as of one, 'And to thy seed,' which is Christ;
17 ১৭ এতিয়া মই ইয়াকে কওঁ, পূৰ্বতে ঈশ্বৰৰ দ্বাৰাই নিয়মৰ চুক্তি থিৰ কৰা হ’ল আৰু তাৰ চাৰি শ ত্রিশ বছৰৰ পাছত বিধান আহিল। তাতে পূর্বৰ সেই নিয়মৰ চুক্তি প্ৰতিজ্ঞাৰ কৰাৰ দ্বাৰা বাতিল হৈ নাযায়।
and this I say, A covenant confirmed before by God to Christ, the law, that came four hundred and thirty years after, doth not set aside, to make void the promise,
18 ১৮ উত্তৰাধিকাৰ যদি বিধান পালনৰ জৰিয়তে প্রাপ্ত হয়, তেনেহলে সেয়া পুনৰ প্ৰতিজ্ঞাৰ ওপৰত নির্ভৰশীল হ’ব নোৱাৰে। কিন্তু ঈশ্বৰে বিনামূল্যে এই উত্তৰাধিকাৰ এক প্ৰতিজ্ঞাৰ দ্বাৰাই অব্ৰাহামক দান কৰিলে।
for if by law [be] the inheritance, [it is] no more by promise, but to Abraham through promise did God grant [it].
19 ১৯ তেনেহলে ঈশ্বৰে বিধান কিয় দিলে? বিধান লঙ্ঘন কৰাৰ দ্বাৰা অপৰাধ বুজিবলৈ বিধান দিয়া হৈছিল; যি জনৰ ওচৰত ঈশ্বৰে প্রতিজ্ঞা কৰিছিল, অব্রাহামৰ সেই বংশ নহালৈকে, তাতে বর্তি থাকিবলৈ বিধান দিয়া হৈছিল। স্বর্গৰ দূত সকলৰ যোগেদি এজন মধ্যস্থকাৰীৰ দ্বাৰাই এই বিধান নিৰূপিত কৰা হৈছিল।
Why, then, the law? on account of the transgressions it was added, till the seed might come to which the promise hath been made, having been set in order through messengers in the hand of a mediator —
20 ২০ এতিয়া এজন মধ্যস্থকাৰীৰ উপস্থিতিয়ে ইয়াকে বুজায় যে, তাত এজনতকৈ অধিক লোক আছে; কিন্তু ঈশ্বৰ হ’লে এজনহে।
and the mediator is not of one, and God is one —
21 ২১ তেনেহলে বিধান ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰৰ বিৰুদ্ধে নেকি? নিশ্চয় নহয়! যদি এনে এক বিধান থাকিলহেঁতেন যিয়ে জীৱন দিব পাৰে, তেনেহলে ধাৰ্মিকতা অৱশ্যেই সেই বিধান পালন কৰাৰ দ্বাৰাই হ’লহেতেন।
the law, then, [is] against the promises of God? — let it not be! for if a law was given that was able to make alive, truly by law there would have been the righteousness,
22 ২২ কিন্তু শাস্ত্ৰই সকলোকে পাপৰ অধীনত ৰাখিলে। সেই বাবেই যীচু খ্ৰীষ্টক বিশ্বাস কৰাৰ দ্বাৰাই আমাক উদ্ধাৰ কৰিবলৈ ঈশ্বৰৰ সেই প্রতিজ্ঞা; যেন যি সকলে বিশ্বাস কৰে, তেওঁলোক সেই প্রতিজ্ঞাৰ অধিকাৰী হয়।
but the Writing did shut up the whole under sin, that the promise by faith of Jesus Christ may be given to those believing.
23 ২৩ খ্রীষ্টত এই বিশ্বাস অহাৰ আগেয়ে, যেতিয়ালৈকে ঈশ্বৰে আমাৰ ওচৰত বিশ্বাসৰ সেই কথা প্রকাশ নকৰিলে, আমি বিধানৰ অধীনত বন্দী আৰু ৰক্ষিত আছিলোঁ।
And before the coming of the faith, under law we were being kept, shut up to the faith about to be revealed,
24 ২৪ এইদৰে খ্রীষ্ট নহালৈকে বিধান আমাৰ কঠোৰ অভিভাৱক হ’ল যাতে বিশ্বাসৰ দ্বাৰাই আমি ধাৰ্মিক বুলি গণিত হ’ব পাৰোঁ।
so that the law became our child-conductor — to Christ, that by faith we may be declared righteous,
25 ২৫ কিন্তু এতিয়া যিহেতু বিশ্বাস আমাৰ মাজত আহিল, আমি পুনৰ কঠোৰ অভিভাৱকৰ অধীন নহওঁ।
and the faith having come, no more under a child-conductor are we,
26 ২৬ কিয়নো খ্ৰীষ্ট যীচুত কৰা বিশ্বাসৰ দ্বাৰাই আপোনালোক সকলো ঈশ্বৰৰ সন্তান হৈছে।
for ye are all sons of God through the faith in Christ Jesus,
27 ২৭ কাৰণ আপোনালোক যি সকলে খ্ৰীষ্টত বাপ্তিস্ম লৈছে, তেওঁলোক সকলোৱেই নিজক খ্ৰীষ্টৰে ঢাকিলে।
for as many as to Christ were baptized did put on Christ;
28 ২৮ এতিয়া খ্রীষ্ট যীচুত যি সকল আছে, তেওঁলোকৰ মাজত ইহুদী কি গ্ৰীক, দাস কি স্বাধীনৰ কোনো পার্থক্য নাই; পুৰুষ বা স্ত্রীৰ মাজত কোনো ভেদাভেদ নাই। কিয়নো খ্ৰীষ্ট যীচুত আপোনালোক সকলোৱেই এক।
there is not here Jew or Greek, there is not here servant nor freeman, there is not here male and female, for all ye are one in Christ Jesus;
29 ২৯ আপোনালোক যদি খ্ৰীষ্টৰ হয়, তেনেহলে আপোনালোক অব্ৰাহামৰ বংশধৰও হৈছে আৰু অব্রাহামৰ ওচৰত ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল, আপোনালোক তাৰ উত্তৰাধিকাৰীও হৈছে।
and if ye [are] of Christ then of Abraham ye are seed, and according to promise — heirs.

< গালাতীয়া 3 >