< যাত্রাপুস্তক 8 >

1 তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ফৰৌণৰ ওচৰলৈ গৈ তেওঁক কোৱা যে, ‘যিহোৱাই এইদৰে কৈছে: মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়া।
ויאמר יהוה אל משה בא אל פרעה ואמרת אליו כה אמר יהוה שלח את עמי ויעבדני׃
2 তুমি যদি তেওঁলোকক যাবলৈ দিয়াত অমান্তি হোৱা, তেনেহ’লে মই তোমাৰ দেশৰ সকলো ঠাইত ভেকুলীৰে উপদ্ৰৱ কৰিম।
ואם מאן אתה לשלח הנה אנכי נגף את כל גבולך בצפרדעים׃
3 নদী ভেকুলীৰে পৰিপূৰ্ণ হ’ব; সেইবোৰ উঠি তোমাৰ ঘৰত, শোৱা কোঁঠালিত, বিচনাত, আৰু তোমাৰ দাসসকলৰ ঘৰতো সোমাব। এনেকি তোমাৰ লোকসকলৰ গাৰ ওপৰত উঠিব, তোমাৰ তন্দুৰ আৰু তোমাৰ আটা খচা পাত্ৰতো সোমাব।
ושרץ היאר צפרדעים ועלו ובאו בביתך ובחדר משכבך ועל מטתך ובבית עבדיך ובעמך ובתנוריך ובמשארותיך׃
4 ভেকুলীয়ে তোমাক, তোমাৰ লোকসকলক, আৰু তোমাৰ দাসসকলক আক্রমণ কৰিব’।”
ובכה ובעמך ובכל עבדיך יעלו הצפרדעים׃
5 যিহোৱাই মোচিক ক’লে, “তুমি হাৰোণক কোৱা, ‘নদী, নিজৰা আৰু বিলৰ ওপৰলৈ তুমি তোমাৰ হাত দাঙি লাখুটিৰে প্রহাৰ কৰি মিচৰ দেশৰ ওপৰলৈ ভেকুলীবোৰ তুলি আনা’।”
ויאמר יהוה אל משה אמר אל אהרן נטה את ידך במטך על הנהרת על היארים ועל האגמים והעל את הצפרדעים על ארץ מצרים׃
6 তেতিয়া হাৰোণে মিচৰ দেশৰ সকলো পানীৰ ওপৰত নিজৰ হাত মেলিলে, আৰু ভেকুলীবোৰ উঠি আহি, গোটেই মিচৰ দেশখনক চানি ধৰিলে।
ויט אהרן את ידו על מימי מצרים ותעל הצפרדע ותכס את ארץ מצרים׃
7 কিন্তু শাস্ত্ৰজ্ঞসকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে, আৰু মিচৰ দেশৰ ওপৰলৈ ভেকুলীবোৰ তুলি আনিলে।
ויעשו כן החרטמים בלטיהם ויעלו את הצפרדעים על ארץ מצרים׃
8 তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক মাতি ক’লে, “যিহোৱাই যেন মোৰ আৰু মোৰ লোকসকলৰ পৰা ভেকুলীবোৰ আঁতৰাই নিয়ে, তাৰ বাবে তেওঁৰ আগত প্ৰাৰ্থনা কৰক। তাৰ পাছত মই যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ ইস্রায়েলী লোকসকলক যাবলৈ দিম।”
ויקרא פרעה למשה ולאהרן ויאמר העתירו אל יהוה ויסר הצפרדעים ממני ומעמי ואשלחה את העם ויזבחו ליהוה׃
9 তেতিয়া মোচিয়ে ফৰৌণক ক’লে, “ভেকুলীবোৰ আপোনাৰ দাস আৰু আপোনাৰ ঘৰবোৰৰ পৰা নাইকিয়া হৈ কেৱল যেন নদীতহে থাকে, সেইবাবে আপোনাৰ লোকসকলৰ অৰ্থে প্রাৰ্থনা কৰি ক’বৰ বাবে আপুনি নিৰূপিত সময়ৰ সুযোগ পাইছে।”
ויאמר משה לפרעה התפאר עלי למתי אעתיר לך ולעבדיך ולעמך להכרית הצפרדעים ממך ומבתיך רק ביאר תשארנה׃
10 ১০ তেতিয়া ফৰৌণে তেওঁক ক’লে, “কাইলৈ।” মোচিয়ে তেওঁৰ কথা শুনি ক’লে, “আমাৰ ঈশ্বৰ যিহোৱাৰ তুল্য কোনো নাই, ইয়াক যেন আপুনি জানিব পাৰে, সেই বাবে আপুনি কোৱাৰ দৰেই হওক।
ויאמר למחר ויאמר כדברך למען תדע כי אין כיהוה אלהינו׃
11 ১১ ভেকুলীবোৰ আপোনাৰ, আপোনাৰ ঘৰ, দাস, আৰু লোকসকলৰ পৰাও গুচি যাব। সেইবোৰ কেৱল নদীতহে থাকিব।”
וסרו הצפרדעים ממך ומבתיך ומעבדיך ומעמך רק ביאר תשארנה׃
12 ১২ মোচি আৰু হাৰোণ ৰজা ফৰৌণৰ সন্মুখৰ পৰা আঁতৰি গ’ল। পাছত ফৰৌণৰ বিৰুদ্ধে যিহোৱাই অনা ভেকুলীবোৰৰ কাৰণে মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে।
ויצא משה ואהרן מעם פרעה ויצעק משה אל יהוה על דבר הצפרדעים אשר שם לפרעה׃
13 ১৩ তাতে যিহোৱাই মোচিৰ নিবেদন শুনিলে; আৰু ঘৰ, চোতাল, আৰু পথাৰবোৰত ভেকুলীবোৰ মৰিল।
ויעש יהוה כדבר משה וימתו הצפרדעים מן הבתים מן החצרת ומן השדת׃
14 ১৪ তেতিয়া লোকসকলে সেইবোৰ গোটাই দ’ম দ’ম কৰিলে; আৰু গোটেই দেশ দুৰ্গন্ধময় হ’ল।
ויצברו אתם חמרם חמרם ותבאש הארץ׃
15 ১৫ কিন্তু ফৰৌণে ভেকুলীৰ উপদ্রৱৰ পৰা সকাহ পোৱা দেখি, যিহোৱাই কোৱাৰ দৰে, ফৰৌণে পুনৰ নিজৰ মন কঠিন কৰি মোচি আৰু হাৰোণৰ কথা নুশুনিলে।
וירא פרעה כי היתה הרוחה והכבד את לבו ולא שמע אלהם כאשר דבר יהוה׃
16 ১৬ যিহোৱাই মোচিক ক’লে, “হাৰোণক কোৱা যে, ‘গোটেই মিচৰ দেশত পৃথিৱীৰ ধূলি ওকণী হ’বৰ বাবে তুমি নিজৰ লাখুটি দাঙি ধুলিত প্ৰহাৰ কৰা’।”
ויאמר יהוה אל משה אמר אל אהרן נטה את מטך והך את עפר הארץ והיה לכנם בכל ארץ מצרים׃
17 ১৭ তেতিয়া তেওঁলোকে সেইদৰে কৰিলে; হাৰোণে নিজৰ লাখুটি লৈ, হাত দাঙি দেশৰ ধুলিত প্ৰহাৰ কৰিলে, আৰু মানুহ আৰু পশুবোৰতো ওকণী হ’ল। গোটেই মিচৰ দেশৰ ধুলিবোৰ ওকণী হ’ল।
ויעשו כן ויט אהרן את ידו במטהו ויך את עפר הארץ ותהי הכנם באדם ובבהמה כל עפר הארץ היה כנים בכל ארץ מצרים׃
18 ১৮ শাস্ত্ৰজ্ঞসকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই ওকণী উৎপন্ন কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁলোকে কৰিব নোৱাৰিলে। দেশত মানুহ আৰু পশুবোৰতো ওকণী হ’ল।
ויעשו כן החרטמים בלטיהם להוציא את הכנים ולא יכלו ותהי הכנם באדם ובבהמה׃
19 ১৯ তেতিয়া শাস্ত্ৰজ্ঞসকলে ফৰৌণক ক’লে, “এই কৰ্ম, ঈশ্বৰৰ আঙুলিৰ দ্বাৰাই কৰা কৰ্ম।” কিন্তু যিহোৱাই কোৱাৰ দৰে, ফৰৌণৰ মন পুনৰ কঠিন হ’ল, সেয়ে তেওঁ তেওঁলোকৰ কথা শুনিবলৈ অমান্তি হ’ল।
ויאמרו החרטמים אל פרעה אצבע אלהים הוא ויחזק לב פרעה ולא שמע אלהם כאשר דבר יהוה׃
20 ২০ যিহোৱাই মোচিক ক’লে, “তুমি ৰাতিপুৱাতে উঠি গৈ ফৰৌণে পানীৰ ওচৰলৈ যোৱাৰ সময়ত তুমি তেওঁৰ সন্মুখত থিয় হৈ ক’বা, যিহোৱাই এইদৰে কৈছে: ‘মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাব দিয়া।
ויאמר יהוה אל משה השכם בבקר והתיצב לפני פרעה הנה יוצא המימה ואמרת אליו כה אמר יהוה שלח עמי ויעבדני׃
21 ২১ কিন্তু যদি মোৰ লোকসকলক যাব নিদিয়া, তেনেহ’লে মই তোমাৰ, তোমাৰ দাসসকলৰ, লোকসকলৰ আৰু ঘৰবোৰৰ ভিতৰলৈকে জাকে জাকে ডাঁহ পঠাম; তেতিয়া মিচৰীয়াসকলৰ ঘৰ, এনেকি তেওঁলোকে বাস কৰা ভূমিও ডাঁহৰ জাকেৰে পৰিপূৰ্ণ হ’ব।
כי אם אינך משלח את עמי הנני משליח בך ובעבדיך ובעמך ובבתיך את הערב ומלאו בתי מצרים את הערב וגם האדמה אשר הם עליה׃
22 ২২ কিন্তু সেই দিনা গোচন দেশত বাস কৰা মোৰ লোকসকলৰ বাবে মই বেলেগ ব্যৱস্থা কৰিম। সেয়ে গোচন দেশত কোনো ডাঁহৰ জাক নহ’ব। পৃথিৱীৰ মাজত ময়েই যে যিহোৱা, এই কথা জানিবৰ বাবে এই সকলো ঘটিব।
והפליתי ביום ההוא את ארץ גשן אשר עמי עמד עליה לבלתי היות שם ערב למען תדע כי אני יהוה בקרב הארץ׃
23 ২৩ এইদৰে মোৰ লোকসকলৰ, আৰু তোমাৰ লোকসকলৰ মাজত মই প্ৰভেদ জন্মাম। মোৰ পৰাক্রমৰ কাৰ্য কাইলৈ সম্পন্ন হ’ব’।”
ושמתי פדת בין עמי ובין עמך למחר יהיה האת הזה׃
24 ২৪ যিহোৱাই সেইদৰেই কৰিলে। ফৰৌণ আৰু তেওঁৰ দাসসকলৰ ঘৰত জাকে জাকে ডাঁহবোৰ সোমাল। গোটেই মিচৰ দেশতে সেই ডাঁহৰ জাকৰ উৎপাতত ভূমি নষ্ট হ’ল।
ויעש יהוה כן ויבא ערב כבד ביתה פרעה ובית עבדיו ובכל ארץ מצרים תשחת הארץ מפני הערב׃
25 ২৫ তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক মাতি আনি ক’লে, “তোমালোকে আমাৰ দেশতে তোমালোকৰ ঈশ্বৰৰ উদ্দেশ্যে বলিদান কৰা।”
ויקרא פרעה אל משה ולאהרן ויאמר לכו זבחו לאלהיכם בארץ׃
26 ২৬ মোচিয়ে ক’লে, “সেইদৰে কৰাটো আমাৰ বাবে উচিত নহয়; কাৰণ আমি আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে কৰা বলিদান মিচৰীয়াসকলৰ বাবে ঘৃণনীয়। সেয়ে মিচৰীয়াসকলৰ সাক্ষাতে তেওঁলোকৰ ঘৃণনীয় বলিদান কৰিলে তেওঁলোকে আমাক শিল দলিয়াই নামাৰিব নে?
ויאמר משה לא נכון לעשות כן כי תועבת מצרים נזבח ליהוה אלהינו הן נזבח את תועבת מצרים לעיניהם ולא יסקלנו׃
27 ২৭ নহয়! আমাৰ ঈশ্বৰ যিহোৱাই আমাক আজ্ঞা দিয়াৰ দৰে, তেওঁৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে, আমাক তিনিদিনৰ বাট মৰুভূমিৰ মাজেৰে যাবলৈ দিয়ক।”
דרך שלשת ימים נלך במדבר וזבחנו ליהוה אלהינו כאשר יאמר אלינו׃
28 ২৮ তাৰ পাছত ফৰৌণে ক’লে, “মৰুভূমিত তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে, মই তোমালোকক যাবলৈ অনুমতি দিছোঁ। কিন্তু তোমালোক বহুত দূৰলৈ নাযাবা। তোমালোকে মোৰ বাবে প্ৰাৰ্থনা কৰা।”
ויאמר פרעה אנכי אשלח אתכם וזבחתם ליהוה אלהיכם במדבר רק הרחק לא תרחיקו ללכת העתירו בעדי׃
29 ২৯ তেতিয়া মোচিয়ে ক’লে, “মই আপোনাৰ ওচৰৰ পৰা যোৱাৰ পাছতে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিম; যাতে ফৰৌণ, আৰু আপোনাৰ দাসসকল, আৰু লোকসকলক কাইলৈ ডাঁহৰ জাকবোৰে যেন এৰি গুচি যায়। কেৱল যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে ইস্রায়েলী লোকসকলক যাবলৈ দিয়াত আপুনি যেন পুনৰ প্ৰবঞ্চনা নকৰে।”
ויאמר משה הנה אנכי יוצא מעמך והעתרתי אל יהוה וסר הערב מפרעה מעבדיו ומעמו מחר רק אל יסף פרעה התל לבלתי שלח את העם לזבח ליהוה׃
30 ৩০ তাৰ পাছত মোচিয়ে ফৰৌণৰ ওচৰৰ পৰা ওলাই গৈ, যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে।
ויצא משה מעם פרעה ויעתר אל יהוה׃
31 ৩১ তেতিয়া যিহোৱাই মোচিয়ে কোৱাৰ দৰে কৰিলে: তেওঁ ফৰৌণ, তেওঁৰ দাসসকল, আৰু লোকসকলৰ পৰা ডাঁহৰ জাকবোৰ আতৰাই পঠালে। তাতে এটিও অবশিষ্ট নাথাকিল।
ויעש יהוה כדבר משה ויסר הערב מפרעה מעבדיו ומעמו לא נשאר אחד׃
32 ৩২ তথাপিও ফৰৌণে সেইবাৰো মন কঠিন কৰিলে, আৰু তেওঁ লোকসকলক যাবলৈ এৰি নিদিলে।
ויכבד פרעה את לבו גם בפעם הזאת ולא שלח את העם׃

< যাত্রাপুস্তক 8 >