< এজেকিয়েল 8 >

1 আমাৰ নিৰ্বাসনৰ ষষ্ঠ বছৰৰ ষষ্ঠ মাহৰ পঞ্চম দিনা, মোৰ ঘৰত মই বহি থাকোঁতে আৰু যিহূদাৰ পৰিচাৰকসকল মোৰ আগত বহি থাকোঁতে, সেই ঠাইত প্ৰভু যিহোৱাৰ হাত পুনৰায় মোৰ ওপৰত অৰ্পিত হ’ল।
و در سال ششم در روز پنجم از ماه ششم، چون من در خانه خود نشسته بودم ومشایخ یهودا پیش من نشسته بودند، آنگاه دست خداوند یهوه در آنجا بر من فرود آمد.۱
2 তেতিয়া চোৱা! মই মনুষ্যৰূপে এক মূৰ্ত্তি যেন দেখা পালোঁ; আৰু তেওঁৰ কঁকালৰ তলৰ পৰা যেন অগ্নিৰ দৰে আৰু তেওঁৰ কঁকালৰ পৰা ওপৰ অংশ উজ্বল ধাতুৰ দৰে দেখা গ’ল!
و دیدم که اینک شبیهی مثل صورت آتش بود یعنی ازنمایش کمر او تا پایین آتش و از کمر او تا بالا مثل منظر درخشندگی مانند صورت برنج لامع ظاهرشد.۲
3 তেতিয়া তেওঁ হাত এখনৰ আকৃতিৰে মোৰ মূৰৰ চুলি ঢুকি পোৱাকৈ ধৰিলে; সেই আত্মাই মোক ওপৰলৈ দাঙি নিলে আৰু ঈশ্বৰীয় দৰ্শনত যিৰূচালেমত, যি ঠাইত অন্তৰ্জ্বালাজনক অহঙ্কাৰী-মূৰ্ত্তিটো স্থাপিত হৈ আছিল, সেই ঠাইৰ উত্তৰ দিশে থকা ভিতৰ-চোতালৰ প্রৱেশ কৰা পথত, পৃথিৱী আৰু আকাশৰ মাজেদি মোক লৈ আহিল।
و شبیه دستی دراز کرده، موی پیشانی مرابگرفت و روح، مرا در میان زمین و آسمان برداشت و مرا در رویاهای خدا به اورشلیم نزددهنه دروازه صحن اندرونی که بطرف شمال متوجه است برد که در آنجا نشیمن تمثال غیرت غیرت انگیز می‌باشد.۳
4 মই সেই উপত্যকাত যি অৱস্থাত সেই দৰ্শন দেখিছিলোঁ, সেইদৰে ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱো সেই ঠাইত আছিল।
و اینک جلال خدای اسرائیل مانند آن رویایی که در هامون دیده بودم ظاهر شد.۴
5 তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, তুমি চকু তুলি উত্তৰ ফালে চোৱা।” সেই কাৰণে মই উত্তৰ ফালে চকু তুলি চালোঁ আৰু যজ্ঞবেদীৰ উত্তৰফালে প্ৰৱেশ কৰা স্থানটোৰ ঠাইত সেই অহংকাৰী মূৰ্ত্তিটো আছিল।
و اومرا گفت: «ای پسر انسان چشمان خود را بسوی راه شمال برافراز!» و چون چشمان خود را بسوی راه شمال برافراشتم، اینک بطرف شمالی دروازه مذبح این تمثال غیرت در مدخل ظاهر شد.۵
6 পাছত তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, লোকসকলে কি কৰি আছে সেয়া তুমি দেখিছা নে? মোৰ পবিত্ৰ স্থানৰ পৰা মই আঁতৰ হ’বলৈ ইস্ৰায়েল-বংশই যিবোৰ বৰ বৰ ঘিণলগীয়া কাৰ্য কৰিছে, সেইবোৰ তুমি দেখিছা নে? কিন্তু তুমি ইয়াতকৈয়ো অধিক ঘিণলগীয়া কাৰ্য দেখিবলৈ পাবা!”
و اومرا گفت: «ای پسر انسان آیا تو آنچه را که ایشان می‌کنند می‌بینی؟ یعنی رجاسات عظیمی که خاندان اسرائیل در اینجا می‌کنند تا از مقدس خود دور بشوم؟ اما باز رجاسات عظیم تر خواهی دید.»۶
7 এই বুলি তেওঁ মোক চোতালৰ বাট-চৰাৰ দুৱাৰৰ ভিতৰলৈ লৈ গ’ল আৰু তাত মই চাই দেৱালত এটা বিন্ধা দেখিলোঁ।
پس مرا به دروازه صحن آورد و دیدم که اینک سوراخی در دیوار است.۷
8 তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, এই দেৱালখন খান্দি পেলোৱা।” তেতিয়া মই দেৱালখন খান্দোতে এখন দুৱাৰ দেখা পালোঁ!
و او مرا گفت: «ای پسر انسان دیوار را بکن.» و چون دیوار راکندم، اینک دروازه‌ای پدید آمد.۸
9 তেতিয়া তেওঁ মোক পুনৰ ক’লে, “তুমি ভিতৰলৈ গৈ তেওঁলোকে তাত কৰি থকা ঘিণলগীয়া দুষ্কৰ্মবোৰ চোৱা।”
و او مرا گفت: «داخل شو و رجاسات شنیعی را که ایشان دراینجا می‌کنند ملاحظه نما.»۹
10 ১০ তেতিয়া মই ভিতৰলৈ গৈ চাই দেখিলোঁ যে, সকলোবিধ উৰগ জন্তুৰ আৰু ঘিণলগীয়া পশুৰ প্ৰতিমূৰ্ত্তি আৰু ইস্ৰায়েল বংশৰ প্ৰতিমাবোৰ চাৰিওফালে দেৱালত খোদাই কৰি থোৱা আছিল।
پس چون داخل شدم، دیدم که هرگونه حشرات و حیوانات نجس و جمیع بتهای خاندان اسرائیل بر دیوار از هر طرف نقش شده بود.۱۰
11 ১১ আৰু সেইবোৰৰ আগত ইস্ৰায়েল বংশৰ পৰিচাৰকসকলৰ সত্তৰজন পুৰুষ আৰু তেওঁলোকৰ মাজত চাফনৰ পুত্র যাজনিয়া থিয় হৈ আছিল। তেওঁলোক প্রতিজনে প্রতিমাবোৰৰ সন্মুখত থিয় হৈ হাতত এটা এটা ধূপৰ পাত্ৰ ল’লে যাতে সেই ধূপৰ সুগন্ধযুক্ত ধোঁৱা ওপৰলৈ উঠে।
و هفتاد نفر از مشایخ خاندان اسرائیل پیش آنهاایستاده بودند و یازنیا ابن شافان در میان ایشان ایستاده بود و هرکس مجمره‌ای در دست خودداشت و بوی ابر بخور بالا می‌رفت.۱۱
12 ১২ তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, ইস্ৰায়েল-বংশৰ পৰিচাৰকসকলে অন্ধকাৰত কি কৰিছে সেই বিষয়ে তুমি দেখিছা নে? এইদৰে প্রতিজনে নিজ নিজ গুপ্ত কোঁঠালিত প্রতিমাবোৰৰ সৈতে তেওঁলোকে কয়, ‘যিহোৱাই আমাক দেখা নাপায়! যিহোৱাই দেশখন ত্যাগ কৰিলে’!”
و او مراگفت: «ای پسر انسان آیا آنچه را که مشایخ خاندان اسرائیل در تاریکی و هرکس درحجره های بتهای خویش می‌کنند دیدی؟ زیرامی گویند که خداوند ما را نمی بیند و خداوند این زمین را ترک کرده است.۱۲
13 ১৩ তেওঁ মোক পুনৰ ক’লে, “তুমি আকৌ ঘূৰি চোৱা, তেওঁলোকে কৰি থকা ঘিণলগীয়া কাৰ্যবোৰতকৈয়ো অতি বেছি দেখিবলৈ পাবা।”
و به من گفت که بازرجاسات عظیم تر از اینهایی که اینان می‌کنندخواهی دید.»۱۳
14 ১৪ তাৰ পিছত তেওঁ যিহোৱাৰ গৃহৰ উত্তৰফালৰ বাট-চৰাৰ দুৱাৰমুখলৈ মোক লৈ যাওঁতে মই দেখিলোঁ, আৰু চোৱা! সেই ঠাইত মহিলাসকলে বহি তম্মুজৰ বাবে কান্দি আছিল।
پس مرا به دهنه دروازه خانه خداوند که بطرف شمال بود آورد. و اینک در آنجا بعضی زنان نشسته، برای تموز می‌گریستند.۱۴
15 ১৫ তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, তুমি দেখিছা নে? তুমি ইয়াতকৈয়ো অধিক ঘিণলগীয়া কাৰ্য দেখিবলৈ পাবা।”
و او مراگفت: «ای پسر انسان آیا این را دیدی؟ بازرجاسات عظیم تر از اینها را خواهی دید.»۱۵
16 ১৬ আৰু তেওঁ মোক যিহোৱাৰ গৃহৰ ভিতৰ চোতাললৈ লৈ গ’ল, আৰু চোৱা! মই দেখিলোঁ, যিহোৱাৰ মন্দিৰৰ দুৱাৰমুখত, বাৰাণ্ডা আৰু যজ্ঞবেদীৰ মাজ ভাগত যিহোৱাৰ মন্দিৰৰ ফাললৈ পিঠি দি পূৱফালে মুখ কৰি প্রায় পঞ্চাশজনমান লোকে সূৰ্যৰ আগত প্ৰণিপাত কৰি আছিল।
پس مرا به صحن اندرونی خانه خداوندآورد. و اینک نزد دروازه هیکل خداوند در میان رواق و مذبح به قدر بیست و پنج مرد بودند که پشتهای خود را بسوی هیکل خداوند و رویهای خویش را بسوی مشرق داشتند و آفتاب را بطرف مشرق سجده می‌نمودند.۱۶
17 ১৭ তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, তুমি ইয়াক দেখিছা নে? ইয়াত যিহূদা বংশই যি যি ঘিণলগীয়া কাৰ্য কৰিছে, সেই সকলো কাৰ্য জানো তেওঁলোকলৈ লঘূ বিষয়? কিয়নো তেওঁলোকে দেশ অত্যাচাৰেৰে পূৰ কৰিলে আৰু মোক বেজাৰ দিবলৈ পুনৰায় ঘূৰিছে; আৰু চোৱা, তেওঁলোকে ডালবোৰ নাকত লগাইছে।
و به من گفت: «ای پسر انسان این را دیدی؟ آیا برای خاندان یهودابجا آوردن این رجاسات که در اینجا بجامی آورند سهل است؟ زیرا که زمین را از ظلم مملو ساخته‌اند و برای هیجان خشم من برمی گردند و هان شاخه را به بینی خودمی گذارند.۱۷
18 ১৮ এই হেতুকে ময়ো কোপেৰে কাৰ্য কৰিম; কৃপাদৃষ্টি নকৰিম; আৰু দয়াও নকৰিম; আৰু তেওঁলোকে বৰ মাতেৰে মোৰ কাণত কাতৰোক্তি কৰিলেও মই তেওঁলোকৰ কথা নুশুনিম।”
بنابراین من نیز در غضب، عمل خواهم نمود و چشم من شفقت نخواهد کرد ورحمت نخواهم فرمود و اگرچه به آواز بلند به گوش من بخوانند، ایشان را اجابت نخواهم نمود.»۱۸

< এজেকিয়েল 8 >