< এজেকিয়েল 45 >

1 ইয়াৰ বাহিৰে, যেতিয়া তোমালোকে আধিপত্যৰ অৰ্থে চিঠি-খেলৰে দেশ ভাগ বাঁটিবা, তেতিয়া তোমালোকে দেশৰ এক পবিত্ৰ অংশ যিহোৱাৰ উদ্দেশ্যে উপহাৰস্বৰূপে উৎসৰ্গ কৰিবা; সেয়ে দীঘলে পঁচিশ হাজাৰ হাত; আৰু বহলে বিশ হাজাৰ হাত হ’ব; সেয়ে চাৰিওঁফালে তাৰ সমুদায় সীমাৰ ভিতৰত পবিত্ৰ হ’ব।
उत्तराअधिकारको रूपमा देशलाई भाग लगाउन जब तिमीहरूले चिठ्ठा हाल्‍छौ, तब तिमीहरूले परमप्रभुको निम्‍ति एउटा जग्‍गा अलग गर्नू । यो दानको जग्‍गा पच्‍चीस हजार हात लामो र दश हजार हात चौडा देशको एउटा पवित्र जमिन हुनेछ । त्यो र त्यसको वरिपरिको क्षेत्र सबै पवित्र हुनेछ ।
2 তাৰে পাঁচ শ হাত দীঘল আৰু পাঁচ শ হাত বহল চাৰিওঁফালে সমান এনে এডোখৰ ঠাই পবিত্ৰ স্থানৰ কাৰণে থাকিব আৰু তাৰ বাহিৰ ফালে মুকলি ঠাইৰ কাৰণে কেউপিনে পঞ্চাশ হাত থাকিব।
यसबाट पाँच सय हात लमाइ र चौडाइको वर्गाकार क्षेत्र हुनेछ जसले पवित्र स्थानलाई घेर्नेछ, र त्यसको वरिपरिको सिमाना पचास हात चौडा हुनेछ ।
3 আৰু তুমি সেই পৰিমিত অংশৰ পঁচিশ হাজাৰ হাত দীঘল আৰু দহ হাজাৰ হাত বহল ঠাই এডোখৰ জুখিবা আৰু তাত পবিত্ৰ ধৰ্মধাম হ’ব।
यस क्षेत्रबाट तिमीहरूले पच्‍चीस हजार हात लमाइ र दश हजार हात चौडाइ नाप्‍नू । त्योचाहिं पवित्र-स्थान, र महा-पवित्र स्थान हुनेछ ।
4 সেয়ে দেশৰ পবিত্ৰ অংশ; সেয়ে যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ অহা ধৰ্মধামৰ পৰিচাৰক পুৰোহিতসকলৰ কাৰণে হ’ব; আৰু সেয়ে তেওঁলোকৰ ঘৰৰ কাৰণে ঠাই হ’ব, আৰু ধৰ্মধামৰ কাৰণে পবিত্ৰ স্থান হ’ব।
योचाहिं परमप्रभुको सेवा गर्ने पुजारीहरूका निम्ति देशमा एउटा पवित्र ठाउँ हुनेछ, जो परमप्रभुको सेवा गर्न उहाँको नजिक आउँछन् । यो तिनीहरूका निम्ति घरहरू र पवित्र ठाउँको निम्ति एउटा पवित्र क्षेत्र हुनेछ ।
5 বিশটা কোঁঠালি হ’বলৈ পঁচিশ হাজাৰ হাত দীঘল আৰু দহ হাজাৰ হাত বহল ঠাই এডোখৰ গৃহটিৰ পৰিচাৰক লেবীয়াসকলৰ আধিপত্যৰ অৰ্থে হ’ব।
यसरी त्यो पच्‍चीस हजार हात लामो र दश हजार हात चौडा हुनेछ, र त्यो मन्‍दिरमा सेवा गर्ने लेवीहरूका नगरहरूका निम्ति त्‍यो हुनेछ ।
6 আৰু উপহাৰ স্বৰূপে উৎসৰ্গ কৰা পবিত্ৰ অংশৰ একাষে, পাঁচহাজাৰ হাত দীঘল এডোখৰ ঠাই নগৰখনৰ আধিপত্য, তোমালোকে নিৰূপণ কৰিবা; সেয়ে ইস্ৰায়েলৰ সমুদায় বংশৰ কাৰণে হ’ব।
सहरको लागि एउटा क्षेत्र अलग गर्नू जुन पाँच हजार हात चौडा र पच्‍चीस हजार हात लामो होस् । त्योचाहिं पवित्र ठाउँको निम्ति अलग गरिएको क्षेत्रको छेउमा हुनेछ । यो सहर इस्राएलका सबै घरानाको हुनेछ ।
7 পবিত্ৰ উপহাৰৰ আৰু নগৰখনৰ আধিপত্যৰ ইফালে সিফালে, পবিত্ৰ উপহাৰ আৰু নগৰখনৰ আধিপত্যৰ সন্মুখত, পশ্চিমফালৰ পশ্চিমদিশে আৰু পূৱফালৰ পূৱদিশে অধিপতিজনৰ ভাগ হ’ব; আৰু সেই ভাগ দীঘলে পশ্চিম সীমাৰ পৰা পূৱসীমালৈকে অংশবোৰৰ এক অংশৰ সমান হ’ব।
शासकको जमिनचाहिं पवित्र-स्थान र सहरको निम्ति अलग गरिएको क्षेत्रको दुवैपट्टि हुनेछ । त्यो तिनीहरूको पश्‍चिम र पूर्वपट्टि हुनेछ । पूर्वदेखि पश्‍चिमसम्म यी भागहरूमध्ये एउटाको लमाइसँग बराबर लमाइ हुनेछ ।
8 দেশত ইস্ৰায়েলৰ মাজত সেয়ে তেওঁৰ আধিপত্যৰ অৰ্থে হ’ব; আৰু মোৰ অধিপতিসকলে মোৰ প্ৰজাসকলক আৰু অত্যাচাৰ নকৰিব, কিন্তু ইস্ৰায়েল-বংশৰ ফৈদ অনুসাৰে তেওঁলোকক দেশ দিব।
यो जमिनचाहिं इस्राएलको शासकका सम्पत्ति हुनेछ । मेरा शासकहरूले अब मेरा मानिसहरूलाई थिचोमिचो गर्नेछैनन् । बरु, तिनीहरूले इस्राएलको घरानाका कुलहरूलाई त्यो जमिन दिनेछन् ।
9 প্ৰভু যিহোৱাই এই কথা কৈছে: ‘হে ইস্ৰায়েলৰ অধিপতিসকল, তোমালোকৰ পক্ষে যথেষ্ঠ হ’ল; তোমালোকে অত্যাচাৰ আৰু লুট দূৰ কৰা, বিচাৰ আৰু ন্যায় সিদ্ধ কৰা; প্ৰভু যিহোৱাই কৈছে তোমালোকে মোৰ প্ৰজাসকলক খেদাই দিবলৈ ক্ষান্ত হোৱা।
परमप्रभु परमेश्‍वर यसो भन्‍नुहुन्छ: अब अति भयो, इस्राएलका शासकहरू हो! हिंसा र झैं-झगडा हटाओ । न्याय गर र धार्मिकता देखाओ । मेरा मानिसहरूलाई निष्कासन गर्न छोडिदेओ! यो परमप्रभु परमेश्‍वरको घोषणा हो ।
10 ১০ ‘তোমালোকৰ ন্যায় পাল্লা, ন্যায় ঐফা আৰু ন্যায় বৎ হ’ব লাগে।
तिमीहरूका नाप ठिक, ठिक एपा र ठिक बाथ हुनुपर्छ!
11 ১১ বতত এক হোমৰৰ দহ ভাগৰ এভাগ আৰু ঐফাত এক হোমৰৰ দহ ভাগৰ এভাগ ধৰিবৰ কাৰণে ঐফা আৰু বৎ একে পৰিমাণৰ হ’ব; তাৰ পৰিমাণ হোমৰ অনুসাৰে হ’ব।
एपा र बाथको नाप बराबर हुनुपर्छ । यसैले एक बाथ होमेरको दश भागको एक भाग हुनेछ । एक एपा होमेरको दश भागको एक भाग हुनेछ । तिनीहरूका नाप होमेरसँग मिल्‍दो हुनेछ ।
12 ১২ আৰু চেকলত বিশ গেৰা থাকিব; তোমালোকৰ মানিত বিশ চেকল, পঁচিশ চেকল, পোন্ধৰ চেকল থাকিব।
शेकेलचाहिं बिस गेरा होस् । साठी शेकेलको एक मीना हुनेछ ।
13 ১৩ তোমালোকে দিব লগীয়া উপহাৰ এই। তোমালোকে এক হোমৰ ঘেঁহুধানৰ পৰা ঐফাৰ ছয় ভাগৰ এভাগ আৰু এক হোমৰ যৱৰ পৰা ঐফাৰ ছয় ভাগৰ এভাগ দিবা।
तिमीहरूले दिनेपर्ने योगदान यही हो: गहुँको एक होमेरसँग एपाको छैटौंभाग, र जौको एक होमेरसँग एपाको छैटौंभाग तिमीहरूले दिनेछौ ।
14 ১৪ আৰু তেলৰ, বৎ সম্পৰ্কীয় তেলৰ নিৰূপিত ভাগ এক কোৰৰ পৰা বতৰ দহ ভাগৰ এভাগ হ’ব; এক কোৰত দহ বৎ, অৰ্থাৎ এক হমৰ আছে; কিয়নো এক হোমৰত দহ বৎ থাকে।
तेलको तोकिएको भेटीचाहिं हरेक कोर वा हरेक होमेरको निम्ति बाथको दशौंभाग हुनेछ (एक कोर दश बाथ हुन्छ), किनभने एक होमेर भनेको पनि दश बाथ हो ।
15 ১৫ আৰু প্ৰভু যিহোৱাই কৈছে, লোকসকলক প্ৰায়শ্চিত্ত কৰিবলৈ, ভক্ষ্য নৈবেদ্য, হোম-বলি আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে ইস্ৰায়েলৰ পুষ্টিকৰ ঘাঁহনিত চৰা দুশ দুশ মেৰৰ ভিতৰত জাকৰ পৰা এটা এটা মেৰ দিব লাগিব।’
इस्राएलका राम्रो पानी पाएका क्षेत्रहरूका हरेक दुई सय पशुहरूका निम्ति बगालबाट एउटा भेडो वा बोको मानिसहरूका निम्ति प्रायश्‍चित गर्नलाई होमबलि वा मेलबलिको निम्ति प्रयोग हुनेछ, यो परमप्रभु परमेश्‍वरको घोषणा हो ।
16 ১৬ দেশৰ সকল প্ৰজাই ইস্ৰায়েলৰ অধিপতিজনক সেই উপহাৰ দিব।
देशका सबै मानिसहरूले इस्राएलको शासकलाई यो उपहार दिनेछन् ।
17 ১৭ আৰু পৰ্ব্বতবোৰত ন-জোনত, বিশ্ৰাম-দিনত ইস্ৰায়েল বংশৰ আটাই নিৰূপিত উৎসৱত হোম-বলি ভক্ষ্য নৈবেদ্য আৰু পেয় নৈবেদ্য উৎসৰ্গ কৰিবলৈ অধিপতিজন বাধ্য হ’ব; ইস্ৰায়েল বংশক প্ৰায়শ্চিত্ত কৰিবলৈ তেওঁ পাপাৰ্থক বলি, ভক্ষ্য নৈবেদ্য, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব।’
चाडहरू र औंसीका उत्सवहरू र शबाथ दिनहरू—इस्राएलको घरानाका सबै तोकिएका चाडहरूमा होमबलि, अन्‍नबलि, र अर्घबलिका निम्ति पशुहरू तयार गर्ने जिम्मेवारी शासकको हुनेछ । तिनैले इस्राएलको घरानाको निम्ति प्रायश्‍चित गर्न पापबलि, अन्‍नबलि, होमबलि, र मेलबलिको प्रबन्‍ध गर्नेछन् ।
18 ১৮ প্ৰভু যিহোৱাই এই কথা কৈছে: ‘প্ৰথম মাহৰ প্ৰথম দিনা তুমি এটা নিৰ্ঘূণী ভতৰা লৈ ধৰ্ম ধামক পাপৰ পৰা মুক্ত কৰিবা।
परमप्रभु परमेश्‍वर यसो भन्‍नुहुन्छ: पहिलो महिनाको पहिलो दिनमा, तिमीहरूले बथानबाट एउटा निष्खोट साँढे लिनू र पवित्र-स्थानको निम्ति पापबलि चढाउनु ।
19 ১৯ পুৰোহিতে সেই পাপাৰ্থক বলিৰ কিছু তেজ লৈ গৃহটিৰ দুৱাৰৰ খুটাত যজ্ঞ-বেদিৰ ওপৰ ভাগৰ চাৰি চুকত আৰু ভিতৰ-চোতালখনৰ বাট-চৰাটোৰ দুৱাৰৰ খুটাত লগাব।
पुजारीले पापबलिको रगतबाट केही लिनेछन् र मन्‍दिरको ढोकाका चौकोसहरू, वेदीको सिमानाका चार किनारहरू, र भित्री चोकको ढोकाको चौकोसहरूमा लगाउनेछन् ।
20 ২০ আৰু ভূল কৰা কোনো লোকৰ আৰু কোনো নিৰ্ব্বোধ মানুহৰ কাৰণেও মাহৰ সপ্তম দিনা তুমি সেই দৰে কৰিবা।
हरेक मानिसबाट अजानमा वा अज्ञानतामा हुने पापको निम्ति महिनाको सातौं दिनमा यस्तो गर्नू । यसरी तिमीहरूले मन्दिरको निम्ति प्रायश्‍चत गर्नेछौ ।
21 ২১ প্ৰথম মাহৰ চৌদ্ধ দিনৰ দিনা তোমালোকৰ নিস্তাৰ-পৰ্ব্ব, সাতদিনীয়া ভোজ হ’ব; সেইদিনা খমিৰ নিদিয়া পিঠা খাব লাগিব।
पहिलो महिनाको चौधौं दिनमा, तिमीहरूको निम्ति सात दिनको एउटा पर्व हुनेछ । तिमीहरूले अखमिरी रोटी खानुपर्छ ।
22 ২২ সেই দিনা অধিপতিজনে নিজৰ কাৰণে আৰু দেশৰ আটাই প্ৰজাৰ কাৰণে পাপাৰ্থক বলিস্বৰূপে এটা ভতৰা উৎসৰ্গ কৰিব।
त्यस दिनमा, शासकले आफ्नै निम्ति र देशका सबै मानिसहरूका निम्ति पापबलिको रूपमा एउटा साँढे तयार गर्नेछन् ।
23 ২৩ আৰু তেওঁ ভোজৰ সাতদিন যিহোৱাৰ উদ্দেশ্যে হোমবলিৰ কাৰণে দিনে দিনে সাতোটা সাতোটা নিৰ্ঘূণী ভতৰা আৰু সাতোটা সাতোটা মতা মেৰ-ছাগ উৎসৰ্গ কৰিব আৰু পাপাৰ্থক বলিৰ কাৰণে প্ৰতিদিনে এটা এটা ছাগ উৎসৰ্গ কৰিব।
सात दिनको पर्वमा, शासकले परमप्रभुको निम्ति होमबलि तयार गर्नेछन्: सात दिनसम्म हरेक दिन सातवटा साँढे र सात वटा निष्खोट भेडा, र हरेक दिन पापबलिको रूपमा एउटा बोको ।
24 ২৪ আৰু তেওঁ এটা এটা ভতৰাৰ এক এক ঐফা আৰু এটা এটা মতা মেৰ-ছাগৰ লগত এক এক ঐফা আৰু এক এক ঐফাৰ লগত এক এক হীন তেল দি ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিব।
अनि शासकले हरेक साँढेको निम्ति एक एपा र हरेक भेडोको निम्ति एक एपा अन्‍नबलि र हरेक एपाको निम्ति एक हीन तेल तयार गर्नेछ ।
25 ২৫ সপ্তম মাহৰ পোন্ধৰ দিনৰ দিনাও পাপাৰ্থক বলি, হোম বলি, ভক্ষ্য নৈবেদ্য আৰু তেল উৎসৰ্গ কৰিব; তেওঁ ভোজত সাত দিনলৈকে সেইদৰে কৰিব।’
सातौं महिनाको पन्ध्रौं दिनमा, चाडमा, शासकले यी सात दिनहरूमा यी बलिहरू चढाउनेछन्: पापबलि, होमबलि, अन्‍नबलि, र तेलको बलि ।

< এজেকিয়েল 45 >