< এজেকিয়েল 26 >

1 পিছত আমাৰ নিৰ্বাসনৰ একাদশ বছৰত মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
А једанаесте године први дан месеца дође ми реч Господња говорећи:
2 “হে মনুষ্য সন্তান, তূৰে যিৰূচালেমৰ অহিতে ক’লে, ‘ভাল হৈছে! লোকসকলৰ দুৱাৰবোৰ ভগ্ন হ’ল! সেয়ে মোলৈ মুকলি হ’ল; সেই নগৰ নষ্ট হোৱাৰ কাৰণে মই পৰিপূৰ্ণ হ’ম!’
Сине човечји, што Тир говори за Јерусалим: Ха, ха! Разбише се врата народима, обратише се к мени, напунићу се кад опусте;
3 এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ‘হে তূৰ, চোৱা! মই তোমাৰ বিপক্ষ; সমুদ্ৰই নিজৰ ঢৌৱে উটুওৱাদি মই তোমাৰ বিৰুদ্ধে অনেক জাতিক তুলিম!
Зато овако вели Господ Господ: Ево мене на те, Тире, и довешћу многе народе на те као да бих довео море с валима његовим.
4 তেওঁলোকে তূৰৰ গড়বোৰ নষ্ট কৰিব আৰু তাৰ ওখ ঘৰবোৰ ভাঙি পেলাব। আৰু মই তাৰ পৰা ধূলি পৰিষ্কাৰ কৰি পেলাই তাক শুদা শিলত পৰিণত কৰিম।
И они ће обалити зидове тирске и куле у њему раскопати, и омешћу прах његов и претворићу га у го камен.
5 সেই নগৰ সমুদ্ৰৰ মাজত জাল মেলি দিয়া ঠাই হ’ব; কিয়নো প্ৰভু যিহোৱাই কৈছে, মই ইয়াক ক’লো, আৰু নগৰ জাতিবোৰলৈ লুটদ্ৰব্যস্বৰূপ হ’ব।
И постаће место да се разастиру мреже усред мора, јер ја говорих, вели Господ Господ, и биће грабеж народима.
6 আৰু গাৱেঁভূঁয়ে থকা তাৰ জীয়াৰীসকলক তৰোৱালেৰে বধ কৰা হ’ব; তাতে মই যে যিহোৱা তাক তেওঁলোকে জানিব।
И кћери његове по пољу изгинуће од мача, и познаће да сам ја Господ.
7 কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! ঘোঁৰা, ৰথ, অশ্বাৰোহী, সৈন্যদল আৰু অনেক লোকে সৈতে উত্তৰৰ পৰা মই ৰাজাধিৰাজ বাবিলৰ ৰজা নবূখদনেচৰক তূৰৰ বিৰুদ্ধে আনিম!
Јер овако вели Господ Господ: Ево, ја ћу довести на Тир Навуходоносора, цара вавилонског са севера, цара над царевима, с коњима и с колима и с коњицима и с војскама и многим народом.
8 তেওঁ গাৱেঁভূঁয়ে থকা তোমাৰ জীসকলক তৰোৱালেৰে বধ কৰিব, তোমাৰ অহিতে কোঁঠ সাজিব। তোমাৰ বিৰুদ্ধে হাদাম বান্ধিব আৰু তোমাৰ অহিতে ঢাল পাতিব!
Кћери твоје по пољу побиће мачем, и начиниће према теби куле, и ископаће опкопе према теби, и подигнуће према теби штитове.
9 আৰু তেওঁ তোমাৰ গড়ৰ অহিতে গড় ভঙা যন্ত্ৰ স্থাপন কৰিব আৰু কুঠাৰেৰে তোমাৰ ওখ ঘৰবোৰ ভাঙিব!
И наместиће убојне справе према зидовима твојим, и развалиће куле твоје оружјем својим.
10 ১০ তেওঁৰ অধিক ঘোঁৰাবোৰেৰে সৈতে তোমাক সেইবোৰৰ ধুলিয়ে ঢাকিব! মানুহে গড় ভাঙি নগৰত সোমোৱাদি তেওঁ তোমাৰ নগৰৰ দুৱাৰত সোমোৱা কালত অশ্বাৰোহী, গাড়ী আৰু ৰথৰ শব্দত তোমাৰ গড়বোৰ লৰিব।
Од мноштва коња његових покриће те прах, од праске коњика и точкова и кола затрешће се зидови твоји, кад стане улазити на твоја врата као што се улази у град испроваљиван.
11 ১১ তেওঁ নিজৰ ঘোঁৰাবোৰৰ খোৰাৰে তোমাৰ আটাইবোৰ আলি গচকিব; তেওঁ তৰোৱালেৰে তোমাৰ প্ৰজাসকলক বধ কৰিব, আৰু তোমাৰ শক্তিশালী স্তম্ভবোৰ মাটিৰ লগত সমান হ’ব।
Копитима коња својих изгазиће све улице твоје, побиће народ твој мачем, и ступови силе твоје попадаће на земљу.
12 ১২ শত্রুবোৰে তোমাৰ সম্পত্তি লুট কৰিব আৰু তোমাৰ বাণিজ্যদ্ৰব্য কাঢ়ি নিব! তেওঁলোকে তোমাৰ গড় ভাঙি পেলাব, তোমাৰ মনোহৰ ঘৰবোৰ বিনষ্ট কৰিব, আৰু তোমাৰ শিল, কাঠ, ধূলি জল সমূহৰ মাজত পেলাব।
И поплениће благо твоје и разграбити трг твој, и развалиће зидове твоје и лепе куће твоје разорити, и камење твоје и дрва твоја и прах твој бациће у воду.
13 ১৩ মই তোমাৰ গীতৰ শব্দ নাইকিয়া কৰিম; তোমাৰ বীণাৰ স্বৰ আৰু শুনা নাযাব।
И прекинућу јеку песама твојих, и глас китара твојих неће се више чути.
14 ১৪ আৰু মই তোমাক শুদা শিলত পৰিণত কৰিম; তুমি জাল মেলা ঠাই হ’বা; তোমাক আৰু সজা নাযাব’!” কিয়নো প্ৰভু যিহোৱাই কৈছে, মই যিহোৱাই ইয়াকে ক’লোঁ!
И учинићу од тебе го камен, бићеш место где се разастиру мреже, нећеш се више сазидати; јер ја Господ говорих, вели Господ Господ.
15 ১৫ “প্ৰভু যিহোৱাই তূৰক এইদৰে কৈছে: যেতিয়া খুন হোৱাবোৰে কেঁকাব, যেতিয়া তোমাৰ মাজত হত্যা হ’ব, তেতিয়া তোমাৰ পতনৰ শব্দত দ্বীপবোৰ নকঁপিব নে?
Овако вели Господ Господ Тиру: Неће ли се задрмати острва од праске падања твог, кад зајаучу рањеници, кад покољ буде у теби?
16 ১৬ সেই সময়ত সমুদ্ৰৰ আটাই অধিপতিয়ে নিজৰ নিজৰ সিংহাসনৰ পৰা নামি নিজ নিজ ৰাজবস্ত্ৰ ত্যাগ কৰিব, নিজ নিজ কাৰচিপি বন কৰা কাপোৰ, সোলোকাই পেলাব, ত্ৰাসৰূপ বস্ত্ৰ পিন্ধিব, মাটিত বহিব, বিস্ময় মানিব।
Сви ће кнезови морски сићи с престола својих и скинуће са себе плаште и свући са себе везене хаљине, и обући ће се у страх; седеће на земљи, и дрхтаће сваки час и чудити се теби.
17 ১৭ আৰু তেওঁলোক তোমাৰ অৰ্থে বিলাপ কৰিবলৈ ধৰি তোমাক ক’ব, যি নগৰীয়ে সাগৰ-নিবাসীসকলত নিজৰ ভয় লগাইছিল, সমুদ্ৰ-ব্যৱসায়ী নিজ নিবাসীসকলে সৈতে সমুদ্ৰত পৰাক্ৰমী আৰু বিখ্যাত সেই নগৰী যি তুমি, কেনে বিনষ্ট থ’লো!
И нарицаће за тобом и говориће ти: Како пропаде, славни граде! У коме живљаху поморци, који беше јак на мору, ти и становници твоји, који страх задаваху свима који живљаху у теби.
18 ১৮ তোমাৰ পতনৰ দিনত দ্বীপবোৰ কঁপিব, এনে কি তুমি লুপ্ত বোৱাত সমুদ্ৰত থকা দ্বীপবোৰ বিহ্বল হ’ব।
Сад ће се уздрхтати острва кад паднеш, и смешће се острва по мору од пропасти твоје.
19 ১৯ কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: নিবাসীশূণ্য নগৰবোৰৰ দৰে যেতিয়া মই তোমাক উচ্ছন্ন নগৰী কৰিম, যেতিয়া মই তোমাৰ ওপৰলৈ অগাধ জল সমূহ আনিম, আৰু মহাজল সমূহে তোমাক ঢাকিব,
Јер овако вели Господ Господ: Кад те учиним пустим градом, као што су градови у којима се не живи, кад пустим на те бездану, и велика те вода покрије,
20 ২০ তেতিয়া তুমি বাসস্থান নহ’বৰ বাবে, মই তোমাক গাতলৈ নমাসকলৰ সৈতে আগৰ কালৰ লোকসকলৰ ওচৰলৈ নমাম আৰু পৃথিৱীৰ তল ভাগত, আগৰ কালৰ পৰা উচ্ছন্ন হোৱা ঠাইবোৰত, গাতলৈ নামিব লগাবোৰৰ লগত বাস কৰাম, আৰু মই জীৱিত লোকৰ দেশত গৌৰৱ স্থাপন কৰিম।
И кад те свалим с онима који силазе у јаму к старом народу, и наместим те на најдоњим крајевима земље, у пустињи старој с онима који силазе у јаму, да се не живи у теби, тада ћу опет поставити славу у земљи живих.
21 ২১ মই তোমাক ত্ৰাসৰ বিষয় কৰিম; তুমি আৰু নহ’বা; তোমাক বিচাৰিলেও আৰু কেতিয়াও পোৱা নাযাব।” এয়ে প্ৰভু যিহোৱাৰ বচন!
Учинићу да будеш страхота кад те нестане, и тражиће те и нећеш се наћи до века, говори Господ Господ.

< এজেকিয়েল 26 >