< এজেকিয়েল 22 >

1 তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
ויהי דבר יהוה אלי לאמר׃
2 “এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি গোচৰ নচলোৱা নে? ৰক্তপাতকাৰিণী নগৰীৰ ওপৰত গোচৰ নচলোৱা নে? তেন্তে তাইৰ আটাই ঘিণলগীয়া কাৰ্য তাইক জনোৱা।
ואתה בן אדם התשפט התשפט את עיר הדמים והודעתה את כל תועבותיה׃
3 আৰু তুমি ক’ব লাগিব, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: ই কেনেকুৱা নগৰী যে, নিজৰ সময় আহিবৰ কাৰণে নিজৰ মাজত ৰক্তপাত কৰে আৰু নিজকে অশুচি কৰিবলৈ নিজৰ কাৰণে প্রতিমাবোৰ নিৰ্ম্মাণ কৰে।
ואמרת כה אמר אדני יהוה עיר שפכת דם בתוכה לבוא עתה ועשתה גלולים עליה לטמאה׃
4 হে নগৰী তুমি কৰা ৰক্তপাতত তুমি দোষী থ’লো আৰু তুমি নিৰ্ম্মাণ কৰা তোমাৰ প্রতিমা-বোৰৰ দ্বাৰাই তুমি অশুচি থ’লো! আৰু তুমি কাল ওচৰ চপাইছা আৰু তোমাৰ আয়ুসৰ শেষলৈ আহিছা। এই হেতুকে মই জাতিবোৰৰ আগত তোমাক ধিক্কাৰৰ আৰু আটাই দেশৰ আগত বিদ্রূপৰ বিষয় কৰিম।
בדמך אשר שפכת אשמת ובגלוליך אשר עשית טמאת ותקריבי ימיך ותבוא עד שנותיך על כן נתתיך חרפה לגוים וקלסה לכל הארצות׃
5 হে বদনামী কলহপূৰ্ণা নগৰী, তোমাৰ ওচৰত আৰু নিলগত থকা সকলোৱে তোমাক বিদ্ৰূপ কৰিব।
הקרבות והרחקות ממך יתקלסו בך טמאת השם רבת המהומה׃
6 চোৱা, ইস্ৰায়েলৰ অধ্যক্ষসকলে নিজ নিজ বাহুবল অনুসাৰে ৰক্তপাত কৰিবলৈ তোমাৰ মাজত আছে।
הנה נשיאי ישראל איש לזרעו היו בך למען שפך דם׃
7 তোমাৰ মাজত পিতৃ-মাতৃক হেয়জ্ঞান কৰা হৈছে, তোমাৰ মাজত বিদেশীক অত্যাচাৰ কৰা হৈছে; তোমাৰ মাজত পিতৃহীন আৰু বিধৱাক অন্যায় কৰা হৈছে।
אב ואם הקלו בך לגר עשו בעשק בתוכך יתום ואלמנה הונו בך׃
8 তুমি মোৰ পবিত্ৰ বস্তুবোৰ ঘিণ কৰিছা আৰু মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিছা!
קדשי בזית ואת שבתתי חללת׃
9 ৰক্তপাত কৰিবলৈ তোমাৰ মাজত চৰ্চ্চিফুৰা লোক আছে। তোমাৰ মাজত লোকে পৰ্ব্বতবোৰৰ ওপৰত ভোজন কৰে। তোমাৰ মাজত ব্যভিচাৰ কৰে!
אנשי רכיל היו בך למען שפך דם ואל ההרים אכלו בך זמה עשו בתוכך׃
10 ১০ তোমাৰ মাজত পিতৃৰ উলঙ্গতা প্ৰকাশ কৰে। তোমাৰ মাজত ঋতু-স্নান হোৱা স্ত্রীক বলাৎকাৰ কৰে।
ערות אב גלה בך טמאת הנדה ענו בך׃
11 ১১ কোনোৱে নিজৰ ওচৰ-চুবুৰীয়াৰ স্ত্রীৰে সৈতে ঘিণলগীয়া কাৰ্য কৰে, কোনোজনে নিজৰ বোৱাৰীয়েকক কুকৰ্মৰে অশুচি কৰে আৰু তোমাৰ মাজত আন কোনোৱে নিজৰ ভনীয়েকক, বাপেকৰ জীয়েকক বলাৎকাৰ কৰে।
ואיש את אשת רעהו עשה תועבה ואיש את כלתו טמא בזמה ואיש את אחתו בת אביו ענה בך׃
12 ১২ ৰক্তপাত কৰিবলৈ তোমাৰ মাজত লোকে ভেঁটি লয়। তুমি সুত আৰু বাঢ়ি লওঁতা আৰু তুমি লোভ কৰি অত্যাচাৰৰ দ্বাৰাই তোমাৰ ওচৰ-চুবুৰীয়াৰ পৰা লাভ কৰিছা, কিন্তু মোক হ’লে পাহৰিছা।” ইয়াক প্ৰভু যিহোৱাই কৈছে।
שחד לקחו בך למען שפך דם נשך ותרבית לקחת ותבצעי רעיך בעשק ואתי שכחת נאם אדני יהוה׃
13 ১৩ এই হেতুকে চোৱা! তুমি কৰা অন্যায় লাভত আৰু তোমাৰ মাজত ৰক্তপাতত তুমি এইবোৰ কৰাত মই হাত তালি দিছোঁ।
והנה הכיתי כפי אל בצעך אשר עשית ועל דמך אשר היו בתוכך׃
14 ১৪ মই যি দিনা তোমাৰ প্ৰতিশোধ ল’ম, সেইদিনা তোমাৰ হৃদয়ে সহি থাকিব পাৰিব নে? বা তোমাৰ হাত সবল হ’ব নে? মই, যিহোৱাই ইয়াক ক’লোঁ আৰু মই ইয়াক সিদ্ধও কৰিম।
היעמד לבך אם תחזקנה ידיך לימים אשר אני עשה אותך אני יהוה דברתי ועשיתי׃
15 ১৫ মই জাতিবোৰৰ মাজত তোমাক ছিন্ন-ভিন্ন কৰিম, দেশবোৰৰ মাজত তোমাক গোট গোট কৰিম আৰু তোমাৰ মাজৰ পৰা তোমাৰ লেতেৰাবোৰ নিকা কৰিম।
והפיצותי אותך בגוים וזריתיך בארצות והתמתי טמאתך ממך׃
16 ১৬ আৰু তোমাক জাতিবোৰৰ সাক্ষাতে অপবিত্ৰ কৰা হ’ব। আৰু মই যে যিহোৱা, তাক তুমি জানিবা!”
ונחלת בך לעיני גוים וידעת כי אני יהוה׃
17 ১৭ তাৰ পাছত যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
ויהי דבר יהוה אלי לאמר׃
18 ১৮ “হে মনুষ্য সন্তান, ইস্ৰায়েল বংশ মোৰ দৃষ্টিত আৱৰ্জনাস্বৰূপ হ’ল। তেওঁলোক সকলোৱেই মূহিত দিব লগা পিতল, বগীতাম, লোহা আৰু সীহস্বৰূপ তেওঁলোক ৰূপৰ আৱৰ্জনাস্বৰূপ।
בן אדם היו לי בית ישראל לסוג כלם נחשת ובדיל וברזל ועופרת בתוך כור סגים כסף היו׃
19 ১৯ এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ‘তোমালোক সকলোৱেই আৱৰ্জনাস্বৰূপ হোৱাৰ বাবে চোৱা! মই তোমালোকক যিৰূচালেমৰ মাজত গোটাম।
לכן כה אמר אדני יהוה יען היות כלכם לסגים לכן הנני קבץ אתכם אל תוך ירושלם׃
20 ২০ মানুহে ৰূপ, পিতল, লোহা, সীহ আৰু বগীতাম গলাবৰ বাবে, তাৰ ওপৰত জুই ফুঁৱাবলৈ মূহীৰ মাজত তাক গোটাই দিয়াৰ দৰে মই তোমালোকক মোৰ ক্ৰোধত আৰু কোপত গোটাম আৰু তোমালোকক তাত পেলাই গলাম।
קבצת כסף ונחשת וברזל ועופרת ובדיל אל תוך כור לפחת עליו אש להנתיך כן אקבץ באפי ובחמתי והנחתי והתכתי אתכם׃
21 ২১ এনে কি, মই তোমালোকক গোটাই, মোৰ ক্ৰোধাগ্নি তোমালোকৰ ওপৰত ফুঁৱাম; তাতে তোমালোক তাৰ মাজত গলি যাবা।
וכנסתי אתכם ונפחתי עליכם באש עברתי ונתכתם בתוכה׃
22 ২২ মূহীৰ মাজত ৰূপ গলাৰ দৰে তাৰ মাজত তোমালোক গলিবা; গতিকে মই যিহোৱায়েই যে তোমালোকৰ ওপৰত মোৰ ক্ৰোধ বৰষালোঁ, তাক তোমালোকে জানিবা’!”
כהתוך כסף בתוך כור כן תתכו בתוכה וידעתם כי אני יהוה שפכתי חמתי עליכם׃
23 ২৩ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
ויהי דבר יהוה אלי לאמר׃
24 ২৪ “হে মনুষ্য সন্তান, তুমি যিহূদাক কোৱা, ‘তুমি হাবি নকটা, বা ক্ৰোধৰ দিনা বৰষুণ নিদিয়া দেশ!
בן אדם אמר לה את ארץ לא מטהרה היא לא גשמה ביום זעם׃
25 ২৫ তাৰ মাজত তাৰ ভাববাদীসকলে চক্ৰান্ত কৰিছে, তেওঁলোকে চিকাৰ ধৰোঁতে গৰ্জ্জন কৰোঁতা সিংহৰ নিচিনা; তেওঁলোকে মনুষ্যক গ্ৰাস কৰে! তেওঁলোকে ধন-সম্পত্তি আৰু বহুমূল্য বস্তু নিয়ে; তেওঁলোকে তাৰ মাজত তাৰ বিধৱাৰ সংখ্যা বঢ়ালে।
קשר נביאיה בתוכה כארי שואג טרף טרף נפש אכלו חסן ויקר יקחו אלמנותיה הרבו בתוכה׃
26 ২৬ তাৰ পুৰোহিতবোৰে মোৰ ব্যৱস্থাৰ বিপৰীতে অত্যাচাৰ কৰে; তেওঁলোকে পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ নাৰাখে, বা শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ মানুহক নিশিকাই; তেওঁলোকে মোৰ বিশ্ৰাম-দিনবোৰৰ পৰা তেওঁলোকৰ চকু ঢাকে আৰু মই তেওঁলোকৰ মাজত অপবিত্ৰীকৃত হ’লো।
כהניה חמסו תורתי ויחללו קדשי בין קדש לחל לא הבדילו ובין הטמא לטהור לא הודיעו ומשבתותי העלימו עיניהם ואחל בתוכם׃
27 ২৭ অন্যায় লাভ কৰিবৰ কাৰণে ৰক্তপাত কৰিবলৈ আৰু মনুষ্যক বিনষ্ট কৰিবলৈ তাৰ মাজত থকা তাৰ মুখ্যসকল চিকাৰ ধৰোঁতা ৰাংকুকুৰস্বৰূপ।
שריה בקרבה כזאבים טרפי טרף לשפך דם לאבד נפשות למען בצע בצע׃
28 ২৮ যিহোৱাই নোকোৱাকৈয়ে প্ৰভু যিহোৱাই এইদৰে কৈছে বুলি তাৰ ভাববাদীসকলে কৈ, অনৰ্থক দৰ্শন দেখি আৰু তেওঁলোকৰ পক্ষে মিছা মঙ্গল চাই, তেওঁলোকৰ বাবে চূণেৰে লিপে।
ונביאיה טחו להם תפל חזים שוא וקסמים להם כזב אמרים כה אמר אדני יהוה ויהוה לא דבר׃
29 ২৯ দেশৰ প্ৰজাসকলে উপদ্ৰৱ কৰে, বলেৰে লয়, এনে কি, দুখী-দৰিদ্ৰক দুখ দিয়ে আৰু বিদেশীক অন্যায়কৈ অত্যাচাৰ কৰে।
עם הארץ עשקו עשק וגזלו גזל ועני ואביון הונו ואת הגר עשקו בלא משפט׃
30 ৩০ আৰু মই দেশ নষ্ট নকৰিবৰ কাৰণে, চাৰিওফালে গড় নিৰ্ম্মাণ কৰিব পৰা আৰু দেশৰ অৰ্থে মোৰ আগত গড় ভঙা বাটত থিয় হ’ব পৰা এনে এজন মানুহ তেওঁলোকৰ মাজত বিচাৰিলোঁ, কিন্তু মই কাকো নাপালোঁ।
ואבקש מהם איש גדר גדר ועמד בפרץ לפני בעד הארץ לבלתי שחתה ולא מצאתי׃
31 ৩১ এই হেতুকে মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, মোৰ ক্ৰোধাগ্নিয়ে তেওঁলোকক সংহাৰ কৰিম! মই তেওঁলোকৰ নিজৰ নিজৰ আচাৰ-ব্যৱহাৰৰ ফল তেওঁলোকৰ মূৰত ফলিওৱাম।’ এইদৰে প্ৰভু যিহোৱাই কৈছে।”
ואשפך עליהם זעמי באש עברתי כליתים דרכם בראשם נתתי נאם אדני יהוה׃

< এজেকিয়েল 22 >