< এজরা 10 >

1 এইদৰে ঈশ্বৰৰ গৃহৰ আগত ইজ্ৰাই চকুলোৰে প্ৰাৰ্থনা কৰি পাপ স্বীকাৰ কৰিলে। ইস্ৰায়েলৰ সমবেত হোৱা পুৰুষ, মহিলা, সন্তান সকল আহি তেওঁৰ ওচৰত গোট খালে, কাৰণ লোকসকলে অতিশয়ৰূপে ক্ৰন্দন কৰিছিল।
А коли Ездра молився та сповіда́вся, плакав та припада́в перед Божим домом, зібрався до нього з Ізраїля дуже великий збір, — чолові́ки, і жінки́ та діти, бо наро́д плакав ре́вним плаче́м...
2 এলমৰ বংশধৰ যিহীয়েলৰ পুত্ৰ চখনিয়াই ইজ্ৰাক ক’লে, “আমাৰ ঈশ্বৰৰ বিৰুদ্ধে আমি বিশ্ৱাসঘাতক কৰি অন্য জাতিৰ লোকসকলৰ পৰা ছোৱালী বিয়া কৰাই বসবাস কৰি আছোঁ। কিন্তু এই বিষয়ত এতিয়াও ইস্ৰায়েলৰ আশা আছে।
І відпові́в Шеханія, Єхіїлів син, з Еламових синів, та й сказав до Ездри: „Ми спроневі́рилися нашому Богові, бо взяли ми чужи́нок із наро́дів цього кра́ю за жіно́к. Але є ще наді́я для Ізраїля в цьо́му!
3 সেয়ে আহক, এতিয়া আমাৰ ঈশ্ৱৰৰ সৈতে প্রতিজ্ঞাবদ্ধ হওঁ, ঈশ্বৰৰ আজ্ঞা অনুসাৰে আৰু আমাৰ ঈশ্ৱৰৰ আজ্ঞাত যিসকল কম্পমান হৈছে তেওঁলোকৰ পৰামৰ্শ অনুসাৰে সকলো মহিলা আৰু তেওঁলোকৰ সন্তান সকলক বাহিৰ কৰি পঠাওঁ, আৰু এই সকলো বিধান অনুযায়ী হওঁক।
А тепер складімо заповіта нашому Богові, що випровадимо від себе всіх жінок та наро́джене від них, за радою пана нашого, та тих, хто тремти́ть перед заповіддю нашого Бога, і буде зро́блене за Зако́ном.
4 উঠক, কাৰণ এই সকলো কাৰ্য আপুনিয়েই কৰি যাব লাগিব, আৰু আমিও আপোনাৰ লগত আছোঁ; সাহিয়াল হওক আৰু এই কাৰ্য কৰক।”
Устань, бо на тобі ця річ, а ми з тобою. Будь му́жній і дій!“
5 তেতিয়া ইজ্ৰাই উঠিল আৰু সেই বাক্য অনুসাৰে কৰিবলৈ পুৰোহিত কৰ্মচাৰী, লেবীয়া, আৰু সকলো ইস্ৰায়েল লোকসকলক এইদৰে কৰ্য্য কৰিবলৈ শপত খুৱালে।
І встав Ездра, і заприсяг зверхників, священиків і Левитів та всього Ізраїля, щоб робити за цим словом. І вони заприсягли́.
6 তাৰ পাছত ইজ্ৰাই ঈশ্বৰৰ গৃহৰ পৰা উঠি আহিল আৰু ইলিয়াচীবৰ পুত্ৰ যিহোহাননৰ কোঁঠালিলৈ গ’ল। যিসকল লোক বন্দীত্বত আছিল তেওঁলোকে অবিশ্ৱাসী লোকৰ দৰে কৰা কাৰ্যৰ বাবে শোক কৰিলে আৰু তেওঁ একো ভোজন-পান নকৰিলে।
І Ездра встав з-перед Божого дому й пішов до кімна́ти Єгохонана, Ел'яшівового сина, і ночував там. Хліба він не їв і води не пив, бо був у жало́бі за спроневі́рення пове́рненців.
7 সেয়ে বন্দীত্বৰ পৰা ঘূৰি অহা সকলো লোকক যিৰূচালেমত গোট খাবলৈ যিহূদা আৰু যিৰূচালেমলৈ তেওঁলোকে বাৰ্ত্তা পঠিয়ালে।
І оголоси́ли в Юдеї та в Єрусалимі до всіх пове́рненців, щоб зібратися до Єрусалиму.
8 যিসকল লোক কৰ্মচাৰী আৰু বৃদ্ধসকলৰ পৰামৰ্শ অনুযায়ী তিনি দিনৰ ভিতৰত নাহে, তেওঁলোকৰ সকলো সম্পত্তি বৰ্জিত কৰা হ’ব, আৰু বন্দীত্বৰ পৰা অহা লোকসকলৰ সমাজৰ পৰা তেওঁলোকক পৃথক কৰা যাব।
А кожен, хто не при́йде до трьох день, за порадою зверхників та старши́х, — увесь маєток того буде зро́блений закляттям, а він буде ви́лучений із громади пове́рненців.
9 সেয়ে যিহূদাৰ আৰু বিন্যামীনৰ সকলো লোকে তিন দিনৰ ভিতৰত যিৰূচালেমলৈ আহি গোট খালে। নৱম মাহৰ বিশ দিনৰ দিনা, ঈশ্বৰৰ গৃহৰ সন্মুখত সকলো লোক থিয় হ’ল। সেই বাক্য আৰু বৰষুণৰ কাৰণে লোকসকল কঁপিব ধৰিলে।
І зібралися всі люди Юди та Веніямина до Єрусалиму до трьох день, — це був дев'ятий місяць, двадцятого дня місяця. І сидів увесь народ на площі Божого дому, тремтячи́ від цієї справи та від дощу.
10 ১০ তেতিয়া পুৰোহিত ইজ্ৰাই থিয় হৈ ক’লে, “তোমালোকে নিজেই নিজকে বিশ্ৱাসঘাত কৰিছা, তোমালোকে অন্য জাতিৰ মহিলাৰ সৈতে বসবাস কৰি, ইস্ৰায়েলৰ দোষ বৃদ্ধি কৰিলা।
І встав священик Ездра та й сказав до них: „Ви спроневі́рилися, і взяли чужи́нних жінок, щоб побільши́ти Ізраїлеву прови́ну.
11 ১১ এতিয়া তোমালোকৰ পূৰ্বপুৰুষৰ ঈশ্বৰ যিহোৱাৰ গৌৰৱ-প্রশংসা কৰা আৰু তেওঁৰ ইচ্ছা সিদ্ধ কৰা। দেশৰ লোকসকলৰ পৰা আৰু আন জাতিৰ মহিলাৰ পৰা নিজকে পৃথক কৰা।
А тепер повині́ться Господе́ві, Богові ваших батьків, і чиніть Його волю! І віддаліться від наро́дів цього кра́ю та від тих чужих жіно́к!“
12 ১২ গোটেই সমাজে বৰ মাতেৰে উত্তৰ দি ক’লে, “আপুনি কোৱাৰ দৰেই আমি কৰিম।
І відповіла́ вся громада, і сказали гучним голосом: „Так, за словом твоїм, ми повинні зробити!
13 ১৩ যদিও তাত অনেক লোক আছিল, আৰু বাৰিষা কাল আছিল। বাহিৰত থিয় হৈ থাকিবলৈ আমাৰ শক্তি নাই, আৰু এইটো এদিন বা দুদিনৰ কাম নহয়, আমি এই বিষয়ত অতিৰিক্তভাৱে অৱহেলা কৰি আহিছোঁ।
Але наро́д числе́нний, і час дощів, і нема сили стояти на вулиці. Та й праці не на один день і не на два, бо ми багато нагрішили в цій справі.
14 ১৪ সেয়ে গোটেই সমাজক আমাৰ কৰ্মচাৰীসকলে প্রতিনিধিত্ব কৰক। আমাৰ ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধ যেতিয়ালৈকে আমাৰ পৰা দূৰ নহয়, তেতিয়ালৈকে নগৰৰ বৃদ্ধলোক আৰু বিচাৰকৰ্ত্তাসকলে নিৰূপিত কৰা সময়ত যি সকলে অন্য জাতিৰ মহিলাক নগৰবোৰত বসবাস কৰিবলৈ অনুমতি দিছিল, তেওঁলোক আহক।”
Нехай же стануть наші зверхники за ввесь збір, а кожен, хто є в наших містах, хто взяв чужи́нних жіно́к, нехай при́йде на означені часи́, а з ними старші́ кожного міста та су́дді його, аж поки не відве́рнеться від нас жар гніву нашого Бога за цю річ“.
15 ১৫ এই প্ৰস্তাব অচাহেলৰ পুত্ৰ যোনাথন আৰু তিকবাৰ পুত্ৰ যহজিয়াই বিৰোধিতা কৰিলে, আৰু মচুল্লম আৰু লেবীয়া চবথয়ে তেওঁলোকক সমৰ্থন কৰিলে।
Особливо стали над цим Йонатан, син Асагелів, та Яхзея, син Тіквин, а Мешуллам та Левит Шеббетай допомагали їм.
16 ১৬ সেয়ে বন্দীত্বৰ পৰা অহা লোকসকলে এই কাৰ্য কৰিলে। নিৰ্বাচিত ব্যক্তি ইজ্ৰা পুৰোহিত, তেওঁলোকৰ বংশৰ জাতি আৰু গৃহত থকা মূখ্য লোকসকল, তেওঁলোকৰ নাম অনুযায়ী দশম মাহৰ প্ৰথম দিনা সেই বিষয়ে বিচাৰ কৰিবলৈ বহিল।
І зробили так пове́рненні. І відділи́в собі священик Ездра людей, голів батьків за родом їхніх батьків, і всі вони поіме́нно. І сіли вони першого дня десятого місяця, щоб дослідити цю справу.
17 ১৭ প্ৰথম মাহৰ প্ৰথম দিনা তেওঁলোকে অন্য জাতিৰ মহিলাৰ সৈতে বসবাস কৰা লোকসকলৰ বিষয়ে অনুসন্ধান কৰি শেষ কৰিলে।
І скінчи́ли до першого дня першого місяця справи про всіх тих людей, що взяли були чужи́нних жіно́к.
18 ১৮ পুৰোহিতসকলৰ বংশৰ মাজত যি সকলে অন্য জাতিৰ মহিলাৰ সৈতে বসবাস কৰিছিল, তেওঁলোকৰ নাম হ’ল: যোচাদকৰ পুত্ৰ যেচুৱা আৰু তেওঁৰ ভায়েকসকলৰ মাজত মাচেয়া, ইলীয়েজৰ, যাৰীব, আৰু গদলিয়া।
І знайшлися поміж священичими синами, що взяли́ чужи́нних жіно́к, із синів Єшуї, сина Йоцадакового, та братів його: Моасея, і Еліезер, і Ярів, і Ґедалія.
19 ১৯ সেই কাৰণে তেওঁলোকে নিজৰ ভাৰ্যাক পঠিয়াবলৈ প্রতিজ্ঞাবদ্ধ হ’ল। তেওঁলোক দোষৰ বাবে জাকৰ পৰা এটা মতা মেৰ-ছাগ বলিদান কৰিলে।
І дали́ вони руку свою, що повипрова́джують жіно́к своїх, а винні прине́сли в жертву барана́ з отари за прови́ну свою.
20 ২০ ইম্মেৰৰ বংশধৰসকলৰ মাজত হনানী আৰু জবদিয়া।
А з синів Іммерових: Ханані та Зевадія.
21 ২১ হাৰীমৰ বংশধৰসকলৰ মাজত মাচেয়া, এলিয়া, চময়িয়া, যিহীয়েল, আৰু উজ্জিয়া।
І з синів Харімових: Массея, і Елійя, і Шемая, і Єхіїл, і Уззійя.
22 ২২ পচহুৰৰ বংশধৰসকলৰ মাজত ইলীয়োঐনয়, মাচেয়া, ইশ্মায়েল, নথনেল, যোজাবদ, আৰু ইলিয়াচা।
Із синів Пашхурових: Ел'йоенай, Маасея, Ізмаїл, Натанаїл, Йозавад та Ел'аса.
23 ২৩ লেবীয়াসকলৰ মাজত যোজাবদ, চিমিয়ী, কলায়া, তেওঁলোক কলীটা, পথহিয়া, যিহূদা আৰু ইলীয়েজৰ।
А з Левитів: Йозавад, і Шім'ї, і Келая, він Келіта, Петахія, Юда та Еліезер.
24 ২৪ গায়ক সকলৰ মাজত ইলীয়াচিব। দুৱৰীসকলৰ মাজত চল্লুম, টেলম আৰু উৰী।
А з співакі́в: Ел'яшів. А з придве́рних: Шаллум, і Телем, та Урі.
25 ২৫ ইস্ৰায়েলৰ অৱশিষ্ট লোক পৰিয়োচৰ বংশধৰসকলৰ মাজত ৰমিয়া, যিজ্জিয়া, মল্কিয়া, মিয়ামীন, ইলিয়াজৰ, মাল্কিয়া আৰু বনায়া।
А з Ізраїля, з синів Пар'ошових: Рам'я, і Їззійя, і Малкійя, і Мійямін, і Елеазар, і Малкійя та Беная.
26 ২৬ এলমৰ বংশধৰসকলৰ মাজত মত্তনীয়া, জখৰিয়া, যিহীয়েল, অব্দী, যিৰেমোৎ, আৰু এলিয়া।
А з синів Еламових: Маттанія, Захарій, і Єхіїл, і Авді, і Єремот, і Елійя,
27 ২৭ জত্তুৰ বংশধৰসকলৰ মাজত ইলিয়োঐনয়, ইলীয়াচিব, মত্তনীয়া, যিৰেমোৎ, জাবদ, আৰু অজীজা।
І з синів Затту: Ел'йоенай, Ел'яшів, Маттанія, і Еремот, і Завад та Азіза.
28 ২৮ বেবয়ৰ বংশধৰসকলৰ মাজত যিহোহানন, হননিয়া, জব্বয়, আৰু অথলয়।
А з синів Беваєвих: Єгоханан, Хананія, Заббай, Атлай.
29 ২৯ বাণীৰ বংশধৰসকলৰ মাজত মচুল্লম, মল্লূক, অদায়া, যাচূব, আৰু চাল যিৰেমোৎ।
І з синів Банієвих: Мешуллам, Маллух, і Адая, Яшув, і Шеал та Рамот.
30 ৩০ পহৎ-মোৱাবৰ বংশধৰসকলৰ মাজত অদনা, কলাল, বনায়া, মাচেয়া, মত্তনীয়া, বচলেল, বিন্নূই, আৰু মনচি।
І з синів Пахатових: Моав, Адна, і Хелал, Беная, Маасея, Маттанія, Веселії́л, і Біннуй та Манасія.
31 ৩১ হাৰীমৰ বংশধৰসকলৰ মাজত ইলীয়েজৰ, যিচিয়া, মল্কিয়া, চময়িয়া, চিমিয়োন,
І з синів Харімових: Еліезер, Їшшійя, Малкійя, Шемая, Шімон,
32 ৩২ বিন্যামীন, মল্লূক, আৰু চমৰিয়া।
Веніямин, Маллух, Шемарія.
33 ৩৩ হাচুমৰ বংশধৰসকলৰ মাজত মত্তনয়, মত্ততা, জাবদ, ইলীফেলট, যিৰেময়, মনচি আৰু চিমিয়ী।
З синів Хашумових: Маттенай, Маттатта, Завад, Еліфелет, Єремай, Манасія, Шім'ї.
34 ৩৪ বাণীৰ বংশধৰসকলৰ মাজত মাদয়, অম্রম, ঊৱেল,
З синів Банаєвих: Маадай, Амрам, і Уїл,
35 ৩৫ বনায়া, বেদিয়া, কলূহী,
Беная, Бедея, Келугу,
36 ৩৬ বনিয়া, মৰেমোৎ, ইলীয়াচিব,
Ванія, Меремот, Ел'ятів,
37 ৩৭ মত্তনীয়া, মত্তনয়, যাচু,
Маттанія, Маттенай, і Яасай,
38 ৩৮ বাণী, বিন্নূই, চিমিয়ী,
і Бані, і Бійнуй, Шім'ї,
39 ৩৯ চেলেমিয়া, নাথন, অদায়া,
і Шелемія, і Натан, і Адая,
40 ৪০ মকনদবয়, চাচয়, চাৰয়,
Махнадвай, Шашай, Шарай,
41 ৪১ অজৰেল, চেলেমিয়া, চমৰিয়া,
Азаріїл, і Шелемія, Шемарія,
42 ৪২ চল্লুম, অমৰিয়া, যোচেফ,
Шаллум, Амарія, Йо́сип.
43 ৪৩ আৰু নবোৰ বংশধৰসকলৰ মাজত যিয়ীয়েল, মিত্তিথিয়া, জাবদ, জবীনা, ইদ্দো, যোৱেল, আৰু বনায়া।
А з синів Нево: Єіїл, Маттітія, Завад, Зевіна, Яддай, і Йоїл, Беная.
44 ৪৪ এই সকলো লোকৰ অন্য জাতিৰ মহিলা ভাৰ্যা আৰু তেওঁলোকৰ কিছুমানৰ সন্তান আছিল।
Усі оці взяли́ були́ чужи́нних жіно́к, а деякі з цих жіно́к і дітей породили.

< এজরা 10 >