< এজরা 8 >

1 ৰজা অৰ্তক্ষত্ৰ ৰাজত্বৰ সময়ত মোৰ সৈতে বাবিল ত্যাগ কৰি যোৱা লোকসকল এওঁলোক। এওঁলোক তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ পৰিয়াল সমূহৰ মূখ্য লোক আছিল।
А ово су главари домова отачких и племе оних што пођоше са мном из Вавилона за владе цара Артаксеркса:
2 পীনহচৰ বংশধৰসকলৰ মাজত গেৰ্চোম: ঈথামৰৰ বংশধৰসকলৰ মাজত দানিয়েল: দায়ূদৰ বংশধৰসকলৰ মাজত হত্তূচ।
Од синова Финесових Гирсом; од синова Итамарових Данило; од синова Давидових Хатус;
3 চখনিয়াৰ আৰু পৰিয়োচৰ বংশধৰসকলৰ মাজত জখৰিয়া: তেওঁৰ লগত তালিকাত এশ পঞ্চাশ জন পুৰুষ আছিল।
Од синова Сеханије, који беше од синова Фаросових, Захарија и с њим на број мушкиња сто и педесет;
4 পহৎ-মোৱাবৰ বংশধৰসকলৰ মাজত জৰহীয়াৰ পুত্ৰ ইলীহোঐনয়। আৰু তেওঁৰ লগত তালিকাত দুশ জন পুৰুষ আছিল।
Од синова Фат-Моавових Елиоинај син Зерајин и с њим мушкиња двеста;
5 চখনিয়া বংশধৰসকলৰ মাজত যহজীয়েল। তেওঁৰ লগত তালিকাত তিনিশ জন পুৰুষ আছিল।
Од синова Сеханијиних син Јасилов и с њим мушкиња три стотине;
6 আদীনৰ বংশধৰসকলৰ মাজত যোনাথনৰ পুত্ৰ এবদ। তেওঁৰ লগত তালিকাত পঞ্চাশ জন পুৰুষ আছিল।
И од синова Адинових Евед син Јонатанов и с њим мушкиња педесет;
7 এলমৰ বংশধৰসকলৰ মাজত অথলিয়াৰ পুত্ৰ যিচয়া। তেওঁৰ লগত তালিকাত সত্তৰজন পুৰুষ আছিল।
И од синова Еламових Исаија син Аталијин и с њим мушкиња седамдесет;
8 চফটিয়াৰ বংশধৰসকলৰ মাজত মীখায়েলৰ পুত্ৰ জবদিয়া। তেওঁৰ লগত তালিকাত আশীজন পুৰুষ আছিল।
И од синова Севатијиних Зевадија син Михаилов и с њим мушкиња осамдесет;
9 যোৱাবৰ বংশধৰসকলৰ মাজত যিহীয়েলৰ পুত্ৰ ওবদিয়া। তেওঁৰ লগত তালিকাত দুশ ওঠৰ জন পুৰুষ আছিল।
Од синова Јоавових Овадија син Јехилов и с њим мушкиња двеста и осамдесет;
10 ১০ চলোমীতৰ বংশধৰসকলৰ মাজত যোচিফিয়াৰ পুত্ৰ। তেওঁৰ লগত তালিকাত এশ ষাঠিজন পুৰুষ আছিল।
И од синова Селомитових син Јосифијин и с њим мушкиња сто и шездесет;
11 ১১ বেবয়ৰ বংশধৰসকলৰ মাজত বেবয়ৰ পুত্ৰ জখৰিয়া। তেওঁ লগত তালিকাত আঠাইশ জন পুৰুষ আছিল।
И од синова Вивајевих Захарија син Вивајев и с њим мушкиња двадесет и осам;
12 ১২ অজগদৰ বংশধৰসকলৰ মাজত হক্কাটনৰ পুত্ৰ যোহানন। তেওঁৰ লগত তালিকাত এশ দহ জন পুৰুষ আছিল।
И од синова Азгадових Јоанан син Акатанов и с њим мушкиња сто и десет;
13 ১৩ অদোনীকামৰ পাছত অহা বংশধৰসকলৰ মাজত কেইজন লোক আছিল। তেওঁলোকৰ নাম হ’ল: ইলীফেলট, যিয়ুৱেল, আৰু চময়িয়া। তেওঁলোকৰ লগত ষাঠিজন পুৰুষ আহিছিল।
И од синова Адоникамових последњих по имену Елифелет, Јеило и Семаја и с њима мушкиња шездесет;
14 ১৪ বিগবয়ৰ বংশধৰসকলৰ মাজত উথয় আৰু জক্কুৰ। তেওঁৰ লগত তালিকাত সত্তৰজন পুৰুষ আছিল।
И од синова Вигвајевих Гутај и Завуд и с њима мушкиња седамдесет.
15 ১৫ মই তেওঁলোকক অহবালৈ বৈ যোৱা পানীৰ কাষত একত্রিত কৰিলোঁ অাৰু আমি তাত তিন দিন ছাউনি পাতি থাকিলোঁ। মই সকলো লোকৰ লগতে আৰু পুৰোহিতসকলৰ মাজত অনুসন্ধান কৰি চালোঁ, কিন্তু লেবী বংশৰ কোনো এজনক তাত বিচাৰি নাপালোঁ।
И сабра их код реке која тече у Аву, и онде стајасмо у логору три дана; после прегледах народ и свештенике али не нађох онде ни једног од синова Левијевих.
16 ১৬ সেয়ে, ইলীয়েজৰ, অৰীয়েল, চময়িয়া, ইলনাথন, যাৰীব, ইলনাথন, নাথন, জখৰিয়া, আৰু মচুল্লম, এই মূখ্য লোকসকলক তেওঁলোকৰ বাবে পঠালোঁ; যোয়াৰিব আৰু ইলনাথন, এওঁলোক শিক্ষক আছিল, এওঁলোককো মই তেওঁলোকৰ বাবে পঠালোঁ।
Зато послах Елијезера, Арила, Семају и Елнатана и Јарива и Елнатана и Натана и Захарију и Месулама и главаре, и Јојарива и Еланатана учитеље,
17 ১৭ তাৰ পাছত মই তেওঁলোকক কচিফিয়াৰ মূখ্যলোক ইদ্দোৰৰ ওচৰলৈ পঠালোঁ। ইদ্দো আৰু তেওঁৰ সম্পৰ্কীয় লোকসকলক কি ক’ব লাগিব, সেই বিষয়ে মই কৈছিলোঁ যে, ‘মন্দিৰৰ যি দাসবোৰ কাচিফিয়াত বসবাস কৰি আছে, তেওঁলোকক ঈশ্বৰৰ গৃহৰ পৰিচৰ্যাৰ বাবে আমাৰ ওচৰলৈ পঠিয়াই দিয়ক’।
И оправи их к Иду поглавару у месту Касифији, и научи их шта ће говорити Иду и браћи његовој Нетинејима у месту Касифији да би нам довели слуге за дом Бога нашег.
18 ১৮ যিহেতু ঈশ্বৰৰ কৃপাদৃষ্টি আমাৰ ওপৰত আছিল, সেয়ে আমাৰ বাবে এজন ব্যক্তি পঠাই দিলে, তেওঁৰ নাম চেৰেবিয়া আছিল; তেওঁ এজন বিচক্ষণ ব্যক্তি আছিল। তেওঁ আছিল মহলীৰ বংশধৰ। মহলী আছিল, লেবীৰ পুত্র। লেবী আছিল, ইস্ৰায়েলৰ পুত্র। তেওঁ ওঠৰ জন পুত্র আৰু ভাইসকলক লগত লৈ আহিছিল।
И доведоше нам, јер добра рука Божија беше над нама, човека разумног између синова Малија сина Левија сина Израиљевог, Серевију са синовима његовим и браћом његовом, њих осамнаест;
19 ১৯ তেওঁৰ লগত হচবিয়া আহিছিল। তাতে যিচয়াও আছিল। যিচয়া আছিল মৰাৰীৰ পুত্রসকলৰ মাজৰ এজন, তেওঁৰ লগতে তেওঁৰ পুত্র আৰু ভাইসকলৰ সৈতে সৰ্বমুঠ বিশজন লোক আহিছিল।
И Асавију и с њим Исаију од синова Мераријевих, с браћом његовом и њиховим синовима, њих двадесет,
20 ২০ দায়ুদ আৰু তেওঁৰ বিষয়াসকলে লেবীয়াসকলৰ সেৱকীয় কাৰ্যৰে মন্দিৰত পৰিচৰ্যা কৰিবৰ বাবে দুশ বিশজন লোকক নিযুক্ত কৰিছিল। তেওঁলোকক নাম অনুসাৰে নিযুক্ত কৰা হৈছিল।
И од Нетинеја, које одреди Давид и кнезови да служе Левитима, двеста и двадесет Нетинеја, који сви бише именовани поименце.
21 ২১ তাৰ পাছত আমি ঈশ্বৰৰ সন্মূখত নিজকে নম্র কৰিবৰ বাবে অহবা নদীৰ দাঁতিত উপবাস ঘোষণা কৰিলোঁ, তাতে আমি আমাৰ সৰু সকলৰ বাবে আৰু আমাৰ সম্পত্তিৰ বাবে এটা সুবিধাজনক পথ বিচাৰিলো।
Тада огласих онде на реци Ави пост, да бисмо се понизили пред Богом својим и измолили у Њега срећан пут себи и деци својој и свему благу свом.
22 ২২ শত্রুবোৰৰ পৰা আমাক ৰক্ষা কৰিবলৈ মই আমাৰ লগত সৈন্য বা অশ্বাৰোহী ৰজাক খুজিবলৈ অত্যন্ত দ্বিধাবোধ কৰিছিলোঁ। আমি ৰজাক কৈছিলোঁ যে, “আমাৰ ঈশ্বৰে, তেওঁক মঙ্গল খোজা সকলৰ ওপৰত তেওঁৰ হাত থাকে, কিন্তু তেওঁক ত্যাগ কৰা সকলৰ ওপৰত তেওঁৰ পৰাক্ৰম আৰু ক্ৰোধ থাকে।”
Јер ме беше стид искати од цара војске и коњика да нас бране од непријатеља путем, јер бејасмо рекли цару говорећи: Рука је Бога нашег на добро над свима који Га траже, и јачина је Његова и гнев на све који Га остављају.
23 ২৩ সেয়ে আমি উপবাস কৰি, আমাৰ ঈশ্বৰৰ আগত সেই বিষয়ে প্ৰাৰ্থনা কৰিলোঁ, আৰু তেওঁ আমাৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে।
Тако постисмо и молисмо Бога свог за то, и умолисмо Га.
24 ২৪ তাৰ পাছত, মই পুৰোহিত কৰ্মচাৰীসকলৰ পৰা বাৰ জন নিৰ্ব্বাচন কৰিলোঁ: চেৰেবিয়া, হচবিয়া, আৰু তেওঁলোকৰ ভাই সকলৰ মাজত দহজন।
Тада одвојих између главара свештеничких дванаест, Серевију, Асавију и с њима десеторицу браће њихове.
25 ২৫ ৰজা আৰু তেওঁৰ পৰামৰ্শদাতা, কৰ্মচাৰী আৰু ইস্ৰায়েল লোকসকলে আমাৰ ঈশ্বৰৰ গৃহৰ অৰ্থে মুক্তভাৱে দিয়া দান, ৰূপ, সোণ, আৰু সকলো বস্তু জুখি তেওঁলোকক দিলোঁ।
И измерих им сребро и злато и судове, прилоге дому Бога нашег што приложи цар и саветници његови и кнезови његови и сав народ Израиљев који се нађе;
26 ২৬ সেয়ে, ছশ পঞ্চাশ কিক্কৰ ৰূপ, এশ কিক্কৰ ৰূপৰ বস্তু, এশ কিক্কৰ সোণ,
Измерих им у руке шест стотина и педесет таланата сребра, и судова сребрних сто таланата и сто таланата злата,
27 ২৭ এক হাজাৰ অদৰ্কোন মূল্যৰ বিশ টা সোণৰ বাটি, আৰু পিতলৰ দুটা ভালকৈ পালিশ কৰা বা নিমজ পাত্ৰ জুখি মই তেওঁলোকক দিলোঁ।
И двадесет чаша златних од хиљаду драма, и два суда од бронзе добре и скупоцене као злато.
28 ২৮ তাৰ পাছত, মই তেওঁলোকক ক’লোঁ, “আপোনালোক যিহোৱালৈ উৎসৰ্গ হওক, আৰু এই বস্তুবোৰো উৎসৰ্গ কৰক। এই ৰূপ আৰু সোণবোৰ আপোনালোকৰ পূৰ্বপুৰুষৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ইচ্ছাকৃতভাৱে কৰা দান।
И рекох им: Ви сте свети Господу и ови су судови свети, и ово сребро и злато драговољан је прилог Господу Богу отаца ваших.
29 ২৯ পুৰোহিত কৰ্মচাৰী, লেবীয়া আৰু যিৰূচালেমৰ ইস্ৰায়েল বংশৰ পূৰ্বপুৰুষৰ মূখ্য লোকসকলৰ আগত ঈশ্বৰৰ গৃহৰ কোঁঠালিত জুখি নিদিয়ালৈকে এইবোৰ চাই থাকক আৰু সযতনে ৰাখক।”
Пазите и чувајте докле не измерите пред главарима свештеничким и Левитима и главарима отачких домова Израиљевих у Јерусалиму у клетима дома Господњег.
30 ৩০ পুৰোহিতসকল আৰু লেবীয়াসকলে ৰূপ, সোণ, আৰু বস্তুবোৰো জুখি গ্রহণ কৰি, যিৰূচালেমত আমাৰ ঈশ্বৰৰ গৃহলৈ সেইবোৰ লৈ যাবৰ বাবে আদেশ দিলে।
И тако примише свештеници и Левити измерено сребро и злато и судове да однесу у Јерусалим, у дом Бога нашег.
31 ৩১ প্ৰথম মাহৰ দ্বাদশ দিনা, আমি যিৰূচালেমলৈ যাবৰ বাবে অহবা নদীৰ পৰা যাত্রা কৰিলোঁ। আমাৰ ওপৰত আমাৰ ঈশ্বৰৰ হাত থকা বাবে তেওঁ শত্ৰুবোৰৰ ওপৰত আৰু বাটত খাপ দি থকা ডকাইতসকলৰ হাতৰ পৰা আমাক ৰক্ষা কৰিলে।
И пођосмо од реке Аве дванаестог дана првог месеца да идемо у Јерусалим, и рука Бога нашег беше над нама и избави нас из руку непријатељских и заседачких на путу.
32 ৩২ তাৰ পাছত আমি যিৰূচালেম আহি পালোঁ, তাতে তিন দিন থাকিলোঁ।
И дођосмо у Јерусалим и стајасмо онде три дана.
33 ৩৩ চতুৰ্থ দিনা সেই ৰূপ, সোণ, আৰু বস্তুবোৰ জুখি আমাৰ ঈশ্বৰৰ গৃহত উৰিয়াৰ পুত্ৰ মৰেমোৎ পুৰোহিতৰ হাতত গতাই দিলোঁ। তেওঁৰ লগত পীনহচৰ পুত্ৰ ইলিয়াজৰ আছিল, যেচুৱাৰ পুত্ৰ যোজাবদ আৰু বিন্নইৰ পুত্ৰ নোৱদিয়া, এওঁলোক লেবীয়া আছিল।
А четврти дан измери се сребро и злато и судови у дому Бога нашег у руке Меримоту, сину Уријином свештенику, с којим беше Елеазар син Финесов, и с њима Јозавад син Исусов и Ноадија син Венујев, Левити.
34 ৩৪ সকলোবোৰ গণনা কৰি আৰু জুখি গতাই দিয়া হ’ল; সেই সময়ত সকলোবোৰ বস্তুৰ জোখ লিখি থোৱা হ’ল।
Све на број и на меру, и мера би записана од свега у исто време.
35 ৩৫ বন্দীত্বৰ পৰা ঘূৰি অহা দেশান্তৰিত লোকসকলে ইস্ৰায়েলৰ ঈশ্বৰৰ উদ্দেশ্যে হোম বলি উৎসৰ্গ কৰিলে: ইস্ৰায়েলৰ বাবে বাৰটা ভতৰা গৰু, ছয়ানব্বৈটা মতা ছাগলী, সাতসত্তৰটা মেৰ-ছাগ পোৱালি, আৰু পাপাৰ্থক বলিৰ বাবে বাৰটা মতা ছাগলী উৎসৰ্গ কৰিলে। এই সকলোবোৰ যিহোৱাৰ উদ্দেশ্যে দিয়া হোম-বলি।
И који бише у ропству па се вратише из ропства принесоше на жртву паљеницу Богу Израиљевом дванаест јунаца за свега Израиља, деведесет и шест овнова, седамдесет и седам јагањаца, дванаест јараца за грех, све то на жртву паљеницу Господу.
36 ৩৬ তাৰ পাছত তেওঁলোকে নদীৰ সিপাৰে থকা ৰাজপ্ৰতিনিধি আৰু ৰজাৰ উচ্চপদত থকা কৰ্মচাৰী সকলক ৰজাৰ আজ্ঞা পত্ৰ দিলে, আৰু তেওঁলোকে লোকসকলক আৰু ঈশ্বৰৰ গৃহত সহায় কৰিলে।
И предаше заповести цареве намесницима царевим и кнезовима с ове стране реке и они потпомогоше народ и дом Божји.

< এজরা 8 >