< এজেকিয়েল 41 >

1 তেতিয়া তেওঁ মোক মন্দিৰৰ গুৰিলৈ নি, তাৰ সন্মুখৰ ওলাই থকা দুই ভাগ জুখি, এফালে ছহাত আনফালে ছহাত বহল পালে। সেয়ে তম্বুৰ বহলৰ সমান।
Te phoeiah kai te bawkim la n'khuen tih ngalhatung a daang te khatben lamloh dong rhuk la, dap kah a daang khaw khatben lamloh a daang dong rhuk la a nueh.
2 আৰু প্ৰৱেশস্থানৰ প্ৰস্থ দহ হাত; আৰু প্ৰৱেশস্থানৰ সন্মুখৰ দুই ভাগ ইফালে পাঁচ হাত সিফালে পাঁচ হাত আছিল; আৰু তেওঁ তাৰ দৈৰ্ঘ্য জুখি চল্লিশ হাত আৰু প্ৰস্থ জুখি বিশ হাত পালে।
Thohka te a daang dong rha lo tih thohka kah a hael te khatben ah dong nga, khatben ah dong nga om. Te vaengah a yun dong sawmli neh a daang dong kul la a nueh.
3 তেতিয়া তেওঁ ভিতৰ ফালে গৈ প্ৰৱেশস্থানৰ সন্মুখৰ ওলাই থকা দুই ভাগ জুখি দুহাত দুহাত পালে আৰু প্ৰৱেশস্থান জুখি ছহাত পালে; প্ৰৱেশস্থানৰ প্ৰস্থ সাত হাত আছিল।
Te phoeiah a khuiben la kun tih thohka kah ngalhatung te dong kul la, thohka te dong rhuk la, thohka kah a daang te dong rhih la a nueh.
4 তেতিয়া তেওঁ তাৰ দৈৰ্ঘ্য জুখি বিশ হাত পালে আৰু “এয়ে অতি পবিত্ৰ স্থান” বুলি তেওঁ মোক ক’লে।
Te phoeiah bawkim hmai te a yun dong kul neh a daang dong kul la a nueh. Te vaengah kai taengah, “He tah Hmuencim khuikah Hmuencim ni,” a ti.
5 তেতিয়া তেওঁ গৃহটিৰ দেৱাল জুখি ছহাত পালে আৰু চাৰিওফালে গৃহ মেৰাই থকা কিনাৰৰ কোঁঠালিবোৰৰ প্ৰত্যেক কোঁঠালিৰ প্ৰস্থ জুখি চাৰি হাত পালে।
Te phoeiah im pangbueng te dong rhuk la, im kaepvai kah impalai te a kaep kaep ah a daang dong li la a nueh.
6 কিনাৰৰ কোঁঠালিবোৰ ওপৰা-ওপৰিকৈ তিনি শাৰী আছিল আৰু প্ৰত্যেক শাৰীত ত্ৰিশটা কোঁঠালি আছিল আৰু কিনাৰৰ কোঁঠালিবোৰ যেন লাগি থাকে, এই অভিপ্ৰায়ে সেইবোৰ কেউফালৰ কিনাৰৰ কোঁঠালিত গৃহৰ দেৱালত সোমাল, কিন্তু গৃহৰ দেৱালত সেইবোৰ বন্ধ নাছিল।
Impalai khaw impalai pakhat soah impalai pathum om tih a than sawmthum om. Im pangbueng dongah aka cet impalai ham khaw a kaep kaep ah aka tu om. Te dongah im pangbueng khuila aka poe om pawh.
7 আৰু কিনাৰৰ কোঁঠালিবোৰে গৃহটি মেৰাই যিমান ওপৰলৈ গ’ল, সেইবোৰ সিমানে বহল হৈ গ’ল, কিয়নো গৃহৰ কেউফালে গৃহৰ মেৰ ক্ৰমে ওখ হৈ গৈছিল; এই হেতুকে গৃহৰ ফালে প্ৰস্থাই ওপৰলৈ ক্ৰমে বাঢ়িল; এই কাৰণে লোকে তলৰ কোঁঠালিৰ পৰা ওপৰৰ কোঁঠালিলৈ মাজৰ কোঁঠালিয়েদি উঠে।
Impalai te a so a so la a hil tih ka hang. Im a hiilnah te im taengkah a hael a hael ah a so a so la om. Te dongah im daang te a so la a aeh hang. Te dongah a dang lamloh a soi due a bangli longah luei tangloeng.
8 তেতিয়া মই দেখিলোঁ, গৃহৰ চাৰিওফালে ওখ ভিত্তিমূল আছিল; কিনাৰৰ কোঁঠালিবোৰৰ ভিত্তিমূল দীঘল হাতৰ ছহাত পৰিমাণৰ সম্পূৰ্ণ এক নল।
Im te a kaep kaep ah a sang la ka hmuh. Impalai te dong rhuk aka locapu pakhat tluk te tungthi hil a niing malh a khueh.
9 কিনাৰৰ কোঁঠালিবোৰৰ বাহিৰ ফালৰ দেৱালৰ ডাঠ পাঁচ হাত আৰু বাকী শূন্য ঠাইখিনি পাঁচ হাত আছিল।
Poengben impalai pangbueng te a daang dong nga lo tih te te im neh impalai laklo ah a hoeng la a khueh.
10 ১০ কেউপিনে গৃহৰ চাৰিওফালে কোঁঠালিবোৰৰ মাজত বিশ হাত বহল এডোখৰ ঠাই আছিল।
Im kaep, kaep kah imkhan laklo te a daang dong kul boeih lo.
11 ১১ তাত কিনাৰৰ কোঁঠালিবোৰৰ দুৱাৰ বাকী শূন্য ঠাইডোখৰৰ ফাললৈ আছিল; এখন উত্তৰ ফালে আৰু আনখন দক্ষিণফালে আছিল; আৰু বাকী শূন্য ঠাইডোখৰৰ প্ৰস্থ কেউফালে পাঁচ হাত।
Impalai thohka te tlangpuei longpuei thohka neh tuithim kah thohka duela hoeng. Te vaengah a hmuen hoeng te a kaep kaep a daang dong nga lo.
12 ১২ আৰু পৃথক কৰা ঠাইৰ সন্মুখত পশ্চিমফালে থকা ঘৰ সত্তৰ হাত বহল; আৰু ঘৰৰ দেৱালৰ ডাঠ চাৰিওফালে পাঁচ হাত আৰু তাৰ দৈৰ্ঘ্য নব্বৈ হাত।
Buengngol te khotlak longpuei kil kah imtol hmai duela a daang dong sawmrhih lo. Buengngol pangbueng te a kaep kaep ah a daang dong nga neh a yun dong sawmko lo.
13 ১৩ তেতিয়া তেওঁ গৃহ জুখি এশ হাত দীঘল পালে আৰু পৃথক কৰা ঠাই আৰু দেৱালে সৈতে ঘৰটো জুখি এশ হাত দীঘল পালে।
Te phoeiah im te a yun te dong yakhat, imtol neh impum kah pangbueng te a yun dong yakhat la a nueh.
14 ১৪ আৰু তেওঁ পূৱফালে গৃহৰ আৰু পৃথক কৰা ঠাইৰ আগফালৰ প্ৰস্থ জুখি এশ হাত পালে।
Im hmai neh khothoeng kah imtol te a daang dong yakhat lo.
15 ১৫ আৰু তেতিয়া পৃথক কৰা ঠাইৰ মুৰত, তাৰ পাছফালে থকা ঘৰটোৰ দৈৰ্ঘ্য আৰু ইফালে সিফালে থকা তাৰ ঠেক বাৰাণ্ডাবোৰৰ দৈৰ্ঘ্য জুখি তেওঁ এশ হাত পালে; আৰু তেওঁ মন্দিৰ, ভিতৰ-মন্দিৰ আৰু চোতালখনৰ বাৰাণ্ডা জুখিলে।
Buengngol kah a yun te imtol hmai duela a nueh. A hnuk kah a thaelkawt a thaelkawt te khatben ah khaw khatben ah dong yakhat lo. Bawkim khuiah neh vongup kah ngalha khaw,
16 ১৬ এই তিনিওটাৰ কেউফালে দুৱাৰডলি, চিলিঙি দিয়া খিড়িকি আৰু ঠেক বাৰাণ্ডা আছিল; চোতালখনৰ বাৰাণ্ডাৰ সন্মুখত কেউফালে মজিয়াৰ পৰা খিড়িকিলৈকে তক্তা লগোৱা আছিল: খিড়িকিবোৰ ঢকা আছিল।
cingkhaa neh bangbuet caek khaw om. Cingkhaa aka hmaitoh thaelkawt kaepvai te a kaep kaep ah thing bangkhoh a rhaep thum la a khoh. Diklai lamloh bangbuet duela bangbuet khaw a dah.
17 ১৭ আৰু দুৱাৰৰ ওপৰ ভাগ, ভিতৰ গৃহটি, বাহিৰৰ ঠাই আৰু গোটেই দেৱাল, চাৰিওফালে ভিতৰে আৰু বাহিৰে যি যি আছিল, সেই সকলোকে জোখা হ’ল।
thohka so neh im khui, kawtpoeng ah khaw pangbueng kaep kaep boeih so neh a khui ah khaw a voel ah khaw cungnueh pakhat la cet.
18 ১৮ কৰূব আৰু খাজুৰ গছৰ আকৃতি এইদৰে কৰা হৈছিল, যে, দুটা দুটা কৰূবৰ আকৃতিৰ মাজত এজোপা এজোপা খাজুৰ গছৰ আকৃতি আছিল; আৰু প্ৰত্যেক কৰূবৰ দুখন দুখন মুখ আছিল।
Cherubim neh rhophoe khaw a khueh. Rhophoe te cherubim neh cherubim laklo ah pai tih cherubim te maelhmai panit om.
19 ১৯ এইদৰে, এফালে খাজুৰ গছৰ আকৃতিটোৰ পোনে মানুহৰ মুখ আৰু আনফালে খাজুৰ গছৰ আকৃতিটোৰ পোনে ডেকা সিংহৰ মুখ আছিল; কেউফালে গোটেই গৃহত এইদৰে কৰা হ’ল।
Te vaengah hlang maelhmai te khatben kah rhophoe taengla mael tih sathuengca maelhmai te khatben kah rhophoe taengla mael. Te te im pum kah a kaep kaep ah a khueh.
20 ২০ মজিয়াৰ পৰা দুৱাৰৰ ওপৰলৈকে কৰূব আৰু খাজুৰ গছৰ আকৃতি কৰা হৈছিল; মন্দিৰৰ দেৱাল এই প্ৰকাৰ আছিল।
Bawkim pangbueng tah diklai lamloh thohka so duela aka vai uh cherubim neh rhophoe a saii thil.
21 ২১ মন্দিৰৰ বিষয়ে হ’লে, দুৱাৰৰ খুটাকেইটা চাৰিসিৰীয়া কৰা আছিল; অতি পবিত্ৰ স্থানৰ আগফালৰ বিষয়ে হ’লে, তাৰ আকৃতি মন্দিৰৰ আকৃতিৰ নিচিনা।
Bawkim rhungsut he hniboeng bangla om tih a hmuethma te hmuencim hmai kah a hmuethma bangla om.
22 ২২ বেদিটো কাঠৰ, তিনিহাত ওখ আৰু দুহাত দীঘল, তাৰ চুক আৰু দীঘে পথালিয়ে গোটেই গা কাঠৰ আছিল। পাছে তেওঁ মোক ক’লে, “এই বেদিয়েই যিহোৱাৰ আগত থকা মেজ।”
Thing hmueihtuk te a sang dong thum neh a yun dong nit lo. A imki neh a yun khaw a pangbueng khaw thing ni. Te vaengah kai taengah, “He tah BOEIPA mikhmuh kah caboei ni,” a ti.
23 ২৩ মন্দিৰ আৰু অতি পবিত্ৰ স্থানৰ দুফলীয়া দুখন দুৱাৰ আছিল।
Bawkim neh hmuencim te thohkhaih rhirha om.
24 ২৪ আৰু প্ৰত্যেক ফালৰ ঘূৰাব পৰা দুই দুই খলপ আছিল। এফালে দুখলপ আৰু আনফালে দুখলপ আছিল।
thohkhaih ham te thohkhaih rhoi rhirha a buen. thohkhaih pakhat ham thohkhaih panit coeng tih pakhat ham te khaw thohkhaih panit om.
25 ২৫ দেৱালত কৰাৰ দৰে সেইবোৰত, মন্দিৰৰ দুৱাৰ কেইখনত কৰূব আৰু খাজুৰ গছৰ আকৃতি কৰা আছিল; আৰু বাহিৰত বাৰাণ্ডাৰ আগফালৰ ওপৰত ডাঠ কাঠৰ চতি আছিল।
Bawkim thohkhaih soah cherubim neh rhophoe te pangbueng dongkah a saii bangla a saii. Poengben kah ngalha hmai ah thing te a khuep la a saii.
26 ২৬ বাৰাণ্ডাৰ দুই কাষে, ইফালে সিফালে চিলিঙি দিয়া খিড়িকি আৰু খাজুৰ গছৰ আকৃতি আছিল; গৃহৰ কিনাৰৰ কোঁঠালিবোৰ আৰু ডাঠ কাঠৰ চতিকেইটা এই প্ৰকাৰ আছিল।
Ngalha kah a hael te khatben ah khaw khatben ah bangbuet a caek neh rhophoe khaw om. Im kah impalai khaw a khuep om.

< এজেকিয়েল 41 >