< এজেকিয়েল 10 >

1 তেতিয়া মই কৰূব কেইজনৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপ যেন বস্তুটো গম্বুজৰ ফালে চাই দেখিলোঁ; তেওঁলোকৰ ওপৰত এটি নীলকান্ত মণিৰ নিচিনা, এখন সিংহাসনৰ মূৰ্ত্তিৰ নিচিনা এক পদাৰ্থই দেখা দিছিল।
Nañente raho, le ingo, amy lañe­lañe ambone’ ty añambone’ o kero­beoy te niboak’ ambone’ iareo ey ty raha hoe safira, nibentatse ho fiambesatse.
2 আৰু যিহোৱাই শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনক কৈছিল, “তুমি ঘূৰি থকা চক্ৰবোৰৰ মাজলৈ, কৰূব কেইজনৰ তললৈ গৈ তেওঁলোকৰ মাজৰ পৰা অঞ্জলী ভৰাই জুইৰ আঙঠা লৈ নগৰখনত সেইবোৰ সিচঁৰিত কৰি পেলোৱা।” তেতিয়া সেই পুৰুষজন মই লক্ষ্য কৰি থাকোতেই তাত সোমাল।
Le hoe re amy misikin-damba leniy: Akia, añivo’ o larò mininike ambane’ o kero­beo naho atsafo vaen’ afo boak’ añivo’ o kerobeo ty fità’o roe vaho aparatsaho ambone’ i rovay. Aa le nimb’ao re, ampahatreavako.
3 সেই পুৰুষজন সোমোৱা সময়ত, কৰূব কেইজন গৃহৰ সোঁফালে থিয় হৈ আছিল আৰু ভিতৰ চোতালখন মেঘেৰে পৰিপূৰ্ণ হৈ আছিল।
Nijohañe ankavana’ i kivohoy o kerobeo amy nimoaha’ indatiy, naho nahatsake i kiririsa añate’ey i rahoñey;
4 তেতিয়া যিহোৱাৰ গৌৰৱ কৰূব কেইজনৰ পৰা উঠি গৈ গৃহৰ দুৱাৰ ডলিৰ ওপৰত আছিল; আৰু গৃহটি মেঘেৰে আৰু চোতালখন যিহোৱাৰ গৌৰৱৰ দীপ্তিৰে পৰিপূৰ্ণ হৈছিল।
le nionjoñe boak’ amo kerobeo ty enge’ Iehovà nijohañe an-tsarira’ i lalañey, naho nilifore’ i rahoñey i kivohoy, vaho nañatseke i kiririsay ty fireandrea’ ty enge’ Iehovà.
5 আৰু সৰ্ব্বশক্তিমান ঈশ্বৰে কথা কোৱা সময়ৰ শব্দৰ দৰে কৰূব কেইজনৰ ডেউকাৰ শব্দ বাহিৰ-চোতাললৈকে শুনা গৈছিল।
Le jinanjiñe an-kiririsa alafe’e ao ty fangotrohan’ ela’ o kerobeo manahake ty fiarañanañan’ Andriampañontroñe, t’ie mitsara.
6 “তুমি ঘূৰি থকা চক্ৰবোৰৰ মাজৰ পৰা কৰূব কেইজনৰ মাজ ঠাইৰ পৰা জুই লোৱা” এইবুলি তেওঁ শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনক আজ্ঞা দিয়াত, তেওঁ সোমাই গৈ এটা চক্ৰৰ কাষত থিয় হ’ল।
Aa ie namantoke am’indaty misikin-deniy ami’ty hoe: Andrambeso afo boak’ añivo’ o larò mininike añivo’ o kerobeoo, le nimoak’ ao re nijohañe añivo’ o larò mininikeo.
7 তেতিয়া কৰূবজনে কৰূব কেইজনৰ মাজৰ পৰা তেওঁলোকৰ মাজত থকা জুইলৈ হাত মেলি তাৰ কিছু লৈ শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনৰ হাতত দিলে। তেওঁ সেইখিনি লৈ ওলাই আহিল।
Ie amy zao, nahiti’ ty ke­robe ty fità’e boak’ añivo’ o kerobeo mb’ amy afo an-teñateña’ o kerobeoy le nandrambesa’e naho natolo’e am-pità’ i nisikin-deniy, rinambe’e vaho niavotse.
8 আৰু কৰূব কেইজনৰ গাত, তেওঁলোকৰ নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ নিচিনা এক বস্তু দেখা গ’ল।
Niloneak’ amy zao, amo kerobeo ambane’ o ela’eo ty manahake te fità’ ondaty.
9 পাছত মই চাই দেখিলোঁ, আৰু চোৱা! এজন কৰূবৰ কাষত এটা চক্ৰ আৰু আন কৰূবৰ কাষত আন চক্ৰ, এইদৰে চাৰিজন কৰূবৰ কাষত চাৰিটা চক্ৰ আছিল; আৰু সেই চক্ৰ কেইটাৰ আভা বৈদূৰ্য্য মণিৰ নিচিনা।
Aa ie nañente raho, hehe ty larò efatse marine o kerobeo, songa larò raike i kerobe rey, le hoe vaton-Tarsise ty volo’ i larò rey.
10 ১০ আৰু সেইবোৰৰ আকৃতি হ’লে, চাৰিওটা একে আকৃতিৰ, এনে লাগে যেন চক্ৰৰ মাজতহে চক্ৰ আছে।
Le ty vinta’ iareo, hambañe i efatse rey, manahake te añate’ ty larò ty larò.
11 ১১ যোৱা সময়ত সেইবোৰ চাৰিকাষে যায়; যোৱা সময়ত সেইবোৰ কোনো ফালে নুঘূৰে, কিন্তু যি ঠাই মূৰটোৰ সন্মূখ, সেইবোৰ সেই ঠাইৰ ফালে পাছে পাছে যায়, যোৱা সময়ত কোনো ফালে নুঘূৰে।
Ie nandeha le nionjomb’amy ze joro-tane tea’e, tsy nivio t’ie nandeha, fa amy ze nitoliha’ ty loha’e ty norihe’ iereo le tsy niviombio am-pandenañe.
12 ১২ আৰু তেওঁলোকৰ গোটেই গা আৰু তেওঁলোকৰ পিঠি, হাত, ডেউকা আৰু চক্ৰ চাৰিওফালে চকুৰে ভৰা, তেওঁলোক চাৰিওজনৰেই চক্ৰ চকুৰে ভৰা।
Tsitsike fihaino ty sandri’ iareo, o pa’eo, o fità’eo, o ela’eo, naho o larò’eo, vaho añariari’ i larò efatse rey.
13 ১৩ সেই চক্ৰকেইটাৰ বিষয়ে হ’লে, মই সেইবোৰক ঘূৰি থকা চক্ৰ বুলি মতা শুনিলোঁ।
Tsinanoko te nitokaveñe ty hoe Larò-Mpininike i larò rey.
14 ১৪ প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ; প্ৰথমখন কৰূবৰ, দ্বিতীয়খন মানুহৰ, তৃতীয়খন সিংহৰ আৰু চতুৰ্থখন কুৰৰ পক্ষীৰ মুখ।
Songa aman-daharañe efatse: laharan-kerobe ty valoha’e; lahara’ ondaty ty faharoe; tarehen-diona ty faha­telo; vaho tarehem-bantio ty fahefatse.
15 ১৫ পাছত কৰূব কেইজন ওপৰলৈ উঠি গ’ল। কবাৰ নদীৰ পাৰত মই দেখা প্ৰাণী এইবোৰ।
Niongake i kerobe rey. Ie i raha veloñe nitreako añ’olo’ i saka Kebarey rey.
16 ১৬ কৰূব কেইজন যোৱা সময়ত চক্ৰকেইটাও তেওঁলোকৰ কাষে কাষে যায়; আৰু কৰূব কেইজনে পৃথিৱীৰ পৰা ওপৰলৈ উঠিবলৈ ডেউকা দঙা সময়ত, চক্ৰকেইটায়ো তেওঁলোকৰ কাষ নেৰে।
Aa naho mañavelo i kerobe rey le mindre lia ama’e i larò rey; aa ie onjone’ i kerobe rey o ela’eo hiavotse i taney mb’ añ’ abo ey, le tsy mivike tsy ho rekets’ ama’e i larò rey.
17 ১৭ তেওঁলোক ৰ’লে, সেইবোৰো ৰয় আৰু তেওঁলোক ওপৰলৈ উঠা সময়ত সেইবিলাকো তেওঁলোকৰ লগত উঠে; কিয়নো প্ৰাণী কেইজনৰ আত্মা সেইবোৰত আছিল।
Ie mitsangañe, le mijohañe ka iretoañe; ie mionjoñe, le mañambone ka iretoa; fa am’ iareo ao ty arofo’ o raha veloñeo.
18 ১৮ পাছত যিহোৱাৰ গৌৰৱ দুৱাৰডলিৰ ওপৰৰ পৰা প্ৰস্থান কৰি কৰূব কেইজনৰ ওপৰত ৰ’ল।
Nienga i sariran-kivohoy amy zao ty enge’ Iehovà nijohañe ambone’ i kerobe rey.
19 ১৯ কৰূব কেইজনে প্ৰস্থান কৰোঁতে, ডেউকা দাঙি মোৰ সন্মুখেৰে পৃথিৱীৰ পৰা ওপৰলৈ উঠি গ’ল আৰু তেওঁলোকৰ কাষে কাষে চক্ৰকেইটাও গ’ল। তেওঁলোক যিহোৱাৰ গৃহৰ পূব দিশৰ বাট-চৰাৰ দুৱাৰমুখত থিয় হ’ল আৰু ইস্ৰায়েলৰ ঈশ্বৰৰ মহিমা তেওঁলোকৰ ওপৰত আছিল।
Nonjone’ i kerobe rey o ela’eo henane zay le nienga i taney am-pahatreavako eo; ie niavotse le niaoloa’ i laro rey, naho nijohañe am-pimoaha’ i lalambey atiñana’ i anjomba’ Iehovày eoy; vaho ambone’ iereo eo ty engen’ Añahare’ Israele.
20 ২০ তেতিয়া মই ইস্ৰায়েলৰ ঈশ্বৰৰ তলত থকা কবাৰ নদীত দেখা দৰ্শনৰ পশুবোৰৰ কথা স্মৰণ কৰিলোঁ; আৰু বুজিব পাতিলোঁ যে, সেইবোৰ কৰূব আছিল।
Ie i raha veloñe nitreako ambanen’ Andrianañahare’ Israele añ’ olon-tsaka Kebare rey; le napotako t’ie kero­be.
21 ২১ প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ আৰু চাৰিখন চাৰিখন ডেউকা আৰু নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ দৰে হাত আছিল।
Songa aman-daharañe efatse naho elats’ efatse; vaho hoe fità’ ondaty ty ambane’ ela’eo.
22 ২২ তেওঁলোকৰ মুখৰ আকৃতিৰ বিষয়ে হ’লে, মই কবাৰ নদীৰ ওচৰত দেখা মুখেই মুখ আৰু একে আকৃতি, একে বস্তু; তেওঁলোক প্ৰতিজনে পোনে পোনে যায়।
Le nihambañe amo laharañe nitreako añ’ olo-tsaka-Kebareo ty vintan-dahara’ iareo, ty vinta’ iareo naho ty fañova’ iareo, songa nionjoñe mahity mb’am-piatrefa’e.

< এজেকিয়েল 10 >