< এজেকিয়েল 9 >

1 তেতিয়া যিহোৱাই বৰ মাতেৰে কোৱা এই বাক্য মোৰ কাণত পৰিল আৰু ক’লে, “প্রহৰীসকলৰ প্ৰতিজনক নিজ নিজ হাতত বিনাশক অস্ত্ৰ লৈ নগৰলৈ আহিবলৈ দিয়া।”
Então me gritou aos ouvidos com grande voz, dizendo: Fazei chegar os intendentes da cidade, cada um com as suas armas destruidoras na mão.
2 তেতিয়া চোৱা! উত্তৰ দিশৰ পৰা ওপৰ বাট-চৰাৰ বাটেদি নিজ নিজ হাতত হত্যাৰ অস্ত্ৰ লৈ ছয়জন লোক আহিল। তেওঁলোকৰ মাজত শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত লিখকৰ মৈলাম থকা এজন লোক আছিল। এইদৰে তেওঁলোক ভিতৰলৈ সোমাই পিতলৰ যজ্ঞবেদীৰ কাষত থিয় হ’ল।
E eis que vinham seis homens caminho da porta alta, que olha para o norte, e cada um com as suas armas destruidoras na mão, e entre elles um homem vestido de linho, com um tinteiro de escrivão á sua cinta; e entraram, e se pozeram junto ao altar de bronze.
3 তেতিয়া যি কৰূব কেইজনৰ ওপৰত ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আছিল, সেই গৌৰৱ, সেই কৰূব কেইজনৰ পৰা উঠি গৃহটিৰ দুৱাৰডলিলৈ উঠি গ’ল। আৰু শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত মৈলাম থকা সেই লোকজনক যিহোৱাই মাতিলে।
E a gloria do Deus d'Israel se levantou de sobre o cherubim sobre o qual estava, até ao umbral da casa; e clamou ao homem vestido de linho, que tinha o tinteiro de escrivão á sua cinta.
4 যিহোৱাই তেওঁক ক’লে, “তোমালোকে নগৰৰ মাজেৰে যোৱা যিৰূচালেমৰ মাজেৰে আৰু নগৰৰ মাজত চলি থকা সকলো ঘিণলগীয়া কাৰ্যৰ কাৰণে হুমুনিয়াহ পেলোৱা আৰু চিঞৰি কন্দা-কতা কৰি থকা লোকসকলৰ কপালত চিন দিয়া।”
E disse-lhe o Senhor: Passa pelo meio da cidade, pelo meio de Jerusalem, e marca com um signal as testas dos homens que suspiram e que gemem por causa de todas as abominações que se commettem no meio d'ella.
5 তেতিয়া তেওঁ মই শুনাকৈ আন কেইজনক ক’লে, “তোমালোকে তেওঁৰ পাছে পাছে নগৰৰ মাজেদি যোৱা আৰু প্ৰহাৰ কৰা! তোমালোকৰ চকুত কৃপাদৃষ্টি কি দয়া নাথাকক,
E aos outros disse a meus ouvidos: Passae pela cidade após elle, e feri: não poupe o vosso olho, nem vos compadeçaes.
6 বুঢ়া, ডেকা, যুৱতী, শিশু আৰু মহিলা আদি সকলোকে নিঃশেষে বধ কৰা, দয়া নকৰিবা! কিন্তু মূৰত চিন থকা কোনো লোকৰ কাষলৈ নাযাবা। মোৰ পবিত্ৰ স্থানৰ পৰা আৰম্ভ কৰা!” গতিকে তেওঁলোকে গৃহৰ সন্মুখত থকা সেই বৃদ্ধ লোকসকলৰ পৰা আৰম্ভ কৰিলে।
Matae velhos, mancebos, e virgens, e meninos, e mulheres, até exterminal-os; porém a todo o homem que tiver o signal não vos chegueis; e começae pelo meu sanctuario. E começaram pelos homens mais velhos que estavam diante da casa
7 তেওঁ তেওঁলোকক ক’লে, “গৃহটি অশুচি কৰা, চোতাল কেইখন হত হোৱা লোকসকলেৰে পূৰ কৰা। আগবাঢ়া!” গতিকে তেওঁলোকে ওলাই গৈ জেৰুচালেম নগৰক আক্রমণ কৰিলে।
E disse-lhes: Contaminae a casa e enchei os atrios de mortos: sahi. E sairam, e feriram na cidade.
8 যেতিয়া তেওঁলোকে প্ৰহাৰ কৰি আছিল, তেতিয়া মই নিজকে অকলশৰীয়া যেন অনুভৱ কৰিলোঁ আৰু উবুৰি হৈ পৰি চিঞৰি কান্দি কান্দি কলোঁ, “হায় হায় প্ৰভু যিহোৱা! আপুনি যিৰূচালেমৰ ওপৰত আপোনাৰ ক্ৰোধ বৰষাই ইস্ৰায়েলৰ সকলোক অৱশিষ্ট ভাগ বিনষ্ট কৰিব নে?”
Succedeu pois que, havendo-os ferido, e ficando eu de resto, cahi sobre a minha face, e clamei, e disse: Ah! Senhor Jehovah! dar-se-ha caso que destruas todo o restante de Israel, derramando a tua indignação sobre Jerusalem?
9 তেওঁ মোক ক’লে, “ইস্ৰায়েল আৰু যিহূদা বংশৰ অপৰাধ অতিশয় গভীৰ। আৰু দেশ তেজেৰে পৰিপূৰ্ণ, আৰু নগৰখন দুৰ্নীতিৰে ভৰা; কিয়নো তেওঁলোকে কয়, ‘যিহোৱাই দেশখন ত্যাগ কৰিলে’ আৰু ‘যিহোৱাই দেখা নাপায়!’
Então me disse: A maldade da casa de Israel e de Judah é grandissima, e a terra se encheu de sangue e a cidade se encheu de perversidade; porque dizem: O Senhor deixou a terra, e o Senhor não vê
10 ১০ গতিকে মই হ’লে কৃপাদৃষ্টি নকৰিম আনকি দয়াও নকৰিম। বৰং তেওঁলোকৰ কাৰ্যৰ ফল তেওঁলোকৰ মূৰত ফলিওৱাম।”
Pois tambem, emquanto a mim, não poupará o meu olho, nem me compadecerei: sobre a cabeça d'elles farei recair o seu caminho.
11 ১১ আৰু চোৱা! শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত মৈলাম থকা সেই পুৰুষজন ঘূৰি আহিল। “তুমি মোক আজ্ঞা দিয়া অনুসাৰে মই সকলো কৰিলোঁ”, এই বুলি তেওঁ বাৰ্ত্তা দিলেহি।
E eis que o homem que estava vestido de linho, a cuja cinta estava o tinteiro, tornou com a resposta, dizendo: Fiz como me mandaste.

< এজেকিয়েল 9 >