< যাত্রাপুস্তক 4 >

1 মোচিয়ে উত্তৰ দি ক’লে, “কিন্তু তেওঁলোকে যদি মোক বিশ্বাস নকৰে, আৰু মোৰ কথাও নুশুনে; আৰু তাৰ পৰিৱৰ্ত্তে তেওঁলোকে মোক ক’ব, ‘যিহোৱাই তোমাক দৰ্শন দিয়া নাই’ তেতিয়া কি হ’ব?”
А Моисей в отговор каза: Но, ето, няма да ме повярват, нито да послушат думите ми, защото ще рекат: Не ти се е явил Господ.
2 যিহোৱাই তেওঁক ক’লে, “তোমাৰ হাতত কি আছে?” মোচিয়ে ক’লে, “লাখুটি।”
Тогава Господ ме каза: Що е това в ръката ти? А той рече: Жезъл.
3 তেতিয়া যিহোৱাই ক’লে, “লাখুটি ডাল মাটিত পেলাই দিয়া।” তেতিয়া মোচিয়ে লাখুটিডাল মাটিত পেলাই দিলে, আৰু তেতিয়াই সেই লাখুটি ডাল সাপ হৈ পৰিল। মোচিয়ে তাৰ পৰা পাছ হুঁহকি গ’ল।
И каза: Хвърли го на земята. И той го хвърли на земята, и стана змия; и Моисей побягна от нея.
4 তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি তোমাৰ হাত মেলি তাৰ নেগুৰত ধৰা।” মোচিয়ে নিজৰ হাত মেলি তাক ধৰিলে, আৰু তেওঁৰ হাতত সেই সাপ ডাল পুনৰ লাখুটি হ’ল।
Но Господ каза на Моисея: Простри ръката си и хвани я за опашката; (и той простря ръката си и я хвана, а тя стана жезъл в ръката му);
5 “ইয়াৰ বাবেই তেওঁলোকৰ ওপৰ-পিতৃ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ঈশ্বৰ যিহোৱাই যে তোমাক দৰ্শন দিলে, সেই কথা তেওঁলোকে বিশ্বাস কৰিব।”
стори това, за да повярват, че ти се яви Господ, Бог на бащите им, Бог Авраамов, Бог Исааков и Бог Яковов.
6 যিহোৱাই তেওঁক পুনৰ ক’লে, “তুমি তোমাৰ হাত চোলাত ভৰোৱা।” সেয়ে মোচিয়ে হাতখন নিজৰ চোলাত ভৰালে। পাছত তেওঁ যেতিয়া হাতখন বাহিৰলৈ উলিয়াই আনিলে, তেতিয়া তেওঁ দেখিলে যে, তেওঁৰ হাত কুষ্ঠ ৰোগেৰে হিমৰ নিচিনা বগা হৈছে।
При това му рече Господ: Тури си сега ръката в пазухата. И той си тури ръката в пазухата; а като я извади, ето ръката му прокажена, бяла като сняг.
7 যিহোৱাই ক’লে, “তোমাৰ হাত পুনৰ চোলাত ভৰোৱা।” তেতিয়া মোচিয়ে নিজৰ হাত পুনৰ চোলাত ভৰালে; আৰু যেতিয়া বাহিৰলৈ উলিয়ালে তেওঁ দেখিলে যে, তেওঁৰ শৰীৰৰ অৱশিষ্ট অংশৰ দৰেই হাতখন পুনৰ সুস্থ হ’ল।
Тогава рече Господ: Тури си пак ръката в пазухата; (и той пак си тури ръката в пазухата, ето, че бе станала пак като останалата му плът);
8 যিহোৱাই ক’লে, “তেওঁলোকে যদি তোমাক বিশ্বাস নকৰে, আৰু মোৰ শক্তিৰ সেই প্ৰথম চিনকো যদি বিশ্বাস নকৰে, তেনেহ’লে তেওঁলোকে দ্বিতীয় চিনত বিশ্বাস কৰিব।
и продължи Господ: Ако не те повярват, нито послушат гласа на първото знамение, ще повярват, поради гласа на второто знамение.
9 তেওঁলোকে যদি এই দুয়োটা চিনকো বিশ্বাস নকৰে, আৰু তোমাৰ কথাও নুশুনে, তেনেহ’লে তুমি নদীৰ পৰা অলপ পানী লৈ শুকান মাটিত ঢালিবা। তেতিয়া তুমি নদীৰ পৰা লোৱা সেই পানী শুকান মাটিত ঢালি দিওঁতে, সেই পানী তেজলৈ পৰিণত হ’ব।”
Но ако не повярват и поради двете тия знамения, нито послушат думите ти, тогава да вземеш от водата на реката, и да я излееш на сушата; и водата, която извадиш из реката, ще стане кръв на сушата.
10 ১০ তেতিয়া মোচিয়ে যিহোৱাক ক’লে, “হে মোৰ প্ৰভু মিনতি কৰিছোঁ, মই বাকপটু নহওঁ; ইয়াৰ পূৰ্বেও নাছিলোঁ, বা আপুনি নিজ দাসক কথা কোৱাৰ পাছতো নহওঁ। কাৰণ মোৰ মুখ আৰু জীবা গধূৰ।”
А Моисей рече Господу: Моля ти се, Господи, аз не съм красноречив, нито до сега, нито откак си почнал да говориш на слугата си, а мъчно говоря и съм тежкоезичен.
11 ১১ যিহোৱাই মোচিক ক’লে, “মানুহৰ মুখ কোনে নিৰ্মাণ কৰিলে? বোবা বা কলা, নাইবা চকু থকা বা অন্ধ কোনে কৰিলে? মই যিহোৱায়ে জানো তাক নকৰোঁ?
Но Господ му рече: Кой е направил човешката уста? или кой прави човек да е ням или глух, да има зрение или да е сляп? не Аз ли Господ?
12 ১২ তেনেহ’লে এতিয়া তুমি যোৱা; মই তোমাৰ মুখত থাকিম, আৰু তুমি কবলগীয়া কথা মই তোমাক শিকাম।”
Иди прочее; и Аз ще бъда с устата ти, и ще те науча какво да говориш.
13 ১৩ কিন্তু মোচিয়ে ক’লে, “হে মোৰ প্ৰভু অনুগ্রহ কৰি, আপুনি যি জনক ইচ্ছা কৰে, তেনে আন কোনো এজনক পঠিয়াওক।”
Тогава каза Моисей: Моля ти се, Господи, прати чрез онзи, чрез когото искаш да пратиш.
14 ১৪ তেতিয়া মোচিলৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল। তেওঁ ক’লে, “তোমাৰ লেবীয়া ককায়েৰ হাৰোণ ক’ত আছে? মই জানো, তেওঁ ভালকৈ কথা ক’ব পাৰে। অৱশ্যে তেওঁ তোমাক ল’গ পাবলৈ আহি আছে; আৰু তেওঁ আহি তোমাক যেতিয়া দেখিব, তেতিয়া তেওঁ আনন্দিত হ’ব।
И гневът Господен пламна против Моисея, и рече: Нямаш ли брат левиецът Аарон? Зная, че той може да говори добре. А и, ето, той излиза да те посрещне и, когато те види ще се зарадва сърдечно.
15 ১৫ তুমি তেওঁক ক’বা, আৰু তেওঁৰ মুখে কি ক’ব লাগে সেই বাক্য দিবা। মই তোমাৰ আৰু তেওঁৰ মুখৰো সহায় হ’ম, আৰু কি কৰিব লাগে, সেই বিষয়ে তোমালোকক জনাম।
Ти говори нему и тури думите в устата му; и Аз ще бъда с твоите уста и с неговите уста, и ще ви науча що трябва да правите.
16 ১৬ তেওঁ লোক সকলৰ আগত তোমাৰ হৈ কথা ক’ব। তেওঁ তোমাৰ মুখস্থৰূপ হ’ব, আৰু তুমি তেওঁৰ ঈশ্বৰ স্বৰূপ হ’বা।
Вместо тебе нека говори той на людете; той ще бъде на тебе вместо уста, а ти ще бъдеш на него вместо Бога.
17 ১৭ এই লাখুটিডাল তুমি নিজ হাতত লোৱা। এই লাখুটি ডালেৰেই তুমি চিনবোৰ দেখুৱাবা।”
И вземи в ръката си тоя жезъл, с който ще вършиш знаменията.
18 ১৮ তাৰ পাছত মোচিয়ে তেওঁৰ শহুৰেক যিথ্রোৰ ওচৰলৈ উভটি গ’ল, আৰু তেওঁক ক’লে, “মই বিনয় কৰোঁ, মিচৰত থকা মোৰ সম্পৰ্কীয় লোকসকল এতিয়ালৈকে জীয়াই আছে নে নাই, তাক চাবৰ বাবে তেওঁলোকৰ ওচৰলৈ উভটি যাবলৈ মোক দিয়ক।” যিথ্ৰোৱে মোচিক ক’লে, “শান্তিৰে যোৱা।”
Тогава Моисей отиде и се върна при тъста си Иотор и му рече: Моля ти се, нека отида и се завърна при братята си, които са в Египет, та да видя живи ли са още. И Иотор рече на Моисея: Иди с мир.
19 ১৯ যিহোৱাই মিদিয়নত মোচিক ক’লে, “তুমি মিচৰলৈ উভটি যোৱা; কিয়নো যি সকল লোকে তোমাৰ প্ৰাণ ল’ব বিচাৰিছিল, সেই লোক সকলৰ মৃত্যু হ’ল।”
А в Мадиам Господ рече на Моисея: Иди, върни се в Египет, защото измряха всички ония, които искаха живота ти.
20 ২০ তেতিয়া মোচিয়ে নিজৰ ভাৰ্যা আৰু পুত্রক এটা গাধত উঠাই ল’লে আৰু মিচৰ দেশলৈ যাত্রা কৰিলে। মোচিয়ে ঈশ্বৰৰ সেই লাখুটি ডালো নিজৰ হাতত ল’লে।
И тъй Моисей взе жена си и синовете си, качи ги на осел, и тръгна да се върне в Египетската земя; Моисей взе и Божия жезъл в ръката си.
21 ২১ যিহোৱাই মোচিক কৈছিল, “তুমি যেতিয়া মিচৰলৈ উভটি যাবা, তেতিয়া মই তোমাৰ হাতত যিবোৰ আচৰিত কাৰ্যৰ শক্তি দিলোঁ, সেই সকলো ফৰৌণৰ সাক্ষাতে কৰিবা। কিন্তু মই তেওঁৰ মন কঠিন কৰিম, আৰু সেয়ে তেওঁ তেতিয়া লোকসকলক এৰি নিদিব।
И Господ каза на Моисея: Когато се завърнеш в Египет, внимавай да вършиш пред Фараона всичките чудеса, които дадох в ръката ти; но Аз ще закоравя сърцето му, и той няма да пусне людете.
22 ২২ তুমি ফৰৌণক নিশ্চয়কৈ ক’বা, ‘যিহোৱাই এইদৰে কৈছে: ইস্ৰায়েল মোৰ পুত্ৰ, মোৰ জ্যেষ্ঠ পুত্ৰ’;
А ти кажи на Фараона: Така говори Иеова: Израил ми е син, първородният ми;
23 ২৩ মই তোমাক কৈছিলোঁ, ‘মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ পুত্ৰক এৰি দিয়া’। কিন্তু তথাপিও তেওঁলোকক এৰি দিবলৈ তুমি অসন্মত হ’লা; সেয়ে মই তোমাৰ পুত্ৰ, তোমাৰ জ্যেষ্ঠ পুত্ৰক নিশ্চয় বধ কৰিম’।”
и казвам ти: Пусни син Ми да Ми послужи; но ако откажеш да го пуснеш, ето, Аз ще заколя твоя син, първородния ти.
24 ২৪ তাৰ পাছত যাত্রা কৰি গৈ থাকোতে, ৰাতি হোৱাৰ বাবে তেওঁলোক এঠাইত থাকিল; তাতে যিহোৱাই মোচিক লগ পালে, আৰু বধ কৰিব খুজিলে।
А по пътя, в гостилницата, Господ посрещна Моисея и искаше да го убие.
25 ২৫ তেতিয়া চিপ্পোৰাই এটুকুৰা চিকমিকিয়া চোকা পাথৰ ল’লে; আৰু নিজৰ পুত্ৰৰ লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰি, মোচিৰ ভৰিত পেলাই দি ক’লে, “নিশ্চয়ে আপুনি মোৰ পক্ষে তেজৰ দ্বাৰাই পোৱা দৰা।”
Тогава Сепфора взе кремък та обряза краекожието на сина си, допря го до нозете му, и рече: Наистина ти ми си кървав младоженец.
26 ২৬ সেয়ে যিহোৱাই তেওঁক এৰি দিলে। চিপ্পোৰাই ক’লে, “চুন্নতৰ কাৰণে আপুনি তেজৰ দ্বাৰাই পোৱা দৰা।”
След това Господ се оттегли от него. Тогава каза тя, поради обрязването: Ти ми си кървав младоженец.
27 ২৭ যিহোৱাই হাৰোণক কৈছিল, “তুমি মোচিৰে সৈতে সাক্ষাৎ কৰিবলৈ মৰুভূমিলৈ যোৱা।” তেতিয়া হাৰোণ গ’ল, আৰু ঈশ্বৰৰ পৰ্বতত মোচিক লগ ধৰি, তেওঁক চুমা খালে।
А Господ беше казал на Аарона: Иди в пустинята да посрещнеш Моисея. И той, като беше отишъл, посрещна го в Божията планина и целува го.
28 ২৮ তেতিয়া মোচিয়ে যিহোৱাই কোৱা সকলো কথা আৰু চিন দেখুৱাবৰ বাবে শক্তিৰে কাৰ্য কৰিবলৈ যিহোৱাই দিয়া আজ্ঞাৰ কথা হাৰোণক ক’লে।
И Моисей извести на Аарона всичките думи, с които Господ го беше изпратил, и всичките знамения, за които му беше заръчал.
29 ২৯ তাৰ পাছত মোচি আৰু হাৰোণ দুয়ো গৈ ইস্ৰায়েলী লোকসকলৰ বৃদ্ধ লোকসকলক একগোট কৰিলে।
Тогава Моисей и Аарон отидоха та събраха всичките старейшини на израилтяните;
30 ৩০ যিহোৱাই মোচিক কোৱা সকলো কথা হাৰোণে তেওঁলোকক ক’লে। তেওঁ লোকসকলৰ আগত যিহোৱাৰ শক্তিৰ দ্বাৰাই চিনবোৰো দেখুৱালে।
и Аарон каза всичките думи, които Господ беше говорил на Моисея, и извърши знаменията пред людете.
31 ৩১ তেতিয়া লোকসকলে বিশ্বাস কৰিলে। যিহোৱাই যে ইস্ৰায়েলী লোক সকললৈ দৃষ্টি কৰিলে; আৰু তেওঁলোকৰ যাতনাবোৰ চালে, সেই কথা শুনি তেওঁলোকে মূৰ দোঁৱাই প্রণিপাত কৰি ঈশ্বৰৰ আৰাধনা কৰিলে।
И людете повярваха; и когато чуха, че Господ посетил израилтяните, и че погледна на неволята им, наведоха главите си и се поклониха.

< যাত্রাপুস্তক 4 >