< এজেকিয়েল 39 >

1 “এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি গোগৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰি কোৱা, প্ৰভু যিহোৱাই এই দৰে কৈছে: ৰোচ, মেচেক, আৰু তুবলৰ অধিপতি হে গোগ চোৱা! মই তোমাৰ বিপক্ষ।
Sine čovječji, prorokuj protiv Goga i reci: 'Ovako govori Jahve Gospod: Evo me na te, Gože, veliki kneže Mešeka i Tubala!
2 আৰু মই তোমাক ওলোটাম, তোমাক চলাই লৈ আহিম, আৰু উত্তৰৰ অন্তভাগৰ পৰা তোমাক উলিয়াই ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰলৈ তোমাক আনিম।
Namamit ću te i povesti, podići te s krajnjega sjevera i dovesti na gore Izraelove.
3 আৰু মই প্ৰহাৰ কৰি তোমাৰ ধনু তোমাৰ বাওঁ হাতৰ পৰা পেলাই দিম আৰু তোমাৰ সোঁ-হাতৰ পৰা তোমাৰ কাঁড়বোৰ পৰি যোৱা কৰিম।
Izbit ću ti luk iz lijeve ruke i prosuti strijele iz tvoje desnice.
4 তুমি ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ আটাই দলসমূহ আৰু তোমাৰ লগত থকা জাতিবোৰে সৈতে পৰি থাকিবা; তোমাক খাবলৈ মই সকলো বিধৰ হিংসক পক্ষী আৰু বনৰীয়া জন্তু তোমাক দিম।
Na gorama ćeš Izraelovim pasti, ti i sve tvoje čete i narodi koji budu s tobom: pticama grabljivicama, svemu krilatom, i zvijerima dadoh te za hranu.
5 প্ৰভু যিহোৱাই কৈছে, তুমি মুকলি পথাৰত পৰি থাকিবা; কাৰণ ময়েই ইয়াক কলোঁ।
Na otvorenom ćeš polju pasti, jer ja tako rekoh - riječ je Jahve Gospoda.
6 ‘আৰু মই মাগোগৰ মাজলৈ, আৰু দ্বীপবোৰত নিৰাপদে বাস কৰাবোৰৰ মাজলৈ অগ্নি পঠিয়াম; তেতিয়া, মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব।
Poslat ću oganj na Magog i na sve koji spokojno žive na otocima - i znat će da sam ja Jahve.
7 আৰু মই মোৰ পবিত্ৰ নাম মোৰ প্ৰজা ইস্ৰায়েলৰ মাজত জনাম আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰীকৃত হ’বলৈ আৰু নিদিম; তেতিয়া, মই যে যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ জনা তাক জাতিবোৰে জানিব।
A svoje sveto ime objavit ću posred naroda svoga izraelskoga i neću dati da se više oskvrnjuje moje sveto ime! I znat će svi narodi da sam ja, Jahve, Svetac Izraelov.
8 প্ৰভু যিহোৱাই কৈছে, চোৱা! সেয়ে আহিছে, সেয়ে সিদ্ধ হ’ব, মই নিজে কোৱা দিন এয়ে।
Evo dolazi i biva - riječ je Jahve Gospoda! To je dan o kojem sam govorio!
9 সেই সময়ত ইস্ৰায়েলৰ নগৰ নিবাসীসকলে ওলাই গৈ, ফৰ আৰু ঢাল, ধনু আৰু কাঁড়, হাতৰ লাঠি আৰু যাঠী আদি অস্ত্ৰবোৰ খৰি কৰি পুৰিব; তেওঁলোকে সাত বছৰলৈকে সেইবোৰ খৰি কৰি পুৰি থাকিব।
Izići će stanovnici izraelskih gradova, naložiti vatru i spaliti oružje, štitove, štitiće, lukove i strelice, koplja i sulice - ložit će njima vatru sedam godina.
10 ১০ তেওঁলোকে পথাৰৰ পৰা খৰি নানিব আৰু কাঠনিত কোনো গছ নাকাটিব; কিয়নো তেওঁলোকে অস্ত্ৰবোৰকে খৰি কৰি পুৰিব। প্ৰভু যিহোৱাই কৈছে, তেওঁলোকক লুট কৰাবোৰক তেওঁলোকে লুট কৰিব আৰু তেওঁলোকক অপহৰণ কৰাসকলক তেওঁলোকে অপহৰণ কৰিব।
Neće nositi drva iz polja ni sjeći u šumama, nego će vatru oružjem ložiti. I oplijenit će one koji su njih plijenili, opljačkati one koji su njih pljačkali - riječ je Jahve Gospoda.
11 ১১ তেতিয়া আৰু মই সেই দিনা ইস্ৰায়েলৰ মাজত সমুদ্ৰৰ পূৱ ফালৰ বাটৰুৱাসকলৰ উপত্যকাটোত গোগক পুতিবলৈ ঠাই দিম; সেয়ে বাটৰুৱাৰ বাট বন্ধ কৰিব; সেই ঠাইতে তেওঁলোকে গোগ আৰু তাৰ আটাই লোক সমূহক পুতিব; আৰু তেওঁলোকে তাৰ নাম হামোন-গোগৰ [গোগৰ লোক সমূহৰ] উপত্যকা থ’ব।
U onaj ću dan dati Gogu za grob glasovito mjesto u Izraelu: dolinu Abarim, istočno od Mora, koja zatvara put prolaznicima; ondje će pokopati Goga i sve njegovo mnoštvo. I dolina će se prozvati Hamon-Gog.
12 ১২ আৰু দেশ শুচি কৰিবৰ কাৰণে ইস্ৰায়েল বংশই সাত মাহলৈকে তেওঁলোকক পুতি থাকিব।
I ukopavat će ih dom Izraelov, sedam mjeseci, da očisti svu zemlju;
13 ১৩ এনে কি, দেশৰ সকলো লোকে তেওঁলোকক পুতিব; প্ৰভু যিহোৱাই কৈছে, মই গৌৰৱান্বিত হ’বৰ দিনা সেয়ে তেওঁলোকলৈ যশস্যাৰ কাৰণ হ’ব।
pokapat će ih sav narod zemlje. I bit će im slavan dan u koji se proslavim, riječ je Jahve Gospoda.
14 ১৪ তেতিয়া লোকসকলে কামত লাগি থাকিব পৰা মানুহক বাচি ল’ব; তেওঁলোকে দেশ ভ্ৰমণ কৰি কৰি দেশ শুচি কৰিবৰ অৰ্থে মাটিত পৰি থকা অৱশিষ্টসকলক বাটৰুৱাৰ সহায়ত পুতি থ’ব; সাত মাহৰ মুৰত তেওঁলোকে বিচাৰি ফুৰিব।
Izabrat će ljude da neprestano prolaze zemljom pa da s prolaznicima pokapaju one koji preostaše po zemlji, da je tako očiste.
15 ১৫ আৰু কোনো বাটৰুৱাই দেশৰ মাজেদি যাওঁতে যদি মানুহৰ হাড় দেখে, তেন্তে, পোঁতোতা মানহি হামোন গোগৰ উপত্যকাত তাক পোতক বুলি তেওঁ তাৰ ওপৰত এটা চিন দিব।
I kad koji, prolazeći zemljom, vidi ljudske kosti, podignut će kraj njih nadgrobnik dok ih grobari ne ukopaju u dolini Hamon-Gog.
16 ১৬ আৰু হামোনা [লোক সমূহ] বুলি এখন নগৰৰ নামো হ’ব। এইদৰে তেওঁলোকে দেশ শুচি কৰিব।
Hamona je ime i gradu. I tako će očistiti zemlju.
17 ১৭ আৰু হে মনুষ্য সন্তান, প্ৰভু যিহোৱাই এই দৰে কৈছে: আটাই বিধৰ পক্ষীক আৰু আটাই বনৰীয়া জন্তুক তুমি কোৱা, “তোমালোকে গোট খাই আহা! তোমালোকে মাংস খাবলৈ আৰু ৰক্তপান কৰিবলৈ, মোৰ যজ্ঞলৈ, ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত মই যি যজ্ঞ কৰিম, তালৈকে চাৰিওফালৰ পৰা আহি একত্রিত হোৱা।
Sine čovječji, ovako govori Jahve Gospod: Reci pticama, svemu krilatom i svemu zvijerju: skupite se i dođite! Saberite se odasvud na žrtvu moju koju koljem za vas, na veliku gozbu po izraelskim gorama, da se najedete mesa i napijete krvi.
18 ১৮ তোমালোকে বীৰসকলৰ মাংস খাবা আৰু মতা মেৰ-ছাগ, মেৰ-ছাগ পোৱালি, ছাগ আৰু ভতৰাস্বৰূপ পৃথিৱীৰ অধিপতিসকলৰ ৰক্ত পান কৰিবা; তেওঁলোক সকলোৱে বাচানৰ হৃষ্টপুষ্ট পশুস্বৰূপ।
Najedite se mesa od junaka i napijte se krvi zemaljskih knezova, ovnova, janjaca, jaraca, junaca, ugojene stoke bašanske!
19 ১৯ তেতিয়া তোমালোকৰ কাৰণে মই যি যজ্ঞ কৰিম, তাৰ তেল তোমালোকে তৃপ্ত নোহোৱালৈকে ভোজন কৰিবা আৰু তোমালোকে মতলীয়া নোহোৱালৈকে তাৰ তেজ পান কৰিবা।
Najedite se do sita pretiline i napijte se krvi mojih klanica koje sam vam naklao.
20 ২০ আৰু প্ৰভু যিহোৱাই কৈছে, তোমালোকে মোৰ মেজত বহি ঘোঁৰা আৰু ৰথ, বীৰ আৰু আটাই ৰণুৱাক খাই পেট ভৰাবা’।”
Nasitite se za mojim stolom konja i konjanika, junaka i ratnika!' - riječ je Jahve Gospoda.
21 ২১ তেতিয়া এইদৰে মই জাতিবোৰৰ মাজত মোৰ গৌৰৱ স্থাপন কৰিম, আৰু মোৰ যি দণ্ড মই সিদ্ধ কৰিম, আৰু তেওঁলোকৰ ওপৰত মোৰ যি হাত অৰ্পণ কৰিম, তাক আটাই জাতিয়ে দেখিব।
'Tako ću se proslaviti među narodima, i svi će narodi vidjeti sud koji ću izvršiti i ruku što ću je na njih podići.
22 ২২ ইস্ৰায়েল বংশই সেই দিনাৰ পৰা আগলৈ মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা ইয়াক জানিব।
Znat će dom Izraelov da sam ja, Jahve, Bog njihov - od toga dana zauvijek.
23 ২৩ আৰু জাতিবোৰে জানিব, যে, ইস্ৰায়েল বংশই নিজ অপৰাধতে দেশান্তৰলৈ গৈছিল; কাৰণ তেওঁলোকে মোৰ অহিতে বিদ্ৰোহ কৰাত, মই তেওঁলোকৰ পৰা মোৰ মুখ ঢাকি তেওঁলোকৰ শত্ৰুৰ হাতত তেওঁলোকক শোধাই দিছিলোঁ, আৰু তেওঁলোক সকলোৱে তৰোৱালৰ দ্বাৰাই পতিত হৈছিল।
I znat će narodi da dom Izraelov bijaše odveden u ropstvo zbog svojih nedjela: iznevjerio mi se, pa sakrih lice svoje od njih i predadoh ih njihovim neprijateljima u ruke da od mača poginu.
24 ২৪ তেওঁলোকৰ অশৌচ আৰু নানা অপৰাধ অনুসাৰে, মই তেওঁলোকলৈ কাৰ্য কৰিছিলোঁ, আৰু তেওঁলোকৰ পৰা মোৰ মুখ ঢাকিছিলোঁ।
Postupih s njima po nečistoći njihovoj i nedjelima te sakrih lice svoje od njih.'
25 ২৫ কিন্তু প্ৰভু যিহোৱাই কৈছে, এতিয়া মই যাকোবৰ বন্দী অৱস্থা পৰিৱৰ্ত্তন কৰিম, আৰু গোটেই ইস্ৰায়েল বংশক দয়া কৰিম আৰু মোৰ পবিত্ৰ নামৰ অৰ্থে মই উৎসাহী হ’ম।
Stoga ovako govori Jahve Gospod: 'Sad ću vratiti roblje Jakovljevo i pomilovati sav dom Izraelov - ljubomoran na ime svoje sveto,
26 ২৬ আৰু এতিয়া তেওঁলোকে নিজ দেশত নিৰাপদে বাস কৰিব, আৰু কোনেও তেওঁলোকক ভয় নেদেখুৱাব,
oprostit ću im svu sramotu i nevjeru kojom mi se iznevjeriše dok još spokojno življahu u zemlji i nikoga ne bijaše da ih straši.
27 ২৭ যেতিয়া মই তেওঁলোকক জাতিবোৰৰ মাজৰ পৰা ওলোটাই আনি, তেওঁলোকৰ শত্ৰুৰ দেশবোৰৰ পৰা গোটাই অনেক জাতিৰ সাক্ষাতে তেওঁলোকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া তেওঁলোকে নিজৰ লাজৰ আৰু তেওঁলোকে মোৰ বিৰুদ্ধে কৰা নিজৰ আটাই অপৰাধৰ ভাৰ বব।
A kad ih dovedem iz naroda i skupim iz zemalja dušmanskih i na njima, naočigled mnogih naroda, svetost svoju pokažem,
28 ২৮ আৰু মই তেওঁলোকক জাতিবোৰৰ মাজলৈ দেশান্তৰ কৰাৰ পাছত তেওঁলোকৰ দেশলৈ আনি তেওঁলোকক গোটালে, মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা, তাক তেওঁলোকে জানিব আৰু মই তাত তেওঁলোকৰ কাকো আৰু অৱশিষ্ট নাৰাখিম।
znat će da sam ja Jahve, Bog njihov, koji ih u izgnanstvo među narode odvedoh i koji ih opet skupljam u njihovu zemlju, ne ostavivši ondje nijednoga od njih.
29 ২৯ আৰু মই তেওঁলোকৰ পৰা মোৰ মুখ আৰু নাঢাকিম; কিয়নো প্ৰভু যিহোৱাই কৈছে, মই ইস্ৰায়েল-বংশৰ ওপৰত মোৰ আত্মা বাকি দিম।”
I nikada više neću kriti lica od njih, jer ću duh svoj izliti na dom Izraelov' - riječ je Jahve Gospoda.”

< এজেকিয়েল 39 >