< এজেকিয়েল 23 >

1 যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
ויהי דבר יהוה אלי לאמר׃
2 “হে মনুষ্য সন্তান, দুজনী মহিলা আছিল; তেওঁলোক একেজনী মাতৃৰে জীয়েক।
בן אדם שתים נשים בנות אם אחת היו׃
3 তেওঁলোকে মিচৰত যৌৱন কালতেই বেশ্যাকৰ্ম কৰিছিল। আৰু সেই ঠাইতে তেওঁলোকে বেশ্যাকৰ্ম কৰিছিল। তেওঁলোকৰ পিয়াহ মোচৰা হৈছিল আৰু তাত তেওঁলোকৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপা হৈছিল।
ותזנינה במצרים בנעוריהן זנו שמה מעכו שדיהן ושם עשו דדי בתוליהן׃
4 তেওঁলোকৰ মাজৰ বৰ জনীৰ নাম অহলা আৰু তাইৰ ভনীয়েকৰ নাম অহলীবা। তেতিয়া তেওঁলোক মোৰ হ’ল আৰু তেওঁলোকে মোলৈ পো-জী প্ৰসৱ কৰিলে। তেওঁলোকৰ নামে এই বুজায়: অহলা মানে চমৰিয়া আৰু অহলীবা মানে যিৰূচালেম।
ושמותן אהלה הגדולה ואהליבה אחותה ותהיינה לי ותלדנה בנים ובנות ושמותן שמרון אהלה וירושלם אהליבה׃
5 কিন্তু অহলা মোৰ পত্নী হৈ থাকোতেও, তাই বেশ্যাকৰ্ম কৰি থাকিল; তাইৰ প্ৰেমকাৰীসকলত তাই আসক্ত হ’ল, কিয়নো অচূৰ দেশৰ তেওঁলোক প্রভাৱশালী,
ותזן אהלה תחתי ותעגב על מאהביה אל אשור קרובים׃
6 নীলবস্ত্ৰ পিন্ধা যি ৰাজ্যপাল আৰু তেওঁৰ বিষয়াসকল, সকলোৱেই মনোহৰ আৰু প্রভাৱশালী আছিল আৰু ঘোঁৰাৰ ওপৰত উঠা সকলো অশ্বাৰোহী আছিল!
לבשי תכלת פחות וסגנים בחורי חמד כלם פרשים רכבי סוסים׃
7 সেই কাৰণে তাই তেওঁলোকৰ সৈতে বেশ্যাকৰ্ম কৰিলে, কিয়নো আটাইবোৰ অচূৰৰ মনোনীত লোক! আৰু তাই যিবোৰত আসক্ত হ’ল আৰু তেওঁলোকৰ আটাই প্রতিমাবোৰৰ দ্বাৰাই তাই নিজকে অশুচি কৰিলে।
ותתן תזנותיה עליהם מבחר בני אשור כלם ובכל אשר עגבה בכל גלוליהם נטמאה׃
8 কিয়নো মিচৰত থকা দিনৰে পৰা তাই নিজৰ বেশ্যালি এৰা নাছিল, যেতিয়া তাইৰ যৌৱন কালত তেওঁলোকে তাইৰ লগত শয়ন কৰিছিল আৰু তাইৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপিছিল আৰু যেতিয়া তেওঁলোকে তাইৰ লগত অধিক পৰিমানে বেশ্যাকৰ্ম কৰিছিল।
ואת תזנותיה ממצרים לא עזבה כי אותה שכבו בנעוריה והמה עשו דדי בתוליה וישפכו תזנותם עליה׃
9 এই হেতুকে মই তাইৰ প্ৰেমকাৰীসকলৰ, তাইৰ সৈতে আসক্ত হোৱা সেই অচূৰীয়াসকলৰ হাতত তাইক শোধাই দিলোঁ!
לכן נתתיה ביד מאהביה ביד בני אשור אשר עגבה עליהם׃
10 ১০ তেওঁলোকে তাইৰ উলঙ্গতা প্ৰকাশ কৰিলে। তেওঁলোকে তাইৰ পো-জীসকলক লৈ গ’ল আৰু তাইক তৰোৱালেৰে বধ কৰিলে আৰু এইদৰে তাই আন মহিলাসকলৰ মাজত লজ্জিত হ’ল আৰু কিদৰে দণ্ড ভোগ কৰিলে।
המה גלו ערותה בניה ובנותיה לקחו ואותה בחרב הרגו ותהי שם לנשים ושפוטים עשו בה׃
11 ১১ তাইৰ ভনীয়েক অহলীবাই ইয়াক দেখিও, নিজ কামাসক্তত আৰু নিজ বায়েকৰ বেশ্যালিতকৈ অধিক হোৱা নিজ বেশ্যাকৰ্মত তাইতকৈ বেছি ভ্ৰষ্টা হ’ল!
ותרא אחותה אהליבה ותשחת עגבתה ממנה ואת תזנותיה מזנוני אחותה׃
12 ১২ অতি জাকজমক্কৈ বস্ত্ৰ পিন্ধা দেশাধিপতি আৰু শাসনকৰ্ত্তাসকলত, ঘোঁৰাৰ ওপৰত উঠা অশ্বাৰোহী তাইৰ ওচৰ-চুবুৰীয়া অচূৰীয়াসকলত তাই আসক্ত হ’ল! তেওঁলোক সকলোৱেই সবল আৰু মনোহৰ যুৱা আছিল।
אל בני אשור עגבה פחות וסגנים קרבים לבשי מכלול פרשים רכבי סוסים בחורי חמד כלם׃
13 ১৩ আৰু মই দেখিলোঁ যে তাই নিজকে অশুচি কৰিলে। দুয়ো জনীয়ে একে পথ ল’লে।
וארא כי נטמאה דרך אחד לשתיהן׃
14 ১৪ তেতিয়া তাই নিজ বেশ্যালি আৰু আধিককৈ বঢ়ালে! কিয়নো তাই দেৱালত অঁকা পুৰুষসকলক, অৰ্থাৎ সেন্দুৰেৰে অঁকা কলদীয়াসকলৰ নক্সা দেখিলে,
ותוסף אל תזנותיה ותרא אנשי מחקה על הקיר צלמי כשדיים חקקים בששר׃
15 ১৫ তেওঁলোকৰ ককালত টঙালি বন্ধা আৰু তাৰে সৈতে মূৰত ওলোমি থকা পাগুৰি মৰা! তেওঁলোক সকলোৱেই দেখিবলৈ সেনাপতি দলৰ নিচিনা, যি বাবিলীয়াসকলৰ জন্মদেশ যেন দেখা যায়।
חגורי אזור במתניהם סרוחי טבולים בראשיהם מראה שלישים כלם דמות בני בבל כשדים ארץ מולדתם׃
16 ১৬ যেতিয়াই তাই তেওঁলোকক দেখিলে, তাই তেওঁলোকত আসক্ত হ’ল আৰু সেই কাৰণে কলদীয়া দেশলৈ তেওঁলোকৰ ওচৰলৈ দূত পঠিয়ালে।
ותעגב עליהם למראה עיניה ותשלח מלאכים אליהם כשדימה׃
17 ১৭ তেতিয়া বাবিলীয়াসকল তাইৰ ওচৰলৈ আহি প্ৰেমশয্যাত উঠিল আৰু বেশ্যাকৰ্মেৰে তাইক অশুচি কৰিলে; তাই তেওঁলোকৰ দ্বাৰাই অশুচি হ’ল আৰু তেতিয়া তাই তাইৰ মনত তেওঁলোকৰ বিৰুদ্ধে ঘিণ লাগিল।
ויבאו אליה בני בבל למשכב דדים ויטמאו אותה בתזנותם ותטמא בם ותקע נפשה מהם׃
18 ১৮ এইদৰে তাই নিজৰ বেশ্যালি প্ৰকাশ কৰি নিজৰ বিবস্ত্ৰতা অনাবৃত কৰিলে, তেতিয়া মোৰ মনত তাইৰ বায়েকলৈ ঘিণ লগা নিচিনাকৈ তাইলৈকো মোৰ মনত ঘিণ লাগিল!
ותגל תזנותיה ותגל את ערותה ותקע נפשי מעליה כאשר נקעה נפשי מעל אחותה׃
19 ১৯ তেতিয়া তাই নিজ যৌৱন কাল সোঁৱৰণ কৰিলে আৰু নিজৰ বেশ্যালি আৰু অধিককৈ বৃদ্ধি কৰিলে, যিদৰে তাই মিচৰ দেশত থাকোতে বেশ্যাকৰ্ম কৰিছিল!
ותרבה את תזנותיה לזכר את ימי נעוריה אשר זנתה בארץ מצרים׃
20 ২০ সেই কাৰণে তাই নিজ প্রেমিকসকলৰ সৈতে আসক্ত হ’ল, যিসকলৰ গাধৰ দৰে জননেন্দ্রিয় বিষয়ক আৰু ঘোঁৰাৰ বীৰ্যৰ নিচিনা বীৰ্য।
ותעגבה על פלגשיהם אשר בשר חמורים בשרם וזרמת סוסים זרמתם׃
21 ২১ তাই আকৌ তাইৰ যৌৱন কালৰ ব্যভিচাৰ পুনৰায় কৰিবলৈ ধৰিলে, যেতিয়া মিচৰীয়াসকলে তাইৰ পিয়াহৰ মূৰ টিপিছিল। কাৰণ তাইৰ যৌৱন কালৰ পিয়াহ!
ותפקדי את זמת נעוריך בעשות ממצרים דדיך למען שדי נעוריך׃
22 ২২ এই হেতুকে, হে অহলীবা, প্ৰভু যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই তোমাৰ প্ৰেমকাৰীসকললৈ তোমাৰ বিৰুদ্ধে কৰিম! যিসকলৰ পৰা তোমাৰ মনত ঘিণ আছিল, মই তেওঁলোকক তোমাৰ বিৰুদ্ধে উচটাম, তোমাৰ চাৰিওফালৰ পৰা তোমাৰ বিৰুদ্ধে তেওঁলোকক আনিম!
לכן אהליבה כה אמר אדני יהוה הנני מעיר את מאהביך עליך את אשר נקעה נפשך מהם והבאתים עליך מסביב׃
23 ২৩ বাবিলীয়া আৰু আটাই কলদীয়াসকল! পকোদ, চোৱা আৰু কোৱাক! আৰু তেওঁলোকৰ সৈতে আটাই অচূৰীয়াসকলক! সকলোৱেই প্রভাৱশালী মনোহৰ যুৱা! ৰাজ্যপাল আৰু বিষয়াসকল; তেওঁলোক সেনাপতি আৰু সন্মানিত লোক! তেওঁলোক আটাইবোৰ অশ্বাৰোহী।
בני בבל וכל כשדים פקוד ושוע וקוע כל בני אשור אותם בחורי חמד פחות וסגנים כלם שלשים וקרואים רכבי סוסים כלם׃
24 ২৪ তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ, ৰথ, গাড়ী আৰু বিশাল লোক সকলে সৈতে তোমাৰ বিৰুদ্ধে আহিব! তেওঁলোকে ফৰ আৰু ঢাল লৈ আৰু শিৰোৰক্ষক টুপি পিন্ধি তোমাৰ অহিতে চাৰিওফালে বেহু পাতিব! মই তেওঁলোকৰ হাতত বিচাৰভাৰ সমৰ্পণ কৰিম; তেতিয়া তেওঁলোকে তেওঁলোকৰ বিচাৰ অনুসাৰে তোমাৰ বিচাৰ কৰিব!
ובאו עליך הצן רכב וגלגל ובקהל עמים צנה ומגן וקובע ישימו עליך סביב ונתתי לפניהם משפט ושפטוך במשפטיהם׃
25 ২৫ আৰু মই তোমাৰ বিৰুদ্ধে মোৰ অন্তৰ্জ্বালা প্ৰজ্বলিত কৰিম আৰু তেতিয়া তেওঁলোকে তোমালৈ ক্ৰোধ কৰিব! তেওঁলোকে তোমাৰ নাক আৰু কাণ কাটিব আৰু তোমাৰ অৱশিষ্ট ভাগ তৰোৱালৰ দ্বাৰাই পতিত হ’ব! তেওঁলোকে তোমাৰ পো-জীবোৰক লৈ যাব, যাতে তোমাৰ অৱশিষ্ট বংশ জুইত পোৰা হ’ব।
ונתתי קנאתי בך ועשו אותך בחמה אפך ואזניך יסירו ואחריתך בחרב תפול המה בניך ובנותיך יקחו ואחריתך תאכל באש׃
26 ২৬ তেওঁলোকে তোমাক উলঙ্গও কৰিব আৰু তোমাৰ সুন্দৰ সুন্দৰ অলঙ্কাৰবোৰ নিব।
והפשיטוך את בגדיך ולקחו כלי תפארתך׃
27 ২৭ এইদৰে মই তোমাৰ পৰা তোমাৰ ব্যভিচাৰ আৰু মিচৰ দেশত অভ্যাস কৰা তোমাৰ বেশ্যালি নোহোৱা কৰিম। তুমি তেওঁলোকলৈ আৰু চকু তুলি হেঁপাহেৰে নাচাবা আৰু মিচৰলৈ কেতিয়াও সোঁৱৰণ নকৰিবা।’
והשבתי זמתך ממך ואת זנותך מארץ מצרים ולא תשאי עיניך אליהם ומצרים לא תזכרי עוד׃
28 ২৮ কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে, ‘চোৱা! যিবোৰলৈ তোমাৰ মনত ঘিণ আছিল, তুমি হিংসা কৰাবোৰৰ হাতত, মই তোমাক সেইসকলৰ হাতত শোধাই দিম।
כי כה אמר אדני יהוה הנני נתנך ביד אשר שנאת ביד אשר נקעה נפשך מהם׃
29 ২৯ তেওঁলোকে তোমাক ঘিণ কৰিব; তোমাৰ সকলো পৰিশ্ৰমৰ ফল নিব আৰু তোমাক উলঙ্গিনী আৰু বিবস্ত্ৰতা কৰি এৰিব। তেতিয়া তোমাৰ বেশ্যাকৰ্মৰ দ্বাৰাই হোৱা বিবস্ত্ৰতা, তোমাৰ ব্যভিচাৰ আৰু বেশ্যা-কাৰ্য্য প্ৰকাশ পাব!
ועשו אותך בשנאה ולקחו כל יגיעך ועזבוך עירם ועריה ונגלה ערות זנוניך וזמתך ותזנותיך׃
30 ৩০ তুমি বেশ্যাহৈ জাতি সমূহৰ পাছে পাছে যোৱাৰ কাৰণে, আৰু তুমি তেওঁলোকৈ প্রতিমাবোৰেৰে কলঙ্কিত হোৱাৰ কাৰণে এইবোৰ কাৰ্য তোমালৈ কৰা যাব।
עשה אלה לך בזנותך אחרי גוים על אשר נטמאת בגלוליהם׃
31 ৩১ তুমি তোমাৰ বায়েৰাৰ পথত গমন কৰিলা; এই হেতুকে মই তাইৰ পানপাত্ৰ তোমাৰ হাতত দিম।’
בדרך אחותך הלכת ונתתי כוסה בידך׃
32 ৩২ প্ৰভু যিহোৱাই এই কথা কৈছে: ‘তুমি তোমাৰ বায়েৰাৰ দ আৰু বহল পানপাত্ৰত পান কৰিবা; তুমি পৰিহাসৰ আৰু বিদ্ৰুপৰ বিষয় হ’বা - সেই পান পাত্ৰত বহুত ধৰে!
כה אמר אדני יהוה כוס אחותך תשתי העמקה והרחבה תהיה לצחק וללעג מרבה להכיל׃
33 ৩৩ তুমি মাতলামি আৰু দুখেৰে পৰিপূৰ্ণ হ’বা; সেয়ে তোমাৰ বায়েৰা চমৰিয়াৰ বিস্ময় আৰু ধ্বংসজনক পানপাত্ৰ!
שכרון ויגון תמלאי כוס שמה ושממה כוס אחותך שמרון׃
34 ৩৪ তুমি তাত পান কৰিবা আৰু চুঁচি শেষ কৰি খাবা; তাৰ পাছত খোলাবোৰ চোবাবা আৰু নিজ স্তন বিদাৰিবা। কিয়নো প্ৰভু যিহোৱাই ইয়াক ঘোষণা কৰিছে!’ এয়ে প্রভু যিহোৱাৰ ঘোষণা!।
ושתית אותה ומצית ואת חרשיה תגרמי ושדיך תנתקי כי אני דברתי נאם אדני יהוה׃
35 ৩৫ এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে, ‘কিয়নো তুমি মোক পাহৰিলা, আৰু মোক পাছফাললৈ পেলালা; এই কাৰণে তুমিও তোমাৰ ব্যভিচাৰ আৰু বেশ্যাকৰ্মৰ ফল ভোগ কৰিবা’।”
לכן כה אמר אדני יהוה יען שכחת אותי ותשליכי אותי אחרי גוך וגם את שאי זמתך ואת תזנותיך׃
36 ৩৬ যিহোৱাই মোক ক’লে “হে মনুষ্য সন্তান, তুমি অহলা আৰু অহলীবাৰ ওপৰত গোচৰ কৰিবা নে? তেন্তে তেওঁলোকৰ ঘিণলগীয়া কাৰ্যবোৰ তেওঁলোকক সোঁৱৰা।
ויאמר יהוה אלי בן אדם התשפוט את אהלה ואת אהליבה והגד להן את תועבותיהן׃
37 ৩৭ কিয়নো তেওঁলোকে ব্যভিচাৰ কৰিলে, আৰু তেওঁলোকৰ হাতত তেজ লাগি আছে; তেওঁলোকে তেওঁলোকৰ প্রতিমাবোৰে সৈতে ব্যভিচাৰ কৰিলে আৰু তেওঁলোকে মোৰ কাৰণে প্ৰসৱ কৰা তেওঁলোকৰ সন্তান সকলক গ্ৰাসিত হ’বলৈ সেইবোৰৰ উদ্দেশ্যে জুইৰ মাজেদি সিহঁতক গমনো কৰালে!
כי נאפו ודם בידיהן ואת גלוליהן נאפו וגם את בניהן אשר ילדו לי העבירו להם לאכלה׃
38 ৩৮ তেওঁলোকে মোলৈ এইটোও কৰি থাকিলে: তেওঁলোকে মোৰ ধৰ্মধাম অশুচি কৰিলে আৰু মোৰ বিশ্ৰাম-দিনবোৰ সেই দিনাই অপবিত্ৰ কৰিলে।
עוד זאת עשו לי טמאו את מקדשי ביום ההוא ואת שבתותי חללו׃
39 ৩৯ কিয়নো, তেওঁলোকে তেওঁলোকৰ প্রতিমা বোৰৰ উদ্দেশ্যে নিজ নিজ সন্তান সকলক বধ কৰাৰ পাছত, সেই দিনাই মোৰ ধৰ্মধামলৈ আহি তাক অপবিত্ৰ কৰিলে! সেই বাবে চোৱা! মোৰ গৃহৰ মাজতে তেওঁলোকে কি প্ৰকাৰ কৰিলে!
ובשחטם את בניהם לגלוליהם ויבאו אל מקדשי ביום ההוא לחללו והנה כה עשו בתוך ביתי׃
40 ৪০ তোমালোক দূৰৰ পৰা মানুহক আহিবলৈ মাতিলা, যিসকললৈ এজন দূত পঠোৱা হৈছিল - আৰু চোৱা! তেওঁলোক সঁচাকৈ আহিল; যিসকলৰ কাৰণে তুমি গা ধুলা, তোমাৰ চকুত কাজল দিলা আৰু অলঙ্কাৰেৰে নিজকে বিভূষিতা কৰিলা।
ואף כי תשלחנה לאנשים באים ממרחק אשר מלאך שלוח אליהם והנה באו לאשר רחצת כחלת עיניך ועדית עדי׃
41 ৪১ আৰু তুমি ৰাজকীয় শয্যাত বহিলা আৰু তাৰ আগত এখন মেজ সজোৱাত তাৰ ওপৰত তুমি মোৰ ধুপ আৰু মোৰ তেল থ’লা।
וישבת על מטה כבודה ושלחן ערוך לפניה וקטרתי ושמני שמת עליה׃
42 ৪২ আৰু নিশ্চিন্তে থকা লোক সকলৰ কোলাহল তাইৰ তাত শুনা গ’ল আৰু সামান্য শ্ৰেণীৰ মানুহবোৰৰ লগত মৰুপ্রান্তৰ পৰা মতোৱালবোৰ অনা হ’ল তেওঁলোকে তোমালোক দুজনীৰ হাতত খাৰু আৰু মূৰত সুন্দৰ মুকুট পিন্ধাই দিলে।
וקול המון שלו בה ואל אנשים מרב אדם מובאים סובאים ממדבר ויתנו צמידים אל ידיהן ועטרת תפארת על ראשיהן׃
43 ৪৩ তেতিয়া ব্যভিচাৰত বুঢ়ী হোৱাজনীৰ বিষয়ে মই কলোঁ, ‘তেওঁলোকে তাইৰ লগত আৰু তাই তেওঁলোকৰ লগত এতিয়া বেশ্যাকৰ্ম কৰিব।’
ואמר לבלה נאופים עת יזנה תזנותיה והיא׃
44 ৪৪ পাছত পুৰুষবোৰে বেশ্যাত গমন কৰা নিচিনাকৈ তেওঁলোকে তেওঁলোকৰ লগত গমন কৰিলে; এইদৰে তেওঁলোকে সেই দোষী ব্যভিচাৰিণী মহিলা অহলা আৰু অহলীবাত গমন কৰিলে!
ויבוא אליה כבוא אל אשה זונה כן באו אל אהלה ואל אהליבה אשת הזמה׃
45 ৪৫ কিন্তু ধাৰ্মিকসকলে ব্যভিচাৰিণীক আৰু ৰক্তপাতকাৰিণীক দণ্ড দিয়াৰ দৰে সিহঁত দুজনীক দণ্ড দিব, কিয়নো তেওঁলোক ব্যভিচাৰিণী; আৰু তেওঁলোকৰ হাতত তেজ লাগি আছে।
ואנשים צדיקם המה ישפטו אותהם משפט נאפות ומשפט שפכות דם כי נאפת הנה ודם בידיהן׃
46 ৪৬ সেই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: মই তেওঁলোকৰ বিৰুদ্ধে সমাজক আনিম আৰু মই তেওঁলোকক ত্ৰাসৰ বিষয় আৰু লুটদ্ৰব্যস্বৰূপ হ’বলৈ দিম;
כי כה אמר אדני יהוה העלה עליהם קהל ונתן אתהן לזעוה ולבז׃
47 ৪৭ তেতিয়া সেই সমাজে তেওঁলোকলৈ শিল দলিয়াব আৰু নিজ নিজ তৰোৱালেৰে তেওঁলোকক ডোখৰ ডোখৰ কৰিব। তেওঁলোকে তেওঁলোকৰ পো-জীবোৰক বধ কৰিব, আৰু জুই লগাই তেওঁলোকৰ ঘৰবোৰ পুৰি পেলাব।
ורגמו עליהן אבן קהל וברא אותהן בחרבותם בניהם ובנותיהם יהרגו ובתיהן באש ישרפו׃
48 ৪৮ এইদৰে মই দেশৰ পৰা ব্যভিচাৰ দূৰ কৰিম আৰু সকলো মহিলাক তোমালোকৰ ব্যভিচাৰ মতে কাৰ্য কৰিবলৈ নিশিকিব।
והשבתי זמה מן הארץ ונוסרו כל הנשים ולא תעשינה כזמתכנה׃
49 ৪৯ তেতিয়া তেওঁলোকে তোমালোকৰ ব্যভিচাৰৰ বোজা তোমালোকৰ ওপৰত ৰাখিব আৰু তোমালোকে তোমালোকৰ প্রতিমাসম্বন্ধীয় পাপৰ ভাৰ ববা; তেতিয়া মই যে প্ৰভু যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।
ונתנו זמתכנה עליכן וחטאי גלוליכן תשאינה וידעתם כי אני אדני יהוה׃

< এজেকিয়েল 23 >