< এজেকিয়েল 20 >

1 আমাৰ নিৰ্বাসনৰ সপ্তম বছৰৰ পঞ্চম মাহৰ দশম দিনা ইস্ৰায়েলৰ পৰিচাৰকসকলৰ মাজৰ কেইজনমান পুৰুষে যিহোৱাক সুধিবলৈ আহি মোৰ আগত বহিল।
II arriva, dans la septième année, le dixième jour du cinquième mois, que certains d’entre les anciens d’Israël vinrent consulter le Seigneur, et ils s’assirent en face de moi.
2 তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Et la parole du Seigneur me fut adressée en ces termes:
3 “হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ পৰিচাৰক কেইজনে সৈতে কথা হৈ তেওঁলোকক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে মোক সুধিবলৈ আহিছা নে? মোৰ জীৱনৰ শপত, মই তোমালোকক মোক সুধিবলৈ নিদিওঁ’!” এইদৰে প্ৰভু যিহোৱাই কৈছে।
"Fils de l’homme, parle aux anciens d’Israël et dis-leur: Ainsi parle le Seigneur Dieu: C’Est pour me consulter que vous venez? Par ma vie, je ne me laisserai pas consulter par vous, dit le Seigneur Dieu.
4 “হে মনুষ্য সন্তান, তুমি তেওঁলোকৰ ওপৰত গোচৰ নচলোৱা নে? তুমি গোচৰ নচলোৱা নে? তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ ঘিণলগীয়া কাৰ্যবোৰ তেওঁলোকক জানিবলৈ দিয়া আৰু তেওঁলোকক কোৱা!
Veux-tu les juger, fils de l’homme, veux-tu les juger? Fais-leur connaître les abominations de leurs pères.
5 তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “মই যিদিনা ইস্ৰায়েলক মনোনীত কৰিছিলোঁ আৰু যাকোবৰ বংশৰ সন্তান সকলৰ পক্ষে হাত দাঙি শপত গ্রহণ কৰিছিলোঁ আৰু তেওঁলোকৰ পক্ষে মোৰ হাত দাঙি মিচৰ দেশত তেওঁলোকক চিনাকি দিছিলোঁ। মই কৈছিলোঁ ‘ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা’ -
Tu leur diras donc: Ainsi parle le Seigneur Dieu: Le jour où j’ai fait choix d’Israël, où j’ai levé la main pour la postérité de la maison de Jacob, où je me suis révélé à eux au pays d’Egypte, où j’ai levé la main pour eux en disant: Je suis l’Eternel votre Dieu,
6 সেই দিনা আটাই দেশৰ ভূষণ স্বৰূপ, গাখীৰ আৰু মৌ-জোল বোৱা, তেওঁলোকৰ বাবে মই অনুসন্ধান কৰা এখন দেশলৈ মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিম বুলি তেওঁলোকৰ পক্ষে মোৰ হাত দাঙি শপত খাই তেওঁলোকক কৈছিলোঁ!
ce jour-là, je leur ai juré de leur faire quitter le pays d’Egypte pour une contrée que j’avais explorée à leur intention, où ruissellent le lait et le miel, et qui est un joyau entre tous les pays.
7 মই তেওঁলোকক কৈছিলোঁ, ‘তোমালোকে তোমালোকৰ চকুত লগা সকলো ঘিণলগীয়া বস্তু দূৰ কৰা আৰু মিচৰৰ প্রতিমাবোৰেৰে তোমালোকক অশুচি নকৰিবা; ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”
Et je leur ai dit: "Que chacun de vous rejette au loin les abominations qui sont sous ses yeux! Ne vous souillez pas avec les idoles infâmes de l’Egypte, je suis l’Eternel votre Dieu."
8 কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে আৰু মোৰ কথা শুনিবলৈ অমান্তি হ’ল। তেওঁলোকে তেওঁলোকৰ চকুত লগা ঘিণলগীয়া বস্তুবোৰ দূৰ নকৰিলে, বা মিচৰৰ প্রতিমাবোৰো ত্যাগ নকৰিলে। তেতিয়া মই মিচৰ দেশৰ মাজত তেওঁলোকৰ অহিতে মোৰ ক্ৰোধ সিদ্ধ কৰিবলৈ, তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।
Mais ils se sont mutinés contre moi, ils n’ont pas consenti à m’écouter; ils n’ont pas rejeté les abjections dont ils étaient témoins, ils n’ont pas abandonné les idoles de l’Egypte, et je songeais à épancher mon courroux sur eux, à assouvir sur eux ma colère au milieu du pays d’Egypte.
9 কিন্তু মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই অনাৰ দ্বাৰাই তেওঁলোক থকা যি জাতিবোৰৰ সাক্ষাতে মই তেওঁলোকক মোৰ পৰিচয় দিছিলোঁ, সেই জাতিবোৰৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বলৈ মোৰ নামৰ কাৰণে, এইদৰে মোৰ কাৰ্য কৰিলোঁ।
Mais j’agis en considération de mon nom, pour ne pas le profaner aux yeux des nations au milieu desquelles ils se trouvaient et à la vue desquelles je m’étais révélé à eux pour les faire sortir du pays d’Egypte.
10 ১০ মই তেওঁলোকক মিচৰ দেশৰ পৰা উলিয়াই অৰণ্যৰ মাজলৈ আনিলোঁ।
Je les tirai donc du pays d’Egypte et je les amenai au désert.
11 ১১ তেতিয়া যি বিধি ও শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য কৰিলে জীয়াই থাকিব পাৰে, মোৰ এনে বিধি তেওঁলোকক দিলোঁ আৰু মোৰ এনে শাসন-প্ৰণালী তেওঁলোকক মই দেখুৱালোঁ।
Je leur donnai mes lois et leur fis connaître mes règlements, que l’homme doit accomplir pour assurer sa vie.
12 ১২ ইয়াৰ বাহিৰে, মই যে তেওঁলোকক পবিত্ৰ কৰোঁতা যিহোৱা, ইয়াক তেওঁলোকে জানিবৰ বাবে মোৰ আৰু তেওঁলোকৰ মাজত এটি চিন হ’বলৈ মোৰ বিশ্ৰাম দিনবোৰ তেওঁলোকক দিলোঁ।
Je leur donnai aussi mes sabbats, qui devaient être un symbole entre moi et eux, pour qu’on sût que c’est moi, l’Eternel, qui les sanctifie.
13 ১৩ কিন্তু ইস্ৰায়েল বংশই অৰণ্যত মোৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁলোকে মোৰ বিধিমতে নচলিলে আৰু যি শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য কৰিলে তাৰে জীয়াই থাকিব পাৰে, তেওঁলোকে মোৰ সেই শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিশ্ৰাম দিনবোৰ অতি অপবিত্ৰ কৰিলে; তাতে মই তেওঁলোকক বিনষ্ট কৰিবৰ অৰ্থে, অৰণ্যত তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।
Mais la maison d’Israël s’est révoltée contre moi dans le désert; ils n’ont pas suivi mes lois, ils ont méprisé mes règlements, que l’homme doit accomplir pour vivre, ils ont profané à l’excès mes sabbats, et je songeai à épancher mon courroux sur eux dans le désert pour les anéantir.
14 ১৪ কিন্তু যি জাতিবোৱৰ সাক্ষাতে মই তেওঁলোকক উলিয়াই আনিছিলোঁ, সেই জাতিবোৰৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বৰ বাবে মোৰ নামৰ উদ্দেশ্যে মই কাৰ্য কৰিলোঁ।
Mais j’agis en considération de mon nom, pour ne pas le profaner aux yeux des nations à la vue desquelles je les avais fait sortir.
15 ১৫ ইয়াত বাজে, আটাই দেশৰ ভূষণস্বৰূপ, গাখীৰ আৰু মৌ-জোল বোৱা, মই তেওঁলোকক দান কৰা দেশৰ মাজলৈ তেওঁলোকক নিনিও বুলি মই অৰণ্যত তেওঁলোকৰ অহিতে হাত দাঙি শপত কৰিছিলোঁ।
Aussi bien, je jurai contre eux au désert, de ne pas les amener au pays que je leur destinais, ruisselant de lait et de miel, qui est un joyau entre tous les pays,
16 ১৬ কাৰণ তেওঁলোকে মোৰ শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে, মোৰ বিধিমতে নচলিলে আৰু মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে; কিয়নো তেওঁলোকৰ মন তেওঁলোকৰ প্রতিমাবোৰৰ পাছত চলি আছিল।
parce qu’ils avaient méprisé mes règlements, refusé de suivre mes lois et profané mes sabbats, leur coeur n’étant épris que de leurs viles idoles.
17 ১৭ তথাপি মই তেওঁলোকলৈ কৃপাদৃষ্টি কৰি তেওঁলোকক বিনষ্ট নকৰিলোঁ আৰু অৰণ্যত তেওঁলোকক নিঃশেষে সংহাৰ নকৰিলোঁ।
Mais mon oeil eut trop pitié d’eux pour les détruire et je ne les ai pas réduits à néant dans le désert.
18 ১৮ আৰু অৰণ্যত মই তেওঁলোকৰ সন্তানসকলক কলোঁ, ‘তোমালোকে তোমালোকৰ পূৰ্বপুৰুষসকলৰ বিধিবোৰত নচলিবা, বা তেওঁলোকৰ শাসন-প্ৰণালীবোৰ পালন নকৰিবা, নাইবা তেওঁলোকৰ প্রতিমাবোৰেৰে তোমালোকে নিজক অশুচি নকৰিবা।
Et je dis à leurs enfants dans le désert: "Ne suivez point les errements de vos pères, n’observez pas leurs coutumes et ne vous souillez point par leurs idoles.
19 ১৯ ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা! মোৰ বিধিমতে চলা, মোৰ শাসন-প্ৰণালীবোৰ পালন কৰা আৰু সেই অনুসাৰে কাৰ্য কৰা!
Je suis l’Eternel, votre Dieu, suivez mes lois, observez mes règlements et exécutez-les.
20 ২০ আৰু তোমালোকে মোৰ বিশ্ৰাম-দিনবোৰ পবিত্ৰ কৰা; তাতে মই যে তোমালোকৰ ঈশ্বৰ যিহোৱা, ইয়াক তোমালোকে জানিবৰ বাবে মোৰ আৰু তোমালোকৰ মাজত এইবোৰেই এটি চিন হ’ব।
Sanctifiez mes sabbats; qu’ils soient un symbole entre moi et vous, pour qu’on sache que je suis l’Eternel, votre Dieu.
21 ২১ তেতিয়া মই কলোঁ, মই তেওঁলোকৰ ওপৰত মোৰ ক্রোধ বাকি দিবলৈ আৰু তেওঁলোকক মৰুপ্ৰান্তত মোৰ খঙত মই শেষ কৰিবলৈ বিচাৰিলো।
Et les enfants se sont révoltés contre moi ils n’ont pas suivi mes lois, ils n’ont pas respecté, pour les accomplir, mes règlements que l’homme doit accomplir pour vivre; ils ont profané mes sabbats, et je songeai à épancher mon courroux sur eux, à assouvir sur eux ma colère dans le désert.
22 ২২ তথাপি, যি জাতিবোৰৰ সাক্ষাতে মই তেওঁলোকক উলিয়াই আনিছিলোঁ, সেই জাতিবোৰৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বৰ বাবে মই মোৰ হাত কোঁচাই মোৰ নামৰ উদ্দেশ্যে কাৰ্য কৰিলোঁ।
Mais je retins ma main et j’agis en considération de mon nom, pour ne pas le profaner aux yeux des nations à la vue desquelles je les avais fait sortir.
23 ২৩ ইয়াৰ উপৰিও, জাতিবোৰৰ মাজত তেওঁলোকক ছিন্ন-ভিন্ন আৰু দেশবোৰৰ মাজত তেওঁলোকক গোট গোট কৰিম বুলি মই অৰণ্যত তেওঁলোকৰ অহিতে মোৰ হাত দাঙি শপত কৰিলোঁ।
Mais j’ai aussi juré contre eux dans le désert, de les disperser parmi les nations et de les disséminer dans les pays,
24 ২৪ কাৰণ তেওঁলোকে মোৰ শাসন-প্ৰণালী অনুসাৰে কাৰ্য নকৰিলে, কিন্তু মোৰ বিধিবোৰ অগ্ৰাহ্য কৰিলে, মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে। তেওঁলোকৰ চকু তেওঁবিলাকৰ পূৰ্বপুৰুষসকলৰ প্রতিমাবোৰত আসক্ত থাকিল।
parce qu’ils n’ont pas accompli mes règlements, et qu’ils ont méprisé mes lois, profané mes sabbats, et que leurs yeux ont été épris des idoles de leurs pères.
25 ২৫ ইয়াৰ উপৰিও, যি বিধি ভাল নহয় আৰু যি শাসন-প্ৰণালীৰ দ্বাৰাই তেওঁলোকে জীয়াই থাকিব নোৱাৰিব, এনে বিধি আৰু শাসন-প্ৰণালী মই তেওঁলোকক দিলোঁ।
Mais en revanche, moi je leur ai donné des lois malheureuses et des règlements non susceptibles de les faire vivre.
26 ২৬ মই যে যিহোৱা, ইয়াক যেন তেওঁলোকে জানিব, এই কাৰণে মই তেওঁলোকক উচ্ছন্ন কৰিবলৈ, প্ৰথমে জন্মা তেওঁলোকৰ আটাইকে জুইৰ মাজেদি গমন কৰোঁৱাৰ দ্বাৰাই, তেওঁলোকক, তেওঁলোকৰ উপহাৰেৰে অশুচি কৰিলোঁ।
Je les ai rendus impurs par leurs offrandes, en ce qu’ils faisaient passer par le feu tout premier-né, de manière à les terroriser, afin qu’ils connussent que je suis l’Eternel.
27 ২৭ এই হেতুকে হে মনুষ্য সন্তান, তুমি ইস্ৰায়েল বংশক কোৱা; তেওঁলোকক এই কথা কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে, তোমালোকৰ পূ্ৰ্ব্ব-পুৰুষসকলে মোৰ অহিতে অপৰাধ কৰি, ইয়াতে মোক আৰু অপমান কৰিলে;
C’Est pourquoi, parle à la maison d’Israël, fils de l’homme, et dis-leur: Ainsi parle le Seigneur Dieu: Encore en cela vos pères m’ont outragé, en commettant une infidélité à mon égard.
28 ২৮ কিয়নো যি দেশ তেওঁলোকক দিম বুলি মই হাত দাঙি শপত কৰিছিলোঁ, সেই দেশলৈ মই যেতিয়া তেওঁলোকক আনিলোঁ, তেতিয়া তেওঁলোকে যি যি ঠাইত কোনো ওখ পৰ্ব্বত আৰু কোনো ঘনপতীয়া গছ দেখা পালে, সেই সেই ঠাইত তেওঁলোকে নিজ নিজ বলি উৎসৰ্গ কৰিছিল, সেই সেই ঠাইত বিৰক্তিজনক নিজ নিজ নৈবেদ্য দিছিল, সেই সেই ঠাইত নিজ নিজ সুঘ্ৰাণাৰ্থক দ্ৰব্য থৈছিল আৰু সেই সেই ঠাইত পেয় নৈবেদ্য ঢালিছিল।
Je les avais amenés au pays que j’avais juré de leur donner; et eux, dès qu’ils aperçurent toute colline élevée et tout arbre touffu, ils y ont immolé leurs sacrifices, déposé leurs odieuses offrandes, apporté leurs parfums voluptueux et répandu leurs libations.
29 ২৯ তেতিয়া মই তেওঁলোকক কলোঁ, ‘যি ওখ ঠাইখনলৈ তোমালোক উঠি যোৱা, সেই ঠাই কি? এই দৰে সেই ঠাই আজিলৈকে “বামা” নামেৰে প্ৰসিদ্ধ”।’
Et je leur ai dit: Qu’est-ce que ce haut lieu où vous venez vous réunir? (Et on l’a désigné du nom de Bama, jusqu’à ce jour.)
30 ৩০ এই হেতুকে তুমি ইস্ৰায়েল-বংশক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “তোমালোকৰ পূৰ্বপুৰুষসকলৰ দৰে তোমালোকে তোমালোকক অশুচি কৰা নাই নে? আৰু তেওঁলোকৰ ঘিণলগীয়া বস্তুৰ পাছে পাছে ব্যভিচাৰী হৈ যোৱা নাই নে?
C’Est pourquoi dis à la maison d’Israël: Ainsi parle le Seigneur Dieu: Quoi! Vous vous rendriez impurs comme ont fait vos pères et vous vous prostitueriez à leurs idoles abjectes!
31 ৩১ আৰু তোমালোকে নিজৰ উপহাৰ উৎসৰ্গ কৰি, নিজৰ সন্তান সকলক অগ্নিৰ মাজেদি গমন কৰাই আজিলৈকে তোমালোকৰ আটাই প্রতিমাৰে সৈতে নিজকে অশুচি কৰা নাই নে? তেন্তে হে ইস্ৰায়েল বংশ, মই জানো তোমালোকক মোক সুধিবলৈ দিম? “‘“প্ৰভু যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, মই তোমালোকক মোক সুধিবলৈ নিদিওঁ।”’”
Oui, en apportant vos offrandes, en faisant passer vos enfants par le feu, vous vous souillez par toutes vos idoles jusqu’à ce jour, et moi, je me laisserais consulter par vous, maison d’Israël! Par ma vie, dit le Seigneur Dieu, je ne me laisserai pas consulter par vous!
32 ৩২ আমি কাঠ আৰু শিলক পূজা কৰি, জাতিবোৰ দেশে-বিদেশে থকা গোষ্ঠীসকলৰেই দৰে হ’ম বুলি তোমালোকক কোৱা কথা, তোমালোকৰ মনত উদয় হোৱা, কথা সমূলি নঘটিব!’
Ce qui vous monte en l’esprit ne se réalisera pas, lorsque vous dites: "Devenons comme les nations, comme les familles des autres pays pour adorer le bois et la pierre!"
33 ৩৩ “প্ৰভু যিহোৱাই কৈছে”, মোৰ জীৱনৰ শপত, পৰাক্ৰমী হাতেৰে, মেলা বাহুৰে আৰু ক্ৰোধ বৰ্ষণেৰে মই নিশ্চয়ে তোমালোকৰ ওপৰত ৰজা হ’ম।
Par ma vie, dit le Seigneur Dieu, je jure que d’une main puissante et d’un bras étendu et d’un courroux débordant, je me comporterai en roi à votre égard!
34 ৩৪ পৰাক্ৰমী হাতেৰে, মেলা বাহুৰে, আৰু ক্ৰোধ বৰ্ষণেৰে মই জাতিবোৰৰ মাজৰ পৰা তোমালোকক উলিয়াই আনিম আৰু তোমালোক ছিন্ন-ভিন্ন হোৱা দেশৰ পৰা তোমালোকক গোটাম।
Je vous ferai sortir d’entre les peuples et je vous rassemblerai des pays où vous avez été dispersés, avec une main puissante, avec un bras étendu et avec un courroux déchaîné.
35 ৩৫ মই তোমালোকক জাতিবোৰৰ অৰণ্যলৈ নি, তাত তোমালোকে সৈতে সন্মূখা-সন্মূখি হৈ প্ৰতিবাদ কৰিম।
Et je vous amènerai au désert des peuples, et je vous demanderai des comptes, là, face à face.
36 ৩৬ প্ৰভু যিহোৱাই কৈছে, “মিচৰ দেশৰ অৰণ্যত মই তোমালোকৰ পূৰ্বপুৰুষসকলৰ লগত প্ৰতিবাদ কৰাৰ দৰে তোমালোকৰ লগতো প্ৰতিবাদ কৰিম।
Comme j’ai demandé des comptes à vos pères dans le désert du pays d’Egypte, ainsi je vous demanderai des comptes à vous, dit le Seigneur Dieu.
37 ৩৭ আৰু মই তোমালোকক দণ্ডডালিৰ তলেদি গমন কৰাম আৰু নিয়মটিৰ বান্ধনীলৈ আনিম;
Et je vous ferai passer sous la verge, et je vous engagerai dans les liens de l’alliance.
38 ৩৮ আৰু মই বিদ্ৰোহীহঁতক আৰু মোৰ অহিতে সত্যলঙ্ঘন কৰাসকলক জাৰি তোমালোকৰ মাজৰ পৰা দূৰ কৰিম; তেওঁলোকে প্ৰবাস কৰা দেশৰ পৰা মই তেওঁলোকক উলিয়াম, কিন্তু তেওঁলোক ইস্ৰায়েল দেশত নোসোমাব তাতে মই যে, যিহোৱা, তাক তোমালোকে জানিবা!”
Et je trierai parmi vous ceux qui se révoltent et pèchent contre moi, je les ferai sortir du pays où ils séjournent, et ils ne viendront pas au pays d’Israël, et vous saurez que je suis l’Eternel.
39 ৩৯ হে ইস্ৰায়েল-বংশ, প্ৰভু যিহোৱাই এইদৰে কৈছে: “তোমালোক যোৱা, প্ৰতিজনে নিজ নিজ প্রতিমাবোৰক সেৱা পূজা কৰাগৈ; কিন্তু তোমালোকে ভৱিষ্যতে মোৰ কথালৈ অৱেশ্য কাণ দিবা আৰু মোৰ পবিত্ৰ নাম তোমালোকৰ উপহাৰ আৰু তোমালোকৰ প্রতিমাৰে তোমালোকে আৰু অশুচি নকৰিবা।
Pour vous, maison d’Israël, ainsi parle le Seigneur Dieu, que chacun aille donc adorer ses idoles, et après cela on verra si vous ne m’écoutez pas; vous ne profanerez plus mon saint nom par vos offrandes et vos idoles.
40 ৪০ কিয়নো, প্ৰভু যিহোৱাই কৈছে, মোৰ পবিত্ৰ পৰ্ব্বতখনত, ইস্ৰায়েলৰ ওখ পৰ্ব্বতখনতেই ইস্ৰায়েলৰ আটাই বংশই, তেওঁলোকৰ আটায়ে দেশত সেই ঠাইতে মোৰ আৰাধনা কৰিব, সেই ঠাইতে মই তেওঁলোকক গ্ৰহণ কৰিম আৰু সেই ঠাইতে তোমালোকৰ সকলো পবিত্ৰ বস্তুৰে সৈতে তোমালোকৰ উপহাৰ আৰু নৈবেদ্যস্বৰূপে দিবলগীয়া তোমালোকৰ আগভাগ পাবলৈ মই ইচ্ছা কৰিম।
Car c’est sur ma montagne sainte, sur la montagne élevée d’Israël, dit le Seigneur Dieu, c’est là que m’adorera la maison d’Israël tout entière, dans le pays. Là je les agréerai, et là je rechercherai vos prélèvements et les prémices de vos dons, avec toutes vos choses saintes.
41 ৪১ যেতিয়া মই তোমালোকক জাতিবোৰৰ মাজৰ পৰা উলিয়াই আনিম আৰু তোমালোক ছিন্ন-ভিন্ন হোৱা দেশবোৰৰ পৰা তোমালোকক গোটাম, তেতিয়া মই তোমালোকক সুঘ্ৰাণস্বৰূপে গ্ৰহণ কৰিম আৰু মই জাতিবোৰৰ সাক্ষাতে তোমালোকৰ মাজত পবিত্ৰীকৃত হ’ম।
Grâce à un parfum agréable, je vous accueillerai avec bienveillance, quand je vous aurai fait sortir du sein des peuples, rassemblés des pays où vous avez été dispersés, et je me sanctifierai par vous aux yeux des nations.
42 ৪২ তেতিয়া যি দেশ তোমালোকৰ পূৰ্বপুৰুষসকলক দিম বুলি মই হাত দাঙি শপত কৰিছিলোঁ, সেই ইস্ৰায়েল দেশলৈ মই তোমালোকক যেতিয়া আনিম তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা।
Et vous saurez que je suis l’Eternel, quand je vous aurai menés au pays d’Israël, sur la terre que j’ai juré de donner à vos pères.
43 ৪৩ আৰু যি যি আচাৰ-ব্যৱহাৰ আৰু কাৰ্যেৰে তোমালোকে নিজকে অশুচি কৰিলা, সেই সেই আচাৰ-ব্যৱহাৰ আৰু কাৰ্য তাত তোমালোকে মনত কৰিবা আৰু তোমালোকে কৰা সকলো কুকৰ্মৰ বাবে তোমালোকে তোমালোকৰ দৃষ্টিত নিজকে ঘিণ কৰিবা।
Là, vous vous souviendrez de vos voies et de vos actes par lesquels vous vous êtes souillés, et vous aurez du dégoût pour vous-mêmes à cause de tous les forfaits que vous avez commis.
44 ৪৪ আৰু প্ৰভু যিহোৱাই কৈছে, হে ইস্ৰায়েল বংশ তোমালোকৰ কু-আচৰণ বা তোমালোকৰ দুষ্কৰ্ম অনুসাৰে নহয়, কিন্তু মোৰ নামৰ অৰ্থেহে যেতিয়া মই তোমালোকলৈ কাৰ্য কৰিম, তেতিয়া, মই যে যিহোৱা, তাক তোমালোকে জানিবা।
Et vous saurez que je suis l’Eternel, lorsque j’en userai avec vous par égard pour mon nom, non selon vos voies, qui sont mauvaises et selon vos actes dépravés, maison d’Israël, dit le Seigneur Dieu."
45 ৪৫ তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
La parole de l’Eternel me fut adressée en ces termes:
46 ৪৬ “হে মনুষ্য সন্তান, তুমি দক্ষিণ ফাললৈ তোমাৰ মুখ কৰি, দক্ষিণ দিশে তোমাৰ বাক্য বৰষোৱা আৰু দক্ষিণ অঞ্চলত থকা দেশৰ কাঠনিৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
"Fils de l’homme, tourne ta face dans la direction méridionale, prêche contre le Sud et prophétise contre la forêt de la campagne du Midi.
47 ৪৭ আৰু তুমি দক্ষিণ অঞ্চলৰ সেই কাঠনিক কোৱা, ‘যিহোৱাৰ বাক্য শুনা, প্ৰভু যিহোৱাই এই কথা কৈছে! চোৱা, মই তোমাৰ মাজত একুৰা জুই জ্বলাম আৰু সেই জুইয়ে তোমাৰ মাজত থকা প্ৰত্যেক কেঁচাপতীয়া আৰু প্ৰত্যেক শুকান গছ ভষ্ম কৰিব; সেই প্ৰজ্বলিত অগ্নি নুমুৱা নহ’ব আৰু দক্ষিণৰ পৰা উত্তৰলৈকে সকলোৰে মুখ তাৰে পোৰা হ’ব।
Tu diras à la forêt du Sud: "Ecoute la parole du Seigneur: Ainsi parle le Seigneur Dieu: Je vais allumer en toi un feu qui te dévorera tous tes arbres verts et tous tes arbres secs; elle ne s’éteindra pas, la flamme flambante, tous les visages s’y brûleront du Sud jusqu’au Nord.
48 ৪৮ তেতিয়া মই যিহোৱায়েই যে, তাক জ্বলালোঁ, সকলো মানুহে তাক জানিব; তাক নুমৱা নহ’ব।”
Et toute chair verra que moi, l’Eternel, je l’ai allumée; elle ne s’éteindra pas.
49 ৪৯ তেতিয়া মই ক’লোঁ, “হায় হায়! প্ৰভু যিহোৱা, লোকে মোৰ বিষয়ে কয়, এইজনে নিগূঢ় বাক্যৰে কথা নকয় নে’?”
Et je dis: "Ah! Seigneur Dieu, ils me disent, eux: Oh! C’Est un conteur d’allégories!"

< এজেকিয়েল 20 >