< এজরা 1 >

1 পাৰস্যৰ ৰজা কোৰচৰ ৰাজত্বৰ প্ৰথম বছৰত, যিহোৱাই যিৰিমিয়াৰ দ্বাৰা কোৱা বাক্য সিদ্ধ কৰিবৰ বাবে ৰজা কোৰচৰ মন উদগালে। তেওঁ নিজৰ ৰাজ্যৰ সকলো ফালে ঘোষণা কৰিলে, আৰু জাননী লিখি এই আজ্ঞা প্ৰচাৰ কৰিলে যে,
波斯王塞魯士元年,耶和華為要應驗藉耶利米口所說的話,就激動波斯王塞魯士的心,使他下詔通告全國說:
2 “পাৰস্যৰ ৰজা কোৰচে, এই কথা কৈছে, স্বৰ্গৰ ঈশ্বৰ যিহোৱাই পৃথিৱীৰ সকলো ৰাজ্য মোক দিলে, আৰু তেওঁ যিহূদা দেশৰ যিৰূচালেমত তেওঁৰ অৰ্থে এটা গৃহ নিৰ্ম্মাণ কৰিবৰ বাবে মোক নিযুক্ত কৰিলে।
「波斯王塞魯士如此說:『耶和華天上的上帝已將天下萬國賜給我,又囑咐我在猶大的耶路撒冷為他建造殿宇。
3 তেওঁৰ লোকসকলৰ পৰা অহা তোমালোকৰ মাজত যি কোনো লোক ইয়াত আছে, তেওঁৰ ঈশ্বৰ তেওঁৰ লগত থাকক, আৰু যিহূদা দেশৰ যিৰূচালেমলৈ উঠি গৈ, যি জন যিৰূচালেমৰ ঈশ্ৱৰ, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ গৃহ নিৰ্মাণ কৰিব।
在你們中間凡作他子民的,可以上猶大的耶路撒冷,在耶路撒冷重建耶和華-以色列上帝的殿(只有他是上帝)。願上帝與這人同在。
4 ৰাজ্যৰ যিকোনো ঠাইত যি সকল অৱশিষ্ট লোক বাস কৰি আছে, সেই ঠাইৰ লোকসকলে যিৰূচালেমত থকা ঈশ্বৰৰ গৃহৰ অৰ্থে ইচ্ছাকৃত ভাৱে দিয়া দানৰ উপৰিও ৰূপ, সোণ, নানা দ্ৰব্য, আৰু জীৱ-জন্তু দি তেওঁক সহায় কৰক।”
凡剩下的人,無論寄居何處,那地的人要用金銀、財物、牲畜幫助他,另外也要為耶路撒冷上帝的殿甘心獻上禮物。』」
5 তাৰ পাছত যিহূদা আৰু বিন্যামীনৰ পূৰ্বপুৰুষসকলৰ মূল মানুহসকল, লেবীয়াসকলৰ পুৰোহিতসকল আৰু যি সকল লোকৰ আত্মা যিহোৱাৰ গৃহ নিৰ্ম্মাণৰ অৰ্থে যাবলৈ ঈশ্বৰে উদগালে, তেওঁলোক গ’ল।
於是,猶大和便雅憫的族長、祭司、利未人,就是一切被上帝激動他心的人,都起來要上耶路撒冷去建造耶和華的殿。
6 তেওঁলোকৰ চাৰিওফালে থকা লোকসকলে ৰূপৰ আৰু সোণৰ সামগ্রীসমূহ, দ্ৰব্যসমূহ, জীৱ-জন্তুবোৰ, বহুমূলীয়া বস্তু আৰু ইচ্ছাকৃত ভাৱে দান দি তেওঁলোকে কৰা কাৰ্যত সহায় কৰিলে।
他們四圍的人就拿銀器、金子、財物、牲畜、珍寶幫助他們,另外還有甘心獻的禮物。
7 নবূখদনেচৰে যিহোৱাৰ গৃহৰ যি সামগ্রীসমূহ যিৰূচালেমৰ পৰা আনি নিজৰ দেৱতাৰ গৃহত ৰাখিছিল, সেই সকলো সামগ্রী ৰজা কোৰচে মুকলি কৰি দিলে।
塞魯士王也將耶和華殿的器皿拿出來,這器皿是尼布甲尼撒從耶路撒冷掠來、放在自己神之廟中的。
8 এই সামগ্রী সমূহ পাৰস্যৰ ৰজা কোৰচে মিত্ৰদাৎ ভঁৰালীৰ হতত দিলে। তেওঁ এইবোৰ গণনা কৰি যিহূদাৰ নেতা চেচবচৰৰ হাতত শোধাই দিলে।
波斯王塞魯士派庫官米提利達將這器皿拿出來,按數交給猶大的首領設巴薩。
9 সেই সামগ্রী সমূহ সংখ্যা অনুসাৰে এনে ধৰণৰ: সোণৰ চৰিয়া ত্ৰিশখন, ৰূপৰ চৰিয়া এক হাজাৰ, অন্য চৰিয়া ঊনত্ৰিশখন,
器皿的數目記在下面:金盤三十個,銀盤一千個,刀二十九把,
10 ১০ সোণৰ বাটি ত্ৰিশটা, ৰূপৰ সৰু বাটি চাৰিশ দহটা, আৰু আন আন সামগ্রী এক হাজাৰ।
金碗三十個,銀碗之次的四百一十個,別樣的器皿一千件。
11 ১১ সৰ্ব্বমুঠ সোণৰ আৰু ৰূপৰ বস্তু পাঁচ হাজাৰ চাৰিশ আছিল। বন্দীত্বত থকা লোকসকলক বাবিলৰ পৰা যিৰূচালেমলৈ ওভতাই অনা সময়ত চেচবচৰে এই সামগ্রী সমূহ লগত লৈ আহিল।
金銀器皿共有五千四百件。被擄的人從巴比倫上耶路撒冷的時候,設巴薩將這一切都帶上來。

< এজরা 1 >